





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মুল মুমিনীন উম্মু আব্দিল্লাহ আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰি কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই সেইটো প্ৰত্যাখ্যাত।"
رواه البخاري ومسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।
আবু হুৰাইৰাহ আব্দুৰ ৰহমান ইবনে ছাখৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।"
رواه البخاري ومسلمহাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, তেখেতে যেতিয়া আমাক কোনো বিষয়ে নিষেধ কৰে, তেতিয়া আমাৰ বাবে কোনো ওজৰ-আপত্তি নকৰাকৈ সেইটোৰ পৰা বিৰত থকাটো অনিবাৰ্য্য হৈ পৰে। আনহাতে তেখেতে আমাক যেতিয়া কোনো কাম কৰিবলৈ নিৰ্দেশ দিয়ে, তেতিয়া আমি সেইটো আমাৰ সক্ষমতা অনুযায়ী পালন কৰা উচিত। ইয়াৰ পিছত তেখেতে আমাক পূৰ্বৱৰ্তী উম্মতৰ সেইসকল লোকৰ পৰা সতৰ্ক কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ অবাধ্যতা কৰিছিল আৰু তেওঁলোকক যধে মধে প্ৰশ্ন কৰি বিৰক্ত কৰিছিল। ফলত আল্লাহে সিহঁতক শাস্তি অৱতীৰ্ণ কৰি ধ্বংস কৰিছিল। গতিকে আমি সিহঁতৰ দৰে হোৱা উচিত নহয়, অন্যথা আমিও সিহঁতৰ দৰে ধ্বংস হ'বলগীয়া হ'ব পাৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় মহান আল্লাহ হৈছে পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহে মুমিনসকলক কেৱল সেই কাম কৰিবলৈ আদেশ দিছে, যিটো কৰাৰ আদেশ তেওঁ ৰাছুলসকলক দিছিল। এতেকে মহান আল্লাহে কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) তেওঁ আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) এইখিনি কোৱাৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনেকুৱা এজন ব্যক্তিৰ কথা উল্লেখ কৰিছে, যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাই আহিছে, যাৰ চুলিবোৰ অপৰিপাটি হৈ আছে তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! (মোক ইটো দিয়া, মোক সিটো দিয়া) অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!?
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ পৱিত্ৰ, তেওঁ সকলো দোষ-ত্ৰুটিৰ পৰা পাক তথা সকলো ফালৰ পৰা পূৰ্ণাংগৰ বিশেষণেৰে বিশেষিত। সেয়ে তেওঁ কেৱল সেইবোৰ কথা কৰ্ম আৰু আক্বীদাহে গ্ৰহণ কৰে যিটো পৱিত্ৰ। যিটো নিৰ্ভেজালভাৱে আল্লাহৰ বাবে কৰা হয় আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক কৰা হয়। ইয়াৰ বাহিৰে বেলেগ কোনো উপায়েই আল্লাহৰ নৈকট্য অৱলম্বন কৰা সম্ভৱ নহয়। মুমিন আমল সৎ হোৱাৰ আন এটা ডাঙৰ উৎস হৈছে হালাল তথা পৱিত্ৰ বস্তু ভক্ষণ কৰা। ইয়াৰ ফলত আমল পৱিত্ৰ হয়। এই কাৰণেই মহান আল্লাহে মুমিনসকলকো সেই নিৰ্দেশ দিছে যিটো নিৰ্দেশ তেওঁ ৰাছুলসকলক প্ৰদান কৰিছিল যে, হালাল খাদ্য ভক্ষণ কৰা আৰু নেক আমল কৰা। তেওঁ কৈছেঃ "হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত"। (ছুৰা আল-মুমিনূনঃ ৫১) তেওঁ আৰু কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা"। (ছুৰা আল-বাক্বাৰাহঃ ১৭২) ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাৰাম খাদ্যৰ পৰা সতৰ্ক কৰিছে, ইয়াৰ ফলত আমল বিনষ্ট হয় তথা আমল কবূল নহয়, যদিও বাহ্যিকভাৱে উপায় অৱলম্বন কৰা হয়। প্ৰথমঃ কোনো সৎকৰ্ম কৰিবলৈ দূৰৱৰ্তী ভ্ৰমণ কৰে, যেনে- হজ্জ কৰিবলৈ, জিহাদ কৰিবলৈ অথবা আত্মীয়তাৰ বন্ধন ৰক্ষা কৰিবলৈ। দ্বিতীয়ঃ চুলিবোৰ অপৰিপাটি হৈ থকা, চুলি নফণিওৱাৰ কাৰণে। ৰং পৰিবৰ্তন হৈ যোৱা, পৰিধান কৰা কাপোৰত ময়লা আৱৰ্জনা লগা আৰু অসহায় অৱস্থাত থকা। তৃতীয়ঃ দুআ কৰিবলৈ দুয়ো হাত আকাশৰ পিনে উঠায়। চতুৰ্থঃ আল্লাহৰ নামেৰে অছিলা মাগি কান্দি কান্দি দুআ কৰি কয়, হে মোৰ ৰব্ব, হে মোৰ ৰব্ব! এই সকলোবোৰ উপায় অৱলম্বন কৰাৰ পিছতো তাৰ দুআ কবুল নহয়। কাৰণ তাৰ খাদ্য, পানীয় আৰু পৰিধান হৈছে হাৰাম, তাৰ জীৱিকাই হাৰাম। গতিকে এইবোৰ থকা অৱস্থাত তাৰ দুআ কবূল হোৱাটো অসম্ভৱ, আৰু কেনেকৈ বা কবূল হ'ব।
আবুল আব্বাছ আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ (বাহনত) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিলোঁ, সেই সময়তে তেখেতে ক'লেঃ "হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক সংৰক্ষণ কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা কৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন একো উপকাৰ কৰিব নোৱাৰিব। আনহাতে যদি সমগ্ৰ মানৱজাতিয়ে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাতকৈ বেছি সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।" তিৰমিজীৰ বাহিৰে বেলেগ বৰ্ণনাত আছে যে, "আল্লাহক স্মৰণ কৰা, তেন্তে তুমি তেওঁক তোমাৰ সন্মুখত পাবা, তুমি স্বচ্ছল অৱস্থাত আল্লাহক স্মৰণ কৰিবা, তেওঁ তোমাক কঠিন অৱস্থাত স্মৰণ কৰিব। মনত ৰাখিবা- যিটো তুমি পোৱা নাই, সেইটো তোমাৰ পাবলগীয়া নাছিল, আৰু যিটো তুমি পাইছা সেইটোৰ পৰা তুমি কেতিয়াও বঞ্চিত নহ’লাহেঁতেন। জানি থোৱা! ধৈৰ্য্য ধাৰণ কৰিলেহে সহায় পোৱা যায়। নিশ্চয় কষ্টৰ পিছতহে সুখ আহে। কঠিন অৱস্থাৰ পিছত স্বচ্ছলতা আহে।"
رواه الترمذي وغيرهইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল সেই সময়ৰ কথা, তেওঁ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহনত আৰোহণ কৰি থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই তোমাক কেইটিমান বিষয় শিকাম যিবোৰৰ দ্বাৰা আল্লাহে তোমাক উপকৃত কৰিব। আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধাজ্ঞাবোৰ যথাযথভাৱে পালন কৰিবা, যাতে আল্লাহে তোমাক সদায় তেওঁৰ আনুগত্য আৰু নৈকট্যমূলক কৰ্মত পায়, আনহাতে তোমাক পাপকৰ্ম তথা গুনাহৰ কামত যাতে নাপায়। যদি তুমি এইটো কৰা তেন্তে ইয়াৰ ফলত আল্লাহে তোমাক দুনিয়া আৰু আখিৰাতৰ সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব, লগতে তোমাক সকলো কামতে সহায় কৰিব, তুমি য'তেই নাথাকা কিয়। যদি তোমাৰ কিবা প্ৰয়োজন হয়, তেন্তে আল্লাহৰ ওচৰত খুজিবা, কাৰণ একমাত্ৰ তেৱেঁই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবূল কৰে। আৰু যদি তোমাক সহায়ৰ প্ৰয়োজন হয় তেন্তে কেৱল আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা। লগতে তুমি চূড়ান্তৰূপে এই বিশ্বাস ৰাখিবা যে, গোটেই পৃথিৱীৰ মানুহ একত্ৰিত হৈ তোমাক উপকাৰ কৰিব বিচাৰিলেও বিন্দু পৰিমাণ তোমাৰ উপকাৰ কৰিব নোৱাৰে, কেৱল সেইখিনিৰ বাহিৰে যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। আনহাতে গোটেই পৃথিৱীবাসীয়ে মিলি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰিলে তোমাক একো ক্ষতি কৰিব নোৱাৰিব, কেৱল সেইখিনিয়ে ক্ষতি কৰিব পাৰিব যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। এই বিষয়টো সৰ্বশক্তিমান আল্লাহে তেওঁৰ জ্ঞান আৰু হিকমত অনুযায়ী পূৰ্বেই লিপিবদ্ধ কৰি ৰাখিছে, আল্লাহে লিপিবদ্ধ কৰা ভাগ্যত কোনো ধৰণৰ পৰিবৰ্তন নহয়। যিয়ে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু নিষেধসমূহৰ পৰা বিৰত থাকি তেওঁক স্মৰণ কৰিব, তেন্তে তেওঁ সদায় আল্লাহক নিজৰ সন্মুখতে পাব, অৰ্থাৎ আল্লাহে তেওঁক সদায় সহায় কৰিব আৰু সমৰ্থন কৰিব। সুখী অৱস্থাত যেতিয়া মানুহে আল্লাহৰ আনুগত্য কৰে, তেতিয়া আল্লাহে তাক কঠিন অৱস্থাত তথা বিপদ-আপদৰ সময়ত সহায় কৰে আৰু পৰিত্ৰাণৰ পথ উলিয়াই দিয়ে। সেয়ে বান্দাই আল্লাহে নিৰ্ধাৰণ কৰা প্ৰতিটো কল্যাণ অকল্যাণৰ ক্ষেত্ৰত সন্তুষ্ট থকা উচিত। বিপদ-আপদ আৰু কঠিন পৰিস্থিতিত বান্দাই ধৈৰ্য্য ধাৰণ কৰা উচিত। কাৰণ ধৈৰ্য্যই হৈছে প্ৰশস্ততাৰ চাবি। বিপদ যেতিয়া সীমা চেৰাই যায় তেতিয়া আল্লাহৰ সহায় আহি পৰে। কঠিন পৰিস্থিতিৰ পিছতেই আল্লাহে, সুখৰ পথ মুকলাই দিয়ে।
আবূ আমৰ বা আবূ আমৰাহ ছুফিয়ান ইবনে আব্দিল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
(মুছলিম)চাহাবী ছুফিয়ান বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেখেতে যাতে তেওঁক ইছলামৰ এনেকুৱা এটা গভীৰ অৰ্থপূৰ্ণ কথা শিকায় যিটোক তেওঁ খামুচি ধৰি ৰাখিব আৰু সেই বিষয়ে তেওঁ যেন আন কাকো প্ৰশ্ন কৰিবলগীয়া নহয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি কোৱা যে, মই আল্লাহৰ তাওহীদ (একত্ব)ক স্বীকাৰ কৰিলোঁ আৰু ঈমান আনিলোঁ যে, তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই মোৰ ইলাহ, তেৱেঁই মোৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই মোৰ সত্য উপাস্য, তেওঁৰ কোনো অংশীদাৰ নাই। ইয়াৰ পিছত আল্লাহৰ আনুগত্যৰ ওপৰত অটল থাকা, অৰ্থাৎ আল্লাহে নিৰ্ধাৰণ কৰা বিধানসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকা।
আবূ আব্দিল্লাহ জাবিৰ ইবনে আব্দিল্লাহ আল-আনচাৰী (ৰাদ্বিয়াল্লাহু ‘আনহুমা)ৰ পৰা বৰ্ণিত, "এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)ক সুধিলে: আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰোঁ, ৰমজান মাহৰ চওম পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ, আৰু ইয়াতকৈ বেছি একো নকৰোঁ, তেনেহ’লে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিমনে? তেখেতে ক’লে: হয়।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যিয়ে পাঁচ ওৱাক্ত চালাত নিয়মিতভাৱে আদায় কৰিব, আৰু ইয়াৰ অতিৰিক্ত কোনো নফল আদায় নকৰিব, এইদৰে ৰমাজানৰ ৰোজা পালন কৰিব আৰু কোনো নফল ৰোজা নকৰিব, লগতে হালালক হালাল হিচাপে বিশ্বাস কৰি পালন কৰিব আৰু হাৰামক হাৰাম হিচাপে বিশ্বাস কৰি আঁতৰি থাকিব, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব।
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটা আমল শিকাই দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিম, আৰু জাহান্নামৰ পৰা ৰক্ষা পাম। তেখেতে ক'লেঃ তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে। তুমি আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ চওম পালন কৰা আৰু (কা'বা) ঘৰৰ হজ্জ কৰা। তাৰ পিছত তেখেতে ক’লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? চওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে, যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে গভীৰ ৰাতিত ছালাত আদায় কৰাটোও ইয়াৰেই অন্তৰ্ভুক্ত। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপে! [ছুৰা আচ-ছাজদাহ: ১৬-১৭] তেখেতে আকৌ ক’লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনামনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক। তেখেতে ক’লে: কৰ্মৰ মূল হৈছে ইছলাম, ইয়াৰ স্তম্ভ হৈছে ছালাত আৰু ইয়াৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ। তাৰ পিছত তেখেতে ক’লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওক। তেখেতে নিজৰ জিভাক ধৰি ক’লে: ইয়াক সংযত ৰাখিবা। মই সুধিলোঁ: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাপ হ’ব নেকি? তেখেতে ক’লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চুঁচৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?
(তিৰমিজী)মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ, এদিনাখন পুৱাৰ ভাগত আমি গৈ থকা অৱস্থাতে মই তেখেতৰ ওচৰলৈ আহি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটা আমল শিকাই দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিম, আৰু জাহান্নামৰ পৰা ৰক্ষা পাম। তেখেতে ক'লেঃ তুমি মোক এনেকুৱা এটা ডাঙৰ আমল সম্পৰ্কে সুধিছা, যিটো কৰা নফচৰ বাবে বৰ কঠিন। কিন্তু আল্লাহে যাৰ বাবে সহজ কৰি দিয়ে, তাৰ বাবে সহজ। ইছলামৰ বাধ্যতামূলক ফৰজবোৰ পালন কৰা। প্ৰথমঃ একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। দ্বিতীয়ঃ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ প্ৰতিষ্ঠা কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। তৃতীয়ঃ ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থঃ ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা। পঞ্চমঃ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰিবলৈ, হজ্জৰ যাৱতীয় বিধান পালন কৰাৰ উদ্দেশ্যে মক্কালৈ গমন কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক এনেকুৱা পথৰ সন্ধান নিদিমনে? যিটো কল্যাণৰ দুৱাৰ খুলি দিব, সেয়া হৈছে, ফৰজৰ লগতে নফলসমূহ পালন কৰা। প্ৰথমঃ নফল ৰোজা ৰখা। এইটো হৈছে গুনাহত লিপ্ত হোৱাৰ পৰা বাধা প্ৰদানকাৰী প্ৰাচীৰ। ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয়। প্ৰতিৰোধ শক্তি বৃদ্ধি পায়। দ্বিতীয়ঃ নফল চাদাক্বাহ কৰা। ইয়াৰ ফলত গুনাহ মোচন হয় আৰু ইয়াৰ প্ৰভাৱ দূৰ হয়। তৃতীয়ঃ ৰাতিৰ শেষ তৃতীয়াংশত তাহাজ্জুদ আদায় কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিলেঃ {تتجافى جنوبهم} তেওঁলোকে নিজৰ শৰীৰক আঁতৰত ৰাখে। {عن المضاجع} বিছনাৰ পৰা। {يدعون ربهم} তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰে, নামাজ, জিকৰ-আজকাৰ, তিলাৱত আৰু দুআৰ জৰিয়তে। {خوفا وطمعا ومما رزقناهم ينفقون، فلا تعلم نفس ما أخفي لهم من قرة أعين} ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে! অৰ্থাৎ জান্নাত কি কি নিয়ামত ৰখা হৈছে। {جزاء بما كانوا يعملون} এইবোৰ হৈছে তেওঁলোকৰ আমলৰ প্ৰতিফল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক দ্বীনৰ মূল বিষয় সম্পৰ্কে অৱগত কৰামনে? আৰু সেই খুঁটা সম্পৰ্কে যিটোৰ ওপৰত ই নিৰ্ভৰ কৰে? তথা ইয়াৰ উচ্চ শৃংগ সম্পৰ্কে? মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নিশ্চয়, হে আল্লাহৰ ৰাছুল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ইছলামৰ মূল বিষয় হৈছে শ্বাহাদাতাইন (দুটা সাক্ষ্য)। এই দুটাই হৈছে মানুহৰ ধৰ্মৰ মূল। ইয়াৰ খুঁটা হৈছেঃ নামাজ। নামাজ অবিহনে কোনেও মুছলিম হ'ব নোৱাৰে। যিদৰে খুঁটা নোহোৱাকৈ ঘৰ টিকি থাকিব নোৱাৰে। এতেকে যিয়ে নামাজ পঢ়ে তেওঁ নিজৰ দ্বীন শক্তিশালী কৰে আৰু সুউচ্চ কৰে। এইদৰে ধৰ্মৰ উচ্চ শৃংগ হৈছে জিহাদ। আল্লাহৰ কলিমা সুউচ্চ ৰাখিবলৈ ধৰ্মৰ শত্ৰুসকলৰ সৈতে সৰ্বতো প্ৰকাৰে সংগ্ৰাম কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মই তোমাক উপৰোক্ত বিধানবোৰ মজবুতকৈ আয়ত্তত ৰখাৰ উপায় দিমনে? ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জিভাক ধৰি ক'লে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবা, অলাগতিয়াল অপ্ৰয়োজনীয় কোনো কথা নক'বা। মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি কোৱা প্ৰতিটো কথাৰেই মহান আল্লাহে হিচাপ-নিকাচ ল'ব নেকি তথা শাস্তি বিহিব নেকি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ মাকে তোমাক হেৰুৱাওক। এইটো কোনো বদ্দুআ নহয়। দৰাচলতে এইটো হৈছে আৰবীয়ানসকলৰ এটা বাকধাৰা, কোনো এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে অৱগত কৰাবলৈ তেওঁলোকে এনেকুৱা প্ৰবাদ বাক্য ব্যৱহাৰ কৰে। ইয়াৰ পিছত তেখেতে কৈছেঃ তুমি নাজানানে যে, জিভাৰ ফচলৰ কাৰণেই মানুহক নাক চুঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ'ব, কুফৰী কৰাৰ কাৰণে, অপবাদ, গালি শপনি, গীবত তথা সমালোচনা, চুগলি আৰু মিছা অভিযোগৰ কাৰণে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ "নিঃসন্দেহে আল্লাহে ভাল আৰু বেয়া কামক লিপিবদ্ধ কৰি ৰাখিছে। তাৰ পিছত তেওঁ এই ব্যাখ্যা কৰিছে যে, যি ব্যক্তিয়ে ভাল কামৰ বাবে দৃঢ় সংকল্প কৰে কিন্তু সেয়া সম্পন্ন কৰিব নোৱাৰে, তথাপিও আল্লাহে তাৰ বাবে পৰিপূৰ্ণ নেকী লিখি দিয়ে; আৰু দৃঢ় সংকল্প কৰাৰ পিছত, সি যদি সেয়া সম্পন্ন কৰে তেন্তে আল্লাহে তেওঁৰ নিজৰ ফালৰ পৰা তাৰ বাবে দহটা নেকীৰ পৰা আৰম্ভ কৰি সাতশ' লৈকে বৰং তাতোকৈ বেছি নেকী লিখি দিয়ে। ইয়াৰ বিপৰীতে, যদি কাৰোবাৰ বেয়া কামৰ বাসনা জাগে কিন্তু সেয়া কৰ্মত পৰিণত নকৰে, আল্লাহে তাৰ বাবে পৰিপূৰ্ণ নেকী লিখি দিয়ে; কিন্তু যদি সি তাৰ কামনা বাসনাক কামত পৰিণত কৰে, তেন্তে তাৰ বাবে এটা গুণাহ লিখি দিয়ে।"
رواه البخاري ومسلم في صحيحيهما بهذه الحروفৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, আল্লাহে গুনাহ আৰু নেকী পূৰ্বেই নিৰ্ধাৰণ কৰি ৰাখিছে, ইয়াৰ পিছত তেখেতে এই কথাও উল্লেখ কৰিছে যে, লিপিবদ্ধকাৰী ফিৰিস্তাদুজনে সেইবোৰক কেনেকৈ লিখিব। এতেকে যিয়ে কোনো নেক কাম কৰাৰ ইচ্ছা কৰে তথা সংকল্প কৰে, লগে লগে ইয়াৰ বিনিময়ত এটা নেকী লিপিবদ্ধ কৰা হয়, যদিও সি সেই কামটো কৰা নাই। কিন্তু যদি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে তেন্তে দহৰ পৰা সাতশ গুণ পৰ্যন্ত তাৰ নেকী বৃদ্ধি কৰা হয়, আনকি তাতকৈও অধিক। এই বৃদ্ধি তাৰ অন্তৰত থকা তাক্বৱা আৰু ইখলাচ তথা আনক উপকাৰ কৰা অনুপাতে বৃদ্ধি কৰা হয়। এইদৰে যিয়ে কোনো গুনাহ কৰাৰ ইচ্ছা পোষণ কৰিব, তাৰ পিছত আল্লাহৰ কথা মনত পেলাই সি যদি সেই কামটোক পৰিত্যাগ কৰে, তেন্তে ইয়াৰ বিনিময়ত তাৰ বাবে এটা পৰিপূৰ্ণ নেকী লিখা হ'ব। কিন্তু যদি কোনো ব্যস্ততাৰ কাৰণে সেই ইচ্ছাক কৰ্মত পৰিণত কৰিব নোৱাৰে তেন্তে তাক ছোৱাব প্ৰদান কৰা নহয়, আনহাতে যদি কোনোবাই অপাৰগতাৰ কাৰণে কৰিব পৰা নাই তেন্তে বিষয়টো তাৰ নিয়্যতৰ ওপৰত নিৰ্ভৰ কৰিব। পক্ষান্তৰে যদি সি সেই ইচ্ছাক কৰ্মত পৰিণত কৰে তেন্তে ইয়াৰ বিনিময়ত তাৰ আমলনামাত কেৱল এটা গুনাহ লিখা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছে: "যি ব্যক্তিয়ে মোৰ কোনো বন্ধুৰ লগত শত্ৰুতা কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মই মোৰ বান্দাৰ ওপৰত যি ফৰজ কৰিছোঁ, মোৰ বান্দাই তাৰ বাহিৰে বেলেগ কোনো পছন্দৰ বস্তুৰ দ্বাৰা মোৰ অধিক নিকটৱৰ্তী হ’ব নোৱাৰে। কিন্তু মোৰ বান্দাই নফল ইবাদতৰ সহায়ত মোৰ নিকটৱৰ্তী হ’বলৈ ধৰে, অৱশেষত মই তাক ভাল পাওঁ। এতেকে মই যেতিয়া তাক ভাল পাওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ; যাৰ দ্বাৰা সি শুনে, তাৰ চকু হৈ যাওঁ; যাৰ দ্বাৰা সি দেখে, তাৰ হাত হৈ যাওঁ; যাৰ দ্বাৰা সি ধৰে আৰু তাৰ ভৰি হৈ যাওঁ; যাৰ দ্বাৰা সি চলা-ফুৰা কৰে। সি যদি মোৰ ওচৰত কিবা বিচাৰে মই অৱশ্যে তাক দিওঁ। সি যদি মোৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, মই তাক অৱশ্যে আশ্ৰয় দান কৰোঁ।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছে কুদছীত কৈছে যে, সৰ্বশক্তিমান আল্লাহে কৈছেঃ যিয়ে মোৰ কোনো (অলী) প্ৰিয় বান্দাক কষ্ট দিব তথা ক্ৰোধান্বিত কৰিব বা ঘৃণা কৰিব, যিটো মই ভালদৰেই জানো, তাৰ সৈতে মই শত্ৰুতা ঘোষণা কৰিছোঁ। অলী কোৱা হয়, পৰহেজগাৰ মুমিন বান্দাক। বান্দাৰ ঈমান আৰু তাক্বৱা যি পৰিমাণে থাকিব, সেই পৰিমাণেই তেওঁ আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰ অংশ অৰ্জন কৰিব। মুছলিমে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ প্ৰয়াস কৰা সকলো আমলৰ ভিতৰত আল্লাহৰ দৃষ্টিত আটাইতকৈ প্ৰিয় আমলটো হৈছে তেওঁ ফৰজ কৰা নেক আমলসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থকা। ফৰজৰ লগতে নফলসমূহ নিয়মিতভাৱে আদায় কৰি যিয়ে আাল্লাহৰ নৈকট্য অন্বেষণ কৰে, তাক আল্লাহে মুহাব্বত কৰে। যেতিয়া আল্লাহে তাক মুহাব্বত কৰে, তেতিয়া তাৰ চাৰিটা অংগক আল্লাহে গুনাহৰ পৰা সুৰক্ষিত ৰাখে। শ্ৰৱণশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কথাই শুনে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তেওঁৰ দৃষ্টিশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেইটোৱে দেখে যিটোক আল্লাহে পছন্দ কৰে আৰু সন্তুষ্ট হয়। তাৰ হাতক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামেই কৰে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তাৰ ভৰিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামৰ বাবেই খোজকাঢ়ে যিটোক আল্লাহে পছন্দ কৰে, কল্যাণৰ বাহিৰে বেলেগ কোনো কাম কৰিবলৈ চেষ্টা নকৰে। ইয়াৰ ওপৰিও তেওঁ যদি আল্লাহৰ ওচৰত কিবা বিচাৰে তেন্তে আল্লাহে তেওঁক সেইটো প্ৰদান কৰে। ফলত তেওঁৰ দুআ কবূল কৰা হয়। এইদৰে যেতিয়া তেওঁ আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, তেতিয়া আল্লাহে তেওঁক হিফাজত কৰে আৰু আশ্ৰয় দিয়ে যিটোৰ পৰা তেওঁ আশ্ৰয় বিচাৰে।