





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাবিত ইবনু কায়েছক তেখেতৰ বৈঠকত অনুপস্থিত পালে। তেতিয়া এজন চাহাবীয়ে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই তেওঁৰ বিষয়ে জানকাৰী আনি দিব পাৰিম। ইয়াৰ পিছত সেই চাহাবীজন তেওঁৰ ঘৰলৈ আহি দেখিলে যে, ছাবিত মূৰ নত কৰি বহি আছে। তেওঁ সুধিলেঃ হে ছাবিত! কি হৈছে তোমাৰ? ছাবিতে ক'লেঃ অত্যন্ত বেয়া। দৰাচলতে ছাবিতৰ আৱাজ উচ্চ আছিল, তেওঁ কথা ক'লে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱাজতকৈ তেওঁৰ আৱাজ বেছি ওখ হৈছিল। সেইকাৰণে তেওঁ ভাবিছিল যে, তেওঁৰ সকলো আমল বিনষ্ট হৈ গৈছে, আৰু তেওঁ জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হৈছে। তেওঁৰ এই কথা শুনি চাহাবীজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি জনালে যে, তেওঁ এই এই কথা কৈছে। ইয়াৰ পিছত সেই চাহাবীজনক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা মহা সুসংবাদ দি প্ৰেৰণ কৰি ক'লে যে, "তুমি গৈ তাক কোৱাগৈ যে, তুমি জাহান্নামী নহয়, বৰং তুমি হৈছা জান্নাতী।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বৈঠকত ছাবিত ইবনে কায়েছক অনুপস্থিত পালে, সেয়ে তেখেতে তেওঁৰ বিষয়ে উপস্থিত লোকসকলক সুধিলে। এজনে ক'লে যে, মই তেওঁৰ বিষয়ে খবৰ আনি দিব পাৰিম, তেওঁ কিয় অনুপস্থিত। ফলত সেই ব্যক্তিজন তেওঁৰ ঘৰলৈ গ'ল আৰু দেখা পালে যে, তেওঁ চিন্তামনে মূৰ নত কৰি বহি আছে। সেই ব্যক্তিজনে তেওঁক সুধিলেঃ তোমাৰ কি হৈছে? ছাবিত ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰত তেওঁৰ অসুবিধাৰ কথাখিনি বিৱৰি ক'লে যে, তেওঁৰ আৱাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱাজতকৈ উচ্চ, আনহাতে আল্লাহে নবীৰ আৱাজৰ ওপৰত কাৰো আৱাজ উঠিলে আমল বাতিল হোৱাৰ প্ৰতিশ্ৰুতি দিছে, এই হিচাপত তেওঁ জাহান্নামী হ'ব। এই কথা শুনি ব্যক্তিজন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ উভতি আহিল আৰু তেখেতক সকলো কথা বিৱৰি ক'লে। ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনক আকৌ ছাবিতৰ ওচৰলৈ এটা মহাসুসংবাদ দি প্ৰেৰণ কৰিলে যে, তেওঁ জাহান্নামী নহয়, বৰং তেওঁ হৈছে জান্নাতী। তেওঁৰ আৱাজ জন্মগতভাৱেই উচ্চ আছিল, তেওঁ আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খতীব আৰু আনচাৰসকলৰ খতীব।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নামাজৰ আজান শুনিব, তেওঁ মুআজ্জিনৰ পিছে পিছে সেইখিনি কথাকে ক'ব লাগে যিখিনি কথা মুআজ্জিনে কয়, কেৱল হাই আলাচ্ছালাহ আৰু হাই আলাল ফালাহৰ বাহিৰে। কিয়নো ইয়াৰ পিছত "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। আজান শেষ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব লাগে। কাৰণ যিয়ে তেখেতৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত বৰ্ষণ কৰে। এইদৰে বান্দাৰ প্ৰতি আল্লাহৰ চালাতৰ অৰ্থ হৈছে, আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত বান্দাৰ প্ৰশংসা কৰে। ইয়াৰ পিছত তেখেতে আল্লাহৰ ওচৰত তেখেতৰ বাবে অছীলাহ তলব কৰিবলৈ কৈছে। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ তথা সুউচ্চ স্থান। সেইখন কেৱলমাত্ৰ এজন বান্দাইহে লাভ কৰিব। তেখেতে কৈছে, আশা কৰোঁ সেইজন কিজানি ময়ে হম। এই কথাষাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বিনয় সহকাৰে কৈছিল। কিয়নো সেই উচ্চ স্থান যদি কেৱল এজন বান্দাৰ বাবেই নিৰ্দিষ্ট হয়, তেন্তে সেইখন তেখেতৰ বাহিৰে আন কাৰো হ'বই নোৱাৰে, কাৰণ তেখেত হৈছে সকলো সৃষ্টিৰ মাজত সৰ্বোৎকৃষ্ট। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰিব, তেওঁ তেখেতৰ শ্বাফাআত অৰ্জন কৰিব।
উছমান ইবনে আবিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চয়তানে মোৰ আৰু মোৰ নামাজ তথা কিৰাতৰ মাজত বাধা সৃষ্টি কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।" তেওঁ কৈছেঃ ইয়াৰ পিছত মই এইটো পদ্ধতি অৱলম্বন কৰিলোঁ, ফলত আল্লাহে ইয়াক মোৰ পৰা আঁতৰাই দিলে।
(মুছলিম)উছমান ইবনে আবিল আচ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! নামাজত চয়তানে মোক তিলাৱত কৰাত বাধা সৃষ্টি কৰে, লগতে খুশ্বু খুজু অৱলম্বনতো বাধা দিয়ে, আনকি কিৰাত পঢ়াৰ সময়ত মোক সন্দেহত পেলায়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ সেইটো হৈছে চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি এই চয়তানৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। লগতে অকণমান থু সহকাৰে তিনিবাৰ বাওঁফালে থু থু দিবা। উছমানে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিকোৱাই দিয়া এই পদ্ধতিটো অৱলম্বন কৰাত আল্লাহে মোৰ পৰা সেই চয়তানটোক আঁতৰাই দিলে।
আব্বাছ বিন আব্দুল মুত্তালিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ সেই ব্যক্তিয়ে ঈমানৰ সোৱাদ লাভ কৰিছে, যিয়ে (আন্তৰিকতাৰে) আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানি লৈ সন্তুষ্ট হৈছে।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে সততাৰ সৈতে ঈমান পোষণ কৰিছে, তথা এই ক্ষেত্ৰত যাৰ অন্তৰ সন্তুষ্ট হৈছে, তেওঁ নিশ্চয় নিজৰ অন্তৰত প্ৰশস্ততা অনুভৱ কৰিব, আৰু আনন্দ অনুভৱ কৰিব, লগতে আল্লাহৰ নৈকট্যৰ মিঠা সোৱাদ অনুভৱ কৰিব, যদি তেওঁ এই তিনিটা ক্ষেত্ৰত সন্তুষ্ট হয়ঃ প্ৰথমঃ যদি আল্লাহক ৰব্ব হিচাপে পাই সন্তুষ্ট হৈছে, আৰু সেয়া হৈছে আল্লাহৰ ফালৰ পৰা পোৱা নিয়ামতেৰে তেওঁৰ অন্তৰ যাতে পৰিপূৰ্ণ হয়, মহান প্ৰতিপালকৰ ইচ্ছা অনুসৰি জীৱিকা আৰু পৰিস্থিতিৰ বিতৰণৰ ক্ষেত্ৰত তেওঁৰ হৃদয়ত যাতে কোনো আপত্তি নাথাকে। লগতে আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক সন্ধান নকৰে। দ্বিতীয়ঃ যদি ইছলামক দ্বীন হিচাপে পাই সন্তুষ্ট হৈছে। অৰ্থাৎ যিয়ে ইছলামৰ দায়িত্ব আৰু কৰ্তব্য আন্তৰিকতাৰে পালন কৰে, লগতে ইছলামৰ বাহিৰে আন কোনো পথ অনুসন্ধান নকৰে। তৃতীয়ঃ যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে পাই সন্তুষ্ট হৈছে। অৰ্থাৎ যিয়ে কোনো ধৰণৰ সন্দেহ সংশয় নকৰাকৈ ৰাছুলে লৈ অহা প্ৰতিটো বিধান আন্তৰিকতাৰে মানি লৈছে তথা যিয়ে ৰাছুলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন নকৰে।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত সতৰ্ক কৰিছে যে, যদি চাৰিটা দোষ কোনো মুছলিমৰ ভিতৰত পোৱা যায়, তেন্তে ইয়াৰ কাৰণে সি মুনাফিকৰ দৰে গণ্য হয়। কিন্তু এই দোষবোৰে যদি তাক বেছি প্ৰভাৱিত কৰে তেতিয়াহে সি ইয়াৰ অন্তৰ্ভুক্ত হ'ব, অন্যথা কেতিয়াবা কেতিয়াবা এনেকুৱা দোষ হ'লে সেইটো ইয়াৰ অন্তৰ্ভুক্ত নহয়। সেই দোষবোৰ হৈছেঃ প্ৰথমঃ জানি বুজি মিছা কথা কোৱা, সত্য কথা নোকোৱা। দ্বিতীয়ঃ যেতিয়া কোনো চুক্তি কৰে তেতিয়া সেইটো পূৰা নকৰে, বিশ্বাসঘাতকতা কৰে। তৃতীয়ঃ যেতিয়া কোনো প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া সেইটো পালন নকৰে, বৰং ভংগ কৰে। চতুৰ্থঃ যেতিয়া কাৰোবাৰ লগত তৰ্কত লিপ্ত হয় বা কাজিয়া কৰে তেতিয়া গালি শপনি পাৰিবলৈ ধৰে, আৰু সত্যৰ পৰা আঁতৰি যায়। আনকি প্ৰতিপক্ষক পৰাজিত কৰিবলৈ বাতিলৰ সহায় লয়, লগতে অসত্য আৰু মিছা কথা কয়। নিফাক হৈছে, ভিতৰত এটা আৰু বাহিৰত এটা প্ৰকাশ কৰা, এইবোৰ বৈশিষ্ট্য থকা লোকৰ ক্ষেত্ৰতো এইটো অৰ্থই প্ৰযোজ্য, কাৰণ সি কথা কোৱাৰ ক্ষেত্ৰত, প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত, আমানতৰ ক্ষেত্ৰত আৰু মানুহৰ লগত কৰা চুক্তিৰ ক্ষেত্ৰত এইটোৱে কৰে। আনহাতে ইছলামত মুনাফিক কোৱা হয় সেই ব্যক্তিক, যিয়ে অন্তৰত কুফৰী গোপন ৰাখে আৰু নিজকে মুছলিম বুলি পৰিচয় দিয়ে। এতেকে এনেকুৱা বৈশিষ্ট্যবোৰ যদি কোনো এটা বৈশিষ্ট্য কাৰো ভিতৰত থাকে তেন্তে সেইটো নিফাকৰ বৈশিষ্ট্য থকা বুলি বিবেচিত হ'ব, যেতিয়ালৈকে সি সেইটো পৰিত্যাগ নকৰে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে আতা ইবনে ৰাবাহক কৈছিল যে, মই তোমাক এজনী জান্নাতী মহিলা দেখুৱামনে? তেওঁ ক'লেঃ হয়, নিশ্চয়। সৌ কৃষ্ণাংগ হাবশ্বী মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মোৰ মৃগীৰোগ বা মূৰ্ছাৰোগ আছে। সেয়ে যেতিয়া মই সেই ৰোগত আক্ৰান্ত হওঁ তেতিয়া মোৰ শৰীৰৰ কিছুমান অংগ উন্মুক্ত হয়, এইটো হয় মোৰ অজানিতে। গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, তেওঁ যেন মোক এই বেমাৰৰ পৰা আৰোগ্য প্ৰদান কৰে। তেতিয়া তেখেতে ক'লেঃ তুমি ইচ্ছা কৰিলে ধৈৰ্য্য ধাৰণ কৰিব পাৰা, তেন্তে তোমাৰ বাবে জান্নাত আছে। অন্যথা মই তোমাৰ বেমাৰ নিৰাময়ৰ বাবে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ। মহিলাজনীয়ে ক'লেঃ তেন্তে মই ধৈৰ্য্য ধাৰণ কৰিম। ইয়াৰ পিছত মহিলাজনীয়ে ক'লেঃ তেন্তে আপুনি মোৰ বাবে কেৱল এইটো দুআ কৰি দিয়ক যে, মই মূৰ্ছা যোৱাৰ সময়ত যাতে বিবস্ত্ৰ হৈ নাযাওঁ। তেতিয়া তেখেতে আল্লাহৰ ওচৰত তাইৰ বাবে দুআ কৰি দিলে।
উম্মে দাৰদা আৰু আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ভাতৃৰ অনুপস্থিতিত মুছলিম ভাতৃৰ দুআ লগে লগে কবূল হয়। তেওঁৰ মূৰৰ কাষত এজন ফিৰিস্তা নিয়োজিত থাকে, যেতিয়া তেওঁ নিজৰ ভাতৃৰ বাবে কোনো কল্যাণমূলক দুআ কৰে, তেতিয়া ফিৰিস্তাজনে কয়ঃ আমীন, লগতে তোমাকো অনুৰূপ দান কৰক।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা উল্লেখ কৰিছে যে, এজন মুছলিম ব্যক্তিয়ে তাৰ ভাতৃৰ অনুপস্থিতিত কৰা দুআ মহান আল্লাহে কবূল কৰে। কাৰণ এইটো হৈছে উচ্চ পৰ্যায়ৰ ইখলাচ। লগতে দুআকাৰী ব্যক্তিৰ মূৰৰ ওচৰত এজন ফিৰিস্তা নিযুক্ত থাকে, যেতিয়াই দুআকাৰীয়ে কোনো কল্যাণমূলক দুআ কৰে, তেতিয়া সেই নিয়োজিত ফিৰিস্তাজনে আমীন বুলি কয়। লগতে কয় যে, তোমাৰ বাবেও সেইটোৱে কবূল হওক যিটো তুমি দুআ কৰিছা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় স্থান হৈছে মছজিদ। কিয়নো এইটো হৈছে ইবাদতৰ ঘৰ আৰু ইয়াৰ ভেটি স্থাপন হৈছে তাক্বৱাৰ (আল্লাহভীতিৰ) ওপৰত। আনহাতে আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণিত স্থান হৈছে বজাৰ। কাৰণ ইয়াত বেছিভাগ সময়তে ঠগ-প্ৰৱঞ্চনা, প্ৰতাৰণা, সুত, মিছা শপত, প্ৰতিশ্ৰুতি ভংগ আৰু আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ঘটনা সংঘটিত হৈ থাকে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে তাৰ ভাতৃৰ প্ৰতি কোনো অন্যায় কৰিছে, নাইবা তাৰ মান হানি কৰিছে, অথবা বেলেগ কোনো ক্ষতি কৰিছে, সি যেন আজিয়েই তাৰ ওচৰত ক্ষমা বিচাৰে, সেই দিৱসটো অহাৰ আগতে যিদিনা দীনাৰ (স্বৰ্ণমুদ্ৰা) আৰু দিৰহাম (ৰূপমুদ্ৰা) নাথাকিব। সেইদিনা তাৰ আমলনামাত যদি নেক আমল থাকে তেন্তে তাৰ অন্যায়ৰ পৰিমাণ অনুসৰি তাৰ পৰা নেক আমল কাঢ়ি লোৱা হ’ব। আনহাতে যদি তাৰ কোনো সৎকৰ্ম নাথাকে, তেন্তে প্ৰতিপক্ষৰ আমলনামাৰ পৰা গুনাহ লৈ তাৰ ওপৰত চপাই দিয়া হ’ব।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, যিয়ে কোনো মুছলিম ভাতৃৰ মান-সন্মান, ধন-সম্পদ বা তেজ সম্পৰ্কীয় কোনো অধিকাৰ খৰ্ব কৰিছে তথা তাৰ প্ৰতি অন্যায় কৰিছে, সি যেন পৃথিৱীত থাকোঁতেই (অৰ্থাৎ মৃত্যুৰ আগতেই) তাৰ ওচৰত ক্ষমা খুজি সেই গুনাহ মাফ কৰাই লয়। কিয়নো যিদিনা কিয়ামত আহিব, সেইদিনা সোণৰ মুদ্ৰা দ্বীনাৰ বা ৰূপৰ মুদ্ৰা দিৰহাম আদি কোনো উপকাৰ নকৰিব, তথা সেইবোৰৰ দ্বাৰা মুক্তিপণ আদায় কৰিব পৰা সুযোগ নাথাকিব। সেইদিনা প্ৰতিশোধ হ'ব কেৱল সৎকৰ্ম আৰু বেয়া কৰ্ম আদান-প্ৰদানৰ মাধ্যমত। উদাহৰণস্বৰূপে নিৰ্যাতিত ব্যক্তিয়ে অন্যায়কাৰী ব্যক্তিৰ আমলনামাৰ পৰা নিৰ্যাতনৰ সমপৰিমাণ নেকী লাভ কৰিব। কিন্তু যদি অন্যায়কাৰী ব্যক্তিৰ আমলনামাত কোনো নেক আমল নাথাকে, তেন্তে অন্যায়কাৰী ব্যক্তিয়ে সেই পৰিমাণ গুনাহ নিৰ্যাতিত ব্যক্তিৰ আমলনামাৰ পৰা বহন কৰিব।