





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ৰাফে বিন খাদীজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিলোঁ। উপস্থিত লোকসকল ভোকাতুৰ অৱস্থাত আছিল। ইপিনে আমাৰ ওচৰত কিছুমান উট আৰু ছাগলী যুদ্ধ লব্ধ সম্পদ হিচাপে আছিল। তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সেনা বাহিনীৰ একেবাৰে পিছফালে। মানুহে (ভোকৰ তাড়নাত) অলপ খৰখেদা কৰিলে, আৰু যুদ্ধত লাভ কৰা পশু ধৰি জবেহ কৰিলে আৰু পাত্ৰ চৌকাত উঠাই দিলে। পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশত সেই পাত্ৰবোৰ চৌকাৰ পৰা নমাই ওলটাই দিয়া হ'ল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধলব্ধ সম্পদ বণ্টন কৰা আৰম্ভ কৰিলে। দহটা ছাগলীক এটা উটৰ সমান ভাগ কৰিলে। হঠাৎ যুদ্ধ লব্ধ এটা উট পলায়ন কৰিলে। চাহাবাসকলে উটটোক ধৰিবলৈ বহুত চেষ্টা কৰিলে কিন্তু উটটোৱে তেওঁলোকক ক্লান্ত কৰি পেলালে। সেই সময়ত তেওঁলোকৰ ওচৰত খুবেই কম সংখ্যক ঘোঁৰা আছিল। অৱশেষত তেওঁলোকৰ মাজৰ কোনোবাই এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহে উটটোক ৰখাই দিলে। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজতো কেতিয়াবা বন্য প্ৰাণীৰ বৈশিষ্ট্য আহি যায়, সেয়ে যদি কেতিয়াবা এইবোৰে এনেকৈ দৌৰি পলায়ন কৰে তেন্তে তাৰ সৈতে এইদৰেই কৰিবা।" তেতিয়া ৰাফে ৰাদ্বিয়াল্লাহু আনহুৱে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ আমি আশংকা কৰিছোঁ, কাইলৈ হয়তো শত্ৰুৰ সৈতে আমাৰ মোকাবিলা হ'ব। ইফালে আমাৰ ওচৰত কোনো ছুৰী নাই, সেয়ে আমি চোকা বাঁহৰ শলাৰে জবেহ কৰিব পাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "যিটো বস্তুৰ দ্বাৰা তেজ প্ৰবাহিত কৰিব পৰা যায়, আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেইটোৰ মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত বা নখ আদিৰ দ্বাৰা জবেহ কৰা উচিত নহয়। শুনা! এই বিষয়ে কথা এটা কওঁ। দাঁত হৈছে এটা হাড় আৰু নখ হৈছে হাবশ্বীসকলৰ ছুৰী।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাফে বিন খাদীজ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিল, ইপিনে মানুহৰ অত্যন্ত ভোক লাগিছিল। তেওঁলোকে মুশ্বৰিকসকলৰ সৈতে কৰা যুদ্ধত উট আৰু ছাগলীকে আদি কৰি কিছুমান সম্পদ লাভ কৰিছিল। তেওঁলোকে যুদ্ধলব্ধ সম্পদ বণ্টন হোৱাৰ আগতে (ভোকৰ তাড়নাত) খৰখেদাকৈ যুদ্ধলব্ধৰ পশুৰ পৰা কেইটামান জবেহ কৰিলে। ৰান্ধিবলৈ বাচন বৰ্তন চৌকাত উঠাই দিলে। এই সকলোবোৰ কৰিছিল তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুমতি নোলোৱাকৈ। ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সন্যবাহিনীৰ একেবাৰে পিছফালে। যেতিয়া তেখেতে পশু জবেহ কৰি ৰন্ধা বঢ়া কৰাৰ বিষয়টো গম পালে, তেতিয়া তেখেতে আঞ্জা সহকাৰে সেইবোৰ পেলাই দিবলৈ নিৰ্দেশ দিলে। ইয়াৰ পিছত তেখেতে লোকসকলৰ মাজত যুদ্ধ লব্ধ সম্পদ বণ্টন কৰিবলৈ আৰম্ভ কৰিলে। সেই বণ্টনত তেখেতে এটা উটৰ পৰিবৰ্তে দহটাকৈ ছাগলী নিৰ্ধাৰণ কৰিছিল। কিন্তু হঠাৎ সেই উট বিলাকৰ মাজৰ পৰা এটা উট দৌৰি পলায়ন কৰিলে। তেওঁলোক উটটোক ধৰিবলৈ খুবেই চেষ্টা কৰিলে, অৱশেষত ক্লান্ত হৈ পৰিল। তেওঁলোকৰ ওচৰত ঘোঁৰাৰ সংখ্যাও কম আছিল। তেওঁলোকৰ মাজৰ কোনোবাই উটটোক লক্ষ্য কৰি এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহৰ অনুমতিত উটটো ৰৈ দিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এই ঘৰচীয়া জন্তুবোৰৰ মাজতো বনৰীয়া পশুৰ স্বভাৱ থাকে। যদি কেতিয়াবা এইবোৰে তোমালোকক অপাৰগ কৰে আৰু তোমালোকে সেইটোক ৰখাবলৈ অপাৰগ হোৱা, তেন্তে এনেকুৱাই কৰিবা। ইয়াৰ পিছত ৰাফে বিন খাদীজে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) সম্ভৱতঃ কাইলৈ আমি শত্ৰুৰ মুখামুখি হ'ব লাগিব। গতিকে আমি যদি আমাৰ অস্ত্ৰ পাতিৰে এইবোৰ জবেহ কৰোঁ তেন্তে হয়তো এইবোৰৰ তীক্ষ্ণতা হ্ৰাস পাব। ইপিনে এইবোৰ জবেহ নকৰিলেও নহয়। আমাৰ ওচৰত অতিৰিক্ত ছুৰীও নাই। এতেকে আমি শুকান বাঁহৰ ফলাৰে জবেহ কৰিব পাৰিমনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তেজ প্ৰবাহিত কৰিব পৰা যিকোনো বস্তুৰে জবেহ কৰিব পাৰা, যিটোৰ দ্বাৰা বেছি পৰিমাণে তেজ প্ৰবাহিত কৰিব পৰা যায়, লগতে যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেই মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত আৰু নখ আদিৰ বাহিৰে। এই বিষয়ে শুনা মই কওঁ! দাঁত হৈছে এক প্ৰকাৰ হাড়। আনহাতে আবিচিনিয়া (হাবশ্বা)ৰ অধিবাসী কাফিৰসকলে জীৱ জন্তু জবেহ কৰিবলৈ নখ ব্যৱহাৰ কৰে।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মল ত্যাগৰ উদ্দেশ্যে ওলাইছিল, তেতিয়া মই আৰু মোৰ সমনীয়া এজন খাদিমে তেখেতৰ সৈতে গৈছিলোঁ। তেওঁলোকে লগত এটা বৰ্শাৰ দৰে লাঠি লৈ গৈছিল, যাতে সেইটোক তেখেতে ছুতৰাৰ বাবে পুতি সেইটোৰ ওপৰত পৰ্দা আঁৰি দিব পাৰে অথবা এইটোক নামাজৰ ছুতৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। তেওঁলোকে নিজৰ সৈতে পানী ভৰ্তি এটা চামড়াৰ পাত্ৰ বহন কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মল ত্যাগ কৰাৰ পিছত এজনে সেই পাত্ৰটো তেখেতলৈ আগুৱাই দিছিল, আৰু তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে। মই অকণমান আঁতৰি থিয় হৈ আছিলোঁ। তেখেতে ক'লেঃ "ওচৰত আহি থিয় হোৱা", তেতিয়া মই ওচৰ চাপি গ'লোঁ, আনকি তেখেতৰ পিছফালে গৈ থিয় হ'লোঁ। ইয়াৰ পিছত তেখেতে অজু কৰিলে আৰু মোজাৰ ওপৰত মছেহ কৰিলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ কৰাৰ ইচ্ছা কৰিলে, তেতিয়া তেখেতে কোনো ঠাই বিচাৰি নাপাই এটা আৱৰ্জনাযুক্ত ঠাইতগৈ উপস্থিত হ'ল, য'ত মানুহে ঘৰৰ ময়লা-আৱৰ্জনা পেলাই স্তুপত পৰিণত কৰিছিল, সেই ঠাইত তেখেতে থিয় হৈ প্ৰস্ৰাৱ কৰিলে। কিন্তু তেখেতে বেছিভাগ সময়তে বহি প্ৰস্ৰাৱ কৰিছিল, এইটোৱে আছিল তেখেতৰ অভ্যাস। তেতিয়া হুজাইফা তেখেতৰ পৰা আঁতৰি গ'ল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ ওচৰ চাপি আহা। হুজাইফা ওচৰ চাপি আহি আহি একেবাৰে তেখেতৰ পিছফালে থিয় দিলে, যাতে তেওঁৰ দ্বাৰা এটা অন্তৰায় সৃষ্টি হয়, যাৰ ফলত কাৰো দৃষ্টি যাতে এই অৱস্থাত তেখেতৰ প্ৰতি নপৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰিলে। কিন্তু ভৰি ধোৱাৰ সময়ত তেখেতে মোজা নোখোলাকৈ মোজাৰ ওপৰত মছেহ কৰিলে। আৰবী ভাষাত (خف) খুফ তথা মোজা কোৱা হয়, ভৰিত পৰিধান কৰা বস্তুক, যিটো পাতল চামড়া অথবা অনুৰূপ বস্তুৰে তৈয়াৰ কৰা হয়, কিন্তু এইটো ভৰিৰ সৰুগাঁঠি ঢাকি থকা হ'ব লাগিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মদীনাৰ এটা উপপথত সাক্ষাৎ কৰিলে, সেই সময়ত তেওঁ (আবু হুৰাইৰাহ) জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নজনাকৈয়ে গোপনে গুচি গৈ গোছল কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে সোধাত তেওঁ যেতিয়া আহিল, তেতিয়া তেখেতে ক'লেঃ "হে আবু হুৰাইৰাহ তুমি ক'ত আছিলা?" তেতিয়া তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ সৈতে মই যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেতিয়া মই জুনুবী অৱস্থাত আছিলোঁ, সেয়ে মই গোছল নকৰাকৈ আপোনাৰ বৈঠকত উপস্থিত হ'বলৈ অপছন্দ কৰিলোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ! মুমিন কেতিয়াও অপৱিত্ৰ নহয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মদীনাৰ কোনো এটা পথত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দেখা হ'ল। সেই সময়ত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহু জুনুবী (স্ত্ৰী সহবাসৰ পিছত গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নিজকে অপৱিত্ৰ বুলি ভাবি আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি থকা শ্ৰদ্ধাৰ কাৰণে, তেখেতৰ সৈতে বৈঠকত বহিবলৈ আৰু আলোচনা কৰিবলৈ অপছন্দ কৰিলে। সেয়ে তেওঁ গোপনে গুচি গৈ গোছল কৰিলে, আৰু উভতি আহি পুনৰ বৈঠকত বহিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক সুধিলে, তুমি ক'ত আছিলা? তেতিয়া তেওঁ তেখেতক জনালে যে, তেওঁ জুনুবী অৱস্থাত থকাৰ কাৰণে অপৱিত্ৰ আছিল, সেয়ে তেওঁ তেখেতৰ বৈঠকত বহাটো অপছন্দ কৰিছিল। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ "মুমিন সদায় পৱিত্ৰ, কোনো অৱস্থাতেই অপৱিত্ৰ নহয়। জীৱিত হওক বা মৃত।"
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জানাযা লৈ যোৱাৰ সময়ত তোমালোকে দ্ৰুত গতিত লৈ যাবা, কিয়নো যদি তেওঁ নেক ব্যক্তি হয় তেন্তে তোমালোকে তেওঁক কল্যাণৰ দিশত লৈ গৈ আছা, আৰু যদি তেওঁ বেলেগ কিবা হয় তেন্তে তোমালোকে নিজৰ কান্ধৰ পৰা অকল্যাণ দূৰ কৰিলা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, মুৰ্দা ব্যক্তিৰ কাফন দাফন আৰু জানাযাৰ ক্ষেত্ৰত খৰখেদা কৰিব লাগে। কিয়নো যদি মুৰ্দা ব্যক্তিজন নেক ব্যক্তি হয়, তেন্তে তেওঁক তোমালোকে কল্যাণৰ প্ৰতি তথা কবৰত পাবলগীয়া নিয়ামতৰ প্ৰতি অগ্ৰসৰ কৰি আছা। আনহাতে যদি ব্যক্তিজন ইয়াৰ বিপৰীত হয়, তেন্তে তোমালোকে নিজৰ কান্ধৰ পৰা অকল্যাণহে দূৰ কৰিবা।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, জুমুআৰ দিনা এজন ব্যক্তিয়ে দাৰুল কাজা (বিচাৰ মীমাংসা কৰা ঠাই)ৰ ফালে থকা দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে। সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ খুতবা দি আছিল। সেই ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে মুখ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰিলে আৰু এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা।" আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! আমি তেতিয়া আকাশৰ ফালে চাইছিলোঁ আকাশত কোনো মেঘ নাছিল, আনকি মেঘৰ কোনো টুকুৰাও নাছিল। ছালআ পৰ্বত আৰু আমাৰ মাজৰ ঠাইখিনিত কোনো ঘৰ দুৱাৰো নাছিল। হঠাৎ ছালআ পৰ্বতৰ পিছফালৰ পৰা ঢালৰ নিচিনা এটুকুৰা মেঘ আহিল, আৰু মাজ আকাশত আহি সেই মেঘ টুকুৰা প্ৰসাৰিত হৈ পৰিল। ইয়াৰ পিছত ধাৰাসাৰ বৰষুণ আৰম্ভ হ'ল। আল্লাহৰ শপত! আমি ছয় দিনলৈকে সূৰ্য্য দেখা পোৱা নাছিলোঁ। ইয়াৰ পিছৰ জুমুআত সেই দুৱাৰেৰেই এজন ব্যক্তি সোমাই আহিল, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম থিয় হৈ খুতবা দি আছিল। ব্যক্তিজনে তেখেতৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (ধাৰাসাৰ বৰষুণৰ কাৰণে) বাট-পথ বন্ধ হৈ পৰিছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাৰ পৰা এই বৰষুণ বন্ধ কৰে। আনাছে কৈছেঃ তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা হাৱালাইনা অলা আলাইনা, আল্লাহুম্মা আলাল আকামি অজ্জিৰাব, অবুতূনিল আউদিয়াতি অমানাবিতিশ্ব শ্বাজাৰ।" আনাছে কৈছেঃ দুআৰ পিছতেই বৰষুণ বন্ধ হৈ গ'ল, আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ। (এই হাদীছটোৰ এজন বৰ্ণনাকাৰী) শ্বাৰীকে কৈছেঃ মই আনাছক সুধিছিলোঁ যে, এই ব্যক্তিজনেই সেইজন নেকি, যিয়ে প্ৰথম দিনা দুআ কৰিবলৈ কৈছিল? তেওঁ কৈছেঃ "মই নাজানো"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})এজন বেদুঈন (গাঁৱলীয়া আৰবীয়ান ব্যক্তি) জুমুআৰ দিনা মছজিদে নবৱীৰ পশ্চিমফালৰ দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে, এই দুৱাৰটো ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰৰ ফালে আছিল। সেই সময়ছোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি আছিল। ব্যক্তিজনে সোমাই আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! জীৱ-জন্তুবোৰ ধ্বংস হোৱাৰ উপক্ৰম হৈছে, ৰাস্তাঘাটৰ অৱস্থা নিমাওমাও হৈ পৰিছে, মানুহৰ ঘৰচীয়া পশুবোৰ মৰিবলৈ আৰম্ভ কৰিছে অথবা ভোক পিয়াহত দুৰ্বল হৈ পৰিছে। গতিকে আপুনি আল্লাহৰ ওচৰত আমাৰ বাবে বৰষুণ বিচাৰি দুআ কৰক এই শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি ক'লেঃ হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা, হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা, হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা। আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! সেই সময়ত আকাশত এটুকুৰাও মেঘ নাছিল। আমি অৱস্থান কৰা মছজিদৰ আৰু মছজিদৰ পশ্চিমফালে অৱস্থিত ছিলা পাহাৰৰ মধ্যৱৰ্তী স্থানত চাবলৈ বাধা হ'ব পৰা কোনো ঘৰ দুৱাৰো নাছিল। সাধাৰণতে সেই ফালৰ পৰাই মেঘ আহিছিল। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ইয়াৰ পিছত সেই পাহাৰৰ পিছফালৰ পৰা এটুকুৰা গোলাকাৰ মেঘ উৰি আহিল, যিটোৰ আকাৰ আছিল ঢালৰ নিচিনা সৰু। সেই মেঘ টুকুৰা মদীনাৰ আকাশৰ মাজত আহি বিয়পি পৰিল আৰু লগে লগে বৰষুণ আৰম্ভ হৈ গ'ল। আল্লাহৰ শপত! এই বৰষুণৰ ফলত আমি পৰৱৰ্তী জুমুআ পৰ্যন্ত সূৰ্য্য দেখা পোৱা নাছিলোঁ। পৰৱৰ্তী জুমুআৰ দিনা তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি আছিল, সেই সময়ছোৱাতে এজন ব্যক্তি সোমাই আহে আৰু তেখেতৰ সন্মুখত আহি কয় যে, হে আল্লাহৰ ৰাছুল! জীৱ-জন্তু ধ্বংস হ'বলৈ ধৰিছে, ৰাস্তা-ঘাট বন্ধ হৈ পৰিছে, আপুনি আল্লাহৰ ওচৰত দুআ কৰক, এই বৰষুণ যাতে বন্ধ হয়। বৰ্ণনাকাৰীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ হে আল্লাহ! আমাৰ চাৰিওফালে বৰষুণ দিয়া, আমাৰ ওপৰত নহয়। হে আল্লাহ! ওখ ওখ ঠাইবোৰত বৰষুণ দিয়া, সৰু সৰু পাহাৰবোৰত বৰষুণ দিয়া, উপত্যকাবোৰত বৰষুণ দিয়া আৰু গছ পুলি গজিব পৰা ঠাইত বৰষুণ দিয়া। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই দুআৰ লগে লগে বৰষুণ বন্ধ হৈ পৰিল আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ।
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক জানাযাৰ পিছে পিছে খোঁজকাঢ়ি যাবলৈ নিষেধ কৰিছে। কাৰণ তেওঁলোকৰ দ্বাৰা ফিতনা হোৱাৰ আশংকা আছে আৰু ফিতনাত পৰাৰো আশংকা আছে, লগতে তেওঁলোকৰ ধৈৰ্য্য কম। ইয়াৰ পিছত উম্মু আতিয়্যাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যান্য নিষেধাজ্ঞাৰ দৰে এই ক্ষেত্ৰত সিমান গুৰুত্ব সহকাৰে নিষেধ কৰা নাছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, তেওঁ কৈছেঃ মোৰ ওচৰলৈ এজনী মহিলা দুটি কন্যা শিশু কোলাতলৈ আহি কিবা খোৱা বস্তু বিচাৰিলে। মোৰ ওচৰত এটা খেজুৰ বাদে একো নাছিল। মই সেইটোৱে তাইক দি দিলোঁ। মহিলাজনীয়ে খেজুৰটো ফালি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইয়াৰ পিছতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে। মই সেই ঘটনাটো বিৱৰি ক'লোঁ। তেখেতে ক'লেঃ "যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, তেওঁৰ ওচৰলৈ এজনী মহিলা তাইৰ দুজনী কন্যা সন্তান লগতলৈ আহি কিছু খোৱা বস্তু বিচাৰিলে। কিন্তু তেওঁ সেই মহিলাজনীক দিবলৈ ঘৰত এটা খেজুৰৰ বাহিৰে একো বিচাৰি নাপালে। সেয়ে তেওঁ সেই খেজুৰটোকে তাইক দি দিলে। খেজুৰটো লৈ মহিলাজনীয়ে নিজে নাখাই সেইটোক ফালি দুভাগ কৰি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত আহিল, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই ঘটনাটো তেখেতক জনালে। তেতিয়া তেখেতে ক'লেঃ যিয়ে কন্যা সন্তানৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুন্দৰভাৱে লালন কৰে, ভাল শিক্ষা দিয়ে, সিহঁতৰ খোৱা-বোৱাকে আদি কৰি ভৰণ-পোষণৰ যাৱতীয় বিষয় সুন্দৰভাৱে চোৱাচিতা কৰে, তাৰ বাবে এই কন্যা সন্তান জাহান্নামৰ জুইৰ পৰা পৰ্দা তথা আৱৰণৰ কাম কৰিব।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ চালাতৰ আগত পঢ়িবলগীয়া দুই ৰাকাত চালাতৰ প্ৰতি যিমান আগ্ৰহী আছিল তথা যিমান মনোযোগী আছিল, সিমান গুৰুত্ব তেখেতে বেলেগ কোনো নফল চালাতৰ প্ৰতি দিয়া নাছিল।