





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নিশ্চয় সৰ্বশক্তিমান আল্লাহে অৱতীৰ্ণ কৰিছে যে, "আৰু যিসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধানমতে বিচাৰ নকৰে, সিহঁতেই হৈছে কাফিৰ।" (ছুৰা আল-মায়িদা: ৪৪) আৰু কৈছেঃ "সিহঁতেই হৈছে যালিম।" (ছুৰা আল-মায়িদা: ৪৫) আৰু কৈছেঃ "সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইবনু আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আল্লাহে এইটো ইহুদীসকলৰ দুটা দলৰ বিষয়ে অৱতীৰ্ণ কৰিছিল। অজ্ঞতা যুগত সেই দুটা দলৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশেষত সিহঁতে ইয়াৰ ওপৰত সন্মত হৈছিল আৰু সন্ধি কৰিছিল যে, প্ৰভাৱশালী দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত (ৰক্তপণ) হ'ব পঞ্চাশ অছাক (খাদ্যদ্ৰৱ্য)। আনহাতে দুৰ্বল দলে যদি প্ৰভাৱশালী দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত হ'ব এশ অছাক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন নকৰালৈকে সিহঁতে এই নিয়মৰ ওপৰতেই চলি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন কৰাৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। তেতিয়ালৈকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল আৰু সিহঁতৰ ওপৰত তেখেতৰ আধিপত্য স্থাপন কৰা নাছিল; বৰং তেখেত সেই সময়ছোৱালৈকে সন্ধিৰ অৱস্থাত আছিল। এনে অৱস্থাত সিহঁতৰ মাজৰ দুৰ্বল দলে প্ৰভাৱশালী দলৰ এজন ব্যক্তিক হত্যা কৰিলে। প্ৰভাৱশালী দলে দুৰ্বল দলৰ ওচৰলৈ বাৰ্তা পঠিয়ালে যে, তোমালোকে আমাৰ ওচৰলৈ এশ অছাক ৰক্তপণ পঠিয়াই দিয়া। দুৰ্বল দলে ক'লে: দুটা দলৰ ধর্ম এক, বংশ এক আৰু দেশ এটা হোৱা সত্ত্বেও এটা দলৰ দিয়ত আনটো দলৰ দিয়তৰ তুলনাত কেনেকৈ অৰ্দ্ধেক হ'ব পাৰে? আমি কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰ আৰু তোমালোকৰ ভয়তহে এই অতিৰিক্ত দিয়ত দিছিলোঁ। এতিয়া যিহেতু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণ ঘটিছে, গতিকে আমি এতিয়া আৰু তোমালোকক সেই পৰিমাণ দিয়ত আদায় নিদিওঁ। ইয়াৰ ফলত দুয়োটা দলৰ মাজত যুদ্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মধ্যস্থতাকাৰী হিচাপে মানি লৈ মীমাংসা কৰিবলৈ সন্মত হ'ল। তেতিয়া প্ৰভাৱশালী দলটোৱে (গোপনে বৈঠক কৰি) ক'লে: আল্লাহৰ শপত! মুহাম্মদে তোমালোকক সিহঁতৰ পৰা কেতিয়াও দ্বিগুণ দিয়ত আদায় কৰি নিদিব, বৰং সিহঁতে যি পায়, তোমালোকেও তাকেই পাবা। সিহঁতে কোৱা কথাখিনি মিছা নহয়, আমি কেৱল জোৰ-জবৰদস্তি কৰিহে সিহঁতৰ পৰা এই অতিৰিক্ত দিয়ত লৈছিলোঁ। (তাৰ পিছত সিহঁতে পৰামৰ্শ কৰি সিদ্ধান্ত ল'লে যে,) তোমালোকে মুহাম্মদৰ ওচৰলৈ গোপনে লোক পঠিওৱা, যাতে তেওঁৰ মতামত সম্পৰ্কে অৱগত হ'ব পাৰে। যদি তেওঁ তোমালোকৰ আশা অনুৰূপ সিদ্ধান্ত দিয়ে, তেন্তে তোমালোকে তেওঁক বিচাৰক হিচাপে গ্ৰহণ কৰিবা, আৰু যদি বিপক্ষে ফয়চালা দিয়ে, তেন্তে সাৱধানতা অৱলম্বন কৰি তেওঁক বিচাৰক হিচাপে মানি নল'বা। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান মুনাফিকক গোপনে পঠিয়ালে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে জ্ঞাত হ'ব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ সকলো উদ্দেশ্য আৰু চক্ৰান্ত সম্পৰ্কে অৱগত কৰালে। সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলে: "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল।
(আহমদ)মদীনাত থকা ইয়াহুদীসকলৰ বনু কুৰাইজা আৰু বনু নাজীৰ গোত্ৰই অজ্ঞতা যুগত ইটোৱে সিটোক পৰাস্ত কৰি প্ৰভাৱ বিস্তাৰ কৰিছিল। লগতে উভয় গোত্ৰই এই সিদ্ধান্ত উপনীত হৈছিল যে, যিটো গোত্ৰই প্ৰভাৱ বিস্তাৰ কৰিব সেইটো দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে তেন্তে ইয়াৰ ৰক্তপণ হ'ব পঞ্চাছ অছাক্ব। আনহাতে দুৰ্বল দলৰ কোনোবাই যদি প্ৰভাৱ বিস্তাৰ কৰা দলৰ কাৰোবাক হত্যা কৰে তেন্তে ইয়াৰ ৰক্তপণ হ'ব দ্বিগুণ, এশ অছাক্ব। এক অছাক্ব হৈছে ষাঠি ছা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰি নহালৈকে সিহঁতে এই নীতিৰ ওপৰতেই প্ৰতিষ্ঠিত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমনৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। কিন্তু তেতিয়ালৈকেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল, আৰু সিহঁতক তেখেতৰ অধীনস্থ কৰা নাছিল। কাৰণ এইটো আছিল হিজৰতৰ প্ৰথম সময়ছোৱা। এই সময়ছোৱাত তেখেতে সিহঁতৰ সৈতে সন্ধিত আছিল। এই সময়ছোৱাতে দুৰ্বল দলৰ এজনে সিহঁতৰ মাজৰ শক্তিশালী দলৰ এজনক হত্যা কৰিলে। সেয়ে শক্তিশালী দলৰ দলপতিয়ে দুৰ্বল দলৰ ওচৰলৈ সংবাদ প্ৰেৰণ কৰিলে যে, তোমালোকে এই হত্যাকাণ্ডৰ ৰক্তপণ হিচাপে এশ অছাক্ব বিনিময় প্ৰেৰণ কৰা যিটো পূৰ্বেই আমাৰ মাজত বুজাবুজি আছিল। তেতিয়া দুৰ্বল দলটোৱে ক'লে যে, দুটা সম্প্ৰদায় যাৰ দ্বীন তথা ধৰ্ম এক, বংশ এক, দেশ এক হোৱা সত্ত্বেও সিহঁতৰ মাজৰ ৰক্তপণ ইজনৰ তুলনাত সিজনৰ ৰক্তপণ কিদৰে অৰ্দ্ধেক হ'ব পাৰে? ইতিপূৰ্বে আমি তোমালোকক যিটো দিছোঁ সেয়া আছিল কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰৰ ফলত আৰু তোমালোকৰ ভয়তহে আমি তোমালোকক দিছিলোঁ। এতিয়া যিহেতু মুহাম্মদৰ আগমন হৈছে, সেয়ে আমি কেতিয়াও এনেকুৱা অন্যায় সহ্য নকৰোঁ। সিহঁতৰ মাজত প্ৰায় যুদ্ধ আৰম্ভ হোৱাৰ উপক্ৰম হয়। ইয়াৰ পিছত সিহঁতে এই মতত উপনীত হয় যে, উভয় পক্ষৰ মাজত মীমাংসা কৰিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰক হিচাপে নিযুক্ত কৰা যাওক। ইয়াৰ পিছত শক্তিশালী দলটোৱে নিজাববীয়াকৈ চিন্তা-চৰ্চাত বহিল, সিহঁতে আলোচনা কৰিলে যে, মুহাম্মদে কেতিয়াও দ্বিগুণ ৰক্তপণৰ পক্ষত ফয়চালা নিদিব। আমাৰ প্ৰতিপক্ষই কোৱা কথাখিনি মিছাও নহয়, কাৰণ আমি সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ কৰিহে সিহঁতৰ পৰা দ্বিগুণ ৰক্তপণ লৈছিলোঁ। এইখিনি আলোচনাৰ পিছত সিহঁতে এই সিদ্ধান্তত উপনীত হ'ল যে, আমাৰ মাজৰ কাৰোবাক চোৰাংচোৱা হিচাপে প্ৰেৰণ কৰা হওক, সি তাত গৈ খবৰ অনাৰ চেষ্টা কৰিব। যদি মুহাম্মদে আমাৰ পক্ষত ফয়চালা দিয়ে তেন্তে আমি তাক বিচাৰক হিচাপে মানিম, আৰু যদি আমাৰ পক্ষত নিদিয়ে তেন্তে আমি তেওঁক বিচাৰক হিচাপে নামানো। এই পৰামৰ্শ অনুসৰি সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কেইজন মান মুনাফিকক চোৰাংচোৱা হিচাপে প্ৰেৰণ কৰিলে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে অনুমান কৰিব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈঠকত আহি উপস্থিত হ'ল, মহান আল্লাহে অহী অৱতীৰ্ণ কৰিলে আৰু তেওঁৰ ৰাছুলক সেই সকলো ঘটনা সম্পৰ্কে জনাই দিলে আৰু সিহঁতৰ ইচ্ছা সম্পৰ্কেও অৱগত কৰালে। লগতে আল্লাহে পৱিত্ৰ কোৰআনৰ ছুৰা আল-মায়িদাৰ এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল। “আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিচাৰ মীমাংসা নকৰে, সিহঁতেই হৈছে কাফিৰ।” (ছুৰা আল-মায়িদাঃ ৪৪) ".... আৰু কাফিৰসকলেই হৈছে প্ৰকৃত অন্যায়কাৰী।" (ছুৰা আল-মায়িদাঃ ৪৫) "... সিহঁতেই হৈছে ফাছিক।" (ছুৰা আল-মায়িদাঃ ৪৭) সৰ্বশক্তিমান আল্লাহে এই দুটা সম্প্ৰদায়কে বুজাইছিল।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "গায়েবৰ চাবি হৈছে পাঁচটাঃ নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে কাইলৈ সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।"
(বুখাৰী)ইল্মে গাইব একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও নাজানে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, গায়েবৰ চাবিকাঠি তথা ভাণ্ডাৰ হৈছে পাঁচটাঃ প্ৰথমঃ কিয়ামত কেতিয়া সংঘটিত হ'ব, এই কথা একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ দ্বাৰা আখিৰাতৰ ইল্মৰ প্ৰতি ইংগিত কৰা হৈছে। কিয়নো কিয়ামত হৈছে আখিৰাতৰ প্ৰথম ধাপ। এতেকে যিয়ে নিকটৱৰ্তী ইল্ম নাজানে, তাৰ বাবে পৰৱৰ্তী জ্ঞান ৰখাটো অসম্ভৱ। দ্বিতীয়ঃ বৰষুণ কেতিয়া নামিব সেই কথা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ দ্বাৰা উৰ্ধ্বজগতৰ বিষয়বোৰৰ প্ৰতি ইঙ্গিত কৰা হৈছে। ইয়াত বিশেষকৈ বৰষুণৰ কথা কোৱা হৈছে যদিও বৰষুণৰ কিছুমান আলামত আছে, যিবোৰৰ দ্বাৰা কেৱল বৰষুণৰ সম্ভাৱনাহে বুজায়, কেতিয়া অৱতীৰ্ণ হ'ব তাৰ নিশ্চয়তা পোৱা নাযায়। তৃতীয়ঃ গৰ্ভত যি আছে, ল'ৰা নে ছোৱালী, শুভ্ৰ নে নিগ্ৰো, সম্পূৰ্ণ নে অসম্পূৰ্ণ, দুৰ্ভগীয়া নে সৌভাগ্যৱান, জীয়াই থাকিব নে মৃত ভূমিষ্ঠ হ'ব ইত্যাদি বিষয় আল্লাহৰ বাহিৰে আন কোনেও নাজানে। গৰ্ভৰ বিষয়টো এই কাৰণে উল্লেখ কৰা হৈছে, কাৰণ অধিকাংশ মানুহে সাধাৰণতে এই সম্পৰ্কীয় কিছুমান বিষয় জানে, কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য সম্পৰ্কে একো নাজানে। গতিকে যিয়ে ইয়াৰ ৰহস্য সম্পৰ্কে অৱগত নহয়, সি অন্যান্য ৰহস্য সম্পৰ্কে অৱগত হোৱাৰ প্ৰশ্নই নাহে। চতুৰ্থঃ কাইলৈ কি সংঘটিত হ'ব সেয়া আল্লাহৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ দ্বাৰা সময়ৰ বিভিন্ন প্ৰকাৰ আৰু তাত সংঘটিত হ'বলগীয়া ঘটনাসমূহৰ প্ৰতি ইংগিত কৰা হৈছে। অহাকালিৰ কথা এই কাৰণে কোৱা হৈছে, যাতে ইয়াৰ দ্বাৰা অতি নিকটৱৰ্তী সময় বুজায়। কোনো নিদৰ্শন বা লক্ষণ নোহোৱাকৈ যিহেতু কোনেও ইমান নিকটৱৰ্তী সময়ৰ বিষয়ে নাজানে, তেনে ক্ষেত্ৰত দূৰ ভৱিষ্যতৰ বিষয়ে জনাটো অধিক অসম্ভৱ। পঞ্চমঃ কোনেও নাজানে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। ইয়াৰ দ্বাৰা পৃথিৱীৰ নিম্নজগতৰ বিষয়বোৰৰ প্ৰতি ইংগিত কৰা হৈছে। যদিও সাধাৰণতে মানুহে ভাবে যে, সি নিজ দেশতেই মৃত্যুবৰণ কৰিব, কিন্তু এইটো বাস্তৱ নহয়। যদিও কোনোবাই নিজ দেশত মৃত্যুবৰণ কৰে, তথাপিও সি নাজানে তাক ক'ত দাফন কৰা হ'ব। যদিও সেই ঠাইত তাৰ পূৰ্বপুৰুষৰ কবৰস্থান থাকে। {إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ} নিশ্চয় আল্লাহ মহা জ্ঞানী, সম্যক অৱহিত। বাহ্যিক আৰু অন্তৰ্নিহিত, গোপন আৰু প্ৰকাশ্য আদি সকলো বিষয়কে তেওঁৰ জ্ঞানে পৰিবেষ্টন কৰি আছে। উক্ত আয়াতটোত ইল্মে গায়েবৰ সকলো প্ৰকাৰকে সামৰি লোৱা হৈছে আৰু সকলো প্ৰকাৰ ভ্ৰান্ত দাবীক খণ্ডন কৰা হৈছে।
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্মবৰৰ ওচৰত আছিলোঁ। তেতিয়া এজনে ক'লেঃ ইছলাম গ্ৰহণৰ পিছত মই এতিয়া যদি বেলেগ কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নাই, কিন্তু মই হাজীসকলক পানী পান কৰায়ে থাকিম। আন এজনে ক'লেঃ মুছলিম হোৱাৰ পিছত মই যদি বেলেগ আন কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নহ'ব, কিন্তু মই মছজিদুল হাৰামৰ মেৰামতিৰ কামত সদায় লাগি থাকিম। আন এজনে ক'লেঃ তোমালোকে যি যি কৈ আছা সেই সকলোবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। এইবোৰ শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক দি ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত তোমালোকে এইদৰে উচ্চস্বৰে কথা নক'বা। সেইটো আছিল জুমুআৰ দিন। শুনা! জুমুআৰ চালাত আদায় হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ গৈ তোমালোকে মতানৈক্য কৰা বিষয়টো সম্পৰ্কে সুধিম। ইপিনে সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।
(মুছলিম)হাদীছটোত নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰতে বহি আছিল। সেই সময়ছোৱাতে তেওঁ এজন ব্যক্তিক কোৱা শুনিলে যে, মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া যদি হাজীসকলক পানী খুউৱাৰ বাদে আন কোনো আমল নকৰিলেও মোৰ কোনো অসুবিধা নাই। আন এজনে ক'লেঃ মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া কেৱল মছজিদে হাৰাম আবাদ কৰাৰ বাদে বেলেগ যদি কোনো আমল নকৰোঁ তথাপিও মোৰ একো নহ'ব। আন এজনে ক'লেঃ তোমালোকে যি কৈ আছা, সেইবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত এইদৰে তেওঁলোকৰ উচ্চস্বৰে কথা-বতৰা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক প্ৰদান কৰিলে। এইটো আছিল জুমুআৰ দিনা প্ৰথম প্ৰহৰৰ ঘটনা। লগতে তেওঁ ক'লেঃ শুনা! জুমুআৰ পিছত মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ তোমালোকে বিতৰ্ক কৰা এই বিষয়টো সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত কেতিয়াও সমান নহয়, আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।" (ছুৰা আত-তাওবা, আয়াতঃ ১৯)
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা মাৰফু হিচাপে বৰ্ণিত, সৰ্বশক্তিমান আল্লাহৰ এই বাণী সম্পৰ্কে কৈছেঃ {وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ} [الحج: 25] অৰ্থঃ "হাৰামত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।" তেওঁ কৈছেঃ "যদি কোনো ব্যক্তিয়ে য়ামানত অৱস্থিত আদান চহৰৰ পৰাও ইয়াত দ্বীন বিৰোধী কোনো পাপকৰ্ম কৰাৰ ইচ্ছা কৰে, তথাপিও আল্লাহে তাক কষ্টদায়ক শাস্তি বিহিব।"
رواه أحمد والحاكمআব্দুল্লাহ বিন মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে সৰ্বশক্তিমান আল্লাহৰ এই আয়াত সম্পৰ্কে কৈছেঃ {وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ} [الحج: 25] যদি কোনো ব্যক্তিয়ে মক্কাৰ হাৰামত কোনো বেয়া কৰ্ম কৰাৰ পৰিকল্পনা কৰে, যাৰ দ্বাৰা হাৰামৰ পৱিত্ৰতা উলংঘা হয়, যেনে- মুখেৰে বেয়া কথা কোৱা, কাৰোবাক জানি বুজি হত্যা কৰা। এইবোৰ হৈছে ঘোৰ অন্যায়। এই পৰিকল্পনা যদি য়ামানৰ দৰে দূৰৱৰ্তী স্থানত বহিও কৰে তথাপিও সি আল্লাহৰ ফালৰ পৰা কষ্টদায়ক শাস্তিৰ সন্মুখীন হ'ব। যদিও সি সেই পৰিকল্পনাটো কাৰ্য্যত পৰিণত নকৰে। কেৱল সংকল্প কৰাটোৱে ইয়াৰ বাবে যথেষ্ট।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ হুদাইবিয়্যাৰ পৰা প্ৰত্যাৱৰ্তনৰ সময়ত যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا لِيَغْفِرَ لَكَ اللهُ} পৰা {فَوْزًا عَظِيمًا} লৈকে।[الفتح: ١-٥] তেতিয়া তেওঁলোক আছিল কষ্ট বেদনা আৰু ক্ষোভেৰে পৰিপূৰ্ণ। তেওঁলোকে হুদাইবিয়্য়াতেই কুৰবানীৰ জন্তুবোৰ কুৰবানী কৰিছিল। তেতিয়া তেখেতে ক'লেঃ "মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়।"
(মুছলিম)আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, যেতিয়া ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মহান আল্লাহৰ এই বাণী অৱতীৰ্ণ হ'লঃ "(হে ৰাছুল!) নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়, যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে, লগতে যাতে আল্লাহে তোমাক বলিষ্ঠ সাহায্য দান কৰে। তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে, যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়। যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেৱেঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।" (ছুৰা আল-ফাতাহঃ ১-৫) এইটো অৱতীৰ্ণ হৈছিল হুদাইবিয়্যাৰ পৰা উভতি অহাৰ সময়ছোৱাত। চাহাবাসকল সেই সময়ত অত্যন্ত দুখ আৰু ক্ষোভত ভাগি পৰিছিল। কাৰণ তেওঁলোকক ওমৰাহ আদায় কৰিবলৈ বাধা প্ৰদান কৰা হৈছিল। এই কাৰণেই সন্ধি কৰিবলগীয়া হৈছিল। তেওঁলোকে ভাবিছিল এই সন্ধি মুছলিমসকলৰ বাবে উচিত নহয়। তেওঁলোকে হুদাইবিয়াতেই কুৰবানীৰ জন্তুবোৰ জবেহ কৰিবলগীয়া হৈছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে।
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে ছুৰা কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰি কণ্ঠস্থ ৰাখিব, আল্লাহে তাক মছীহুদ দাজ্জালৰ ফিতনাৰ পৰা ৰক্ষা কৰিব। দাজ্জাল অন্তিম জামানাত ওলাব আৰু সি নিজকে উপাস্য বুলি দাবী কৰিব। দাজ্জালৰ ফিতনা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিতনা, এনেকুৱা ডাঙৰ ফিতনা যে, আদমৰ সৃষ্টিৰ পৰা কিয়ামত পৰ্যন্ত তেনেকুৱা ফিতনাৰ আৱিৰ্ভাৱ হোৱা নাই। আল্লাহে তাক এনেকুৱা কিছুমান আচৰিত শক্তি দিব, যাৰ দ্বাৰা সি মানুহক ফিতনাত পতিত কৰিব। এতেকে ছুৰা কাহাফৰ আৰম্ভণিত এনেকুৱা আশ্চৰ্যকৰ নিদৰ্শনৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ দাজ্জালৰ ফিতনাতকৈও আশ্চৰ্যকৰ। গতিকে যিয়ে এইবোৰকলৈ চিন্তা চৰ্চা কৰিব তেওঁ কেতিয়াও দাজ্জালৰ ফিতনাত পতিত নহ'ব। আন এটা বৰ্ণনাত আছে যে, এই ছুৰাৰ শেষৰ দহ আয়াত। অৰ্থাৎ এই আয়াতৰ পৰা {أفحسب الذين كفروا أن يتخذوا…}. শেষলৈকে।
উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ হৈছে, যেনেকুৱা আয়াত পূৰ্বে কেতিয়াও দেখা যোৱা নাই। সেয়া হৈছে ছুৰা ফালাক্ব আৰু ছুৰা নাছ।"
(মুছলিম)উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনাইছে যে, যোৱা ৰাতি আল্লাহে মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ কৰিছে, (আশ্ৰয় প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত) এনেকুৱা আয়াত ইতিপূৰ্বে দেখা হোৱা নাছিল। সেই দুটা হৈছে ছুৰা ফালাক্বা {قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ} আৰু ছুৰা নাছ {قُلْ أَعُوذُ بِرَبِّ النَّاسِ}।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই আবু তালহাৰ ঘৰত মানুহক মদ পৰিৱেশন কৰি আছিলোঁ। সেই সময়ত তেওঁলোকে ফাজীখ মদটোক পছন্দ কৰিছিল। ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজনক নিৰ্দেশ দিলে যে, ঘোষণা কৰি দিয়া, সাৱধান! আজিৰ পৰা মদ হাৰাম কৰা হৈছে। আনাছে কৈছেঃ ঘোষণা শুনি আবু তালহাই মোক ক'লেঃ বাহিৰলৈ যোৱা আৰু মদৰ গোটেই পাত্ৰবোৰ ওলোটাই ঢালি পেলাই দিয়াগৈ। তেতিয়া মই ওলাই আহি সকলো মদৰ পাত্ৰ ঢালি পেলাই দিলোঁ। সেইদিনা মদীনাৰ গলিয়ে গলিয়ে মদ প্ৰবাহিত হৈ আছিল। তেতিয়া কিছুমান লোকে প্ৰশ্ন উত্থাপন কৰিলে যে, ইতিপূৰ্বে যিসকলে মদ সেৱন কৰি মৃত্যুবৰণ কৰিছে তেওঁলোকৰ কি হ'ব? তেতিয়া মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে, তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁ তেওঁৰ মাকৰ স্বামী আবু তালহাৰ ঘৰত মানুহক মদ খুৱাই আছিল, সেই সময়ত তেওঁলোকে ফাঝীখ নামৰ মদ সেৱন কৰি আছিল। এইটো হৈছে পকা আৰু কেঁচা খেজুৰৰ মিশ্ৰিত মদ। ঠিক সেই সময়তে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘোষকে ঘোষণা কৰিলে যে, মদ হাৰাম কৰা হৈছে। আনাছে কৈছেঃ এই ঘোষণা শুনি আবু তালহাই মোক ক'লেঃ যোৱা মদৰ পাত্ৰবোৰ ওলোটাই ঢালি পেলাই দিয়াগৈ। মই লগে লগে ওলাই গ'লোঁ আৰু সেই পাত্ৰবোৰ ওলোটাই গোটেই মদ ঢালি পেলালোঁ। সেইদিনা মদীনাৰ গলিয়ে গলিয়ে মদ বৈ গৈছিল। তেতিয়া কিছুমান চাহাবাই কোৱাকুই কৰিলে যে, ইতিপূৰ্বে যিসকল চাহাবা মৃত্যুবৰণ কৰিছে অথচ তেওঁলোকে মদ খাইছিল, তেওঁলোকৰ কি হ'ব? তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩) অৰ্থাৎ যিসকল মুমিন ব্যক্তিয়ে হাৰাম হোৱাৰ পূৰ্বে মদ সেৱন কৰিছে তথা নিচা জাতীয় বস্তু ভক্ষণ কৰিছে, তেওঁলোকৰ কোনো গুনাহ নহ'ব।
আবূ নাজীহ ইৰবাজ বিন ছাৰিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নছিহত কৰিলে, ফলত আমাৰ অন্তৰ প্ৰকম্পিত হ'ল, চকুৰে অশ্ৰু নিগৰি আহিল, আমি নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! এনে লাগিছে যেনিবা এয়া বিদায়কালীন উপদেশ; আপুনি আমাক অছীয়ত কৰক। তেখেতে ক’লে: "মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰোঁ, আৰু (শাসকৰ) আনুগত্য কৰিবলৈ অছীয়ত কৰোঁ; যদিও কোনোবা দাসো তোমালোকৰ শাসক হয় তথাপিও। তোমালোকৰ মাজৰ যিসকলে জীৱিত থাকিব সিহঁতে বহুতো মতবিৰোধ দেখিবলৈ পাব; এতেকে তোমালোকে মোৰ ছুন্নত আৰু হিদায়তপ্ৰাপ্ত খুলাফায়ে ৰাছিদীনৰ পদ্ধতিক মজবুতভাৱে মানি চলিবা, সেইটোক দাঁতেৰে (অৰ্থাৎ মজবুতকৈ) খামোচি ধৰি ৰাখিবা; আৰু (চৰীয়তৰ ক্ষেত্ৰত) নৱাৱিষ্কৃত বিষয় সম্পৰ্কে সাৱধান থাকিবা, কাৰণ (প্ৰত্যেক নতুনত্বৰ হৈছে বিদ'আত,) প্ৰত্যেক বিদ'আতেই হৈছে ভ্ৰষ্টতা।"
(আবু দাঊদ, তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি এটা গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিলে, ফলত চাহাবাসকলৰ অন্তৰ ভীত-সন্ত্ৰস্থ হৈ পৰিল আৰু চকু অশ্ৰুসিক্ত হৈ পৰিল। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! এইটো যেনিবা বিদায়ী ভাষণ, দৰাচলতে তেওঁলোকে ভাষণৰ গুৰুত্ব বুজি এই কথাষাৰ কৈছিল। সেয়ে তেওঁলোকে উপদেশ বিচাৰি আবেদন কৰিলে যাতে তেখেতৰ (মৃত্যুৰ) পিছত সেইমতে জীৱন-যাপন কৰিব পাৰে। তেখেতে ক'লেঃ মই তোমালোকক সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উপদেশ দিওঁ। এই তাক্বৱা অৰ্জন হ'ব তেওঁৰ ওৱাজিবাতসমূহ পালন কৰিলে আৰু তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিলে। শ্ৰৱণ কৰা আৰু আনুগত্য কৰা, অৰ্থাৎ শাসকসকলৰ। যদি কোনো ক্ৰীতদাসেও তোমালোকৰ ওপৰত শাসন কৰে বা ৰাজত্ব কৰে অৰ্থাৎ তোমালোকৰ মাজৰ নিম্ন মানৰ ব্যক্তিও যদি তোমালোকৰ আমীৰ হয় তথাপিও তোমালোকে তেওঁৰ আনুগত্য কৰাত দ্বিধাবোধ নকৰিবা আৰু তেওঁৰ কথা মানি চলিবা, যাতে ফিতনা-ফাছাদ সৃষ্টি নহয়। কাৰণ মোৰ পিছত তোমালোকৰ মাজৰ যিসকলে জীয়াই থাকিব তেওঁলোকে অত্যন্ত মতভেদ দেখিবলৈ পাব। এইখিনি কথা কোৱাৰ পিছত তেখেতে সেই মতভেদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো বৰ্ণনা কৰিছে। অৰ্থাৎ তেখেতৰ আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক খামুচি ধৰি ৰাখিবলৈ নিৰ্দেশ দিছে। খুলাফায়ে ৰাশ্বিদীন অৰ্থাৎ আবু বকৰ চিদ্দীক্ব, ওমৰ ইবনুল খাত্তাব, উছমান বিন আফ্ফান, আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুম আজমাঈন। আনকি পেষক দাঁতেৰে সেই ছুন্নতক মজবুতভাৱে ধাৰণ কৰাৰ নিৰ্দেশনা দিছে। লগতে তেখেতে তেওঁলোকক ধৰ্মীয় ক্ষেত্ৰত নতুনত্বৰ (বিদআত)ৰ পৰা সাৱধান কৰিছে। কিয়নো ধৰ্মীয় ক্ষেত্ৰত সকলো প্ৰকাৰ বিদআতেই হৈছে পথভ্ৰষ্টতা।