





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহ আলাইহি অছাল্লামে সৰ্বশক্তিমান আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছেঃ মহান আল্লাহে কৈছেঃ “নিশ্চয় আল্লাহে পাপ-পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। ইয়াৰ পিছত তেওঁ ইয়াৰ ব্যাখ্যাও কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰিছে; কিন্তু সেইটোক কৰ্মত বাস্তৱায়িত কৰিব পৰা নাই, মহান আল্লাহে তাৰ বাবে (কেৱল নিয়ত কৰাৰ বিনিময়তে) এটি সম্পূৰ্ণ নেকী লিখি দিয়ে, আৰু যদি সি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ বিনিময়ত তাক দহৰ পৰা সাতশ গুণ পৰ্যন্ত; আনকি তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে। আনহাতে যদি কোনোবাই কোনো এটা পাপ কৰ্ম কৰাৰ সংকল্প কৰে; আৰু যদি সি সেইটোক কৰ্মত পৰিণত নকৰে, তেনেহ'লে আল্লাহে তাৰ বাবে এটা পূৰ্ণ নেকী লিখি দিয়ে। আনহাতে যদি সি সংকল্প কৰাৰ পিছত সেইটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ ফলত কেৱলমাত্র এটাই পাপ লিপিবদ্ধ কৰে।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, আল্লাহে গুনাহ আৰু নেকী পূৰ্বেই নিৰ্ধাৰণ কৰি ৰাখিছে, ইয়াৰ পিছত তেখেতে এই কথাও উল্লেখ কৰিছে যে, লিপিবদ্ধকাৰী ফিৰিস্তাদুজনে সেইবোৰক কেনেকৈ লিখিব। এতেকে যিয়ে কোনো নেক কাম কৰাৰ ইচ্ছা কৰে তথা সংকল্প কৰে, লগে লগে ইয়াৰ বিনিময়ত এটা নেকী লিপিবদ্ধ কৰা হয়, যদিও সি সেই কামটো কৰা নাই। কিন্তু যদি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে তেন্তে দহৰ পৰা সাতশ গুণ পৰ্যন্ত তাৰ নেকী বৃদ্ধি কৰা হয়, আনকি তাতকৈও অধিক। এই বৃদ্ধি তাৰ অন্তৰত থকা তাক্বৱা আৰু ইখলাচ তথা আনক উপকাৰ কৰা অনুপাতে বৃদ্ধি কৰা হয়। এইদৰে যিয়ে কোনো গুনাহ কৰাৰ ইচ্ছা পোষণ কৰিব, তাৰ পিছত আল্লাহৰ কথা মনত পেলাই সি যদি সেই কামটোক পৰিত্যাগ কৰে, তেন্তে ইয়াৰ বিনিময়ত তাৰ বাবে এটা পৰিপূৰ্ণ নেকী লিখা হ'ব। কিন্তু যদি কোনো ব্যস্ততাৰ কাৰণে সেই ইচ্ছাক কৰ্মত পৰিণত কৰিব নোৱাৰে তেন্তে তাক ছোৱাব প্ৰদান কৰা নহয়, আনহাতে যদি কোনোবাই অপাৰগতাৰ কাৰণে কৰিব পৰা নাই তেন্তে বিষয়টো তাৰ নিয়্যতৰ ওপৰত নিৰ্ভৰ কৰিব। পক্ষান্তৰে যদি সি সেই ইচ্ছাক কৰ্মত পৰিণত কৰে তেন্তে ইয়াৰ বিনিময়ত তাৰ আমলনামাত কেৱল এটা গুনাহ লিখা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মহান আল্লাহে বান্দাসকলৰ শৰীৰ আৰু আকাৰ-আকৃতিৰ প্ৰতি গুৰুত্ব নিদিয়ে, সুন্দৰ নে কুৎসিত? সৰু নে ডাঙৰ? সুস্থ নে বেমাৰী? সিহঁতৰ ধন-সম্পদৰ প্ৰতিও গুৰুত্ব নিদিয়ে যে, সম্পদৰ পৰিমাণ কম আছিল নে বেছি আছিল? মহান আল্লাহে তেওঁৰ বান্দাসকলক এইবোৰ দুনিয়াবী বিষয়ত কম বেছি সম্পৰ্কে জবাবদিহি নকৰিব। বৰং সিহঁতৰ অন্তৰত থকা তাক্বৱা, য়াক্বীন, বিশ্বস্ততা আৰু ইখলাচ অনুযায়ীহে ফয়চালা কৰিব। অথবা সিহঁতৰ উদ্দেশ্যক প্ৰাধান্য দিব, কি উদ্দেশ্যত কৰ্মটো কৰিছিল, মানুহক দেখুৱাবলৈ নে গৌৰৱ অৰ্জন কৰিবলৈ। এইদৰে সিহঁতৰ আমলৰ প্ৰতিও তেওঁ গুৰুত্ব দিব, সঠিকভাৱে আমল কৰিছিল নে ভুল পদ্ধতিত কৰিছিল। সেইমতে তেওঁ সিহঁতক ছোৱাব প্ৰদান কৰিব তথা প্ৰতিদান দিব।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে, তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক সেই সময়তে হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলিবোৰ আছিল ভীষণ ক’লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেখেতৰ আঠুৰ লগত মিলাই নিজৰ হাত তেখেতৰ (অথবা নিজৰেই) উৰুত ৰাখি ক’লে: “হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “ইছলাম হৈছে- তুমি এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে আল্লাহৰ ঘৰৰ হজ্জ কৰা।” তেওঁ (লোকজনে) ক’লে: “আপুনি ঠিকেই কৈছে”। (বৰ্ণনাকাৰীয়ে কৈছে) আমি বিস্মিত হ’লোঁ, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি সমৰ্থন কৰি আছে। তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।” তেওঁ ক’লে: “আপুনি ঠিকেই কৈছে”। তাৰ পিছত ক’লে: “মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা (অথবা যদি এইটো কল্পনা কৰিব নোৱাৰা) তেন্তে তুমি জানি থোৱা তেওঁ নিশ্চয় তোমাক দেখি আছে”। তেওঁ ক’লে: “মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে”। তেওঁ ক’লে: “তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- দাসীয়ে নিজৰ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাকলৈ দম্ভ কৰিব”। এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছুসময় বহি থাকিলোঁ। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক’লে: “হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: “তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।”
(মুছলিম)ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, চাহাবাসকলৰ সন্মুখত জিব্ৰীল আলাইহিচ্ছালাম মানুহৰ ৰূপত আহি উপস্থিত হ'ল, তেওঁৰ কাপোৰবোৰ আছিল অত্যন্ত শুভ্ৰ তথা বগা আৰু চুলিবোৰ আছিল অত্যন্ত ক'লা। কিন্তু তেওঁৰ ওপৰত ভ্ৰমণ কৰি অহাৰ কোনো চিন ছাপ নাছিল, ধুলি বালিও লগা নাছিল, চুলিবোৰো অপৰিপাটি নাছিল, পৰিধান কৰা কাপোৰখিনিতো কোনো ভ্ৰমণৰ প্ৰভাৱ নাছিল, আনহাতে উপস্থিত লোকসকলৰ কোনেও তেওঁক চিনি পোৱা নাছিল। তেওঁলোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে বহি আছিল। তেওঁ আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত ছাত্ৰৰ দৰে বহিলে, আৰু তেখেতক ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিলে, তেখেতে উত্তৰত ইয়াৰ আৰকান কেইটা উল্লেখ কৰি ক'লে যে, শ্বাহাদাতাইনৰ স্বীকৃতি দিয়া, পাঁচ ওৱাক্ত নামাজ প্ৰতিষ্ঠা কৰা, জাকাত খোৱাৰ উপযুক্ত ব্যক্তিলৈ জাকাত আদায় কৰা, ৰমাজান মাহৰ ৰোজা পালন কৰা, সক্ষম ব্যক্তিয়ে ফৰজ হজ্জ পালন কৰা। প্ৰশ্নকাৰীয়ে ক'লেঃ আপুনি ঠিকেই কৈছে, এই শুনি চাহাবাসকলে আশ্চৰ্য্য প্ৰকাশ কৰিলে। কাৰণ প্ৰশ্ন কৰাৰ সময়ত এনেকুৱা লাগিল যেনিবা তেওঁ একো নাজানে, কিন্তু উত্তৰ শুনি উত্তৰক সঠিক বুলি কৈ সমৰ্থন কৰিছে। ইয়াৰ পিছত তেওঁ ঈমান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেখেতে উত্তৰত ঈমানৰ এই ছয়টা আৰকান উল্লেখ কৰিলে। আল্লাহৰ অস্তিত্ব আৰু তেওঁৰ গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, সকলো ক্ষেত্ৰতে তেওঁক একক বুলি স্বীকাৰ কৰা, যেনে- সৃষ্টি কৰাৰ ক্ষেত্ৰত, ইবাদত আদিৰ ক্ষেত্ৰত। এইদৰে ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা যিসকলক আল্লাহে নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোক আল্লাহৰ সন্মানীয় বান্দা, তেওঁলোকে কেতিয়াও আল্লাহৰ অবাধ্যতা নকৰে, আল্লাহে যি আদেশ দিয়ে সেইটোৱে পালন কৰে। এইদৰে আল্লাহে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা। যেনে- কোৰআন, তাওৰাত, ইঞ্জীল আদি। এইদৰে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, যিসকলে আল্লাহৰ ফালৰ পৰা লৈ অহা দ্বীন প্ৰচাৰ কৰিছিল। তেওঁলোকৰ মাজৰ অন্যতম হৈছে নূহ, ইব্ৰাহীম, মূছা আৰু ঈছা আলাইহিমুচ্ছালাম আৰু সৰ্বশেষ নবী তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰা, মৃত্যুৰ পিছত হ'বলগীয়া কবৰৰ অৱস্থা আৰু বাৰঝাাখী জিন্দেগী ইয়াৰেই অন্তৰ্ভুক্ত। কাৰণ মানুহক মৃত্যুৰ পিছত পুনৰুত্থিত কৰা হ'ব আৰু হিচাপ-নিকাচ লোৱা হ'ব, ইয়াৰ পিছত তাৰ ঠিকনা হ'ব জান্নাত অন্যথা জাহান্নাম। লগতে ঈমান ৰাখিব লাগিব যে, আল্লাহে তেওঁৰ জ্ঞান অনুযায়ী আৰু হিকমত অনুযায়ী প্ৰতিটো বস্তুৰে পূৰ্বেই ভাগ্য নিৰ্ধাৰণ কৰি ৰাখিছে তথা লিপিবদ্ধ কৰি ৰাখিছে। সেইমতেই প্ৰতিটো বস্তু সংঘটিত হয়। ইয়াৰ পিছত তেওঁ ইহছান সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে, ইহছান হৈছে আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি আল্লাহক দেখি আছা। যদি এই অনুভৱ মনলৈ নাহে তেন্তে এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা যে, আল্লাহে তোমাক দেখি আছে। প্ৰথমটো হৈছে মুশ্বাহাদা, আৰু দ্বিতীয়টো হৈছে মুৰাক্বাবাহ, মুৰাক্বাবাতকৈ মুশ্বাহাদা উচ্চপৰ্যায়ৰ। ইয়াৰ পিছত তেওঁ প্ৰশ্ন কৰিলে, কিয়ামত কেতিয়া সংঘটিত হ'ব? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ সঠিক জ্ঞান আল্লাহে তেওঁৰ ইল্মৰ জৰিয়তে গোপন ৰাখিছে, কোনো সৃষ্টিয়েই সেই বিষয়ে অৱগত নহয়। প্ৰশ্নকাৰীয়েও নাজানে আৰু যাক প্ৰশ্ন কৰা হৈছে তেৱোঁ নাজানে। ইয়াৰ পিছত তেওঁ কিয়ামতৰ আলামত সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে যে, ইয়াৰ অন্যতম আলামত হৈছে দাসী আৰু সিহঁতৰ সন্তানৰ সংখ্যা বৃদ্ধি হ'ব, আৰু সন্তান মাকৰ অবাধ্য হ'ব আনকি মাকৰ সৈতে দাসীৰ দৰে ব্যৱহাৰ কৰিব, এইদৰে দুখীয়া দৰিদ্ৰ ছাগলী চৰোৱা ব্যক্তিয়ে শেষ জামানাত ধন-সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা লাভ কৰিব, আৰু সিহঁতে নিজৰ অট্টালিকা আদিৰ সৌন্দৰ্য্য আৰু মজবুতিকলৈ অহংকাৰ কৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰশ্নকাৰী ব্যক্তিজন আছিল জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ চাহাবাসকলক দ্বীন সম্পৰ্কে জ্ঞান দিবলৈ আহিছিল।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে আমাৰ চৰীয়তত এনেকুৱা কোনো নীতি প্ৰৱৰ্তন কৰিছে যিটো ইয়াৰ ভিতৰত নাই সেইটো অগ্ৰহণযোগ্য।" (মুত্তাফাক্ব আলাইহ) আৰু মুছলিমত আছে যে, "যিয়ে এনেকুৱা কোনো আমল কৰিছে যিটো আমাৰ চৰীয়তত নাই সেইটো প্রত্যাখ্যাত।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আবু জৰ গিফাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছে যে, মহান আল্লাহে কৈছে, “হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা। হে মোৰ বান্দাসকল! তোমালোক আটায়েই পথভ্রষ্ট; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই সঠিক পথ দেখুৱাইছোঁ (অৰ্থাৎ হিদায়ত প্ৰদান কৰিছোঁ)। গতিকে তোমালোকে মোৰ ওচৰত হিদায়ত কামনা কৰা, ময়ে তোমালোকক সঠিক পথ দেখুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে ক্ষুধাৰ্ত; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই পানাহাৰ কৰাওঁ। গতিকে তোমালোকে মোৰ ওচৰতেই পানাহাৰ বিচৰা, ময়ে তোমালোকক খুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে বস্ত্রহীন; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই বস্ত্র দান কৰিছোঁ। গতিকে তোমালোকে মোৰ ওচৰত বস্ত্র বিচৰা, মই তোমালোকক বস্ত্রদান কৰিম। হে মোৰ বান্দাসকল! তোমালোকে দিনে-ৰাতি পাপ কৰি থাকা আৰু ময়েই তোমালোকৰ সকলো পাপ ক্ষমা কৰি দিওঁ। গতিকে তোমালোকে কেৱল মোৰ ওচৰতেই ক্ষমা প্রার্থনা কৰা, নিশ্চয় মই তোমালোকক ক্ষমা কৰি দিম। হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোৰ একো ক্ষতি কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। হে মোৰ বান্দাসকল! যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে, জ্বিন হওক অথবা মানুহ, তোমালোক সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ মুত্তাক্বী ব্যক্তিৰ নিচিনা মুত্তাক্বী হৈ যোৱা, তথাপিও মোৰ ৰাজত্বৰ একো বৃদ্ধি নহ’ব। হে মোৰ বান্দাসকল! আনহাতে যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে মানৱ আৰু জ্বিন সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপীৰ দৰে হৈ পৰে, তথাপিও এইটোৱে মোৰ ৰাজত্বৰ একো হ্ৰাস কৰিব নোৱাৰিব। হে মোৰ বান্দাসকল! যদি তোমালোকৰ প্রথম প্রজন্মৰ পৰা শেষ প্রজন্মলৈকে মানৱ আৰু জ্বিন সকলোৱে মিলি এখন পথাৰত একত্রিত হৈ মোৰ ওচৰত প্রার্থনা কৰা, আৰু মই যদি তোমালোকৰ প্রত্যেককে তাৰ বিচৰা বস্তুটো দান কৰোঁ, তথাপিও (এই দানে) মোৰ ওচৰত থকা ভাণ্ডাৰৰ কেৱল সেইখিনিয়ে হ্ৰাস কৰিবলৈ সক্ষম হ’ব, এটা বেজি সাগৰৰ পানীত ডুবালে সাগৰৰ পানীৰ পৰা যিমানখিনি হ্ৰাস হয়। হে মোৰ বান্দাসকল! নিশ্চয় মই তোমালোকৰ কর্মসমূহ হিচাপ কৰি ৰাখিছোঁ। এতেকে মই তোমালোকক ইয়াৰ পৰিপূৰ্ণ বিনিময় দান কৰিম। এতেকে যিয়ে কল্যাণ লাভ কৰিব, তেওঁ আল্লাহৰ প্রশংসা কৰা উচিত। আৰু যিয়ে ইয়াৰ বিপৰীতটো (অর্থাৎ অকল্যাণ) লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত।”
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মহান আল্লাহে কৈছে, তেওঁ নিজৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছে। লগতে তেওঁৰ বান্দাসকলৰ ওপৰতো হাৰাম কৰিছে, সিহঁতেও যেন কাৰো ওপৰত অন্যায় নকৰে। সত্য পথৰ পৰা সকলোৱে বিভ্ৰান্ত হৈ আছে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰিছে তথা তাওফীক দান কৰিছে। এতেকে যিয়ে আল্লাহৰ ওচৰত হিদায়তৰ তাওফীক কামনা কৰিব, আল্লাহে তাক হিদায়তৰ তাওফীক দান কৰিব। সকলো ক্ষেত্ৰতে বান্দা আল্লাহৰ মুখাপেক্ষী, গতিকে যিয়ে নিজৰ প্ৰয়োজন পূৰণৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব, আল্লাহে তাৰ প্ৰয়োজন পূৰণ কৰি দিব আৰু তাৰ বাবে তেৱেঁই যথেষ্ট। সিহঁতে দিনে ৰাতি আল্লাহৰ অবাধ্যতা কৰে, আনহাতে আল্লাহে সিহঁতৰ সেই গুনাহসমূহ গোপন কৰি ৰাখে, লগতে বান্দাই আল্লাহৰ ওচৰত মাগফিৰাত বিচাৰিলে আল্লাহে ক্ষমা কৰি দিয়ে। সিহঁতে আল্লাহৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। সিহঁত আটায়ে যদি সৰ্বোচ্চ মুত্তাক্বী পৰহেজগাৰ ব্যক্তিৰ দৰেও হৈ পৰে, তথাপিও সিহঁতৰ তাক্বৱাই আল্লাহৰ ৰাজত্বত একো বৃদ্ধি কৰিব নোৱাৰে। আনহাতে সিহঁত সকলোৰে অন্তৰ যদি আটাইতকৈ নিকৃষ্ট ব্যক্তিৰ দৰেও হৈ পৰে, তথাপিও সিহঁতৰ পাপকৰ্মই তেওঁৰ ৰাজত্বৰ একো ক্ষতি কৰিব নোৱাৰে। কাৰণ সিহঁত হৈছে অতি দুৰ্বল, আল্লাহৰ মুখাপেক্ষী। সকলো সময়তে সকলো স্থানতে সিহঁত আল্লাহৰ মুখাপেক্ষী। পক্ষান্তৰে মহান আল্লাহ অমুখাপেক্ষী। জিন আৰু মানৱ প্ৰথমৰ পৰা শেষলৈকে সকলোৱে যদি এটা স্থানত একত্ৰিত হৈ নিজৰ নিজৰ প্ৰয়োজন পূৰণৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু আল্লাহে সকলোৰে প্ৰাৰ্থনা কবূল কৰে, তথাপিও আল্লাহৰ ধন-ভাণ্ডাৰৰ পৰা একো হ্ৰাস নহ'ব, আনকি বেজী এডাল যদি সাগৰত ডুবাই তুলি অনা হয় আৰু তাত যিখিনি পানী লাগি থাকে সেইখিনিও হ্ৰাস নহয়। কাৰণ তেওঁ পৰিপূৰ্ণৰূপে অমুখাপেক্ষী। মহান আল্লাহে বান্দাৰ আমল সংৰক্ষণ কৰি ৰাখে আৰু হিচাপ কৰি ৰাখে। ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান প্ৰদান কৰিব। যিয়ে সিদিনা নিজৰ কৰ্মৰ ভাল প্ৰতিদান লাভ কৰিব, তেওঁ আল্লাহৰ প্ৰশংসা কৰিব, কাৰণ তেৱেঁই তাক আনুগত্য কৰাৰ তাওফীক দান কৰিছিল। আনহাতে যিয়ে নিজৰ কৰ্মৰ বেয়া প্ৰতিফল লাভ কৰিব, সি নিজকে ভৰ্ৎসনা কৰিব, কাৰণ তাৰ বেয়া প্ৰবৃত্তিয়ে তাক ধ্বংসৰ পথ দেখুৱাইছিল।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ "হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক ৰক্ষা কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন একো উপকাৰ কৰিব নোৱাৰিব। আৰু যদি গোটেই মানুহে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে তাতকৈ বেছি সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।"
(তিৰমিজী)ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল সেই সময়ৰ কথা, তেওঁ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহনত আৰোহণ কৰি থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই তোমাক কেইটিমান বিষয় শিকাম যিবোৰৰ দ্বাৰা আল্লাহে তোমাক উপকৃত কৰিব। আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধাজ্ঞাবোৰ যথাযথভাৱে পালন কৰিবা, যাতে আল্লাহে তোমাক সদায় তেওঁৰ আনুগত্য আৰু নৈকট্যমূলক কৰ্মত পায়, আনহাতে তোমাক পাপকৰ্ম তথা গুনাহৰ কামত যাতে নাপায়। যদি তুমি এইটো কৰা তেন্তে ইয়াৰ ফলত আল্লাহে তোমাক দুনিয়া আৰু আখিৰাতৰ সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব, লগতে তোমাক সকলো কামতে সহায় কৰিব, তুমি য'তেই নাথাকা কিয়। যদি তোমাৰ কিবা প্ৰয়োজন হয়, তেন্তে আল্লাহৰ ওচৰত খুজিবা, কাৰণ একমাত্ৰ তেৱেঁই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবূল কৰে। আৰু যদি তোমাক সহায়ৰ প্ৰয়োজন হয় তেন্তে কেৱল আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা। লগতে তুমি চূড়ান্তৰূপে এই বিশ্বাস ৰাখিবা যে, গোটেই পৃথিৱীৰ মানুহ একত্ৰিত হৈ তোমাক উপকাৰ কৰিব বিচাৰিলেও বিন্দু পৰিমাণ তোমাৰ উপকাৰ কৰিব নোৱাৰে, কেৱল সেইখিনিৰ বাহিৰে যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। আনহাতে গোটেই পৃথিৱীবাসীয়ে মিলি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰিলে তোমাক একো ক্ষতি কৰিব নোৱাৰিব, কেৱল সেইখিনিয়ে ক্ষতি কৰিব পাৰিব যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। এই বিষয়টো সৰ্বশক্তিমান আল্লাহে তেওঁৰ জ্ঞান আৰু হিকমত অনুযায়ী পূৰ্বেই লিপিবদ্ধ কৰি ৰাখিছে, আল্লাহে লিপিবদ্ধ কৰা ভাগ্যত কোনো ধৰণৰ পৰিবৰ্তন নহয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব", চাহাবাসকলে সুধিলে- হে আল্লাহৰ ৰাছুল, কোনে অস্বীকাৰ কৰিব? তেখেতে ক'লেঃ যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে মোৰ অবাধ্যতা কৰিব, সেইজনহে দৰাচলতে অস্বীকাৰ কৰিব।
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়েই জান্নাতত প্ৰৱেশ কৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব। চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিব? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক'লেঃ যিয়ে ৰাছুলৰ আনুগত্য কৰিব তথা অনুসৰণ আৰু অনুকৰণ কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যিয়ে অবাধ্যতা কৰিব তথা চৰীয়তৰ আনুগত্য নকৰিব, সি দৰাচলতে নিজৰ পাপ কৰ্মৰ জৰিয়তে জান্নাতত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰে।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।
(আবু দাঊদ, আহমদ)নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত সংবাদ দিছে যে, যি ব্যক্তিয়ে কোনো কাফিৰ অথবা ফাছিক নাইবা পূণ্যৱান কোনো সম্প্রদায়ৰ অনুসৰণ তথা অনুকৰণ কৰিব- অৰ্থাৎ সিহঁতৰ আক্বীদা অথবা ইবাদত নাইবা চাল-চলন ইত্যাদি বৈশিষ্ট্য ধাৰণ কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত বুলি বিবেচিত হ'ব। কিয়নো বাহ্যিক অনুসৰণ-অনুকৰণেই দৰাচলতে অভ্যন্তৰীণ তথা আন্তৰিক অনুসৰণ-অনুকৰণ কৰিবলৈ উৎসাহিত কৰে। নি:সন্দেহে কোনো সম্প্রদায়ৰ অনুসৰণ সিহঁতৰ প্রতি আকৃষ্ট হোৱাৰ পিছতহে কৰা হয়। কেতিয়াবা কেতিয়াবা সিহঁতৰ প্রতি ভালপোৱা আৰু সিহঁতক কৰা সন্মানে সিহঁতৰ ওচৰত শিৰ নত কৰায়। এইবোৰেই মানুহক সাদৃশ্য গ্ৰহণ কৰিবলৈ আকৃষ্ট কৰে, অৱশেষত অভ্যন্তৰীণ আৰু ইবাদতৰ ক্ষেত্ৰতো সাদৃশ্যতা গ্ৰহণ কৰে। এনেকুৱা সাদৃশ্য গ্ৰহণৰ পৰা আমি আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, আল্লাহৰ দৃষ্টিত কোনটো গুনাহ আটাইতকৈ ডাঙৰ? তেখেতে ক’লেঃ “আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা; অথচ তেৱেঁই তোমাক সৃষ্টি কৰিছে।” মই ক’লোঁ- নিঃসন্দেহে এইটো এটা মাৰাত্মক গুনাহ। মই আকৌ ক'লোঁ, তাৰ পিছত কোনটো? তেখেতে ক’লেঃ “ভৰণ-পোষণৰ ভয়ত নিজৰ সন্তানক হত্যা কৰা।” মই আকৌ সুধিলোঁ ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “প্রতিৱেশীৰ স্ত্রীৰ সৈতে ব্যভিচাৰ কৰা।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, আটাইতকৈ ডাঙৰ গুনাহ কোনটো? তেতিয়া তেখেতে ক'লেঃ আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্কে আকবাৰ। শ্বিৰ্কে আকবাৰ হৈছে আল্লাহৰ উলুহিয়্যত, ৰুবুবিয়্যত আৰু আচমা অচ্ছিফাতত আনক সমকক্ষ স্থিৰ কৰা। তাওবা অবিহনে এই গুনাহ আল্লাহে কেতিয়াও ক্ষমা নকৰে। যদি তাওবা নকৰাকৈ এই গুনাহ কৰা ব্যক্তিয়ে মৃত্যুবৰণ কৰে তেন্তে সি চিৰস্থায়ী জাহান্নামী হ'ব। ইয়াৰ পিছৰ গুনাহটো হৈছে এই আশংকাত নিজৰ সন্তানক হত্যা কৰা যে, তাক ভৰণ-পোষণ দিব লাগিব, কাৰণ অন্যায়ভাৱে কোনো ব্যক্তিক হত্যা কৰা হাৰাম, বিশেষকৈ যদি নিহত ব্যক্তি হত্যাকাৰীৰ আত্মীয় হয় তেন্তে সেই গুনাহ আৰু অধিক ডাঙৰ হয়। এই কাৰণতো গুনাহৰ পৰিমাণ বৃদ্ধি হয় যে, যদি হত্যাকাৰীয়ে এই ভয়ত হত্যা কৰে যে, নিহত ব্যক্তিয়ে জীৱিকাত অংশীদাৰ হ'ব। ইয়াৰ পিছৰ ডাঙৰ গুনাহটো হৈছে প্ৰতিৱেশীৰ ঘৈণীয়েকৰ সৈতে ব্যভিচাৰ কৰা। অৰ্থাৎ প্ৰতিৱেশীৰ পত্নীক প্ৰৱঞ্চনাৰ জালত আৱদ্ধ কৰাৰ চেষ্টা কৰা যাতে তাইৰ লগত জিনা কৰিব পাৰে আৰু তাইক বশৱৰ্তী কৰি লব পাৰে। ব্যভিচাৰ হাৰাম, কিন্তু যদি ব্যভিচাৰ প্ৰতিৱেশীৰ স্ত্ৰীৰ সৈতে হয় তেন্তে গুনাহৰ পৰিমাণ আৰু অধিক বৃদ্ধি হয়। কিয়নো চৰীয়তে প্ৰতিৱেশীৰ সৈতে ভাল ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছে তথা সদাচৰণ কৰিবলৈ আদেশ দিছে।