





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মৰুভূমিত বসবাস কৰা এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, কিয়ামত কেতিয়া সংঘটিত হ'ব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি ইয়াৰ বাবে কি কি নেক আমল কৰিছা? প্ৰশ্নকৰ্তাই উত্তৰত ক'লেঃ মই ইয়াৰ বাবে কোনো ডাঙৰ আমল কৰা নাই, কিন্তু এইটো নিশ্চিত যে, মই আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত মুহাব্বত কৰোঁ। ব্যক্তিজনে ইয়াৰ বাহিৰে বেলেগ কোনো আন্তৰিক, শাৰীৰিক বা আৰ্থিক ইবাদত সম্পৰ্কে একো উল্লেখ কৰা নাই। কাৰণ এই সকলোবোৰ হৈছে মুহাব্বতৰ শাখা-প্ৰশাখা। কিয়নো প্ৰকৃত মুহাব্বতে ব্যক্তিক নেক আমল কৰিবলৈ উৎসাহিত কৰে তথা প্ৰেৰণা দিয়ে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ নিশ্চিতভাৱে তুমি জান্নাতত তেওঁৰেই সংগ লাভ কৰিবা, যাক তুমি ভালপোৱা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই সুসংবাদ শুনি চাহাবাসকলে অত্যন্ত আনন্দিত হ'ল। হাদীছটোৰ শেষত বৰ্ণনাকাৰী আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ময়ো নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভালপাওঁ, লগতে আবু বকৰ আৰু ওমৰকো ভাল পাওঁ। সেয়ে আশা কৰোঁ, তেওঁলোকৰ সংগী হোৱাৰ সৌভাগ্য লাভ কৰিম। যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক দাজ্জাল সম্পৰ্কে এনেকুৱা কোনো সংবাদ নিদিমনে, যি সংবাদ কোনো নবীয়েই তেওঁলোকৰ উম্মতক দিয়া নাছিল? সেইটো হৈছে এই যে, দজ্জাল হ'ব কণা। সি নিজৰ লগত ৰাখিব জান্নাত আৰু জাহান্নামৰ দৰে বস্তু। সি যিটোক জান্নাত বুলি ক'ব, সেইটোৱে হ'ব জাহান্নাম। নিশ্চয় মই তোমালোকক সতৰ্ক কৰি আছোঁ, যিদৰে নূহে নিজৰ উম্মতক সতৰ্ক কৰিছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক দাজ্জালৰ এনেকুৱা কিছুমান বৈশিষ্ট্য আৰু প্ৰতীক সম্পৰ্কে অৱগত কৰিছে, যিবোৰ পূৰ্বৱৰ্তী কোনো নবীয়েই কোৱা নাছিল। যেনেঃ সি হ'ব কণা, মহান আল্লাহে তাক এনেকুৱা কিবা প্ৰদান কৰিব, যিটো বাহ্যিক দৃষ্টিত জান্নাত আৰু জাহান্নামৰ দৰে দেখা যাব। কিন্তু তাৰ জান্নাত হ'ব জাহান্নাম, আৰু জাহান্নাম হ'ব জান্নাত। যিয়ে তাৰ অনুসৰণ কৰিব, সি তাক সেই জান্নাতত প্ৰৱেশ কৰাব যিটো বাহ্যিক দৃষ্টিত জান্নাত দেখা যাব, প্ৰকৃততে সেইটো হ'ব জাহান্নাম। আনহাতে যিয়ে তাৰ অবাধ্যতা কৰিব, সি তাক সেই জাহান্নামত নিক্ষেপ কৰিব, যিটো বাহ্যিক জাহান্নামৰ দৰে দেখা যাব, প্ৰকৃততে সেইটো হ'ব উৎকৃষ্ট জান্নাত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক দাজ্জালৰ ফিতনাৰ পৰা সতৰ্ক কৰিছে, যিদৰে নূহ আলাইহিচ্ছালামে তেওঁৰ উম্মতক সতৰ্ক কৰিছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।"
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মানুহে তাৰ বন্ধুৰ তথা অন্তৰংগ সংগীৰ চৰিত্ৰ, অভ্যাস আদিৰ অনুকৰণ কৰে। এই বন্ধুত্বই তাৰ স্বভাৱ, চৰিত্ৰ আৰু চাল-চলনত প্ৰভাৱ পেলায়। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তম লোকক বন্ধু হিচাপে চয়ন কৰিবলৈ নিৰ্দেশনা দিছে। কাৰণ এনেকুৱা বন্ধুৱে ঈমান, হিদায়ত আৰু কল্যাণৰ পথ দেখুৱাব, যিটো তাৰ বন্ধুৰ বাবে সহায়ক হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৎকৰ্ম যিমান পাৰা সোনকালে কৰা, কাৰণ ফিতনা অন্ধকাৰ ৰাতিৰ টুকুৰাৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহি আছে। পুৱাৰ ভাগত যদি কোনোবাই ঈমান পোষণ কৰে, সন্ধিয়া নহওঁতেই সি কাফিৰত পৰিণত হ'ব। অথবা যদি কোনোবাই সন্ধিয়াৰ ভাগত ঈমান পোষণ কৰে তেন্তে ৰাতিপুৱা নহওঁতেই সি কাফিৰ হৈ যাব। পৃথিৱীৰ তুচ্ছ সামগ্ৰীৰ কাৰণে সি নিজৰ ঈমান বিক্ৰী কৰিব।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিন ব্যক্তিক বেছি বেছি নেক আমল সোনকালে কৰিবলৈ উৎসাহিত কৰিছে, সেই ফিতনা অহাৰ আগতেই যি ফিতনাই মানুহক সন্দেহ সংশয়ত লিপ্ত ৰাখিব, তথা সৎকৰ্মৰ পৰা বাধা দিব। সেই ফিতনা অন্ধকাৰ ৰাতিৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহিব। সেই সময়ত সত্য মিছাৰ সৈতে মিশ্ৰিত হ'ব, ফলত মানুহৰ বাবে পাৰ্থক্য কৰাটো কঠিন হৈ পৰিব। পৰিস্থিতি ইমান কঠিন হ'ব যে, যদি কোনোবাই পুৱাৰ ভাগত ঈমান পোষণ কৰে তেন্তে সন্ধিয়া নহওঁতেই সি আকৌ কাফিৰ হৈ যাব। এইদৰে যদি কোনোবাই সন্ধিয়াৰ ভাগত ঈমান পোষণ কৰে তেন্তে ৰাতিপুৱা নহওঁতেই পুনৰ কাফিৰ অৱস্থালৈ ঘূৰি যাব। সি পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সম্পদৰ কাৰণে নিজৰ ঈমান ত্যাগ কৰিব।
জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত তেওঁৰ ওচৰলৈ আহি ক'লেঃ "আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।" এই কথা কৈ তেখেতে বৃদ্ধাঙ্গুলি আৰু ইয়াৰ ওচৰতে থকা আঙুলিটোৰ দ্বাৰা গোলাকাৰ বনাই দেখুৱালে। জয়নব বিন্তে জাহাশ্বে কৈছে, মই ক'লোঁ হে আল্লাহৰ ৰাছুল! আমাৰ মাজত পুণ্যৱান লোকসকল থকা সত্ত্বেও আমি ধ্বংস হ'ম নেকি, তেখেতে ক'লেঃ "হয়। যেতিয়া অত্যাধিক পাপ বিয়পি পৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক'লেঃ (لا إله إلا الله) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এইটো এনেকুৱা ভাৱ-ভঙ্গীৰে কৈছিল যেনিবা কিবা বেয়া সংকেত আহিছে। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে ইয়াৰ পৰা ৰক্ষা পোৱাৰ আন কোনো উপায় নাই। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব, সেইটো অচিৰেই সংঘটিত হ'বলৈ গৈ আছে। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰৰ (যিটো প্ৰাচীৰ জুল কাৰনাইনে নিৰ্মাণ কৰিছিল) ইমানখিনি ছিদ্ৰ হৈছে, তেখেতে নিজৰ বৃদ্ধাঙ্গুলি আৰু তৰ্জনী আঙুলিৰে গোলাকাৰ বনাই দেখুৱালে। জয়নব ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ আল্লাহে কিয় আমাৰ ওপৰত ধ্বংস জাপি দিব, অথচ আমাৰ মাজত পুণ্যৱান মুমিনসকল আছে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ যেতিয়া অপৱিত্ৰতা, পাপ-পঙ্কিলতা, নিৰ্লজ্জতা, ব্যভিচাৰ, মাদক দ্ৰৱ্য আদি বিয়পি পৰিব তথা সহজলভ্য হ'ব, তেতিয়া সমূলি ধ্বংস হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।"
(তিৰমিজী, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বিপদ-আপদ তথা পৰীক্ষা কেতিয়াও মুমিন মুুমিনাৰ লগ নেৰে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা সন্তান-সন্ততিৰ বেমাৰ-আজাৰে হওক নাইবা মৃত্যু অথবা অবাধ্যতা আদিয়ে হওক। এইদৰে ধন-সম্পদৰ ক্ষেত্ৰত, যেনে- অভাৱ-অনাটন, ব্যৱসায়ত লোকচান, সা-সম্পত্তিৰ চুৰি, জীৱিকাৰ সংকীৰ্ণতা আদি। এইবোৰ কষ্টৰ দ্বাৰা আল্লাহে বান্দাৰ গুনাহ ক্ষমা কৰে। অৱশেত তেওঁ আল্লাহৰ ওচৰত এনেকুৱা অৱস্থাত গৈ উপস্থিত হয় যে, তেওঁ কৰা সকলো গুনাহ মোচন হৈছে।
হুজাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।"
(আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে কোনো মুছলিমে যেন এনেকৈ নকয় যে, "আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে।" অথবা, "আল্লাহে আৰু অমুকে যি বিচাৰে।" এইদৰে ক'বলৈ এই কাৰণে নিষেধ কৰিছে যে, আল্লাহৰ ইচ্ছা আৰু ইৰাদা হৈছে ব্যাপক, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। আনহাতে ইয়াত যদি "আৰু" শব্দটো ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা এইটো বুজায় যে, আল্লাহৰ অংশীদাৰ আছে তথা উভয়ৰ মাজত কোনো পাৰ্থক্য নাই। সেয়ে এনেকৈ ক'ব লাগে যে, "আল্লাহে যি বিচাৰে, তাৰ পিছত অমুকে যি বিচাৰে।" এতেকে "আৰু"ৰ ঠাইত "তাৰ পিছত" শব্দ ব্যৱহাৰ কৰিলে বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ বুলি প্ৰমাণিত হ'ব। পক্ষান্তৰে 'আৰু' ব্যৱহাৰ কৰিলে সেইটো নুবুজায়।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি যদি সিহঁতে গুঁই সাপৰ গাততো সোমাই পৰে তথাপিও তোমালোকে সিহঁতক অনুসৰণ কৰিবা।" আমি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ কথা কৈছে নেকি? তেখেতে ক'লেঃ "তেন্তে আৰুনো কাৰ কথা?"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতৰ কিছুমান লোকৰ অৱস্থা বৰ্ণনা কৰিছে যে, পৰৱৰ্তী সময়ত সিহঁতে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ আক্বীদাহ, কাৰ্যকলাপ, অভ্যাস আদিৰ অনুসৰণ কৰিব। পৰিপূৰ্ণৰূপে অনুসৰণ কৰিব, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি সিহঁতে যদি গুঁই সাপৰ গাততো সোমায় তেন্তে ইহঁতেও সিহঁতৰ পিছে পিছে তাত সোমাব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে কোনো হিদায়তৰ প্ৰতি আহ্বান কৰিব, তেওঁ সেই ব্যক্তিৰ সমানেই ছোৱাব পাব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। ইয়াৰ ফলত সিহঁতৰ কোনো ছোৱাব হ্ৰাস নহ'ব। আনহাতে যি ব্যক্তিয়ে কোনো ভ্রষ্টতাৰ ফালে আহ্বান কৰিব, সি সেই ব্যক্তিৰ সমানেই গুনাহৰ অধিকাৰী হ'ব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। কিন্তু সিহঁতৰ গুনাহৰ পৰিমাণ হ্ৰাস নহ'ব।”
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক সত্য তথা কল্যাণৰ পথ দেখুৱাব, তেওঁ সেই পথত পৰিচালিত লোকসকলৰ সমপৰিমাণ ছোৱাব লাভ কৰিব আৰু তেওঁলোকৰ ছোৱাবো হ্ৰাস নহ'ব। ইয়াৰ বিপৰীতে যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক কোনো বেয়া কৰ্ম, গুনাহ তথা হাৰাম পথ দেখুৱাব, সি সেই পথত পৰিচালিত হোৱা লোকসকলৰ সমপৰিমাণ গুনাহৰ অধিকাৰী হ'ব, লগতে অনুসাৰীসকলৰ গুনাহো কম কৰা নহ'ব।