





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শ্ৰৱণ কৰিব পৰা বা দৃশ্যমান কোনো বস্তু যেনে- চৰাই-চিৰিকটি, জীৱ-জন্তু, অক্ষম ব্যক্তি, কোনো সংখ্যা অথবা দিন আদিক অশুভ বুলি বিশ্বাস কৰিবলৈ সতৰ্ক কৰিছে। হাদীছটোত চৰাই-চিৰিকটিৰ বিষয়টো বিশেষকৈ উল্লেখ এইকাৰণে কৰিছে যে, অজ্ঞতা যুগত ইয়াক শুভ-অশুভ লক্ষণৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল। সেই সময়ৰ আৰবীয়ানসকলে যেতিয়া কোনো কাম আৰম্ভ কৰিছিল, যেনে- ভ্ৰমণ হওক অথবা ব্যৱসায়-বাণিজ্য আদি, তেতিয়া সিহঁতে এটা চৰাই উৰুৱাইছিল। যদি চৰাইটো সোঁফালে উৰিছিল তেতিয়া সেইটোক শুভ লক্ষণ বুলি গণ্য কৰিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেতিয়া ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰি সেই কৰিবলগীয়া কামটো বাতিল কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াক শ্বিৰ্ক বুলি কৈছে। শ্বিৰ্ক এইকাৰণে যে, কল্যাণ কঢ়িয়াই আনিব পৰা আৰু অকল্যাণ দূৰ কৰিব পৰা শক্তি আল্লাহৰ বাহিৰে আন কাৰো ওচৰত নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। বৰ্ণনাকাৰী ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে এই কথা উল্লেখ কৰিছে যে, কেতিয়াবা কেতিয়াবা মুছলমানৰ অন্তৰতো এনেকুৱা শুভ-অশুভ লক্ষণৰ কথা মনলৈ আহে, তেনে অৱস্থাত তেওঁ সঠিক পন্থা অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰি এনেকুৱা মনোভাৱ দূৰ কৰিব লাগে।
আব্দুল্লাহ বিন শ্বিখখীৰ -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই বনু আমিৰ গোত্ৰৰ সঁজাতি দলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি উপস্থিত হ'লোঁ, আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)
(আবু দাঊদ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল। তেওঁলোকে তেখেতৰ ওচৰলৈ আহি তেখেতক প্ৰশংসা কৰি কিছুমান বাক্য ক'লে, যিবোৰ কথাক তেখেতে অপছন্দ কৰিলে। তেওঁলোকে কৈছিলঃ "আপুনি হৈছে আমাৰ ছায়্যিদ।" তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "ছায়্যিদ হৈছে আল্লাহ তাআলা।" সৃষ্টিৰ ওপৰত সম্পূৰ্ণ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই আছে, কাৰণ সিহঁত আটায়ে হৈছে তেওঁৰ বান্দা। তেতিয়া তেওঁলোকে ক'লেঃ আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদাৱান ব্যক্তি, লগতে মান-মৰ্যাদা, পদ-মৰ্যাদা আৰু শ্ৰেষ্ঠত্বৰ ফালৰ পৰাও আপুনিয়েই আমাৰ মাজত শ্ৰেষ্ঠ। তথা আপুনি হৈছে আমাৰ মাজত অধিক উদাৰ, অৰ্থাৎ অধিক দানকাৰী, মহা মৰ্যাদাশীল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক উপদেশ দি কৈছিল, তেওঁলোকে যেন সাধাৰণভাৱে কথা কয়, বাক্য গঠণত যাতে অতি প্ৰয়াস নকৰে। লগতে তেওঁলোকক সতৰ্ক কৰিছে যে, চয়তানে যেন তেওঁলোকক সীমালংঘনৰ পিনে লৈ নাযায়, যাৰ ফলত শ্বিৰ্ক আৰু ইয়াৰ মাধ্যমৰ দৰে হাৰাম কামত লিপ্ত হ'ব।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামাৰাতুল আক্বাবাৰ দিনা পুৱাৰ ভাগত উটৰ পিঠিত আৰোহণ কৰি থকা অৱস্থাত কৈছিলঃ "মোৰ বাবে শিলগুটি সংগ্ৰহ কৰা।" ফলত মই তেখেতৰ বাবে সাতটা শিলগুটি সংগ্ৰহ কৰিলোঁ। যিবোৰ আকাৰত আছিল ক্ষুদ্ৰ। তেখেতে সেইবোৰ নিজৰ হাতৰ মাজত লৈ লাৰিচাৰি ক'লেঃ "এনেকুৱা ধৰণৰ শিলগুটি তোমালোকে নিক্ষেপ কৰিবা।" ইয়াৰ পিছত তেখেতে ক'লেঃ "হে মানৱজাতি! ধৰ্মীয় ক্ষেত্ৰত সীমালংঘনৰ পৰা বিৰত থাকিবা, কাৰণ তোমালোকৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।"
(ইবনে মাজাহ, নাছায়ী, আহমদ)হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, বিদায়ী হজ্জত কুৰবানীৰ দিনা জামাৰাতুল আক্বাবাত শিলগুটি নিক্ষেপৰ সময়ত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেখেতে তেওঁক শিলগুটি সংগ্ৰহ কৰি আনিবলৈ নিৰ্দেশ দিছিল। ফলত তেওঁ তেখেতৰ বাবে সাতটা শিলগুটি বিচাৰি আনিছিল। তাৰে মাজৰ এটা শিলগুটি বুটমাহৰ সমান আকাৰৰ আছিল। সেইটোক তেখেতে হাতৰ তালুত লাৰি চাই কৈছিলঃ এনেকুৱা আকাৰৰ শিলগুটি তোমালোকে নিক্ষেপ কৰিবা। ইয়াৰ পিছত তেখেতে সীমালংঘনৰ পৰা সতৰ্ক কৰিছে তথা ধৰ্মীয় ক্ষেত্ৰত অতিৰঞ্জনৰ পৰা সাৱধান কৰিছে। কাৰণ পূৰ্বৱৰ্তী উম্মতৰ লোকসকল ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বেমাৰ-আজাৰৰ সংক্ৰমণ, কুলক্ষণ, ফেঁচা আৰু ছফৰ মাহ আদিৰ মাজত কোনো অনিষ্টতা নাই। কুষ্ঠ ৰোগীৰ পৰা আঁতৰি থাকিবা, যিদৰে সিংহৰ পৰা আঁতৰি থাকা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজ্ঞতা যুগৰ কিছুমান বিষয়ৰ পৰা সতৰ্ক কৰিছে। এই কথা স্পষ্ট কৰিবলৈ যে, ইয়াৰ চাবি কাঠি হৈছে আল্লাহৰ হাতত। আল্লাহৰ আদেশ আৰু তেওঁ নিৰ্ধাৰণ কৰা তাক্বদীৰৰ বাহিৰে ইয়াৰ কোনো অনিষ্টতা নাই। যেনে- প্ৰথমঃ অজ্ঞতা যুগৰ লোকসকলে ধাৰণা কৰিছিল যে, বেমাৰ-আজাৰ নিজে নিজেই সংক্ৰমিত হয়। এই ধাৰণাক নসাৎ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেমাৰ কেতিয়াও বেমাৰীৰ পৰা নিজে নিজেই সংক্ৰমিত নহয়। বৰং আল্লাহৰ আদেশানুক্ৰমেহে এনেকুৱা হয়। কাৰণ তেৱেঁই বেমাৰ অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই আৰোগ্য প্ৰদান কৰে। গতিকে তেওঁৰ ইচ্ছা আৰু তাক্বদীৰ অবিহনে একোৱেই নহয়। দ্বিতীয়ঃ অজ্ঞতা যুগৰ লোকসকলে যেতিয়া কোনো ভ্ৰমণৰ বাবে অথবা ব্যৱসায়-বাণিজ্যৰ বাবে ওলাইছিল তেতিয়া সিহঁতে চৰাই উৰুৱাইছিল, যদি সেই চৰাইটো সোঁফালে উৰিছিল তেন্তে সিহঁতে ইয়াক শুভ লক্ষণ বুলি ভাবিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেন্তে ইয়াক অশুভ লক্ষণ বুলি ভাবিছিল, আৰু সেই কামৰ পৰা বিৰত থাকিছিল। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই অশুভ লক্ষণ আদি পোষণ কৰিবলৈ নিষেধ কৰিছে। লগতে এই কথা স্পষ্ট কৰিছে যে, এইটো হৈছে অন্ধ বিশ্বাস তথা বাতিল আক্বীদাহ। তৃতীয়ঃ অজ্ঞতা যুগৰ লোকসকলে কৈছিলঃ যদি কোনো ফেঁচা কোনো ঘৰত আহে, তেন্তে সেই ঘৰত বিপদ আহিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কুঃসংস্কাৰৰ পৰাও নিষেধ কৰিছে। চতুৰ্থঃ এইদৰে তেখেতে নিষেধ কৰি কৈছে যে, চফৰ মাহৰো কোনো অশুভ লক্ষণ নাই। এইটো হৈছে চন্দ্ৰ মাহবোৰৰ দ্বিতীয় মাহ। এইটোও কোৱা হয় যে, চফৰ হৈছে পেটত থকা এক প্ৰকাৰ সৰীসৃপ, যিটো মানুহক আৰু জীৱ-জন্তুক প্ৰভাৱিত কৰে। সিহঁতে দাবী কৰে যে, এইটো হৈছে চৰ্মৰোগতকৈও অধিক সংক্ৰমণশীল। তেখেতে এই কুঃসংস্কাৰকো নসাৎ কৰিছে। পঞ্চমঃ তেখেতে কুষ্ঠৰোগীৰ পৰা আঁতৰত থকাৰ নিৰ্দেশ দিছে, যিদৰে সিংহৰ পৰা আঁতৰত থকা হয়। এইটো হৈছে মনৰ আশংকাৰ পৰা এটা সাৱধানতা মাত্ৰহে আৰু নিৰাপত্তা লাভৰ উপায়, যিটো অৱলম্বন কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে। কুষ্ঠৰোগ হৈছে এনেকুৱা এটা বেমাৰ, যিয়ে মানুহৰ অংগৰ ছালক সংক্ৰমিত কৰে।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সংক্ৰামক কোনো বেমাৰ নাই, কোনো বস্তুক অশুভ বুলি ভবাও ঠিক নহয়। ফা'ল হৈছে মোৰ প্ৰিয়।" বৰ্ণনাকাৰীয়ে কৈছে, প্ৰশ্ন কৰা হ'লঃ ফা'ল কি? তেখেতে ক'লেঃ "উত্তম অৰ্থবোধক কথা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জাহিলী যুগৰ লোকসকলে বিশ্বাস কৰিছিল যে, বেমাৰ-আজাৰ আল্লাহৰ নিৰ্ধাৰিত তাক্বদীৰ অবিহনেই ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হয়। এইটো এটা অন্ধ বিশ্বাস। এইদৰে কোনো বস্তুক অশুভ বুলি বিশ্বাস কৰাও এটা অন্ধবিশ্বাস। সেইটো শুনিব পৰা কোনো কথাই হওক বা দেখিব পৰা কোনো বস্তু। যেনে- কোনো চৰাই-চিৰিকটি, জীৱ-জন্তু, বিশেষভাৱে সক্ষম কোনো লোক, কোনো নম্বৰ অথবা কোনো দিন আদি। হাদীছটোত তিয়াৰা শব্দটো বিশেষকৈ উল্লেখ এইকাৰণে কৰিছে যে, অজ্ঞতা যুগত ইয়াক শুভ-অশুভ লক্ষণৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল। সেই সময়ৰ আৰবীয়ানসকলে যেতিয়া কোনো কাম আৰম্ভ কৰিছিল, যেনে- ভ্ৰমণ হওক অথবা ব্যৱসায়-বাণিজ্য আদি, তেতিয়া সিহঁতে এটা চৰাই উৰুৱাইছিল। যদি চৰাইটো সোঁফালে উৰিছিল তেতিয়া সেইটোক শুভ লক্ষণ বুলি গণ্য কৰিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেতিয়া ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰি সেই কৰিবলগীয়া কামটো বাতিল কৰিছিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ফা'ল হৈছে মোৰ পছন্দনীয়। এইটো হৈছে প্ৰত্যেক সেই কথা যিটো শুনিলে মানুহে আনন্দিত হয়, আৰু মহান আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে।
বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মদীনাৰ আনচাৰসকলক মুহাব্বত কৰাটো হৈছে পূৰ্ণাংগ ঈমানৰ পৰিচয়। কাৰণ তেওঁলোকেই সৰ্বপ্ৰথম ইছলাম আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায়ৰ হাত আগবঢ়াইছিল। লগতে মুছলিমসকলক আশ্ৰয় প্ৰদানৰ বাবে যোঁজা লৈছিল। আনকি নিজৰ ধন-সম্পদকে আদি কৰি নিজৰ প্ৰাণো আল্লাহৰ পথত আহুতি দিছিল। গতিকে তেওঁলোকৰ প্ৰতি বিদ্বেষ পোষণ কৰাটো হৈছে মুনাফিকৰ পৰিচয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যিয়ে আনচাৰসকলক মুহাব্বত কৰিব, তাক আল্লাহেও মুহাব্বত কৰিব। আনহাতে যিয়ে আনচাৰসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰিব, তাৰ প্ৰতি আল্লাহেও বিদ্বেষ পোষণ কৰিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সঠিকভাৱে নিষ্ঠা সহকাৰে কাম কৰি নৈকট্য অৱলম্বন কৰা, জানি থোৱা, তোমালোকৰ কোনো আমলেই তোমালোকক জান্নাতত প্ৰৱেশ কৰাব নোৱাৰিব।" চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! আপোনাকো নহয়? তেখেতে ক'লেঃ "হয়, মোকো নহয়, কিন্তু মোক আল্লাহৰ ৰহমত আৰু অনুগ্ৰহই ঢাকি ৰাখিছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক নিষ্ঠা সহকাৰে আমল কৰিবলৈ উৎসাহিত কৰিছে। লগতে সক্ষম অনুযায়ী আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ সীমালংঘন নকৰে আৰু অৱহেলাও নকৰে। তথা তেওঁলোকে যেন ইখলাচৰ সৈতে ছুন্নত অনুসৰি সঠিক আমল কৰাৰ চেষ্টা কৰে, যাতে তেওঁলোকৰ আমল কবূল হয় আৰু ইয়াৰ ফলত তেওঁলোকৰ ওপৰত ৰহমত অৱতীৰ্ণ হয়। ইয়াৰ পিছত তেখেতে জনাইছে যে, কেৱল আমলে তোমালোকৰ মাজৰ কাকো ৰক্ষা কৰিব নোৱাৰিব, যদি আল্লাহৰ ৰহমত নাথাকে। তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ আমলেও আপোনাক ৰক্ষা কৰিব নোৱাৰিবনে? তেখেতে ক'লেঃ হয়, মোকো নোৱাৰিব। কিন্তু আল্লাহে মোক তেওঁৰ ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰা আবৃত কৰি ৰাখিছে।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ পূৰ্বে আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই নবীৰেই তেওঁৰ উম্মতৰ মাজৰ পৰা হাৱাৰী তথা সংগী আছিল। তেওঁলোকে তেওঁৰ ছুন্নতৰ ওপৰত আমল কৰিছিল আৰু তেওঁৰ আদেশ পালন কৰিছিল। ইয়াৰ পিছত সিহঁতৰ মাজত এনেকুৱা অপদাৰ্থ লোকৰ জন্ম হৈছিল, যিসকলে এনেকুৱা কথা কৈছিল যিবোৰ সিহঁতে নিজে কৰা নাছিল, আৰু এনেকুৱা কাম কৰিছিল যিটো সিহঁতক নিৰ্দেশ দিয়া হোৱা নাছিল। এতেকে যিয়ে সিহঁতৰ সৈতে হাতৰ দ্বাৰা জিহাদ কৰিব, তেওঁ হৈছে মুমিন। যিয়ে সিহঁতৰ সৈতে জিভাৰ দ্বাৰা জিহাদ কৰিব, তেৱোঁ হৈছে মুমিন। যিয়ে সিহঁতৰ সৈতে অন্তৰেৰে জিহাদ কৰিব, তেৱোঁ হৈছে মুমিন। ইয়াৰ বাহিৰে সৰিয়হৰ দানা পৰিমাণো ঈমানৰ কোনো স্তৰ নাই।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ পূৰ্বে অতীত হোৱা উম্মতসমূহৰ মাজত আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই উম্মতৰ পৰা তেওঁৰ বাবে আল্লাহে সহায়ক, মুজাহিদ আৰু নিষ্ঠাৱান লোকসকলক নিৰ্বাচন কৰিছিল। সেই নবীৰ মৃত্যুৰ পিছত তেওঁলোকে খিলাফতৰ দায়িত্ব পালন কৰিছিল। তেওঁলোকে তেওঁৰ ছুন্নত মুতাবিক আমল কৰিছিল আৰু তেওঁৰ নিৰ্দেশনাৰ অনুসৰণ কৰিছিল। এই পুণ্যৱান লোকসকল অতীত হোৱাৰ পিছত সিহঁতৰ মাজত এনেকুৱা অপদাৰ্থ লোকৰ সৃষ্টি হৈছিল, যিসকলৰ মাজত কল্যাণ বোলা একো নাছিল। সিহঁতে এনেকুৱা কথা কৈছিল, যিবোৰ সিহঁতে নিজেই আমল কৰা নাছিল, আৰু এনেকুৱা কাম কৰিছিল, যিটো সিহঁতক নিৰ্দেশ দিয়া হোৱা নাছিল। গতিকে ইহঁতৰ সৈতে যিয়ে হাতৰ দ্বাৰা জিহাদ কৰিব তাক মুমিন বুলি গণ্য কৰা হ'ব। এইদৰে যিয়ে জিভাৰে ইহঁতৰ সৈতে জিহাদ কৰিব, তাকো মুমিন বুলি গণ্য কৰা হ'ব। লগতে অন্তৰৰ দ্বাৰা যিয়ে সিহঁতৰ এইবোৰ কৰ্মক ঘৃণা কৰিব আৰু পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰিব, তাকো মুমিন হিচাপে গণ্য কৰা হ'ব। ইয়াৰ বাহিৰে সৰিয়হৰ দানা পৰিমাণো ঈমানৰ অৱকাশ নাই।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোক এনেকুৱা পাঁচটা বস্তু প্ৰদান কৰা হৈছে যিবোৰ মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাই। এক মাহ পথৰ দূৰত্বৰ পৰা (কাফিৰ-মুশ্বৰিকসকলৰ অন্তৰত) আতংক (সৃষ্টি)ৰ দ্বাৰা মোক সহায় কৰা হৈছে। মোৰ বাবে সমগ্ৰ ভূ-পৃষ্ঠক পৱিত্ৰকাৰী আৰু ছাজদাৰ স্থান বনাই দিয়া হৈছে। এতেকে মোৰ উম্মতৰ কোনো ব্যক্তিয়ে যেতিয়া ছালাতৰ সময়ত উপনীত হ'ব, সি তেতিয়াই সেই ঠাইতেই ছালাত আদায় কৰিব। মোৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল কৰা হৈছে, ইতিপূৰ্বে আন কোনো উম্মতৰ বাবে সেয়া হালাল নাছিল। মোক শ্বাফাআতৰ অনুমতি দিয়া হৈছে। এইদৰে আন আন নবীসকলক কেৱল নিজ নিজ সম্প্ৰদায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, কিন্তু মোক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে তেখেতক এনেকুৱা পাঁচটা গুণ প্ৰদান কৰিছে যিবোৰ তেখেতৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাছিল। প্ৰথমঃ মোক প্ৰভাৱ প্ৰদান কৰি সহায় কৰা হৈছে, এনেকুৱা প্ৰভাৱ যিয়ে মোৰ শত্ৰুসকলৰ অন্তৰত আতংক সৃষ্টি কৰে, যদিও মোৰ আৰু তাৰ মাজত এক মাহৰ দূৰত্ব থাকে তথাপিও তাক আতংকিত কৰে। দ্বিতীয়ঃ আমাৰ বাবে গোটেই পৃথিৱীক ছাজদাহ কৰিব পৰা ঠাই বনাই দিছে। গতিকে আমি য'তেই থাকোঁ ততেই নামাজ পঢ়িব পাৰোঁ। এইদৰে ইয়াৰ মাটিকো পৱিত্ৰ কৰি দিছে, পানী নথকা অৱস্থাত মাটিৰে পৱিত্ৰতা অৰ্জন কৰিব পাৰি। তৃতীয়ঃ যুদ্ধলব্ধ সম্পদ আমাৰ বাবে হালাল কৰিছে। এইটো হৈছে সেই সম্পদ যিটো কাফিৰসকলৰ সৈতে যুদ্ধ কৰি মুছলিমসকলে সংগ্ৰহ কৰে। চতুৰ্থঃ মোক মহা শ্বাফাআত দান কৰা হৈছে। যাতে মানুহক কিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতিৰ পৰা সকাহ দিব পাৰোঁ। পঞ্চমঃ মোক গোটেই মানৱ আৰু জিন জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। অথচ মোৰ পূৰ্বৱৰ্তী নবীসকলক কেৱল তেওঁলোকৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছিল।