





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু মাৰছাদ আল-গানাৱী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কবৰৰ ওপৰত বহিবলৈ নিষেধ কৰিছে। এইদৰে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈও নিষেধ কৰিছে, কাৰণ এইটো হৈছে শ্বিৰ্কত লিপ্ত হোৱাৰ অন্যতম এটা মাধ্যম।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বৰ্ণনা কৰিছে যে, তেওঁ যেতিয়া হাবাশ্বাত (আবিচিনিয়াত) আছিল, তেতিয়া তেওঁ মাৰিয়া নামক এটা গীৰ্জা ঘৰ দেখিছিল, য'ত বিভিন্ন ধৰণৰ প্ৰতিচ্ছবি, সাজ-সজ্জা আৰু চিত্ৰ আদি আছিল। সেইবোৰ দেখি তেওঁ আচৰিত হৈছিল। এইবোৰ শুনাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ চিত্ৰ ৰখাৰ কাৰণ বৰ্ণনা কৰিলে, তেখেতে ক'লেঃ তুমি যিবোৰ লোকৰ কথা কৈছা, সিহঁত হৈছে এনেকুৱা লোক, যিসকলৰ মাজৰ কোনো পূণ্যৱান লোক মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে আৰু তাত ইবাদত কৰে, আৰু তেওঁৰ চিত্ৰ অংকন কৰি ওলমাই ৰাখে। লগতে তেখেতে এই কথাও স্পষ্ট কৰিছে যে, এনেকুৱা আচৰণ কৰা ব্যক্তিসকল হৈছে আল্লাহৰ দৃষ্টিত আটাইতকৈ নিকৃষ্ট লোক। কাৰণ এনেকুৱা কৰ্মই মানুহক আল্লাহৰ সৈতে শ্বিৰ্ক কৰাৰ পথ দেখুৱায়।
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামক এটা মজবুত স্থাপনাৰ সৈতে তুলনা কৰিছে, যিটো স্থাপনা পাঁচটা স্তম্ভৰ ওপৰত স্থাপিত। ইছলামৰ অন্যান্য বিধি-বিধানবোৰ হৈছে সেই স্থাপনাটোৰ পৰিপূৰক। সেই স্তম্ভসমূহৰ প্ৰথম স্তম্ভটো হৈছে, এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ ৰাছুল। এই দুটা মিলি এটাই ৰূকুন। এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। এই সাক্ষ্য দিয়াৰ সময়ত বান্দাই আল্লাহৰ একত্বক স্বীকাৰ কৰিব লাগিব আৰু এই কথা বিশ্বাস কৰিব লাগিব যে, একমাত্ৰ তেৱেঁই হৈছে ইবাদতৰ যোগ্য, লগতে সেইমতে আমলো কৰিব লাগিব। ইয়াৰ লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানিব লাগিব আৰু তেওঁৰ অনুসৰণ কৰিব লাগিব। দ্বিতীয় স্তম্ভ হৈছে নামাজ প্ৰতিষ্ঠা কৰা। অৰ্থাৎ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। তৃতীয় স্তম্ভ হৈছে, ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থ স্তম্ভ হৈছে হজ্জ। অৰ্থাৎ আল্লাহৰ ইবাদত কৰাৰ উদ্দেশ্যে মক্কালৈ গৈ হজ্জৰ যাৱতীয় নিয়ম-নীতি পালন কৰা। পঞ্চম স্তম্ভ হৈছে ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ “তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সক্ষম অনুযায়ী মুনকাৰ তথা অন্যায়ক প্ৰতিহত কৰাৰ নিৰ্দেশ দিছে। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰা প্ৰতিটো বস্তুৱে হৈছে মুনকাৰ। যদি কোনো ব্যক্তিয়ে মুনকাৰ দেখা পায়, তেন্তে সেইটোক হাতৰ দ্বাৰা বাধা দিয়াটো তাৰ ওপৰত অনিবাৰ্য হৈ পৰে, যদি তেওঁ ইয়াৰ বাবে সক্ষম। যদি হাতৰ দ্বাৰা নোৱাৰে তেন্তে মৌখিকভাৱে সেইটোক বাধা দিয়া উচিত, অৰ্থাৎ অন্যায়ত লিপ্ত ব্যক্তিক বিৰত ৰখা উচিত, সেই কৰ্মৰ ক্ষতি সম্পৰ্কে তাক অৱগত কৰোৱা উচিত আৰু ইয়াৰ পৰিবৰ্তে তাক ভাল কামৰ প্ৰতি নিৰ্দেশনা দিয়া উচিত। এইটো পৰ্যায়তো যদি ব্যৰ্থ হয়, তেন্তে অন্তৰৰ দ্বাৰা সেইটোক পৰিবৰ্তন তথা বাধা প্ৰদানৰ পৰিকল্পনা কৰা উচিত, অৰ্থাৎ অন্তৰেৰে সেইটোক ঘৃণা কৰা উচিত আৰু এইটো সংকল্প লোৱা উচিত যে, যদি সেইটোক বাধা দিবলৈ সমক্ষ হয় তেন্তে নিশ্চয় বাধা প্ৰদান কৰিব। অন্তৰৰ দ্বাৰা ঘৃণা কৰা বা পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰাটো হৈছে মুনকাৰক বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত ঈমানৰ সৰ্বনিম্ন পৰ্যায়।
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, “হে আল্লাহৰ ৰাছুল! অজ্ঞতা যুগত আমি যিবোৰ পাপকৰ্ম কৰিছোঁ তাৰ বাবে আমাক জবাবদিহি কৰা হ’ব নেকি”? তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব। আনহাতে যিয়ে ইছলামত (প্ৰৱেশ কৰি) অপকৰ্মত লিপ্ত হৈছে, তাক পূৰ্বৰ আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব”।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামত প্ৰৱেশ কৰাৰ গুৰুত্ব বৰ্ণনা কৰিছে। যিয়ে ইছলামত প্ৰৱেশ কৰি সত্যতাৰে নিষ্ঠা সহকাৰে ইছলাম পালন কৰিছে, অজ্ঞতা যুগত সি কৰি অহা গুনাহ সম্পৰ্কে তাক সোধ-পোচ কৰা নহ'ব। আনহাতে যিয়ে ইছলামত প্ৰৱেশ কৰি নিফাকত লিপ্ত হৈছে তথা দ্বীনৰ পৰা মুৰ্তাদ হৈছে, সেই ব্যক্তিক কুফৰত থকা অৱস্থাত কৰা আমল সম্পৰ্কে আৰু ইছলামত প্ৰৱেশ কৰাৰ পিছত যিবোৰ আমল কৰিছে সেই সম্পৰ্কেও সোধ-পোচ কৰা হ'ব।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, কোনো এজন ব্যক্তিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰি ক'লে: “ যদি মই ফৰজ চালাতসমূহ আদায় কৰোঁ, ৰমাজান মাহৰ চিয়াম পালন কৰোঁ, হালালক হালাল আৰু হাৰামক হাৰাম হিচাপে মানি লওঁ, আৰু ইয়াতকৈ যদি বেছি একো নকৰোঁ, তেনেহ'লে মই জান্নাতত প্রৱেশ কৰিব পাৰিমনে?” তেখেতে ক'লে: “হয়।” ইয়াৰ পিছত সেই ব্যক্তিয়ে ক'লেঃ আল্লাহৰ শপত! মই ইয়াতকৈ বেছি একো নকৰোঁ।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যিয়ে পাঁচ ওৱাক্ত চালাত নিয়মিতভাৱে আদায় কৰিব, আৰু ইয়াৰ অতিৰিক্ত কোনো নফল আদায় নকৰিব, এইদৰে ৰমাজানৰ ৰোজা পালন কৰিব আৰু কোনো নফল ৰোজা নকৰিব, লগতে হালালক হালাল হিচাপে বিশ্বাস কৰি পালন কৰিব আৰু হাৰামক হাৰাম হিচাপে বিশ্বাস কৰি আঁতৰি থাকিব, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব।
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, অজু গোছল আদি হৈছে প্ৰকাশ্য তাহাৰত বা পৱিত্ৰতা, আৰু এইটো হৈছে চালাতৰ চৰ্ত। এইদৰে তেখেতে কৈছে, আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰে, অৰ্থাৎ মহান আল্লাহক প্ৰশংসা কৰা আৰু তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা আদি কৰ্মক কিয়ামতৰ দিনা যেতিয়া ওজন কৰা হ'ব তেতিয়া ই আমলৰ পাল্লাক পৰিপূৰ্ণ তথা গধূৰ কৰিব। ছুবহানাল্লাহ আৰু আলহাম্দুলিল্লাহ’ অৰ্থাৎ আল্লাহক সকলো প্রকাৰ দোষ-ত্রুটিৰ পৰা পৱিত্ৰতা ঘোষণা কৰা আৰু মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা, যিটো তেওঁৰ বাবে প্ৰযোজ্য, এই কৰ্মই আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইক পূৰ্ণ কৰি দিব। এইদৰে চালাত হৈছে বান্দাৰ বাবে নূৰ, এই নূৰ প্ৰকাশ পাব তেওঁৰ অন্তৰত, তেওঁৰ মুখমণ্ডলত, তেওঁৰ কবৰত আৰু হাশ্বৰত। চাদাক্বাহ হৈছে বুৰহান বা দলীল। অৰ্থাৎ মুমিনৰ প্ৰকৃত ঈমানৰ প্ৰমাণ। পক্ষান্তৰে মুনাফিকৰ বাবে এইটো প্ৰমাণ নহয়, কাৰণ মুনাফিকে ইয়াৰ পৰা বিৰত থাকে আৰু আখিৰাতক বিশ্বাস নকৰে। আৰু ধৈৰ্য্য হৈছে পোহৰ। অৰ্থাৎ ক্ৰোধ আৰু বিপদ-আপদত নিজৰ নফছক সংযত ৰখা। পোহৰৰ সৈতে উষ্ণতা আৰু জ্বলাব পৰা শক্তি থাকে। যেনে- সূৰ্য্যৰ পোহৰ। কিয়নো এইটো কঠিন আৰু ইয়াৰ বাবে প্ৰবৃত্তিৰ চাহিদাৰ বিপক্ষে যুঁজ দিব লাগে, সেইকাৰণে ধৈৰ্য্য ধাৰণ কৰা ব্যক্তিয়ে সদায় আলোৰ পথত হিদায়ত প্ৰাপ্ত হৈ সঠিক পথত অবিচল থাকে। ইয়াৰ বাবে আল্লাহৰ আনুগত্যত আৰু তেওঁৰ অবাধ্যতাৰ পৰা ধৈৰ্য্য ধাৰণ কৰিব লাগিব, লগতে পাৰ্থিৱ জীৱনৰ বিভিন্ন দুখ-কষ্ট আৰু বিপদ-আপদত ধৈৰ্য্য ধৰিব লাগিব। এইদৰে কোৰআন তোমাৰ সপক্ষে প্ৰমাণ হৈ থিয় দিব, যদি তুমি ইয়াক তিলাৱত কৰা আৰু সেইমতে আমল কৰা। অথবা তোমাৰ বিপক্ষে প্ৰমাণ হ'ব, যদি তুমি ইয়াৰ প্ৰতি আমল পৰিত্যাগ কৰা আৰু তিলাৱত নকৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, প্ৰতিজন মানুহে জীৱনত চেষ্টা সাধনা কৰে, আৰু টোপনিৰ পৰা উঠি বিভিন্ন কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই যায়। সিহঁতৰ মাজৰ কিছুমানে সঠিকভাৱে আল্লাহৰ আনুগত্য কৰে আৰু নিজকে জাহান্নামৰ পৰা মুক্ত কৰে, আনহাতে কিছুমানে তেওঁৰ পথৰ পৰা আঁতৰি যায় আৰু গুনাহত লিপ্ত হয়, ফলত সি ধ্বংস হৈ জাহান্নামত প্ৰৱেশ কৰে।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ ওপৰত আল্লাহৰ হক হৈছে, সিহঁতে যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে আন কাকো যেন অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওপৰত বান্দাৰ হক হৈছে, তেওঁ যেন তাওহীদ পন্থী লোকসকলক শাস্তি প্ৰদান নকৰে, অৰ্থাৎ যিসকলে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। ইয়াৰ পিছত মুআজে ক'লেঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁনে, যাতে মানুহে আনন্দিত হয় আৰু এই অনুগ্ৰহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিষয়টো জনাবলৈ নিষেধ কৰিলে, এই আশংকাত যে হয়তো মানুহে ইয়াৰ ওপৰত ভৰসা কৰি আমল কৰা পৰিত্যাগ কৰিব।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! (জান্নাত আৰু জাহান্নামক) অনিবাৰ্য কৰিব পৰা বিষয় দুটা কি? তেখেতে ক'লেঃ "যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।"
(মুছলিম)এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দুটা বৈশিষ্ট্য সম্পৰ্কে সুধিলে, যিটোৰ এটা অৱলম্বন কৰিলে জান্নাত অনিবাৰ্য হৈ পৰে আৰু আনটো অৱলম্বন কৰিলে জাহান্নাম অনিবাৰ্য হয়। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিটো বৈশিষ্ট্য অৱলম্বন কৰিলে জান্নাত অনিবাৰ্য হয় সেইটো হৈছে, মানুহ এজনৰ এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰা, যিজনে একমাত্ৰ আল্লাহৰেই ইবাদত কৰিছে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। আনহাতে যিটো বৈশিষ্ট্য অৱলম্বন কৰিলে জাহান্নাম অনিবাৰ্য হৈ পৰে, সেইটো হৈছে, যদি কোনো ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰে (তেন্তে তাৰ বাবে জাহান্নাম অনিবাৰ্য হৈ পৰে), অৰ্থাৎ আল্লাহৰ উলুহিয়্যাত, ৰুবুবিয়্য়াত আৰু আচমা ওৱা চিফাতত যদি আন কাকো সমকক্ষ স্থিৰ কৰি মৃত্যুবৰণ কৰে (তেন্তে তাৰ ওপৰত জাহান্নাম অনিবাৰ্য)।