





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু আইয়্যুব আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছত এজন মুছলিম ভাতৃক আন এজন মুছলিম ভাতৃৰ সৈতে তিনি দিনতকৈ অধিক সময় এনেকৈ সম্পৰ্ক ছিন্ন ৰাখিবলৈ নিষেধ কৰিছে যে, দুজনে কেতিয়াবা সাক্ষাৎ হ'লে ইজনে সিজনক ছালাম নকৰে আৰু কথাও নকয়। এই দুয়োজনৰ মাজত উত্তম ব্যক্তি হৈছে সেইজন, যিয়ে মীমাংসাত আহিবলৈ চেষ্টা কৰিব তথা যিয়ে প্ৰথমে ছালাম কৰিব। এই সম্পৰ্কচ্ছেদৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কক বুজোৱা হৈছে। পক্ষান্তৰে আল্লাহৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে যদি কোনোবাই সম্পৰ্ক ছিন্ন কৰি আঁতৰি থাকে তেন্তে সেইটোৰ বাবে কোনো সময় নিৰ্দিষ্ট নাই, যেনে- পাপকৰ্মত লিপ্ত থকাৰ কাৰণে, বিদ‘আতী হোৱাৰ কাৰণে বা অসৎ সংগ গ্ৰহণ কৰাৰ কাৰণে যদি কোনোবাই সম্পৰ্কচ্ছেদ কৰি আঁতৰি থাকে তেন্তে ইয়াৰ বাবে কোনো সময় নিৰ্ধাৰিত নাই; বৰং এইবোৰৰ পৰা সম্পৰ্ক ছিন্ন ৰখাটো হৈছে বিশেষ কোনো কাৰণ আৰু উদ্দেশ্যৰ সৈতে জড়িত, যেতিয়াই সেই কাৰণ দূৰ হ'ব তেতিয়াই সম্পৰ্ক পুনৰ বাহাল হ'ব।
আবু চিৰমাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)কোনো মুছলিমক ক্ষতি কৰা বা কোনো বিষয়ত তাক কষ্ট দিয়া; শাৰীৰিক কষ্ট হওক বা ধন-সম্পদৰ ক্ষয়-ক্ষতি নাইবা পৰিয়ালৰ ক্ষয়-ক্ষতিয়ে হওক, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সাৱধান কৰিছে। যি ব্যক্তিয়ে কাৰোবাক এনেকুৱা কষ্ট দিব, আল্লাহেও সেই অনুপাতেই তাক শাস্তি বিহিব।
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, “নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ পৰা) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে, অৰ্থঃ “আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})এবাৰ ৰাতি চাহাবাসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে উপস্থিত আছিল, তেনেতে তেখেতে পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক'লেঃ নিশ্চয় মুমিনসকলে অচিৰেই নিজৰ বাস্তৱ চকুৰে প্ৰতিপালকক দেখিবলৈ পাব। তেওঁক দেখিবলৈ কোনো ভিৰ কৰিবলগীয়া নহ'ব, কোনো মেহনত বা কষ্ট কৰিবলগীয়াও নহ'ব। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে যিমান সম্ভৱ নিজৰ ব্যস্ততাক এৰি থৈ ফজৰ আৰু আচৰৰ চালাতৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবা। সঠিক সময়ত নিয়মিতভাৱে জামাত সহকাৰে আদায় কৰাৰ চেষ্টা কৰিবা। কাৰণ এইটোৱে হৈছে (আখিৰাতত) আল্লাহক দৰ্শন পোৱাৰ অন্যতম এটা উপায়। এইখিনি কথা কোৱাৰ পিছত তেখেতে এই আয়াতটো তিলাৱত কৰিলেঃ অৰ্থঃ আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যায়-অত্যাচাৰ, পাপকৰ্ম, শ্বিৰ্ক, মানুহৰ অধিকাৰ খৰ্ব কৰা আদি গুনাহৰ পৰা সতৰ্ক কৰিছে। কাৰণ আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে, তাৰ ধন-সম্পদ আৰু আয়ুস বৃদ্ধি কৰি দিয়ে, তাক শাস্তি প্ৰদানত খৰধৰ নকৰে। কিন্তু তথাপিও যদি সি তাওবা নকৰে তেন্তে তাক এনেকৈ কৰায়ত্ত কৰে যে তাৰ পিছত আৰু তাক কোনো সুযোগ প্ৰদান নকৰে। কাৰণ সি অতিমাত্ৰা অন্যায় কৰিছে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিছিল। (যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।) (ছুৰা হূদঃ ১০২)
আবুল হায়্যাজ আল-আছাদীয়ে কৈছেঃ মোক আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? তেখেতে মোক আদেশ দিছিল যে, তুমি য'তে কোনো প্ৰতিমা দেখিবা সেইটোক নিঃশেষ কৰিবা, আৰু য'তেই কোনো ওখ কবৰ দেখা পাবা, সেইটোক সমতল ভূমিত পৰিণত কৰিবা।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ চাহাবাসকলক এই নিৰ্দেশ প্ৰদান কৰি প্ৰেৰণ কৰিছিল যে, তেওঁলোকে যেন প্ৰতিটো প্ৰতিকৃতিকে ধ্বংস কৰে অস্তিত্বহীন কৰি দিয়ে, ইয়াত প্ৰতিকৃতিৰ দ্বাৰা প্ৰাণ থকা বস্তুৰ প্ৰতিকৃতিক বুজোৱা হৈছে, ছবি, প্ৰতিমা, ভাস্কৰ্য্য, মূৰ্তি ইত্যাদি। আৰু প্ৰতিটো ওখ কবৰকে যেন সমতল কৰি দিয়ে, লগতে কবৰৰ ওপৰত থকা নিৰ্মাণাদিক যেন ভাঙি দিয়ে। বৈধ পৰিমাণতকৈ অধিক ওখ যাতে নাথাকে, অৰ্ধ ফুট পৰিমাণ ওখ ৰখাত কোনো অসুবিধা নাই।
ইমৰাণ ইবনে হুচাইন ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয় অথবা যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয় অথবা যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়, আৰু যিয়ে (মন্ত্ৰ পঢ়ি) গাঁঠিত ফুঁ দিয়ে। (জানি থোৱা!) যি ব্যক্তিয়ে কোনো ভৱিষ্যৎ গণনাকাৰীৰ ওচৰলৈ আহে আৰু সি যি কয় তাক বিশ্বাস কৰে, সেই ব্যক্তি দৰাচলতে মুহাম্মদৰ ওপৰত অৱতীর্ণ হোৱা কোৰআনক অস্বীকাৰ কৰে।
(বাজ্জাৰ)কিছুমান কৰ্ম সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে সেইবোৰ কৰিব, সি আমাৰ উম্মতৰ অন্তৰ্ভুক্ত নহয়। সেইবোৰ হৈছেঃ প্ৰথমঃ "যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয়" এইটো হৈছে কোনো কাম আৰম্ভ কৰাৰ পূৰ্বে পাৰ চৰাই উৰুৱাই মঙ্গল অমঙ্গল গণনা কৰা, যেনে- ভ্ৰমণলৈ যোৱাৰ আগত নাইবা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ আগত অথবা বেলেগ কোনো কাম আৰম্ভ কৰাৰ আগত। যদি চৰাইটো সোঁফালে উৰি যায় তেন্তে মঙ্গল হ'ব বুলি বিশ্বাস কৰি কাম আৰম্ভ কৰা আৰু বাওঁফালে উৰি গ'লে অমঙ্গল হ'ব বুলি বিশ্বাস কৰি কামৰ পৰা বিৰত থকা। এনেকুৱা কৰ্ম নিজেও কৰা বৈধ নহয় আৰু আনৰ বাবে কৰাও বৈধ নহয়। এই মঙ্গল-অমঙ্গল বা কু-লক্ষণ আদি কোনো ক্ষেত্ৰতে গ্ৰহণ কৰা বৈধ নহয়। শুনিব পৰা কোনো বিষয় হওক বা দেখিব পৰা কোনো বিষয়, চৰাই-চিৰিকটি, জীৱ-জন্তু, বিশেষভাৱে সক্ষম লোকসকল, কোনো নম্বৰ অথবা কোনো দিন নাইবা আন কোনো বস্তু একোকে মঙ্গল-অমঙ্গল বুলি বিশ্বাস কৰা বৈধ নহয়। দ্বিতীয়ঃ "যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয়"। অৰ্থাৎ যিয়ে তাৰকাৰাজিৰ সহায়ত গায়েবৰ ইল্ম থকা বুলি দাবী কৰে। অথবা যিয়ে এনে কোনো ব্যক্তিৰ ওচৰলৈ যায়, যিয়ে ভৱিষ্যৎ জানে বুলি দাবী কৰে, যেনে জ্যোতিষি আদি। সেই জ্যোতিষিয়ে যি কয় সি যদি সেয়া বিশ্বাস কৰে তেন্তে সি দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক অবিশ্বাস কৰে। তৃতীয়ঃ "যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়"। অৰ্থাৎ যিয়ে নিজে যাদু কৰে নাইবা যিয়ে কাৰোবাৰ হতোৱাই যাদু কৰায়, কোনো উপকাৰ সাধন কৰিবলৈ বা কাৰো ক্ষতি কৰিবলৈ, অথবা যিয়ে মন্ত্ৰ আদি পঢ়ি সূতাত ফুঁ দি গাঁঠি বান্ধে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ "যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গণক তথা ভৱিষ্যৎ বক্তা আদিৰ ওচৰলৈ যোৱাৰ পৰা সতৰ্ক কৰিছে। ভৱিষ্যৎ বক্তাৰ দ্বাৰা, গণক, জ্যোতিষি আদিক বুজোৱা হৈছে, যিসকলে গ্ৰহ-নক্ষত্ৰ আৰু জ্যোতিষি বিদ্যাৰ সহায়ত গায়েব জনা বুলি দাবী কৰে। এইটো ইমান ভয়াৱহ গুনাহ যে, কেৱল অদৃশ্য জ্ঞান সম্পৰ্কে জানিবলৈ কিবা সুধিলে আল্লাহে চল্লিছ দিনৰ নামাজৰ ছোৱাব বাতিল কৰি দিয়ে। এইটোৱে হৈছে এই মহাপাপৰ শাস্তি।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।
(আবু দাঊদ,ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্টভাৱে ঘোষণা কৰিছে যে, যিয়ে জ্যোতিষি বিদ্যা শিকে বা ৰাশিফল গণনা কৰা শিকে অথবা গ্ৰহ-নক্ষত্ৰৰ গতিবিধি গণনা কৰি মৃত্যু বা জীৱন অথবা বেমাৰৰ আগজাননী দিয়া শিকে, সি দৰাচলতে যাদু বিদ্যাৰ এটা অংশ শিকে, এই শিক্ষাত সি যিমানেই গভীৰতা অৰ্জন কৰিব, তাৰ যাদু বিদ্যা সিমানেই বৃদ্ধি পাব।
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “আটাইতকৈ ডাঙৰ কবীৰাহ গুনাহ হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰা নিৰাপদ বুলি ভবা, আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা আৰু আল্লাহৰ প্রশস্ততাৰ পৰা হতাশ হোৱা।”
আব্দুৰ ৰাজ্জাকে বৰ্ণনা কৰেৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কিছুমান গুনাহৰ কথা আলোচনা কৰিছে যিবোৰক ডাঙৰ গুনাহ হিচাপে গণ্য কৰা হয়। সেয়া হৈছে, আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা তেওঁৰ ৰুবূবিয়্যাতত আৰু ইবাদতত। এই পইণ্টটোক প্রথমে আলোচনা কৰিছে, কাৰণ এইটো হৈছে আটাইতকৈ মহাপাপ। আল্লাহৰ পৰা হতাশ তথা নিৰাশ হোৱা। কাৰণ এইটো হৈছে আল্লাহৰ প্রতি বেয়া ধাৰণা আৰু তেওঁৰ ৰহমতৰ ব্যাপকতা সম্পর্কে অজ্ঞতাৰ প্রমাণ। আন এটা গুনাহ হৈছে এই যে, আল্লাহে বান্দাক যিবোৰ নিআমতৰ দ্বাৰা অৱকাশ দিয়ে সেইবোৰ পাই বান্দাৰ অমনোযোগী হৈ থকা যে, আল্লাহে তাক জবাবদিহি নকৰিব। উক্ত হাদীছটোত কবীৰাহ গুনাহ গণনা কৰা হোৱা নাই, তথা এইকেইটাই যে কবীৰা গুনাহ এই কথাও এই হাদীছৰ উদ্দেশ্য নহয়। কিয়নো কবীৰাহ গুনাহৰ সংখ্যা বহুত, ইয়াত কেৱল ডাঙৰ ডাঙৰ কেইটামানৰ কথা বর্ণনা কৰা হৈছে।