





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিলেঃ هُوَ الَّذِي أَنْزَلَ عَلَيْكَ الْكِتَابَ مِنْهُ آيَاتٌ مُحْكَمَاتٌ هُنَّ أُمُّ الْكِتَابِ وَأُخَرُ مُتَشَابِهَاتٌ فَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ زَيْغٌ فَيَتَّبِعُونَ مَا تَشَابَهَ مِنْهُ ابْتِغَاءَ الْفِتْنَةِ وَابْتِغَاءَ تَأْوِيلِهِ وَمَا يَعْلَمُ تَأْوِيلَهُ إِلَّا اللَّهُ وَالرَّاسِخُونَ فِي الْعِلْمِ يَقُولُونَ آمَنَّا بِهِ كُلٌّ مِنْ عِنْدِ رَبِّنَا وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ} অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। এই আয়াতত মহান আল্লাহে অৱগত কৰাইছে যে, তেৱেঁই নবীৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, য'ত এনেকুৱা আয়াত আছে যিবোৰে স্পষ্টৰূপে অৰ্থ প্ৰকাশ কৰে, যিবোৰৰ দ্বাৰা সহজেই বিধান বুজি পোৱা যায়, যিবোৰ আয়াতৰ অৰ্থত কোনো আসোৱাহ নাই। সেইবোৰেই হৈছে কিতাবৰ মূল তথা উৎস। মতানৈক্যৰ সময়ত সেইবোৰৰ প্ৰতিয়ে প্ৰত্যাৱৰ্তন কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ অধিক অৰ্থ থকাৰ কাৰণে কিছুমান লোকৰ ওচৰত আসোৱাহ লাগে। অথবা বেলেগ আয়াতৰ সৈতে অৰ্থত বৈপৰীত্য থকা বুলি ভাবে। এইসমূহ আয়াতৰ ক্ষেত্ৰত মানুহে কিদৰে অৱস্থান কৰে সেই কথা উল্লেখ কৰি আল্লাহে কৈছে, যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে স্পষ্ট আয়াতসমূহক এৰি মুতাশ্বাবিহ আয়াতসমূহকলৈ নিজৰ ইচ্ছামতে ব্যাখ্যা কৰে। যিবোৰৰ দ্বাৰা সিহঁতে মানুহক গোমৰাহ কৰে তথা পথভ্ৰষ্ট কৰে। কিন্তু গভীৰ জ্ঞানীসকলে ভালদৰেই জানে যে এইবোৰ হৈছে মুতাশ্বাবিহ আয়াত। সেয়ে তেওঁলোকে মুহকাম আয়াতসমূহক অগ্ৰাধিকাৰ দিয়ে। আৰু এইবোৰ আয়াত সম্পৰ্কে তেওঁলোকে ঈমান পোষণ কৰে যে এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। গতিকে আল্লাহৰ আয়াতত কোনো বৈপৰীত্য নাই। সুস্থ বিবেক সম্পন্ন লোকসকলেহে এই কথা বুজি পায় তথা ইয়াৰ পৰা শিক্ষা লয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাক কৈছেঃ তুমি যদি কোনো এনেকুৱা লোকক দেখা পোৱা, যিয়ে মুতাশ্বাবিহ আয়াতৰ অনুসৰণ কৰে তেন্তে জানিবা সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে {فأما الذين في قلوبهم زيغ} গতিকে সিহঁতৰ পৰা সতৰ্ক থাকিবা আৰু সিহঁতৰ কথা নুশুনিবা।
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বহি থকা এজন ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! মোৰ কেইজনমান দাস আছে, সিহঁতে মোৰ ওচৰত মিছা কথা কয়, মোৰ সৈতে বিশ্বাসঘাতকতা কৰে, আৰু মোৰ অবাধ্যতাত লিপ্ত থাকে। ইয়াৰ কাৰণে মই সিহঁতক গালিও পাৰোঁ আৰু কেতিয়াবা মাৰপিটো কৰোঁ। সিহঁতৰ সৈতে এই ব্যৱহাৰ কৰাৰ কাৰণে (ক্বিয়ামতৰ দিনা) মোৰ অৱস্থা কি হ'ব? তেখেতে ক'লেঃ সিহঁতে যে তোমাৰ সৈতে বিশ্বাসঘাতকতা কৰে, তোমাৰ অবাধ্যতা কৰে আৰু তোমাৰ লগত মিছা কথা কয়, আৰু ইয়াৰ ফলত তুমি সিহঁতক যি শাস্তি বিহা, এই সকলোবোৰৰ হিচাপ-নিকাচ হ'ব। তুমি সিহঁতক যি শাস্তি দিছা, সেয়া যদি সিহঁতে কৰা অপৰাধৰ সমান হয় তেন্তে ঠিকেই আছে। তোমাৰো কোনো অসুবিধা নহ'ব আৰু সিহঁতৰো কোনো অসুবিধা নহ'ব। আনহাতে যদি তুমি দিয়া শাস্তি সিহঁতৰ অপৰাধৰ তুলনাত কম হয় তেন্তে তোমাৰ বাবে আছে অতিৰিক্ত ছোৱাব। পক্ষান্তৰে যদি সিহঁতৰ অপৰাধৰ তুলনাত তোমাৰ শাস্তি বেছি হয় তেন্তে তোমাৰ ছোৱাব হ্ৰাস কৰা হ'ব। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা শুনাৰ লগে লগে ব্যক্তিজন চিঞৰি কান্দিবলৈ ধৰিলে আৰু অকণমান আঁতৰি গ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি কোৰআনৰ এই আয়াত পঢ়া নাইনে, {وَنَضَعُ الْمَوَازِينَ الْقِسْطَ لِيَوْمِ الْقِيَامَةِ فَلا تُظْلَمُ نَفْسٌ شَيْئًا} অৰ্থঃ ক্বিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ মীজান স্থাপন কৰিম, ফলত কাৰো প্ৰতি অকণো অন্যায় কৰা নহ'ব। (ছুৰা আম্বিয়াঃ ৪৭) ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই আল্লাহৰ শপত খাই কৈছোঁ, মোৰ আৰু সিহঁতৰ মাজত পৃথক হোৱাতকৈ ভাল উপায় মই আৰু বিচাৰি পোৱা নাই। গতিকে মই আপোনাক সাক্ষী থৈ কৈছোঁ, আজিৰ পৰা সিহঁত স্বাধীন, মই সিহঁতক মুক্ত কৰিলোঁ।
(তিৰমিজী)এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেওঁৰ দাসসকলৰ আচৰণ সম্পৰ্কে অভিযোগ কৰিলে যে, সিহঁতে মিছা কথা কয়, বিশ্বাসঘাতকতা কৰে, ঠগবাজি কৰে, লগতে আদেশ অমান্য কৰে। ফলত তেওঁ সিহঁতক গালি-গালাজ কৰে আৰু এনে কাম যাতে পুনৰ কৰাৰ সাহস নাপায় তাৰ বাবে কেতিয়াবা মাৰপিটো কৰে। ইয়াৰ ফলত ক্বিয়ামতৰ দিনা ব্যক্তিজনৰ কি অৱস্থা হ'ব সেই সম্পৰ্কে তেখেতক সুধিলে। উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ সৈতে কৰা বিশ্বাসঘাতকতা, অবাধ্যতা, মিছা কথা আদি সকলো বিষয়ৰে হিচাপ-নিকাচ হ'ব। লগতে তুমি যে সিহঁতক শাস্তি বিহিছা তাৰো হিচাপ হ'ব। যদি সিহঁতৰ অপৰাধ অনুপাতে শাস্তি বিহা হৈছে তেন্তে ঠিকেই আছে, তোমাৰো কোনো অসুবিধা নহ'ব আৰু সিহঁতৰো কোনো অসুবিধা নহ'ব। আনহাতে সিহঁতৰ অপৰাধতকৈ তোমাৰ শাস্তিৰ পৰিমাণ যদি কম হয় তেন্তে ইয়াৰ ফলত তোমাৰ ছোৱাব আৰু মৰ্যাদা বৃদ্ধি কৰা হ'ব। এইদৰে যদি সিহঁতৰ অপৰাধৰ তুলনাত তোমাৰ শাস্তিৰ পৰিমাণ বেছি হয় তেন্তে তোমাক শাস্তি বিহা হ'ব, অৰ্থাৎ সেই পৰিমাণ ছোৱাব তোমাৰ পৰা কাঢ়ি নি সিহঁতক দিয়া হ'ব। এই কথা শুনি ব্যক্তিজনে চিঞৰি কান্দিবলৈ ধৰিলে আৰু অকণমান আঁতৰি গ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লে, তুমি আল্লাহৰ কিতাবত এই আয়াত পঢ়া নাইনে, {ونضع الموازين القسط ليوم القيامة فلا تُظلم نفسٌ شيئًا، وإن كان مثقال حبة من خردل أتينا بها وكفى بنا حاسبين} [الأنبياء: 47] অৰ্থাৎ "আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট"। (ছুৰা আল-আম্বিয়াঃ ৪৭) গতিকে ক্বিয়ামতৰ দিনা কাৰো প্ৰতি কোনো অন্যায় কৰা নহ'ব। মানুহৰ মাজত ন্যায়ৰ তৰ্জু স্থাপন কৰা হ'ব। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ শপত, মই সিহঁতক স্বাধীন কৰি দিয়াৰ বাহিৰে বেলেগ কোনো উত্তম উপায় বিচাৰি নাপালোঁ। সেয়ে মই আপোনাক সাক্ষী থৈ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ আশাত আৰু তেওঁৰ হিচাপ আৰু শাস্তিক ভয় কৰি সিহঁত সকলোকে মুক্ত ঘোষণা কৰিলোঁ।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত কিছুমান মুশ্বৰিক ব্যক্তি অত্যাধিক হত্যাকাণ্ড আৰু অত্যাধিক ব্যভিচাৰত লিপ্ত আছিল, এটা সময়ত সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে, আপুনি যিবোৰ কথা কয় আৰু যিটোৰ প্ৰতি আপুনি আহ্বান কৰে সেইটো খুবেই উত্তম। গতিকে আপুনি যদি আমাক জনালেহেঁতেন যে, আমি যিবোৰ কৰ্ম কৰিছোঁ ইয়াৰ কিবা কাফ্ফাৰাহ বা প্ৰায়শ্চিত্য আছেনে? এই প্ৰেক্ষাপটত এই আয়াত অৱতীৰ্ণ হ'লঃ "আল্লাহৰ সত্যবাদী বান্দাই আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।" (ছুৰা আল-ফুৰক্বানঃ ৬৮) লগতে এই আয়াত অৱতীৰ্ণ হ'লঃ "(সিহঁতক) জনাই দিয়ক, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।" (ছুৰা ঝুমৰঃ ৫৩)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মুশ্বৰিকসকলৰ মাজৰ কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিসকলে অত্যাধিক হত্যা কৰিছিল আৰু ব্যভিচাৰত লিপ্ত আছিল। সিহঁতে তেখেতক ক'লেঃ আপুনি যি ইছলামৰ প্ৰতি আহ্বান কৰে আৰু যিবোৰ শিক্ষা দিয়ে সেইবোৰ খুবেই সুন্দৰ। কিন্তু আমি যিবোৰ গুনাহত লিপ্ত হৈ আছোঁ তথা যিবোৰ শ্বিৰ্ক আৰু মহাপাপ আদি কৰিছোঁ, এইবোৰৰ কিবা প্ৰায়শ্চিত্য আছেনে? এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুটা আয়াত অৱতীৰ্ণ হৈছিল, য'ত কোৱা হৈছে যে, মানুহৰ গুনাহ যিমানেই বেছি নহওক কিয় তথা যিমানেই ডাঙৰ নহওক কিয় তথাপিও আল্লাহে তাৰ তাওবা কবূল কৰিব। যদি এইটো সুবিধা নাথাকিলহেঁতেন তেন্তে সিহঁতে নিজৰ কুফৰ আৰু অন্যায়-অত্যাচাৰ অব্যাহত ৰাখিলহেঁতেন আৰু ইছলামত প্ৰৱেশ নকৰিলেহেঁতেন।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
(তিৰমিজী, ইবনে হিব্বান)হাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা লোকসকলক সম্বোধন কৰি কৈছিল যে, হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহেলী যুগৰ গৌৰৱ অহংকাৰ আৰু পিতৃপুৰুষকলৈ কৰা দম্ভ আদিক আঁতৰাই দিছে। এতিয়া মানুহ কেৱল দুই ভাগত বিভক্তঃ একশ্ৰেণী হৈছে মুমিন, মুত্ত্বাক্বী, পৰহেজগাৰ, আল্লাহৰ আনুগত্যশীল বান্দা। এনেকুৱা ব্যক্তি আল্লাহৰ ওচৰত সন্মানীয়। যদিও মানুহৰ দৃষ্টিত তেওঁ উচ্চস্তৰৰ তথা উচ্চ বংশৰ নহয়। দ্বিতীয়টো হৈছে কাফিৰ, পাপিষ্ঠ তথা দুৰ্ভগীয়া। এনেকুৱা ব্যক্তি আল্লাহৰ দৃষ্টিত অত্যন্ত নিকৃষ্ট, ইয়াৰ কোনো তুলনা নহয়, যদিও সি উচ্চ মৰ্যাদা সম্পন্ন নহওক কিয় আৰু ক্ষমতাশীল নহওক কিয়। সকলো মানুহেই আদম সন্তান, আৰু আদমক আল্লাহে মাটিৰে সৃষ্টি কৰিছে। গতিকে যাৰ মূল হৈছে মাটি, সি অহংকাৰ কৰাটো শোভা নাপায়। সৰ্বশক্তিমান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
ঝুবাইৰ ইবনুল আওৱামে কৈছেঃ যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
(তিৰমিজী, ইবনে মাজাহ)যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} অৰ্থাৎ অতিশীঘ্ৰেই জবাবদিহি কৰা হ'ব যে, আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছিল সেইবোৰ পোৱাৰ পিছত তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিলা নে নাই। এই আয়াত শুনি ঝুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনবোৰ নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব? আমাৰ ওচৰত দেখোন এই দুইবিধ খাদ্য খেজুৰ আৰু পানীৰ বাহিৰে আন একো নাই। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অৱস্থাত আছা, এই অৱস্থাত পোৱা নিয়ামত সম্পৰ্কেও জবাবদিহি কৰা হ'ব। কাৰণ এই দুটা নিয়ামতো আল্লাহৰ ডাঙৰ নিয়ামত।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে ভালদৰে কোৰআন পঢ়ে আৰু উত্তমভাৱে তাৰ মুখস্থও আছে, লগতে সেই ব্যক্তি তিলাৱাতত অত্যন্ত পাৰদৰ্শী আৰু দক্ষ, পৰকালত তেনেকুৱা ব্যক্তিৰ মৰ্যাদা হৈছে এই যে, তেওঁ আখিৰাতত সন্মানীয় পুণ্যৱান ফিৰিস্তাসকলৰ সাহচৰ্য্য লাভ কৰিব। আনহাতে যিয়ে বহু কষ্টৰে ৰৈ ৰৈ কোৰআন তিলাৱত কৰে, তথা তিলাৱত কৰোঁতে অসুবিধা অনুভৱ কৰে, লগতে স্মৃতি শক্তিৰ দুৰ্বলতাৰ কাৰণে তিলাৱাতত বাধাৰ সৃষ্টি হয়, তথাপিও তেওঁ নিয়মিতভাৱে তিলাৱত কৰে, তেনেকুৱা ব্যক্তিৰ বাবে দ্বিগুণ ছোৱাব আছে; এটা হৈছে তিলাৱাতৰ ছোৱাব আৰু আনটো হৈছে কষ্ট সহ্য কৰি বাধাৰ সন্মুখীন হোৱা সত্ত্বেও তিলাৱত কৰাৰ ছোৱাব।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লেঃ "তুমি মোক কোৰআন তিলাৱত কৰি শুনোৱা।" মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই আপোনাক তিলাৱত কৰি শুনাম? অথচ আপোনাৰ ওপৰতে অৱতীৰ্ণ হৈছে। তেখেতে ক'লেঃ "হয়।" তেতিয়া মই ছুৰা নিছা তিলাৱত কৰা আৰম্ভ কৰিলোঁ। অৱশেষত যেতিয়া এই আয়াত আহি পালোঁ, {فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ، وَجِئْنَا بِكَ عَلَى هَؤُلاَءِ شَهِيدًا} [النساء: 41] তেখেতে ক'লেঃ "হ'ব, যথেষ্ট হৈছে।" মই তেখেতৰ মুখমণ্ডলৰ ফালে চালোঁ, দেখিলোঁ তেখেতৰ দুচকুৰে অশ্ৰু নিগৰি আছে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল্লাহ ইবনে মাছঊদক ক'লে যে, মোক কোৰআনৰ পৰা কিছু পাঠ কৰি শুনোৱা। তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই কি সাহসেৰে আপোনাক কোৰআন পাঠ কৰি শুনাম? অথচ আপোনাৰ ওপৰতে কোৰআন অৱতীৰ্ণ হৈছে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই বেলেগৰ পৰা শুনিব বিচাৰোঁ। তেতিয়া তেওঁ ছুৰা নিছা তিলাৱত কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া তেওঁ এই আয়াতত আহি পালেঃ {فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ، وَجِئْنَا بِكَ عَلَى هَؤُلاَءِ شَهِيدًا} [النساء: 41] অৰ্থঃ এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা একোজনকৈ সাক্ষী (নবী) উপস্থিত কৰিম, আৰু (হে নবী) আপোনাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম, তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব? অৰ্থাৎ হে নবী! আপোনাক যেতিয়া আপোনাৰ উম্মতৰ বিৰুদ্ধে সাক্ষী হিচাপে উপস্থিত কৰা হ'ব যে, আপুনি আপোনাৰ দায়িত্ব পালন কৰিছিল আৰু আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া বাৰ্তা পৌঁচাই দিছিল, তেতিয়া সিহঁতৰ অৱস্থা কি হ'ব? এই আয়াতত আহি পোৱাৰ লগে লগে তেখেতে ইবনে মাছঊদক ক'লেঃ হ'ব, আৰু পঢ়িব নালাগে। ইবনে মাছঊদে কৈছেঃ মই সেই সময়ত তেখেতৰ মুখমণ্ডলৰ ফালে দেখিলোঁ যে, তেখেতে দুয়ো চকুৰে অশ্ৰু নিগৰি আছিল, সেই ভয়াৱহ দৃশ্যৰ ভয়ত আৰু উম্মতৰ প্ৰতি থকা তেখেতৰ দয়াৰ কাৰণে।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})যিয়ে নিয়মিত কোৰআন তিলাৱত কৰে, চাই চাই হওক বা মুখস্থ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ উদাহৰণ দিছে উটৰ গৰাকীৰ সৈতে, যিয়ে উটক ৰছীৰে মজবুতকৈ বান্ধি ৰাখে। তেওঁ যেতিয়ালৈকে উটক লেকাম লগাই বান্ধি ৰাখিব, তেতিয়ালৈকে উট তেওঁৰ আয়ত্তত থাকিব। আনহাতে যেতিয়াই লেকামহীন হৈ পৰিব তেতিয়া সেই উট পলায়ন কৰিব তথা গুচি যাব। ঠিক সেইদৰে কোৰআনৰ হাফিজে যেতিয়ালৈকে কোৰআন নিয়মিতভাৱে তিলাৱত কৰিব তেতিয়ালৈকে মনত থাকিব। নিয়মিত তিলাৱত নকৰিলেই পাহৰি যাব। সেয়ে কোৰআনৰ সৈতে সম্পৰ্ক যিমান সুদৃঢ় হ'ব, তাৰ মুখস্থ সিমানেই থাকিব।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "এদিনাখন জিব্ৰীল আলাইহিচ্ছালাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিল, এনেতে তেওঁ ওপৰৰ পৰা অহা এটা প্ৰচণ্ড শব্দ শুনিলে। তেওঁ মূৰ দাঙি চাই ক'লে: 'এইটো হৈছে আকাশৰ এটা দুৱাৰ, আজিয়ে এইটো খোলা হ'ল, ইয়াৰ আগতে এইটো কেতিয়াও খোলা হোৱা নাছিল।' ইয়াৰ পিছত সেই দুৱাৰেৰে এজন ফিৰিস্তা নামি আহিল। তেওঁ ক'লে: পৃথিৱীলৈ নামি অহা এই ফিৰিস্তাজন, ইতিপূৰ্বে কেতিয়াও তেওঁ পৃথিৱীলৈ আগমন কৰা নাছিল। ইয়াৰ পিছত সেই ফিৰিস্তাজনে ছালাম দি ক'লে: 'আপুনি দুটা নূৰৰ সুসংবাদ গ্ৰহণ কৰক, যিবোৰ আপোনাক প্ৰদান কৰা হৈছে– এই দুটা নূৰ আপোনাৰ পূৰ্বে আন কোনো নবীক প্ৰদান কৰা হোৱা নাছিল: (সেই নূৰ দুটা হৈছে) ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ আয়াতসমূহ। আপুনি ইয়াৰে যিটো পঢ়িব, তাত প্ৰাৰ্থনামূলক যি যি আছে, সেইটোৱে আপোনাক প্ৰদান কৰা হ'ব।"
(মুছলিম)ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে বহি আছিল, এনেতে আকাশৰ পৰা অহা দুৱাৰ খোলাৰ দৰে এটা শব্দ শুনা পালে। এই শুনি জিব্ৰীল আলাইহিচ্ছালামে আকাশৰ ফালে মূৰ দাঙি চালে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰিবলৈ ক’লে: এই শব্দটো হৈছে আকাশৰ এটা দুৱাৰ খোলাৰ শব্দ, যিটো আজিয়ে খোলা হৈছে, ইয়াৰ আগতে কেতিয়াও খোলা হোৱা নাছিল। তাৰ পৰা এজন ফিৰিস্তা নামি আহিছে - তেওঁ ইয়াৰ আগতে কেতিয়াও পৃথিৱীলৈ অহা নাছিল। সেই ফিৰিস্তাজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম দি ক’লে: আপুনি সুসংবাদ গ্ৰহণ কৰক, আপোনাক এনেকুৱা দুটা নূৰ প্ৰদান কৰা হৈছে, যিটো ইতিপূৰ্বে কোনো নবীকেই প্ৰদান কৰা হোৱা নাছিল। সেই নূৰ দুটা হৈছেঃ ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ দুই আয়াত। ইয়াৰ পিছত ফিৰিস্তাজনে ক'লেঃ যিয়ে এই দুটাৰ পৰা এটা আখৰো পাঠ কৰিব, মহান আল্লাহে ইয়াৰ মাজত থকা প্ৰতিটো কল্যাণ, দুআ আৰু প্ৰাৰ্থনা কবুল কৰি তাক প্ৰদান কৰিব।