





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু মুহাম্মদ আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।"
رويناه في كتاب الحجة بإسناد صحيحহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, মানুহে তেতিয়ালৈকে প্ৰকৃত ঈমানৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁৰ কামনা-বাসনা তথা প্ৰবৃত্তিৰ চাহিদা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ দিশ-নিৰ্দেশনা অনুযায়ী নহ'ব। অৰ্থাৎ যেতিয়ালৈকে তেখেতৰ আদেশক ভাল নাপাব আৰু নিষেধকৃত বস্তুক অপছন্দ নকৰিব।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "চাৰিটা স্বভাৱ যাৰ মাজত থাকিব, সি হৈছে প্ৰকৃত মুনাফিক। আনহাতে যাৰ মাজত ইয়াৰ কোনো এটা স্বভাৱ থাকিব, সি এইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ থাকি যাব। সেয়া হৈছেঃ কথা ক'লে, মিছা কথা কয়, প্ৰতিশ্ৰুতি দিলে ভংগ কৰে, বিবাদত লিপ্ত হ'লে অশ্লীল গালি শপনি পাৰে, চুক্তি কৰিলে বিশ্বাসঘাতকতা কৰে।"
رواه البخاري ومسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত সতৰ্ক কৰিছে যে, যদি চাৰিটা দোষ কোনো মুছলিমৰ ভিতৰত পোৱা যায়, তেন্তে ইয়াৰ কাৰণে সি মুনাফিকৰ দৰে গণ্য হয়। কিন্তু এই দোষবোৰে যদি তাক বেছি প্ৰভাৱিত কৰে তেতিয়াহে সি ইয়াৰ অন্তৰ্ভুক্ত হ'ব, অন্যথা কেতিয়াবা কেতিয়াবা এনেকুৱা দোষ হ'লে সেইটো ইয়াৰ অন্তৰ্ভুক্ত নহয়। সেই দোষবোৰ হৈছেঃ প্ৰথমঃ জানি বুজি মিছা কথা কোৱা, সত্য কথা নোকোৱা। দ্বিতীয়ঃ যেতিয়া কোনো চুক্তি কৰে তেতিয়া সেইটো পূৰা নকৰে, বিশ্বাসঘাতকতা কৰে। তৃতীয়ঃ যেতিয়া কোনো প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া সেইটো পালন নকৰে, বৰং ভংগ কৰে। চতুৰ্থঃ যেতিয়া কাৰোবাৰ লগত তৰ্কত লিপ্ত হয় বা কাজিয়া কৰে তেতিয়া গালি শপনি পাৰিবলৈ ধৰে, আৰু সত্যৰ পৰা আঁতৰি যায়। আনকি প্ৰতিপক্ষক পৰাজিত কৰিবলৈ বাতিলৰ সহায় লয়, লগতে অসত্য আৰু মিছা কথা কয়। নিফাক হৈছে, ভিতৰত এটা আৰু বাহিৰত এটা প্ৰকাশ কৰা, এইবোৰ বৈশিষ্ট্য থকা লোকৰ ক্ষেত্ৰতো এইটো অৰ্থই প্ৰযোজ্য, কাৰণ সি কথা কোৱাৰ ক্ষেত্ৰত, প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত, আমানতৰ ক্ষেত্ৰত আৰু মানুহৰ লগত কৰা চুক্তিৰ ক্ষেত্ৰত এইটোৱে কৰে। আনহাতে ইছলামত মুনাফিক কোৱা হয় সেই ব্যক্তিক, যিয়ে অন্তৰত কুফৰী গোপন ৰাখে আৰু নিজকে মুছলিম বুলি পৰিচয় দিয়ে। এতেকে এনেকুৱা বৈশিষ্ট্যবোৰ যদি কোনো এটা বৈশিষ্ট্য কাৰো ভিতৰত থাকে তেন্তে সেইটো নিফাকৰ বৈশিষ্ট্য থকা বুলি বিবেচিত হ'ব, যেতিয়ালৈকে সি সেইটো পৰিত্যাগ নকৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “সেই সত্ত্বাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান, মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো যদি সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী হ'ব।”
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ শপত খাই কৈছে যে, এই উম্মতৰ যি ব্যক্তিয়েই তেখেতৰ বিষয়ে শুনিব, সি ইয়াহুদী হওক বা খ্ৰীষ্টান নাইবা আন কোনো ধৰ্মৰ, সেই ব্যক্তি যদি তেখেতৰ প্ৰতি ঈমান পোষণ নকৰাকৈয়ে মৃত্যুবৰণ কৰে তেন্তে সি চিৰস্থায়ীভাৱে জাহান্নামী হ'ব।
আঈশ্বা আৰু আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত বাৰে বাৰে নিজৰ চাদৰখনেৰে মুখমণ্ডল ঢাকি লৈছিল। কিন্তু যেতিয়াই তেখেতে অসুবিধা অনুভৱ কৰিছিল, তেতিয়াই সেইটো আঁতৰাই দিছিল। সেই অৱস্থাতে তেখেতে কৈছিল, ‘‘ইয়াহুদী, খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে নিজৰ নবীসকলৰ কবৰসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ ইয়াৰ দ্বাৰা তেখেতে সিহঁতৰ সেই কৰ্মৰ পৰা সতৰ্ক কৰিছে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আঈশ্বা ৰাদ্বিয়াল্লাহু আনহা আৰু ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময় তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ওপৰত এখন চাদৰ টানি লৈছিল আৰু বাৰে বাৰে মুখমণ্ডল ঢাকি লৈছিল, মৃত্যু যন্ত্ৰণাত যেতিয়াই উশাহ লোৱাত অসুবিধা হৈছিল তেতিয়াই মুখমণ্ডলৰ পৰা চাদৰ আঁতৰাই দিছিল, এই কঠিন অৱস্থাতে তেখেতে কৈছেঃ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, অৰ্থাৎ আল্লাহৰ ৰহমতৰ পৰা সিহঁত আঁতৰ হওক, কাৰণ সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহৰ ওপৰত মছজিদ নিৰ্মাণ কৰিছে। বিষয়টো যদি গম্ভীৰ নহ'লহেঁতেন তেন্তে তেখেতে কেতিয়াও এই অৱস্থাত উল্লেখ নকৰিলেহেঁতেন। এই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিষয়টো উল্লেখ কৰি তেখেতৰ উম্মতক এনেকুৱা কৰ্মৰ পৰা সতৰ্ক কৰিছে। কাৰণ এইটো হৈছে ইয়াহুদী আৰু খৃষ্টানসকলৰ কৰ্ম, লগতে আল্লাহৰ সৈতে কৰা শ্বিৰ্কৰ এটা মাধ্যম।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
(আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দুআ কৰিছে যে, তেখেতৰ কবৰক যেন মূৰ্তিৰূপে ব্যৱহাৰ কৰা নহয়, মূৰ্তিক যিদৰে মানুহে সন্মান কৰি উপাসনা কৰে, তথা সন্মুখত ৰাখি ছাজদাহ কৰে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে সেইসকল লোকক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰিছে, যিসকলে নবীসকলৰ কবৰক মছজিদ বনাই লৈছে। কিয়নো কবৰক মছজিদত পৰিণত কৰাটো হৈছে তাৰ ইবাদত কৰা আৰু তাৰ প্ৰতি বিশ্বাস স্থাপন কৰা।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰিছে, তেখেতে কৈছেঃ “বিপদ যিমান ডাঙৰ হ’ব, প্ৰতিদানও সিমানেই মহান হ’ব। আল্লাহ তা'আলাই যেতিয়া কোনো জাতিক ভাল পায়, তেতিয়া তেওঁলোকক (বিপদত পেলাই) পৰীক্ষা কৰে। যিয়ে সেই বিপদত সন্তুষ্ট থাকিব, তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) সন্তুষ্টি। আৰু যিয়ে ইয়াত অসন্তুষ্ট হ’ব তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) অসন্তুষ্টি।” ছহীহ - ইয়াক ইবনে মাজাহে বর্ণনা কৰিছে।
(ইবনে মাজাহ) - (তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছত আমাক জনাইছে যে, মুমিন ব্যক্তি বিভিন্ন সময়ত মুচিবতৰ সন্মুখীন হয়, কেতিয়াবা নিজৰ ক্ষেত্ৰত, আকৌ কেতিয়াবা সম্পদৰ ক্ষেত্ৰত অথবা অন্য কোনো ক্ষেত্ৰত। এতেকে যদি তেওঁ সেই বিপদত ধৈৰ্য্য ধাৰণ কৰে তেন্তে আল্লাহ তা‘আলাই তেওঁক সেই বিপদৰ বিনিময়ত ছোৱাব দান কৰে। বিপদাপদ আৰু তাৰ ভয়াৱহতা যিমানেই ডাঙৰ হ’ব আল্লাহৰ ফালৰ পৰা তাৰ ছোৱাব সিমানেই বেছি হ’ব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বর্ণনা কৰিছে যে, নিশ্চয় মুমিনৰ বাবে মুচিবত হৈছে আল্লাহ তা‘আলাৰ ভাল পোৱাৰ নিদর্শন। নিঃসন্দেহে আল্লাহৰ সিদ্ধান্ত আৰু ক্ষমতা দুয়োটাই বাস্তৱায়িত হোৱাটো নিশ্চিত। কিন্তু যি ধৈর্য্য ধাৰণ কৰিব আৰু সন্তুষ্ট থাকিব আল্লাহ তা‘আলাই শীঘ্ৰেই তাক ইয়াৰ প্ৰতিদান দিব। প্ৰতিদান দাতা হিচাপে তেৱেঁই যথেষ্ট। আনহাতে যি ব্যক্তিয়ে আল্লাহৰ ফয়চালা আৰু ক্ষমতাৰ ক্ষেত্ৰত অসন্তুষ্ট থাকিব, আল্লাহ তা‘আলা নিশ্চয় তাৰ ওপৰত অসন্তুষ্ট হ’ব। শাস্তিদাতা হিচাপে তেৱেঁই যথেষ্ট।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ তাআলাই কৈছেঃ নিশ্চয় তেওঁ অংশীদাৰকাৰীসকলৰ অংশীদাৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। তেওঁ সকলো বস্তুৰ পৰা অমুখাপেক্ষী। মানুহে যেতিয়া কোনো নেক কাম কৰে আৰু সেই আমলত আল্লাহৰ লগত আনকো যদি চামিল কৰে তেন্তে আল্লাহে সেই আমলক পৰিত্যাগ কৰে আৰু সেইটো কবূল নকৰে, আৰু আমলকাৰীৰ পিনে সেই আমল দলিয়াই দিয়ে। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে আমল কৰিব লাগে। কাৰণ আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে আন কোনো আমল গ্ৰহণ নকৰে।
জুন্দুব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ মৃত্যুৰ পাঁচ দিন পূর্বে এই কথা কওঁতে শুনিছোঁ যে, “তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে মুক্ত ঘোষণা কৰিলোঁ। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল। আৰু যদি মই মোৰ উম্মতৰ মাজৰ পৰা কাৰোবাক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন তেন্তে নিশ্চয় আবু বকৰক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন। সাৱধান, তোমালোকৰ পূর্বৱর্তী উম্মতবোৰে তেওঁলোকৰ নবীসকলৰ কবৰক মছজিদত পৰিণত কৰিছিল। সাৱধান, তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা। মই তোমালোকক এই কাম কৰিবলৈ বাৰে বাৰে নিষেধ কৰোঁ।”
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত থকা তেখেতৰ মৰ্যাদা সম্পৰ্কে সংবাদ দিছে। অৰ্থাৎ তেখেতে মুহাব্বতৰ সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে, যিদৰে ইব্ৰাহীম আলাইহিচ্ছালাম উপনীত হৈছিল। সেয়ে তেখেতে আল্লাহৰ বাহিৰে আনক খলীল হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। কাৰণ তেখেতৰ অন্তৰ আল্লাহৰ মুহাব্বতেৰে আৰু তেওঁৰ প্ৰতি থকা সন্মান আৰু ভক্তিৰে ভৰি আছে। সেয়ে আল্লাহৰ বাহিৰে আনৰ বাবে তাত কোনো ঠাই নাই। মানুহৰ মাজত যদি তেখেতৰ কোনো খলীল থাকিলহেঁতেন তেন্তে তেওঁ হ'লহেঁতেন আবু বকৰ ৰাদ্বিয়াল্লাহু আনহু। ইয়াৰ পিছত তেখেতে মুহাব্বতৰ বৈধ সীমাৰেখা অতিক্ৰম কৰিবলৈ সতৰ্ক কৰিছে। যিদৰে ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ নবী আৰু পূণ্যৱান লোকসকলৰ কবৰক শ্বিৰ্কৰ আড্ডাত পৰিণত কৰিছিল, আল্লাহৰ বাহিৰে সিহঁতে সেইবোৰকে উপাসনা কৰিছিল, আৰু সেই কবৰসমূহৰ ওপৰত মছজিদ তথা উপাসনালয় নিৰ্মাণ কৰিছিল। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ দৰে এনেকুৱা কাম কৰিবলৈ নিষেধ কৰিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহেও আত্মসন্মানবোধ প্ৰকাশ কৰে, খং কৰে আৰু অপছন্দ কৰে। যিদৰে মুমিনসকলে আত্মসন্মানবোধ প্ৰকাশ কৰে, খং কৰে আৰু অপছন্দ কৰে। আল্লাহৰ আত্মসন্মানত আঘাত লাগে তেতিয়া যেতিয়া কোনো মুমিন ব্যক্তিয়ে আল্লাহে হাৰাম কৰা কামত লিপ্ত হয়। যেনে- ব্যভিচাৰ, সমকামিতা, চুৰি, মাদকদ্ৰৱ্য সেৱন আদি অশ্লীলতাত যেতিয়া লিপ্ত হয়।