





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এই কোৰআনৰ প্রতি যত্ন লোৱা তথা সদায় তিলাৱত কৰা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।"
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআনৰ প্ৰতি যত্ন লবলৈ নিৰ্দেশ দিছে তথা নিয়মিত তিলাৱত কৰিবলৈ উপদেশ দিছে, যাতে মুখস্থ কৰাৰ পিছত পাহৰি নাযায়। লগতে তেখেতে শপত খাই বিষয়টোৰ গুৰুত্ব বুজাইছে যে, ৰচীৰে বান্ধি থোৱা উট যেনেকৈ অতৰ্কিতে পলায়ন কৰে, ঠিক সেইদৰে যদি কোৰআন সদায় তিলাৱত কৰা নহয় তেন্তে তাতকৈও অধিক দ্ৰুত গতিৰে কোৰআন অন্তৰৰ পৰা গুচি যায়। যদি মানুহে নিয়মিত তিলাৱত কৰে তেন্তে ভালকৈ মুখস্থ থাকে আৰু যদি তিলাৱত কৰা বাদ দিয়ে তেন্তে স্মৃতিৰ পৰা হেৰাই যায়।
উচমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।"
رواه البخاريহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহৰ দৃষ্টিত উৎকৃষ্ট মুছলিম হৈছে সেইজন, যিয়ে কোৰআন শিকে তথা তিলাৱত কৰে, মুখস্থ কৰে, তাফছীৰ তথা অৰ্থ বুজিবলৈ যত্ন কৰে, এইদৰে যিয়ে আমল কৰাৰ লগতে কোৰআনৰ জ্ঞান আনকো শিকায়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।"
رواه مسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰক নামাজ আদিৰ পৰা খালি ৰাখিবলৈ নিষেধ কৰিছে, যাতে ঘৰখন কবৰস্থানত পৰিণত নহয়, কাৰণ কবৰস্থানতহে নামাজ পঢ়া নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, চয়তান প্ৰত্যেক সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।
আবু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ দুই আয়াত ৰাতিত তিলাৱত কৰিব তাক আল্লাহে সকলো ধৰণৰ অনিষ্টৰ পৰা ৰক্ষা কৰিব। কিছুমানে কৈছেঃ তেওঁ তাহাজ্জুদ পঢ়াৰ ছোৱাব লাভ কৰিব, আৰু আন কিছুমানে কৈছেঃ দুআ দুৰূদ পঢ়াৰ ছোৱাব লাভ কৰিব, আকৌ আন কিছুমানে কৈছেঃ তাহাজ্জুদত নূন্যতম এই দুটা আয়াত পঢ়িলেই যথেষ্ট। ইয়াৰ বাহিৰেও বেলেগ বেলেগ কথা কোৱা হৈছে। এই বিষয়ে উত্থাপিত প্ৰায়বোৰ কথাই হাদীছৰ শব্দৰ ভাৱাৰ্থৰ সৈতে মিল আছে।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।
رواه الترمذيহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া কোনো মুছলিম ব্যক্তিয়ে আল্লাহৰ কিতাবৰ কোনো এটা আখৰ তিলাৱত কৰে, তেতিয়া তেওঁ প্ৰতিটো আখৰৰ বিনিময়ত এটাকৈ নেকী লাভ কৰে, আৰু তেওঁৰ সেই নেকীটোক দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হয়। ইয়াৰ পিছত তেখেতে কৈছেঃ (মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।) ফলত তিনিটা নেকী ত্ৰিছটা নেকীত পৰিণত হয়।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহক স্মৰণ (তথা আল্লাহৰ গুণগান) কৰিছিল।
বুখাৰীয়ে চেগায়ে জযমৰ সৈতে মুআল্লাকান বৰ্ণনা কৰিছেউম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ গুণগান কৰাৰ ক্ষেত্ৰত খুবেই আগ্ৰহী আছিল, তেখেতে সকলো ক্ষেত্ৰতে আনকি সকলো সময়তে সকলো অৱস্থাতে আল্লাহক স্মৰণ কৰিছিল আৰু তেওঁৰ গুণগান কৰিছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে। বান্দাই যেতিয়া কয়ঃ (الْحَمْدُ لِلهِ رَبِّ الْعَالَمِينَ) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرَّحْمَنِ الرَّحِيمِ) তেতিয়া মহান আল্লাহে কয়ঃ বান্দাই মোৰ গুণগান কৰি আছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مَالِكِ يَوْمِ الدِّينِ) তেতিয়া তেওঁ কয়ঃ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে। আৰু এবাৰ কয়ঃ বান্দাই মোৰ ওচৰত নিজকে সমৰ্পন কৰিছে। আৰু যেতিয়া বান্দাই কয়ঃ (إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ) তেতিয়া তেওঁ কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজতে সীমাবদ্ধ, বান্দাই যি বিচাৰে সেইটোৱে মই দিছোঁ। এইদৰে বান্দাই যেতিয়া কয়ঃ (اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ، صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ) তেতিয়া তেওঁ কয়ঃ এইটো কেৱল মোৰ বান্দাৰ বাবে, মোৰ বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে।"
رواه مسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছেঃ নামাজত পঢ়িবলগীয়া ছুৰা ফাতিহাক মোৰ আৰু মোৰ বান্দাৰ মাজত মই দুভাগত বিভক্ত কৰি দিছোঁ। আধা হৈছে মোৰ বাবে আৰু আধা হৈছে মোৰ বান্দাৰ বাবে। প্ৰথম অৰ্দ্ধেকত মহান আল্লাহৰ হাম্দ অ ছানা প্ৰশংসা গুণগান আৰু তেওঁৰ মৰ্যাদা আছে, আৰু এই কথা উল্লেখ আছে যে, তেওঁ ইয়াৰ উত্তম প্ৰতিদান দিব। দ্বিতীয় অৰ্দ্ধেকত আছে, অনুনয় বিনয় আৰু দুআ, যিটো তেওঁ কবূল কৰে আৰু বান্দাই যি বিচাৰে সেইটোৱে মই প্ৰদান কৰোঁ। এতেকে যেতিয়া মুচল্লীয়ে কয়ঃ (الحمد لله رب العالمين), তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرحمن الرحيم) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ গুণগান কৰিছে, তথা সৃষ্টিজগতৰ ওপৰত থকা মোৰ অনুগ্ৰহক স্বীকাৰ কৰিছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مالك يوم الدين) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোক বিশাল সন্মানেৰে ভূষিত কৰিছে। ইয়াৰ পিছত যেতিয়া কয়ঃ (إياك نعبد وإياك نستعين) তেতিয়া মহান আল্লাহে কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজত বণ্টিত। প্ৰথম অৰ্দ্ধেক এই আয়াত পৰ্যন্তঃ (إياك نعبد) ইয়াত এই কথা স্বীকাৰ কৰা হৈছে যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য আৰু তেৱেঁই ইবাদত কবূল কৰে। এই আয়াতৰ দ্বাৰাই প্ৰথম অৰ্দ্ধেক সমাপ্ত যিটো আল্লাহৰ বাবে নিৰ্দিষ্ট। দ্বিতীয় অৰ্দ্ধেক যিটো বান্দাৰ বাবে নিৰ্দিষ্ট সেইটো ইয়াৰ পৰা আৰম্ভ হয়ঃ (وإياك نستعين) ইয়াৰ দ্বাৰা আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা হয়, আৰু তেওঁ সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিও দিছে। আৰু যেতিয়া বান্দাই কয়ঃ (اهدنا الصراط المستقيم * صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين) তেতিয়া মহান আল্লাহে কয়ঃ এইটো হৈছে মোৰ বান্দাৰ অনুনয় বিনয় আৰু দুআ, বান্দাই যি বিচাৰে সেইটোৱে মই দিম, মই তাৰ এই দুআ কবূল কৰিছোঁ।
ছাঈদ ইবনুল মুছায়্যিবে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ আবু তালিবৰ মৃত্যুৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু জাহল, আব্দুল্লাহ বিন আবি উমায়্যাহ ইবনুল মুগীৰাহ। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।" তেতিয়া আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমায়্যাই ক'লেঃ তুমি আব্দুল মুত্তালিবৰ ধৰ্মৰ পৰা আঁতৰি যাবা নেকি, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে তেওঁক এই স্বীকৃতিৰ পিনে আহ্বান কৰি আছিল। আনহাতে সিহঁত দুজনেও সিহঁতৰ কথা বাৰে বাৰে কৈ আছিল। কিন্তু অৱশেষত আবু তালিবে যিটো কথা কৈছিল সেইটো আছিল এই যে, মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ। ফলত তেওঁ লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰিলে। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহৰ শপত! মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিয়ে থাকিম, যেতিয়ালৈকে মোক নিষেধ কৰা নহ'ব।" ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟} [التوبة: 113] নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাহঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি মহান আল্লাহে কৈছেঃ اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟ নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে। (ছুৰা আল-কাচাচঃ ৫৬)
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু তালিবৰ মৃত্যুৰ সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উপস্থিত হৈ ক'লেঃ হে মোৰ খুৰা, আপুনি কেৱল এবাৰ "লা ইলা-হা ইল্লাল্লাহৰ" স্বীকাৰোক্তি দিয়ক। মই আল্লাহৰ ওচৰত আপোনাৰ হৈ সাক্ষ্য প্ৰদান কৰিম। এই কথা শুনি আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমাইয়্যাই ক'লেঃ হে আবু তালিব! তুমি তোমাৰ পিতৃ আব্দুল মুত্তালিবৰ ধৰ্ম এৰিবা নেকি? অৰ্থাৎ পৌত্তলিক ধৰ্ম এৰিবা নেকি। এই কথা সিহঁতে তেওঁক বাৰে বাৰে কৈ আছিল। অৱশেষত তেওঁ ক'লেঃ মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ, অৰ্থাৎ মূৰ্তিপূজা তথা শ্বিৰ্কৰ ওপৰত আছোঁ। ইয়াৰ পিছতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, যেতিয়ালৈকে আল্লাহে মোক এই বিষয়ে নিষেধ নকৰিব। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ অৰ্থঃ নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।" (ছুৰা কাচাচঃ ৫৬) আপুনি যাকেই পছন্দ কৰে তাকেই হিদায়ত দিব নোৱাৰে, আপুনি কেৱল সঁচাটো পৌঁচাইহে দিব পাৰে। আনহাতে আল্লাহে যাক ইচ্ছা কৰে তাকহে হিদায়ত দিব পাৰে।
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই। পক্ষান্তৰে মুনাফিক কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে সুগন্ধি যুক্ত ফুলৰ দৰে, যাৰ সুগন্ধি ধুনীয়া কিন্তু সোৱাদ তিতা। আনহাতে কোৰআন তিলাৱত নকৰা মুনাফিকৰ উদাহৰণ হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধিও নাই আৰু সোৱাদো তিক্ত।"
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কোৰআন তিলাৱত কৰা আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকৰ প্ৰকাৰভেদ উল্লেখ কৰিছেঃ প্ৰথম প্ৰকাৰ হৈছে সেইজন মুমিন যিয়ে কোৰআন তিলাৱত কৰে আৰু তাৰ দ্বাৰা উপকৃত হয়। তেওঁ হৈছে বিৰা-জৰা ফলৰ দৰে, যিটো দেখাতো সুন্দৰ, সুগন্ধিও উত্তম আৰু সোৱাদো উৎকৃষ্ট, যাৰ উপকাৰো বহুত। কাৰণ তেওঁ যি পঢ়ে সেই মুতাবিক আমল কৰে আৰু আল্লাহৰ অন্যান্য বান্দাকো উপকৃত কৰে। দ্বিতীয় প্ৰকাৰ হৈছে সেইজন মুমিন, যিয়ে কোৰআন তিলাৱত নকৰে, তেওঁ হৈছে খেজুৰৰ দৰে। যাৰ সোৱাদ মিঠা, কিন্তু কোনো সুগন্ধি নাই। যিদৰে খেজুৰ মিঠা, সেইদৰে এনেকুৱা মুমিনৰ অন্তৰো ঈমানৰ দ্বাৰা পৰিপূৰ্ণ। কিন্তু মানুহে শুঙিব পৰা কোনো সগন্ধি নাই, অৰ্থাৎ তেওঁ তিলাৱত নকৰাৰ কাৰণে মানুহে তাৰ কিৰাআতৰ পৰা শান্তি লাভ কৰিব নোৱাৰে। তৃতীয় প্ৰকাৰ হৈছে এনেকুৱা মুনাফিক যিয়ে কোৰআন তিলাৱত কৰে। সি হৈছে সুগন্ধিযুক্ত ফুলৰ দৰে। যাৰ সুগন্ধি ভাল কিন্তু সোৱাদ তিতা। কাৰণ তাৰ অন্তৰ ঈমানৰ দ্বাৰা সংশোধিত নহয়, আৰু সি কোৰআন মতে আমলো নকৰে। মানুহক দেখুৱাই ফুৰে যে সিও এজন মুমিন। গতিকে তাৰ সুগন্ধি ভাল, যিহেতু সি কোৰআন তিলাৱত কৰে, কিন্তু তাৰ সোৱাদ তিতা, কাৰণ অন্তৰত কুফৰ আছে। চতুৰ্থ প্ৰকাৰ হৈছে সেইজন মুনাফিক যিয়ে কোৰআন তিলাৱত নকৰে। সি হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধি নাই আৰু সোৱাদো তিতা। যিহেতু সি তিলাৱত নকৰে, সেয়ে তাৰ কোনো সুগন্ধি নাই, সেইকাৰণে তাৰ উদাহৰণ ইয়াৰ দ্বাৰা দিয়া হৈছে। এইদৰে এই ফলৰ সোৱাদ যেনেকুৱা তিতা, ঠিক সেইদৰে সেই ব্যক্তিয়ে অন্তৰত গোপন ৰখা কুফৰৰ সোৱাদো তিতা। কাৰণ তাৰ অন্তৰ হৈছে ঈমান শূন্য আৰু বাহ্যিক দিশতো কোনো উপকাৰ নাই। সেয়ে সি সমাজৰ বাবে ক্ষতিকাৰক।