





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ছুফিয়ান বিন আব্দুল্লাহ আচ-ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
(মুছলিম, আহমদ)চাহাবী ছুফিয়ান বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেখেতে যাতে তেওঁক ইছলামৰ এনেকুৱা এটা গভীৰ অৰ্থপূৰ্ণ কথা শিকায় যিটোক তেওঁ খামুচি ধৰি ৰাখিব আৰু সেই বিষয়ে তেওঁ যেন আন কাকো প্ৰশ্ন কৰিবলগীয়া নহয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি কোৱা যে, মই আল্লাহৰ তাওহীদ (একত্ব)ক স্বীকাৰ কৰিলোঁ আৰু ঈমান আনিলোঁ যে, তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই মোৰ ইলাহ, তেৱেঁই মোৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই মোৰ সত্য উপাস্য, তেওঁৰ কোনো অংশীদাৰ নাই। ইয়াৰ পিছত আল্লাহৰ আনুগত্যৰ ওপৰত অটল থাকা, অৰ্থাৎ আল্লাহে নিৰ্ধাৰণ কৰা বিধানসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকা।
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কিয়ামতৰ দিনা আল্লাহে মোৰ উম্মতৰ এজন ব্যক্তিক গোটেই সৃষ্টিজগতৰ সন্মুখত পৃথককৈ উপস্থিত কৰিব। তেওঁ সেই ব্যক্তিৰ সন্মুখত নিৰানব্বৈটাকৈ আমলনামাৰ ৰেজিষ্টাৰ উন্মুক্ত কৰিব, প্ৰতিটো ৰেজিষ্টাৰৰ দৈৰ্ঘ্য হ'ব দৃষ্টিৰ সীমা পৰ্যন্ত। ইয়াৰ পিছত তেওঁ তাক সুধিব, এইবোৰৰ মাজৰ কোনো এটা (গুনাহ)ক তুমি অস্বীকাৰ কৰা নেকি? মোৰ লেখক ফিৰিস্তাসকলে তোমাৰ ওপৰত কোনো অন্যায় কৰিছে নেকি? সি ক'বঃ নহয়, হে মোৰ প্ৰতিপালক। তেওঁ আকৌ সুধিবঃ তোমাৰ কোনো অভিযোগ আছে নেকি? সি ক'বঃ কোনো অভিযোগ নাই, হে মোৰ প্ৰতিপালক। তেতিয়া তেওঁ ক'বঃ আমাৰ ওচৰত তোমাৰ এটা নেকী আছে। আজি তোমাৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব। ইয়াৰ পিছত এখন কাৰ্ড উলিওৱা হ'ব। য'ত লিখা থাকিব- أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। তাৰ পিছত তেওঁ তাক ক'বঃ তুমি তুলাচনীৰ ওচৰলৈকে যোৱা। তেতিয়া সেই ব্যক্তিয়ে ক'বঃ হে মোৰ প্ৰতিপালক! ইমানবোৰ ৰেজিষ্টাৰৰ বিপৰীতে এই কাৰ্ডখনৰ কি ওজন হ'ব পাৰে? তেওঁ ক'বঃ তোমাৰ ওপৰত আজি কোনো ধৰণৰ অন্যায় কৰা নহ'ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ইয়াৰ পিছত সেই ৰেজিষ্টাৰবোৰক এটা পাল্লাত দিয়া হ'ব আৰু সেই কাৰ্ডখনক আনটো পাল্লাত দিয়া হ'ব, ফলত ৰেজিষ্টাৰৰ পাল্লা পাতল হ'ব আৰু কাৰ্ড থকা পাল্লাটো গধূৰ হ'ব। (জানি থোৱা) আল্লাহৰ নামতকৈ অধিক গধূৰ আন কোনো বস্তু হ'ব নোৱাৰে।
(তিৰমিজী, ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা গোটেই সৃষ্টিজগতৰ সন্মুখত তেখেতৰ উম্মতৰ এজন ব্যক্তিক আল্লাহে নিৰ্বাচন কৰিব, তাক হিচাপ-নিকাচৰ বাবে মাতি অনা হ'ব। সেই ব্যক্তিৰ সন্মুখত ৯৯টা ৰেজিষ্টাৰ উপস্থাপন কৰা হ'ব। সেইবোৰ ৰেজিষ্টাৰত লিখা থাকিব পৃথিৱীত কৰা তাৰ পাপ কৰ্ম সম্পৰ্কে আৰু প্ৰতিটো ৰেজিষ্টাৰৰ দৈৰ্ঘ্য হ'ব দৃষ্টি যিমান দূৰলৈ যায় সিমানখিনি পৰ্যন্ত। তাৰ পিছত সেই ব্যক্তিক আল্লাহে ক'বঃ এই ৰেজিষ্টাৰবোৰত লিখা কোনো বিষয়ক তুমি অস্বীকাৰ কৰা নেকি? আমলনামা লিখা মোৰ ফিৰিস্তাসকলে তোমাৰ ওপৰত কিবা অন্যায় কৰিছে নেকি? সেই ব্যক্তিজনে ক'বঃ নহয়, হে মোৰ প্ৰতিপালক। ইয়াৰ পিছত আকৌ আল্লাহে ক'বঃ পৃথিৱীত কৰা তোমাৰ এই আমলবোৰৰ বিষয়ে তোমাৰ কোনো অজুহাত আছে নেকি? যেনে- অৱহেলাৰ কাৰণে হৈছে, নাইবা ভুলতে হৈছে অথবা অজ্ঞানতাবশতঃ হৈছে। ব্যক্তিজনে ক'বঃ নাই, হে মোৰ প্ৰতিপালক! মোৰ ফালৰ পৰা কোনো অজুহাত নাই। তেতিয়া সৰ্বশক্তিমান আল্লাহে ক'বঃ আমাৰ ওচৰত তোমাৰ এটা গুৰুত্বপূৰ্ণ ছোৱাব আছে, আজি তোমাৰ ওপৰত কোনো ধৰণৰ অন্যায় নহ'ব। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ইয়াৰ পিছত এখন কাৰ্ড উলিওৱা হ'ব, য'ত লিখা থাকিবঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। ইয়াৰ পিছত আল্লাহে সেই ব্যক্তিজনক ক'বঃ তুমি তোমাৰ মীজানৰ ওচৰলৈ গৈ উপস্থিত হোৱা। তেতিয়া সেই ব্যক্তিজনে আশ্চৰ্য প্ৰকাশ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! ইমানবোৰ ৰেজিষ্টাৰৰ বিপৰীতে এই কাৰ্ডখনৰ কি ওজন হ'ব? সৰ্বশক্তিমান আল্লাহে ক'বঃ (ধৈৰ্য্য ধৰা) তুমি কোনো ধৰণৰ অন্যায়ৰ বলি নহ'বা। তেখেতে কৈছেঃ ইয়াৰ পিছত সেই ৰেজিষ্টাৰবোৰক এটা পাল্লাত ৰখা হ'ব, আৰু কাৰ্ডখনক বিপৰীত পাল্লাত ৰখা হ'ব। ফলত ৰেজিষ্টাৰ থকা পাল্লা পাতল হ'ব আৰু কাৰ্ড থকা পাল্লাটো গধূৰ হ'ব। ইয়াৰ পিছত আল্লাহে সেই ব্যক্তিক ক্ষমা কৰি দিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।
(আবু দাঊদ, তিৰমিজী, নাছায়ী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক মাতি কৈছিলঃ তুমি জান্নাতলৈ গৈ চাই আহাচোন, এই কথা শুনি তেওঁ আদেশ পালন কৰি তালৈ গ'ল আৰু চাইচিতি উভতি আহিল। তাৰ পৰা আহি জিব্ৰীলে ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! ইয়াৰ মাজত থকা নিয়ামত তথা সা-সুবিধা আৰু কল্যাণ সম্পৰ্কে যিয়েই শুনিব, সিয়েই ইয়াত প্ৰৱেশ কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ বাবে যথাসাধ্য আমল কৰিব। ইয়াৰ পিছত আল্লাহে জান্নাতক বিভিন্ন ধৰণৰ বিপদ-আপদ আৰু কঠিন পৰিস্থিতি আদিৰ দ্বাৰা লগতে তেওঁৰ নিৰ্দেশ পালন আৰু নিষেধকৃত বস্তু আদিৰ পৰা বিৰত থকা কামেৰে পৰিবেষ্টন কৰি দিলে। এতেকে যিয়েই তাত প্ৰৱেশ কৰিব বিচাৰিব, তেওঁ এইবোৰ পৰীক্ষা অতিক্ৰম কৰিহে প্ৰৱেশ কৰিব লাগিব। ইয়াৰ পিছত আল্লাহে বিপদ-আপদ, দুখ-কষ্ট আদিৰে জান্নাতক পৰিবেষ্টন কৰাৰ পিছত জিব্ৰীলক ক'লেঃ হে জিব্ৰীল! তুমি এতিয়াগৈ চাই আহাচোন। তাৰ পিছত তেওঁ পুনৰ গৈ চাই আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত খাই কৈছোঁ, জান্নাতৰ পথত যি বিপদ-আপদ আৰু দুখ-কষ্ট তথা ইয়াৰ যি দুৰ্গম পথ দেখা পালোঁ, মোৰ আশংকা হৈছে ইয়াত দেখোন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। এইদৰে যেতিয়া আল্লাহে জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীলক মাতি কৈছিলঃ হে জিব্ৰীল! তুমি গৈ চাই আহাচোন, ফলত তেওঁ গ'ল আৰু ভালকৈ দেখিলে। ইয়াৰ পিছত তেওঁ আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! ইয়াৰ মাজত থকা শাস্তি কষ্ট আৰু দুৰাৱস্থা সম্পৰ্কে যদি কোনোবাই শুনে তেন্তে সি কেতিয়াও তাত প্ৰৱেশ কৰিব নিবিচাৰিব, লগতে কেনেকৈ ইয়াৰ পৰা আঁতৰি থাকিব পাৰি সি সেইটো অৱলম্বন কৰিব। ইয়াৰ পিছত আল্লাহে জাহান্নামক পৰিবেষ্টন কৰিলে, লগতে লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰে এই পথক আকৰ্ষণীয় কৰি তুলিলে, তাৰ পিছত জিব্ৰীলক ক'লেঃ হে জিব্ৰীল! তুমি পুনৰ গৈ চাই আহাচোন। ইয়াৰ পিছত জিব্ৰীল পুনৰ চাবলৈ গ'ল আৰু চাইচিতি আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয় তথা মই আশংকা কৰোঁ যে, এতিয়া কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব, যিদৰে ইয়াৰ চাৰিওফালে প্ৰবৃত্তিৰ চাহিদা আৰু লোভ-লালসা তথা আকৰ্ষণীয় বস্তুৰে পৰিবেষ্টন কৰা হৈছে।
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে। তেখেতে কৈছেঃ তেতিয়া আল্লাহৰ আৰচ আছিল পানীৰ ওপৰত।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই সংবাদ দিছে যে, আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পঞ্চাচ হাজাৰ বছৰ আগতেই আল্লাহে সকলো সৃষ্টিৰ ভাগ্য বিতংভাৱে লিপিবদ্ধ কৰিছে লাওহে মাহফুজত, যেনে- সিহঁতৰ জীৱন, মৰণ, জীৱিকা আদি। মহান আল্লাহে যিটো ফয়চালা কৰিছে সেইমতেই সংঘটিত হৈ আছে। এতেকে সংঘটিত হ'বলগীয়া প্ৰতিটো বস্তুৱেই আল্লাহৰ সিদ্ধান্ত অনুযায়ী আৰু তেওঁৰ নিৰ্ধাৰণ অনুপাতে হয়। এতেকে বান্দাই যিটো লাভ কৰিছে সেইটো সি নোপোৱাৰ কোনো প্ৰশ্নই নুঠে, আৰু যিটো সি পোৱা নাই সেইটো সি নাপাবলগীয়াই আছিল।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰজ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে যে, নামাজ পৰিত্যাগ কৰাটো হৈছে শ্বিৰ্ক আৰু কুফৰী কৰাৰ দৰে। নামাজ হৈছে ইছলামৰ দ্বিতীয় ৰুকন। ইছলামত ইয়াৰ গুৰুত্ব অধিক। যিয়ে ইয়াক অস্বীকাৰ কৰি পৰিত্যাগ কৰিব, মুছলিমসকলৰ ইজমা মতে সি হৈছে কাফিৰ। আনহাতে যিয়ে অৱহেলা কৰি পৰিত্যাগ কৰিব সি কুফৰী কৰিব। এই বিষয়ে চাহাবাসকলৰ পৰা ইজমা প্ৰমাণিত আছে। যদি ব্যক্তিয়ে কেতিয়াবা পঢ়ে আৰু কেতিয়াবা পৰিত্যাগ কৰে তেন্তে সি এই কঠোৰ সতৰ্কবাণীৰ অন্তৰ্ভুক্ত হ'ব।
বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
(তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মুছলিম আৰু অন্যান্য লোক যেনে- কাফিৰ মুনাফিক আদিৰ মাজত যি প্ৰতিশ্ৰুতি আছে সেইটো হৈছে নামাজ। যিয়ে এই নামাজ পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় সৰ্বশক্তিমান আল্লাহে তোমালোকক তোমালোকৰ পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত, যিদিনা মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা মই কেতিয়াও বাপ-দাদাৰ শপত খোৱা নাই। জানি বুজিও খোৱা নাই আৰু কাৰোবাৰ অনুকৰণতো খোৱা নাই।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে বাপ-দাদাৰ শপত খাবলৈ নিষেধ কৰিছে। এতেকে শপত খোৱাৰ প্ৰয়োজন হ'লে আল্লাহৰ শপত খাব লাগে। তেওঁৰ বাহিৰে আন কাৰো শপত খোৱা বৈধ নহয়। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, তেওঁ এই হাদীছটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনাৰ পিছৰ পৰা কেতিয়াও আজুককাৰ শপত খোৱা নাছিল। জানি বুজিও খোৱা নাছিল আৰু আনৰ দেখা দেখিও খোৱা নাছিল। বৰং তেওঁ কেৱল আল্লাহৰ শপতহে খাইছিল।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কিয়ামতৰ দিনা সৰ্বপ্ৰথম মানুহৰ মাজত সিহঁতৰ ৰক্তপাত সম্পৰ্কে বিচাৰ ফয়চালা কৰা হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মানুহৰ মাজত হোৱা অন্যায়-অত্যাচাৰৰ মীমাংসাৰ ক্ষেত্ৰত কিয়ামতৰ দিনা সৰ্বপ্ৰথম ৰক্তপাত সম্পৰ্কীয় বিচাৰ হ'ব। যেনে- হত্যা আৰু আঘাত সম্পৰ্কীয় বিচাৰ আদি।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ এই দুয়োখন কবৰৰ অধিবাসীক শাস্তি বিহা হৈ আছে। সিহঁতক যিটো গুনাহৰ কাৰণে শাস্তি বিহা হৈছে সেইটো তোমালোকৰ দৃষ্টিত কোনো ডাঙৰ গুনাহ নহয়। অথচ আল্লাহৰ দৃষ্টিত সেইটো হৈছে ডাঙৰ গুনাহ। সিহঁতৰ মাজৰ এজনে যেতিয়া প্ৰস্ৰাৱ পায়খানা কৰিছিল তেতিয়া প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজৰ শৰীৰ আৰু কাপোৰক ৰক্ষা কৰা নাছিল। আৰু দ্বিতীয়জনে খলুৱাগিৰি বা চুগলখুৰী কৰি ফুৰিছিল। অৰ্থাৎ লোকৰ মাজত জগৰ লগাবলৈ বা ক্ষতি কৰিবলৈ ইজনৰ কথা সিজনক লগাই ফুৰিছিল।