





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব, সেই সময়ৰ বিষয়েই (কোৰআনত) কোৱা হৈছেঃ "সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল, (তৎক্ষণাত লৈ অহা) তাৰ এই ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)।" (ছুৰা আল-আনআমঃ ১৫৮) কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া দুজন ব্যক্তিয়ে (ক্ৰয়-বিক্ৰয়ৰ বাবে) নিজৰ সন্মুখত কাপোৰ মেলি ৰাখিব, কিন্তু সিহঁত কিনা বেচা কৰাৰ সময় নাপাব, আনকি জপাই থোৱাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত যে, কোনোবাই উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া কোনোবাই নিজৰ ঘৰচীয়া জন্তুৰ বাবে পানী খুওৱা পাত্ৰ সাজিব, কিন্তু তাত পানী খুওৱাৰ সময় নাপাব। নিশ্চয় কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া তোমালোকৰ মাজৰ কোনোবাই খোৱা বস্তু মুখৰ ওচৰলৈ আনিব কিন্তু খোৱাৰ সময় নাপাব।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ এটা ডাঙৰ আলামত হৈছে পূৱফালৰ পৰিবৰ্তে পশ্চিমফালৰ পৰা সূৰ্য্য উদয় হ'ব। যেতিয়া এই দৃশ্য দেখা পাব তেতিয়া সকলোৱে ঈমান আনিব। কিন্তু তেতিয়াৰ ঈমানে কাফিৰসকলক কোনো উপকাৰ সাধন নকৰিব। আনকি নেক আমল আৰু তাওবাও কামত নাহিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামত আকস্মিকভাৱে সংঘটিত হ'ব, যি সময়ত মানুহে নিজৰ নিজৰ কৰ্মত ব্যস্ত থাকিব। কিয়ামত এনেকুৱা সময়ত সংঘটিত হ'ব যে, বিক্ৰেতাই ক্ৰেতাৰ সন্মুখত কাপোৰ উলিয়াই দিব কিন্তু বিক্ৰী কৰাৰ সময় নাপাব আৰু ভাঁজ কৰি ৰখাৰো সময় নাপাব। কিয়ামত এনেকুৱা সময়ত সংঘটিত হ'ব, যেতিয়া কোনো উটৰ গৰাকীয়ে উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰ সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পোহনীয়া জন্তুবোৰক পানী খোৱাবলৈ পাত্ৰ এখন ঠিক কৰিব কিন্তু তাত পানী খোৱাব নোৱাৰিব। কিয়মাত এনেকুৱা এটা সময়ত সংঘটিত হ'ব, যেতিয়া কোনোবাই মুখলৈ খোৱা বস্তু দাঙি লব কিন্তু খাব নোৱাৰিব।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব। তেতিয়া এজন সম্বোধনকাৰীয়ে মাতি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! এই আহ্বান শুনি তেওঁলোকে মূৰ তুলি মনোযোগ সহকাৰে চাব। তেতিয়া আহ্বানকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, এওঁৱেইতো মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখা পাইছিল। ইয়াৰ পিছত সেই আহ্বানকাৰীয়ে মাতি ক'বঃ হে জাহান্নামৰ অধিবাসীসকল! তেতিয়া জাহান্নামৰ অধিবাসীসকলে মূৰ দাঙি সেইফালে মনোনিৱেশ কৰিব। তেতিয়া তেওঁ ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয়, এওঁ হৈছে মৃত্যু। সিহঁত সকলোৱে ইয়াক দেখি আহিছে। ইয়াৰ পিছত (সকলোৰে সন্মুখত) তাক জবেহ কৰা হ'ব। ইয়াৰ পিছত তেওঁ ক'বঃ হে জান্নাতৰ অধিবাসীসকল! (আজিৰ পৰা) তোমালোক চিৰস্থায়ী, তোমালোকৰ কোনো মৃত্যু নাই, আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও চিৰকাল ইয়াতেই থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। (এইখিনি কথা কোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) পাঠ কৰিলেঃ অৰ্থ- (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে। (ছুৰা মাৰয়ামঃ ৩৯) অৰ্থাৎ পৃথিৱীবাসী এতিয়া অমনোযোগী হৈ আছে, সিহঁতে ঈমান পোষণ নকৰে। (ছুৰা মাৰয়ামঃ ৩৯)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, কিয়ামতৰ দিনা মৃত্যুক এটা ক'লা বগা মিশ্ৰিত ভেড়াৰ ৰূপত অনা হ'ব। তেতিয়া ঘোষণা কৰা হ'ব, হে জান্নাতীসকল! এই ঘোষণা শুনাৰ পিছত তেওঁলোকে ঘাৰ দাঙি মূৰ তুলি সেইপিনে চাব। তেওঁলোকক কোৱা হ'বঃ ইয়াক তোমালোকে চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, ই হৈছে মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখি আহিছে আৰু ভালকৈয়ে চিনি পায়। ইয়াৰ পিছত এজন ঘোষণাকাৰীয়ে ঘোষণা কৰিবঃ হে জাহান্নামৰ অধিবাসীসকল! এই ঘোষণা শুনি সিহঁতে ঘাৰ দাঙি মূৰ তুলি চাব, আৰু তেওঁলোকে ঘোষণাকাৰীৰ প্ৰতি মনোযোগ দিব। ঘোষণাকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয় চিনি পাওঁ, ই হৈছে মৃত্যু। সিহঁতেও ইয়াক দেখি আহিছে। ইয়াৰ পিছত তাক জবেহ কৰা হ'ব, আৰু ঘোষণাকাৰীয়ে ঘোষণা কৰি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! চিৰকাল ইয়াত থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও তাত চিৰকাল থাকিব লাগিব, তাত কোনো মৃত্যু নাই। ইয়াৰ উদ্দেশ্য হৈছে যাতে মুমিনসকলৰ নিয়ামত বৃদ্ধি পায়, আৰু কাফিৰসকলে শাস্তি ভোগ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিছিলঃ আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে। এতেকে ক্বিয়ামতৰ দিনাই জান্নাতী আৰু জাহান্নামীসকলৰ মাজত ফয়চালা কৰি পৃথক কৰি দিয়া হ'ব। ইয়াৰ পিছত প্ৰত্যেকেই নিজৰ নিজৰ ঠিকনাত চিৰস্থায়ী হিচাপে থাকিব। এতেকে ভুল জীৱন-যাপন কৰা ব্যক্তিয়ে সেইদিনা আফচোচ কৰিব আৰু অনুতপ্ত হ'ব। কল্যাণৰ পথ গ্ৰহণ নকৰা পাপী ব্যক্তিয়ে হতাশাত ভূগিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ আহলে কিতাব (ইয়াহুদী)সকলে হিব্ৰু ভাষাত তাওৰাত পাঠ কৰিছিল আৰু মুছলিমসকলৰ বাবে আৰবীত ব্যাখ্যা কৰিছিল। এই পৰিপ্ৰেক্ষিতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (মুছলিমসকলক) কৈছিলঃ তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মিছা বুলিও নক'বা, বৰং তোমালোকে কোৱা "আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু সেই গ্ৰন্থৰ প্ৰতি ঈমান আনিছোঁ যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে"। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
(বুখাৰী)এই হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক আহলে কিতাবে যি বৰ্ণনা কৰে তাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সতৰ্ক কৰিছে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ইয়াহুদীসকলে ইব্ৰানী (হিব্ৰু) ভাষাত তাওৰাত পাঠ কৰিছিল, আৰু এইটো আছিল ইয়াহুদীসকলৰ মূল ভাষা, লগতে আৰবী ভাষাত সিহঁতে ব্যাখ্যা কৰিছিল। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে আহলে কিতাবক বিশ্বাসো নকৰিবা আৰু মিছা বুলিও নক'বা, বাস্তৱৰ সৈতে সামঞ্জস্যপূৰ্ণ হওক বা নহওক। মহান আল্লাহে আমাক নিৰ্দেশ দিছে যে, আমি যেন আমাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ ওপৰত ঈমান পোষণ কৰোঁ, আৰু সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাবৰ প্ৰতিও ঈমান পোষণ কৰোঁ, কিন্তু সিহঁতে যি বৰ্ণনা কৰি আছে তাৰ সত্যতা প্ৰমাণ কৰিবলৈ আমাৰ ওচৰত কোনো উপায় নাই, যদিহে আমাৰ চৰীয়তত সেই সম্পৰ্কে সঁচা বা মিছা হোৱাৰ বিষয়টো উল্লেখ নহয়। সেয়ে আমি সিহঁতক বিশ্বাস কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ সিহঁতে নিজৰ কিতাবখনত যি পৰিবৰ্তন পৰিবৰ্ধন কৰিছে তাত যাতে আমিও অংশীদাৰ নহওঁ। লগতে আমি সিহঁতক মিছলীয়া বুলিও নকওঁ, কাৰণ সিহঁতে যি বৰ্ণনা কৰি আছে সেয়া সঁচাও হ'ব পাৰে, তেনে অৱস্থাত মিছা বুলি কৈ আমি যেন সেই বিষয়টোক অস্বীকাৰ নকৰোঁ যিটোক বিশ্বাস কৰিবলৈ আমাক নিৰ্দেশ দিয়া হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নিৰ্দেশ দিছে আমি যেন এইদৰে কওঁঃ ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে (সেই কিতাবৰ প্ৰতি), লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যিবোৰ অৱতীৰ্ণ হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছাৰ লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও আমি ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কাকো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।
(আবু দাঊদ)ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া কোৰআনৰ ছুৰাসমূহ অৱতীৰ্ণ হৈছিল তেতিয়া তেখেতে সেইবোৰৰ মাজত সেইসময়লৈকে কোনো পাৰ্থক্য কৰিব পৰা নাছিল যেতিয়ালৈকে দুটা ছুৰাক পৃথক কৰিবলৈ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ হোৱা নাছিল। বিছমিল্লাহ অৱতীৰ্ণ হোৱাৰ পাছতহে গম পাইছিল উক্ত ছুৰা শেষ, এতিয়া নতুন ছুৰা আৰম্ভ।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে কোৰআন মতে আমল কৰিছিল, কোৰআন কণ্ঠস্থ কৰিছিল আৰু দিনে নিশাই তিলাৱত কৰিছিল, সেই ব্যক্তি যেতিয়া জান্নাতত প্ৰৱেশ কৰিব তেতিয়া তাক কোৱা হ'বঃ কোৰআন তিলাৱত কৰা আৰু সেই অনুপাতে জান্নাতত ওপৰলৈ আৰোহণ কৰা, সেইদৰেই ধীৰস্থিৰে সুমধুৰ কণ্ঠত তিলাৱত কৰা যিদৰে পৃথিৱীত কৰিছিলা। জানি থোৱা, তোমাৰ ঠিকনা সেইটোৱে হ'ব, য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা।
আবু আব্দুৰ ৰহমান আচ-ছুলামী ৰাহিমাহুল্লাহে কৈছেঃ চাহাবাসকলৰ মাজৰ যিসকলে আমাক শিকাইছে তেওঁলোকে বৰ্ণনা কৰিছে যে, তেওঁলোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল। তেওঁলোকে কৈছেঃ আমি জ্ঞান আৰু আমল একেলগে শিকিছিলোঁ।
(আহমদ)চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআনৰ দহটাকৈ আয়াত শিকিছিল, আৰু তেওঁলোকে পৰৱৰ্তী আয়াতলৈ তেতিয়ালৈকে আগবঢ়া নাছিল যেতিয়ালৈকে তেওঁলোকে সেই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ কৰা নাছিল তথা তাৰ প্ৰতি আমল কৰা নাছিল। এতেকে তেওঁলোকে ইল্ম আৰু আমল একেলগে শিকিছিল।
উবাই বিন কাআব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? আবুল মুনজিৰে কৈছেঃ মই ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে আকৌ ক'লেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।
(মুছলিম)এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উবাই ইবনে কাআবক কোৰআনৰ আটাইতকৈ মহান আয়াতটো সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেওঁ উত্তৰ দিয়াত দ্বিধাবোধ অনুভৱ কৰিলে, ইয়াৰ পিছত আকৌ সোধাত তেওঁ ক'লে যে, সেইটো হৈছে আয়াতুল কুৰ্ছী। {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ}। উত্তৰ শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক সমৰ্থন কৰিলে, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বুকু থপথপাই ইংগিত কৰিলে যে, তোমাৰ এই বুকুখন জ্ঞান আৰু হিকমতৰ দ্বাৰা পৰিপূৰ্ণ হওক, লগতে তেওঁৰ কাৰণে দুআও কৰিলে যে, এই জ্ঞানে যেন তেওঁৰ বাবে সুখ কঢ়িয়াই আনে আৰু তেওঁৰ সকলো কাম সহজ কৰে।
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত দুআ কৰাৰ নিচিনাকৈ একত্ৰিত কৰি তাত অকণ থু থু দিয়াৰ নিচিনাকৈ ফুঁ দিছিল, আৰু তাৰ পিছত দুয়োখন হাতেৰে যিমান দূৰ সম্ভৱ মছেহ কৰিছিল। মূৰৰ পৰা আৰম্ভ কৰিছিল, মুখমণ্ডলকে আদি কৰি বিশেষকৈ শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
আদী বিন হাতিম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।"
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ইয়াহুদী হৈছে এনেকুৱা সম্প্ৰদায় যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হৈছে। কাৰণ সিহঁতে সত্য জানিছিল কিন্তু সেইমতে আমল কৰা নাছিল। আনহাতে খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট লোক, যিসকলে ইল্ম নোহোৱাকৈ আমল কৰিছিল।