Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
এই হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক জনাইছে যে, অশুভ লক্ষণক কেন্দ্ৰ কৰি যিয়ে নিজৰ সিদ্ধান্ত বাস্তৱায়নৰ পৰা বিৰত থাকে, সি এক প্ৰকাৰ শ্বিৰ্কত লিপ্ত হয়। যেতিয়া চাহাবাসকলে এই কবীৰাহ গুনাহৰ কাফফাৰা সম্পৰ্কে সুধিলে, তেতিয়া তেখেতে তেওঁলোকক হাদীছত বৰ্ণিত বাক্যবোৰ পঢ়িবলৈ নির্দেশনা দিলে, যিবোৰ বাক্যত যাৱতীয় কৰ্ম আল্লাহৰ ওচৰলৈ অৰ্পন কৰা হৈছে, লগতে তেওঁৰ ক্ষমতাৰ বাহিৰে আন কাৰো ক্ষমতা নাই বুলি কোৱা হৈছে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যি ব্যক্তিয়ে কলিমা তাওহীদৰ অৰ্থ জানি-বুজি আৰু ইয়াৰ উদ্দেশ্যৰ প্ৰতি আমল কৰি স্বীকাৰ কৰিব তথা উচ্চাৰণ কৰিব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু ঈছা আলাইহিচ্ছালামক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি সাক্ষ্য দিব, লগতে এই সাক্ষ্য দিব যে, আল্লাহে "কুন كن" শব্দৰ জৰিয়তে ঈছাক সৃষ্টি কৰিছিল, তথা তেওঁ আছিল আল্লাহে সৃষ্টি কৰা এটা ৰূহ। ইয়াহুদীসকলে তেওঁৰ মাতৃৰ প্ৰতি যিবোৰ আৰোপ কৰিছিল, সেইবোৰৰ লগত তেওঁৰ মাতৃৰ কোনো সম্পৰ্ক নাই। লগতে এই বিশ্বাস পোষণ কৰিব যে, জান্নাত সত্য আৰু জাহান্নামো সত্য। এই দুয়োখনৰ অস্তিত্ব আছে, আৰু এই দুখন হৈছে আল্লাহৰ নিআমত আৰু শাস্তি। এতেকে যিয়ে এই স্বীকাৰোক্তিৰ ওপৰত মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত, যদিও তাৰ নেক আমলৰ পৰিমাণ কম থাকে আৰু গুনাহো থাকে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত, যদিও সি কিছুমান গুনাহৰ কাৰণে শাস্তি পাব পাৰে। আনহাতে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিব সি জাহান্নামত চিৰস্থায়ী হ'ব।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, যিয়ে এনেকুৱা কোনো কাম আনৰ উদ্দেশ্যে কৰিব যিটো একমাত্ৰ আল্লাহৰ বাবেই কৰা অনিবাৰ্য। উদাহৰণস্বৰূপে, আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা, বিপদৰ সময়ত আনৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব। ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে অতিৰিক্তভাৱে কৈছে যে, যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দ্বীন আৰু দুনিয়া, কথা আৰু কৰ্ম আদি সকলো ক্ষেত্ৰতে হিদায়ত আৰু জ্ঞান অৰ্জন নকৰাৰ বিপৰীতে সীমালংঘন কৰাটো হৈছে ধ্বংসৰ কাৰণ। সীমালংঘন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সীমাক কেৰেপ নকৰি অতিক্ৰম কৰা।
ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই গুৰুত্বপূর্ণ এই আয়াতটোৰ তাফছীৰ কৰি কৈছে যে, আল্লাহে উল্লেখ কৰা এই উপাস্যবোৰ হৈছে সেইসকল উপাস্য, যিবোৰৰ উপাসনা কৰিবলৈ নূহ সম্প্ৰদায়ে ইজনে সিজনক উপদেশ দিছিল, অথচ সিহঁতৰ নবী নূহ আলাইহিচ্ছালামে ইতিপূৰ্বে সিহঁতক বাৰে বাৰে শ্বিৰ্কৰ পৰা বিৰত থাকিবলৈ কৈ গৈছিল। দৰাচলতে এইবোৰ হৈছে সিহঁতৰ মাজৰ কিছুমান পূণ্যৱান লোকসকলৰ নাম। চয়তানে সিহঁতক কু-মন্ত্রণা দিয়াৰ ফলত সিহঁতে তেওঁলোকৰ বিষয়ে সীমালংঘন আৰম্ভ কৰিলে। আনকি সিহঁতে তেওঁলোকৰ প্ৰতিকৃতি নির্মাণ কৰিলে। অৱশেষত এই প্ৰতিকৃতিবোৰ এটা সময়ত মূৰ্ত্তিত পৰিণত হ’ল, যিবোৰক আল্লাহৰ বাহিৰে ইবাদত কৰা হৈছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে ঋণগ্ৰস্থ ব্যক্তিক ঋণ পৰিশোধ কৰিবলৈ অৱকাশ দিব অথবা তাৰ ঋণ মাফ কৰি দিব, তেন্তে তাৰ প্ৰতিদান হ'ব এই যে, কিয়ামতৰ দিনা আল্লাহে তাক আৰচৰ ছাঁৰ তলত স্থান দিব, যিদিনা সূৰ্য্য মানুহৰ মূৰৰ নিচেই কাষত থাকিব আৰু উষ্ণতা খুবেই বেছি থাকিব। আল্লাহে যাক ছাঁ প্ৰদান কৰিব, তাৰ বাহিৰে আন কোনেও ছাঁ নাপাব।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা উল্লেখ কৰিছে যে, আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ মাজৰ পৰা যাৰ কল্যাণ বিচাৰে তাক তেওঁ বিভিন্ন ধৰণে পৰীক্ষা কৰে, বেমাৰ আজাৰ, ধন-সম্পদৰ ক্ষতি অথবা পৰিয়ালৰ ফালৰ পৰা কষ্ট প্ৰদান কৰি পৰীক্ষা কৰে, যাতে মুমিন ব্যক্তিয়ে আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি দুআ কৰে আৰু গুনাহ মাৰ্জনাৰ কাৰণে লগতে মৰ্যাদা উন্নীত হোৱাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, চৰীয়তৰ বিধি-বিধান হৈছে তিনি প্ৰকাৰ। ১- যিটোত তেখেতে মৌনতা অৱলম্বন কৰিছে। ২- নিষেধকৃত বিষয়। ৩- আদেশ। ১- যিটো বিষয়ত চৰীয়তে মৌনতা অৱলম্বন কৰিছেঃ অৰ্থাৎ যাৰ কোনো স্পষ্ট বিধি-বিধান নাই। এইটো মূলতে বাধ্যতামূলক নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত কোনো বিষয়ে অধিক প্ৰশ্ন কৰিবলৈ এই আশংকাত নিষেধ কৰা হৈছিল, যাতে প্ৰশ্ন কৰা বিষয়টো ওৱাজিব হৈ নাযায় বা হাৰাম হৈ নাযায়। মহান আল্লাহে বান্দাসকলৰ প্ৰতি দয়া প্ৰদৰ্শন কৰি এইটো এৰি দিছে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত প্ৰয়োজন অনুসৰি ফতোৱাৰ কাৰণে বা শিকিবলৈ প্ৰশ্ন কৰাত কোনো বাধা নাই, বৰং ইয়াৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই হাদীছ অনুসৰি সেইবোৰ প্ৰশ্নৰ পৰা বিৰত থকা উচিত যিবোৰ প্ৰশ্ন উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাক বিৰক্ত কৰিবলৈ বা হেও প্ৰতিপন্ন কৰিবলৈ কৰা হয়। কাৰণ বনী ইছৰাঈলে এনেকুৱা প্ৰশ্নৰ কাৰণেই ধ্বংস হৈছিল। উদাহৰণস্বৰূপে সিহঁতক যেতিয়া গৰু এটা জবেহ কৰিবলৈ কোৱা হৈছিল, তেতিয়া সিহঁতে আদেশ পালন কৰি যিকোনো এটা গৰু জবেহ কৰিলেই হ'লহেঁতেন, কিন্তু সিহঁতে তেনেকুৱা নকৰি বিষয়টোক কঠিন ওপৰত কঠিন কৰি লৈছিল। দ্বিতীয়ঃ নিষেধকৃত বিষয়সমূহ। যিটো পৰিত্যাগ কৰিলে ছোৱাব পোৱা যায়, আৰু অৱলম্বন কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এনেকুৱা প্ৰতিটো বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য। তৃতীয়ঃ আদেশকৃত বিধান। যিবোৰ পালন কৰিলে ছোৱাব পোৱা যায়, আৰু পৰিত্যাগ কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এইবোৰ কৰ্ম সাধ্যানুযায়ী কৰা জৰুৰী।