





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জাহান্নামৰ জুইৰ তুলনাত পৃথিৱীৰ জুই হৈছে সত্তৰ ভাগৰ এভাগ মাত্ৰ। গতিকে আখিৰাতৰ জুই পৃথিৱীৰ জুইতকৈ ৬৯ গুণ অধিক উত্তাপ সম্পন্ন হ'ব। জাহান্নামৰ প্ৰতিটো অংশতে একে সমান উত্তাপ বিৰাজ কৰিব। এই কথা শুনি প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! জাহান্নামীসকলক শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ জুয়েই যথেষ্ট আছিল। তেখেতে কৈছেঃ জাহান্নামৰ জুইক পৃথিৱীৰ জুইতকৈ ৬৯ গুণ বেছি প্ৰাধান্য দিয়া হৈছে। সেয়ে প্ৰতিটো ঠাইতে ইয়াৰ উত্তাপ একে সমান থাকিব।
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিতঃ তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন জমাট বন্ধা ৰক্তপিণ্ড হিচাপে থাকে, তাৰ পিছৰ চল্লিশ দিন মাংসপিণ্ড ৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰা হয়। সেই ফিৰিস্তাক চাৰিটা কথা লিখিবলৈ নিৰ্দেশ দিয়া হয়। ফলত তেওঁ তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সি সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেইটো লিখি দিয়ে। ইয়াৰ পিছত তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায়। এতেকে তোমালোকৰ মাজৰ কোনোবাই জান্নাতবাসীৰ দৰে কাম কৰে - আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে। এইদৰে তোমালোকৰ মাজৰ কোনোবাই জাহান্নামীসকলৰ দৰে কাম কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক হাদীছ বৰ্ণনা কৰিছে, তেখেত হৈছে সত্যবাদী, লগতে তেখেত সত্যবাদী হিচাপে স্বীকৃত, সত্যবাদী হিচাপে আল্লাহে তেখেতক স্বীকৃতি দিছে। তেখেতে কৈছেঃ তোমালোকৰ সৃষ্টিৰ প্ৰথম অৱস্থা একত্ৰিত ৰূপত থাকে। অৰ্থাৎ পুৰুষ এজনে যেতিয়া স্ত্ৰীৰ সৈতে সহবাসত মিলিত হয়, তেতিয়া সেই বিক্ষিপ্ত বীৰ্য নাৰীৰ ৰেহেমত নুতফা আকাৰত ৰখা হয়। ইয়াৰ পিছত দ্বিতীয় চল্লিশ দিনলৈকে জমাট বন্ধা তেজ বা ৰক্তপিণ্ড হিচাপে থাকে। ইয়াৰ পিছত তৃতীয় চল্লিশ দিনলৈকে মুজগাহ হিচাপে বা মাংসপিণ্ড হিচাপে থাকে। এই তৃতীয় চল্লিশ দিন পাৰ হোৱাৰ পিছত আল্লাহে তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰে, তেওঁ তাৰ মাজত ৰূহ ফুঁ মাৰি দিয়ে বা প্ৰাণ সঞ্চাৰ কৰে। আৰু সেই ফিৰিস্তাজনক চাৰিটা বিষয় লিখিবলৈ নিৰ্দেশ দিয়া হয়, সেয়া হৈছেঃ তাৰ জীৱিকা, অৰ্থাৎ সি জীৱনত কিমান নিয়ামত অৰ্জন কৰিব তথা কিমান পৰিমাণ উপাৰ্জন কৰিব সেয়া লিখি দিয়ে। এইদৰে তাৰ বয়স লিখি দিয়া হয়, অৰ্থাৎ পৃথিৱীত কিমান দিনলৈ জীৱিত থাকিব সেয়া লিখি দিয়া হয়। এইদৰে সি কি কৰ্ম কৰিব সেইটোও লিখি দিয়ে। লগতে সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেই কথাও লিপিবদ্ধ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, কোনোবাই জান্নাতীসকলৰ দৰে আমল কৰে অৰ্থাৎ নেক আমল কৰে আৰু মানুহৰ দৃষ্টিত তেওঁ এজন পূণ্যৱান মানুহ হিচাপে পৰিগণিত হয়। আনকি সি ধাৰাবাহিকভাৱে এনেকৈ নেক আমল কৰি থাকে, অৱশেষত তাৰ আৰু জান্নাতৰ মাজত যেতিয়া এক হাত পৰিমাণ ব্যৱধান থাকে, তেতিয়া তাৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তাৰ ভাগ্যত লিখা হৈছে, ফলত তেতিয়া সি জাহান্নামীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু সেই কৰ্মৰ ওপৰতেই তাক মোহৰ মাৰি দিয়া হয়, সেয়ে সি জাহান্নামত প্ৰৱেশ কৰে। কাৰণ আমল কবূল হোৱাৰ চৰ্ত হৈছে, সেই পথত অবিচল থকা আৰু গতিপথ পৰিবৰ্তন নকৰা। আন এক প্ৰকাৰ ব্যক্তি হৈছে যিয়ে জাহান্নামীসকলৰ দৰে আমল কৰে, অৱশেষত তেওঁ জাহান্নামত প্ৰৱেশ কৰাৰ উপক্ৰম হয় অৰ্থাৎ তেওঁৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে। তেতিয়া তেওঁৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তেওঁৰ ভাগ্যত লিখা হৈছিল। ফলত তেওঁ জান্নাতীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু অৱশেষত জান্নাতত প্ৰৱেশ কৰে।
তাঊছ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইজনমান চাহাবীক লগ পাইছোঁ, তেওঁলোকে কৈছেঃ প্ৰতিটো বস্তুকে নিৰ্দিষ্ট মাত্ৰাত সৃষ্টি কৰা হৈছে। তেওঁ কৈছে, লগতে মই আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাক কোৱা শুনিছোঁ, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ প্ৰতিটো বস্তুকে নিৰ্দিষ্ট মাত্ৰাত সৃষ্টি কৰা হৈছে, আনকি অক্ষমতা আৰু বুদ্ধিমত্তাকো, অথবা বুদ্ধিমত্তা আৰু অক্ষমতাকো।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, আল্লাহে প্ৰতিটো বস্তুকে পৰিমিতভাৱে সৃষ্টি কৰিছে। আনকি অক্ষমতাকো, অৰ্থাৎ এনেকুৱা কৰ্মক পৰিত্যাগ কৰা যিটো কৰা অত্যন্ত জৰুৰী, সেইটো পালন কৰাৰ ক্ষেত্ৰত পলম কৰা, সেয়া দুনিয়াৱী বিষয় হওক বা আখিৰাত সম্পৰ্কীয়। এইদৰে বুদ্ধিমত্তাকো (নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰা হৈছে) অৰ্থাৎঃ দুনিয়াৱী আৰু আখিৰাত সম্পৰ্কীয় কামত দেখুৱা সক্ৰিয়তা আৰু উদ্যমতা আদিকো। নিশ্চয় আল্লাহে অক্ষমতা আৰু বুদ্ধিমত্তাকো তাক্বদীৰত লিপিবদ্ধ কৰি ৰাখিছে, আনকি সংঘটিত হ'বলগীয়া প্ৰতিটো বিষয় সম্পৰ্কে আল্লাহ আগৰ পৰাই অৱগত আৰু তেওঁৰ ইচ্ছা অনুসৰিহে সেইবোৰ সংঘটিত হয়।
মাত্বাৰ ইবনু উকামিছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: আল্লাহে যেতিয়া তেওঁৰ কোনো বান্দাৰ বাবে ফয়চালা দিয়ে যে, তাৰ অমুক ঠাইত মৃত্যু হ’ব, তেতিয়া সেই ঠাইলৈ যোৱাৰ বাবে তাৰ কাৰণে এটা প্ৰয়োজনো সৃষ্টি কৰি দিয়ে।
(তিৰমিজী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে যেতিয়া কোনো বান্দাৰ বাবে নিৰ্ধাৰণ কৰে যে, তাৰ অমুক ঠাইত মৃত্যু হ'ব, কিন্তু সি তাত নাথাকে, আল্লাহে তাক সেই ঠাইলৈ যোৱাৰ কাৰণে কোনো প্ৰয়োজন সৃষ্টি কৰি দিয়ে, ফলত সেই ঠাইলৈ যোৱাৰ পিছত তাৰ প্ৰাণহৰণ কৰা হয়।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ এদিনাখন আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, তেনেতে এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি প্ৰৱেশ কৰিলে, আৰু মছজিদ প্ৰাঙ্গনত উট ৰখাই বান্ধিলে। ইয়াৰ পিছত চাহাবাসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সেই সময়ত তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি ক'লোঃ এই যে, আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক ক'লেঃ হে আব্দুল মুত্তালিবৰ পুত্ৰ! নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, কোৱা কি ক'বলগীয়া আছে মই তোমাৰ উত্তৰ দি আছোঁ। সেই ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত কিছু কঠোৰতা অৱলম্বন কৰিম, কিন্তু আপুনি বেয়া নাপাব বা মোৰ প্ৰতি অসন্তুষ্ট নহ'ব। তেখেতে ক'লেঃ তোমাৰ যি সুধিবলগীয়া আছে সোধা। তেওঁ ক'লেঃ মই প্ৰথমেই সেই সত্ত্বাৰ শপত খাইছোঁ যিজন আপোনাৰ প্ৰতিপালক আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰো প্ৰতিপালক, আপোনাক আল্লাহে গোটেই মানৱজাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ প্ৰশ্ন কৰি ক'লেঃ আল্লাহৰ শপত খাই কৈছোঁ, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ পঢ়িবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ হয় নিশ্চয়, আল্লাহ সাক্ষী আছে। তেওঁ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, বছৰৰ এই (ৰমাজান) মাহত ৰোজা পালন কৰিবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, আমাৰ মাজৰ ধনী মানুহৰ পৰা জাকাত গ্ৰহণ কৰি অভাৱী দৰিদ্ৰ মানুহৰ মাজত ভগাই দিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। উত্তৰ পাই ব্যক্তিজনে ক'লেঃ আপুনি যি বাৰ্তা লৈ প্ৰেৰিত হৈছে মই তাৰ ওপৰত ঈমান আনিলোঁ। মই মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আগমন কৰিছোঁ। মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে সংবাদ দিছে যে, চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিল, হঠাৎ এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি মছজিদ প্ৰাঙ্গনত সোমাই আহিল আৰু উটটোক বহুৱাই বান্ধি থলে। ইয়াৰ পিছত সেই ব্যক্তিজনে চাহাবাসকলক সুধিলেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? সেই সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি সেই ব্যক্তিজনক ক'লোঁঃ সৌ আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক উদ্দেশ্যি ক'লেঃ হে আব্দুল মুত্তালিবৰ পুত্ৰ! নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনি আছোঁ, কি সুধিবলগীয়া আছে কোৱা, মই উত্তৰ দিম। ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই আপোনাক কেইটামান প্ৰশ্ন কৰিম, হয়তো এনেকুৱা প্ৰশ্নই আপোনাক বিৰক্ত কৰিব পাৰে, কিন্তু মই আগতীয়াকৈ কৈছোঁ মোৰ প্ৰতি আপুনি বেয়া পাব নালাগে। অৰ্থাৎ মোৰ ওপৰত খং নকৰিব আৰু সংকোচবোধ নকৰিব। তেখেতে ক'লেঃ কোৱা, কি সুধিব বিচৰা সোধা। ব্যক্তিজনে ক'লেঃ মই সেই সত্ত্বাৰ শপত খাই আপোনাক প্ৰশ্ন কৰিছোঁ, যিজন আপোনাৰো প্ৰতিপালক আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰো প্ৰতিপালক। কওকচোন, আল্লাহে আপোনাক গোটেই মানৱজাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছেনে? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। সত্যতা প্ৰমাণ কৰিবলৈ তেখেতে আল্লাহক সাক্ষী থোৱাৰ কথা কৈছে। ব্যক্তিজনে ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কওঁ, অৰ্থাৎ আল্লাহৰ ওৱাস্তে প্ৰশ্ন কৰোঁ যে, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ পঢ়িবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? অৰ্থাৎ ফৰজ নামাজসমূহ। তেখেতে ক'লেঃ হয়, এই ক্ষেত্ৰত আল্লাহ সাক্ষী আছে। ব্যক্তিজনে ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কওঁ যে, বছৰৰ এই মাহত ৰোজা পালন কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? অৰ্থাৎ ৰমজান মাহত। তেখেতে ক'লেঃ হয়, আল্লাহে নিৰ্দেশ দিছে। তেওঁ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কওঁ, আমাৰ মাজৰ ধনী মানুহৰ পৰা চাদাক্বাহ সংগ্ৰহ কৰি দুখীয়া দৰিদ্ৰ অভাৱী লোকৰ মাজত বণ্টন কৰাৰ বিষয়টো আল্লাহে নিৰ্দেশ দিছেনে? অৰ্থাৎ জাকাতৰ বিষয়টো। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হয়, আল্লাহে নিৰ্দেশ দিছে। ইয়াৰ পিছত জিমামে ইছলাম গ্ৰহণ কৰিলে। লগতে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে যে, তেওঁ শীঘ্ৰেই তেওঁৰ সম্প্ৰদায়ক ইছলামৰ পিনে আহ্বান কৰিব। লগতে তেওঁ নিজৰ পৰিচয় দাঙি ধৰি ক'লে যে, মই হৈছোঁ জিমাম ইবনে ছা'লাবাহ, মই ছাআদ বিন বকৰ গোত্ৰৰ পৰা আহিছোঁ।
ঝিয়াদ ইবনে লাবীদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিষয় বৰ্ণনা কৰিলে আৰু তাৰ পিছত ক'লেঃ এইটো ইল্ম উঠাই লোৱাৰ সময়ত সংঘটিত হ'ব। তেতিয়া মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! ইল্ম কেনেকৈ উঠাই লোৱা হ'ব? অথচ আমি কোৰআন পঢ়ি আছোঁ আৰু আমাৰ সন্তানসকলকো কোৰআন পঢ়াই আছোঁ, এইদৰে আমাৰ সন্তানসকলে তেওঁলোকৰ সন্তানসকলক শিকাব, আৰু এই ধাৰাবাহিকতা ক্বিয়ামত পৰ্যন্ত থাকিব, (তেনেস্থলত ইল্ম কেনেকৈ উঠাই লোৱা হ'ব?) তেখেতে ক'লেঃ হে ঝিয়াদ! তোমাৰ মাকে তোমাক হেৰুৱাওক (এইটো আৰবী ভাষাৰ এটা প্ৰবাদ)। মই তোমাক মদীনাৰ এজন বিজ্ঞ তথা জ্ঞানী ব্যক্তি বুলি ভাবিছিলোঁ। কোৱাচোন, এই ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্ম গ্ৰন্থ অধ্যয়ন নকৰেনে? কিন্তু তথাপিও সিহঁতে তাত থকা বিধান সম্পৰ্কে একো নাজানে।
(ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ মাজত বহি আছিল, তেতিয়াই তেখেতে কথা প্ৰসংগত ক'লেঃ এইটো সংঘটিত হ'ব সেই সময়ত যেতিয়া মানুহৰ পৰা ইল্ম উঠাই লোৱা হ'ব। এই কথা শুনি ঝিয়াদ বিন লাবীদ আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৱে আশ্চৰ্য প্ৰকাশ কৰিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইল্ম কেনেকৈ উঠাই লোৱা হ'ব আৰু কেনেকৈ ইল্ম আমাৰ পৰা নাইকিয়া হ'ব? অথচ আমি কোৰআন পাঠ কৰোঁ আৰু মুখস্থও কৰোঁ, আনকি আমি নিজে পঢ়োঁ, আমাৰ স্ত্ৰী আৰু সন্তানসকলক পঢ়োঁৱাওঁ, আৰু তেওঁলোকেও তেওঁলোকৰ সতি-সন্তানসকলক পঢ়াব। এই প্ৰশ্ন শুনি নবী চাল্লাল্লাহু আালইহি অছাল্লামেও আশ্চৰ্য প্ৰকাশ কৰিলে, আৰু আৰবী প্ৰবাদ বাক্যত ক'লে হে ঝিয়াদ তোমাৰ মাকে তোমাক হেৰাই পাওক। মইতো তোমাক মদীনাৰ এজন বিজ্ঞ আলিম বুলি ভাবিছিলোঁ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যাখ্যা কৰি ক'লেঃ ইল্ম নাইকিয়া হোৱাৰ অৰ্থ এইটো নহয় যে, কোৰআন নাইকিয়া হ'ব। ইল্ম নাইকিয়া হোৱাৰ অৰ্থ হৈছে আমল নাইকিয়া হ'ব। এয়া চোৱা, ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰত তাওৰাত আৰু ইঞ্জীল আছে, কিন্তু তথাপিও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাই, আৰু সিহঁতেও ইয়াৰ মূল উদ্দেশ্যৰ পৰা উপকৃত হ'ব পৰা নাই। অৰ্থাৎ সিহঁতে সেই ইল্ম মুতাবিক আমল কৰা নাই।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে। ইয়াৰ পিছত তেখেত মক্কাত ১৩ বছৰ অৱস্থান কৰিছে, তাৰ পিছত তেখেতক হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ফলত তেখেত মদীনালৈ হিজৰত কৰিছে আৰু তাত ১০ বছৰ অৱস্থান কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া প্ৰথম অহী অৱতীৰ্ণ হৈছে তথা তেখেতক যেতিয়া নুবুওৱত প্ৰদান কৰা হৈছে তেতিয়া তেখেতৰ বয়স আছিল চল্লিশ বছৰ। অহী লাভ কৰাৰ পিছত তেখেতে মক্কাত ১৩ বছৰ অৱস্থান কৰিছিল। ইয়াৰ পিছত তেখেতক মদীনালৈ হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াত আহি তেখেতে ১০ বছৰ সময় অৱস্থান কৰাৰ পিছত ৬৩ বছৰ বয়সত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হয়।
ক্বাতাদাহ ৰাহিমাহুল্লাহে কৈছেঃ আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক হাদীছ বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ নবী! ক্বিয়ামতৰ দিনা কেনেকৈ কাফিৰসকলক মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? তেখেতে ক'লেঃ যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? (এই হাদীছ বৰ্ণনাৰ পিছত) ক্বাতাদাই কৈছেঃ নিশ্চয় পাৰিব, আমাৰ প্ৰতিপালকৰ সন্মানৰ শপত।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'লঃ কেনেকৈ কাফিৰসকলক কিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যি সত্ত্বাই পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমাতাৱান।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ খুৰাক ক'লেঃ আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম। তেওঁ কৈছেঃ কুৰাইশ্বসকলে যদি এই কথা কৈ মোক নিন্দা নকৰিলেহেঁতেন যে, আবু তালিব ভয়তে এই কথা স্বীকাৰ কৰিছে, তেন্তে নিশ্চয় মই ইয়াক স্বীকাৰ কৰি তোমাৰ চকু জুৰ পেলালোহেঁতেন। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {إِنَّكَ لا تَهْدِي مَنْ أَحْبَبْتَ وَلَكِنَّ اللهَ يَهْدِي مَنْ يَشَاءُ } [القصص: 56] নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায়। (ছুৰা ক্বাচাচঃ ৫৬)
(মুছলিম)আবু তালিব মৃত্যুশয্যাত থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ কৰিবলৈ ক'লে, যাতে ক্বিয়ামতৰ দিনা তেখেতে তেওঁৰ সপক্ষে ছুপাৰিছ কৰিব পাৰে, আৰু তেওঁ ইছলাম গ্ৰহণ কৰা বুলি সাক্ষ্য দিব পাৰে। কিন্তু কুৰাইশ্বে তেওঁক গালি পাৰিব বা নিন্দা কৰিব বুলি ভয়তে তেওঁ ইয়াক স্বীকাৰ নকৰিলে। সিহঁতে তেওঁৰ বিষয়ে ক'ব যে, মৃত্যুৰ ভয়ত দুৰ্বল হৈ ইছলাম গ্ৰহণ কৰিছে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, যদি এই আশংকা নাথাকিলহেঁতেন তেন্তে নিশ্চয় মই ইয়াৰ স্বীকাৰোক্তি প্ৰদান কৰি তোমাৰ অন্তৰক আনন্দিত কৰিলোঁহেঁতেন আৰু তোমাৰ আশা পূৰণ কৰিলোঁহেঁতেন। ইয়াৰ পিছত আল্লাহে আয়াত অৱতীৰ্ণ কৰি সকলোকে অৱগত কৰালে যে, হিদায়তৰ তাওফীক আপোনাৰ হাতত নাই। বৰং এইটো একমাত্ৰ আল্লাহৰ হাততহে আছে, তেওঁ যাক ইচ্ছা কৰে তাকহে হিদায়ত দিয়ে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল পথ দেখুৱায় তথা বিতংভাৱে বৰ্ণনা কৰি চিৰাতে মুস্তাক্বীমৰ প্ৰতি আহ্বান কৰে।