Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
মুআজা আল-আদাৱিয়্যা নামক এজনী নাৰীয়ে উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলে যে, মাহেকীয়া অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা পালন কৰে কিন্তু নামাজৰ কাজা কিয় পালন নকৰে? তেতিয়া তেওঁ উত্তৰত ক'লেঃ তুমি খাৰিজি হাৰূৰিয়্যা নেকি, যিসকল হঠকাৰী স্বভাৱৰ হয় তথা কঠোৰতা অৱলম্বন কৰিবলৈ অত্যাধিক প্ৰশ্ন কৰে? মই ক'লোঁ, মইতো হাৰূৰিয়্যা নহয়। মই কেৱল এটা প্ৰশ্নহে কৰিছোঁ। তেতিয়া তেওঁ উত্তৰত ক'লেঃ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জামানাত যেতিয়া মাহেকীয়া অৱস্থাত থাকিছিলোঁ, তেতিয়া আমাক কেৱল ৰোজা কাজা কৰাৰ নিৰ্দেশ দিয়া হৈছিল, নামাজৰ কাজাৰ নিৰ্দেশ দিয়া হোৱা নাছিল।
হাদীছটোত উল্লেখ হৈছে যে, উম্মু ক্বাইছ বিন্তে মিহছান ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তেওঁৰ এটি শিশু পুত্ৰক লৈ আহিছিল, সেই শিশুটো তেতিয়ালৈকে পানাহাৰ কৰা বয়সত উপনীত হোৱা নাছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটোক নিজৰ কোলাত বহুৱাই ল'লে, ক্ষন্তেক পিছতেই শিশুটো তেখেতৰ কাপোৰত প্ৰস্ৰাৱ কৰিলে। তেখেতে পানী আনিবলৈ দিলে, আৰু সেই পানী তেখেতে নিজৰ কাপোৰত ছটিয়াই ল'লে, তেখেতে শিশুৰ প্ৰস্ৰাৱ লগা সেই ঠাইখিনি ধোৱা নাছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এজন ব্যক্তি আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি কোনো ব্যক্তিয়ে মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে, তেন্তে মই কি কৰা উচিত? তেখেতে ক'লেঃ তুমি আত্মসমৰ্পণ নকৰিবা আৰু তোমাৰ সম্পদো তাক গতাই নিদিবা। তেওঁ আকৌ সুধিলেঃ সি যদি মোৰ সৈতে কাজিয়া কৰে তথা মাৰপিট কৰে? তেখেতে ক'লেঃ তেন্তে তুমিও কাজিয়া কৰিবা, মাৰধৰ কৰিবা, এইটো তোমাৰ বাবে বৈধ? তেওঁ পুনৰ সুধিলেঃ সি যদি মোক হত্যা কৰে? তেখেতে ক'লেঃ তেন্তে তুমি শ্বহীদ হ'বা। তেওঁ আকৌ সুধিলেঃ আনহাতে মই যদি তাক হত্যা কৰোঁ? তেখেতে ক'লেঃ তেন্তে সি কিয়ামতৰ দিনা জাহান্নামৰ শাস্তি পোৱাৰ উপযুক্ত হিচাপে গণ্য হ'ব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰৰ ওপৰত থিয় হৈ চাদাক্বাহ আৰু খুজি মাগি খোৱাৰ পৰা বিৰত থকা সম্পৰ্কে খুতবা প্ৰদান কৰি ক'লেঃ ওপৰৰ দানকাৰী আৰু ব্যয়কাৰী হাতখন আল্লাহৰ ওচৰত তলৰ ভিখাৰী হাততকৈ উত্তম তথা প্ৰিয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতৰ দুৱাৰসমূহৰ মাজত এনেকুৱা এটা দুৱাৰ আছে, যাৰ নাম হৈছে বাবুৰ ৰায়্যান। কিয়ামতৰ দিনা এই দুৱাৰেৰে কেৱল ৰোজাদাৰ সকলেহে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে বেলেগ কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকৰ বাবে ঘোষণা কৰা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে সেই দুৱাৰেৰে প্ৰৱেশ কৰিব, বেলেগ কোনেও সোমাব নোৱাৰিব। তেওঁলোকৰ মাজৰ সৰ্বশেষ ব্যক্তিজন যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া সেই দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত বৰ্ণনা কৰিছে যে, মানুহে যিকোনো কাম কৰি নিজে উপাৰ্জন কৰি খোৱা উচিত, যদিও সেয়া খৰি বিচাৰি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰিবলগীয়াই নহওক কিয়। তেওঁ সেই টকাৰে জীৱন-যাপন কৰা উচিত আৰু দান খয়ৰাত কৰা উচিত, লগতে মানুহৰ মুখাপেক্ষী হোৱাৰ পৰা বিৰত থকা উচিত তথা ভিক্ষাবৃত্তি পৰিত্যাগ কৰা উচিত। মানুহে দিয়ক বা নিদিয়ক, মানুহৰ ওচৰত খুজি মাগি খোৱাতকৈ এইটো কৰাই বেছি উত্তম। কাৰণ মানুহৰ ওচৰত খুজি মাগি খোৱাটো হৈছে এটা অপমানজনক কৰ্ম। মুমিন হৈছে সন্মানীয় ব্যক্তি, লাঞ্ছিত বা অপমানিত হ'বলগীয়া নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিম ভাতৃক সহায় কৰিবলৈ নিৰ্দেশ দিছে, সি জালিম হওক বা মজলুম। এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল (ﷺ), যদি সি মজলুম (অত্যাচাৰিত) হয়, তেন্তে মই তাক সহায় কৰি তাৰ ওপৰত হোৱা অন্যায় দূৰ কৰিম। কিন্তু যদি সি নিজেই এজন জালিম (অত্যাচাৰী) হয়, তেন্তে মই তাক কেনেকৈ সহায় কৰিম? তেখেতে উত্তৰ দিলে: "তুমি তাক বাধা দিবা, তাৰ হাতত ধৰি তাক অন্যায়ৰ পৰা বিৰত ৰাখিবা, আৰু অন্যায় কৰিবলৈ নিদিবা। এইটোৱে হৈছে তাক চয়তানী স্বভাৱৰ পৰা আৰু তাৰ নফচৰ (কু-প্ৰবৃত্তিৰ) বিৰুদ্ধে তাক সহায় কৰা হ’ব—যি প্ৰবৃত্তিয়ে তাক বেয়া কাম কৰিবলৈ উচটনি দিয়ে।
হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ ৰেচমৰ এটা কাপোৰ বা এটুকুৰা ৰেচমৰ বস্ত্ৰ বাওঁ হাতত লৈ, আৰু সোঁ হাতত সোণৰ এটা অলংকাৰ লৈ ঘোষণা কৰিলে যে, ৰেচম আৰু সোণ পুৰুষসকলে পৰিধান কৰা হাৰাম। আনহাতে নাৰীসকলৰ বাবে বৈধ।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনক সিহঁতে প্ৰচণ্ড ৰ'দৰ পৰা ছাঁ কৰি আছে, যাতে অধিক পিয়াহ নালাগে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা ৰাখিছে। তেতিয়া তেখেতে ক'লেঃ ছফৰত ৰোজা ৰখাটো কোনো ছোৱাবৰ কাম নহয়। মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।