





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজনী কন্যা সন্তান মৃত্যুবৰণ কৰিলে, (তেওঁক গোছল দিয়াৰ সময়ত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক'লেঃ "তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰাই দিয়া। শেষৰ বাৰত কৰ্পূৰ (অথবা তেখেতে কৈছিল) কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল শেষ কৰি মোক জনাবা।" উম্মে আতিয়্যাই কৈছেঃ আমি গোছল শেষ কৰি তেখেতক জনালোঁ। তেতিয়া তেখেতে নিজৰ এখন চাদৰ আমাৰ ফালে আগুৱাই দি ক'লে যে, এইটো তাইৰ শৰীৰত মেৰিয়াই দিয়া। উম্মে আতিয়্যাই কৈছেঃ আমি তেওঁৰ চুলিবোৰৰ তিনিটা বেণী বনাই দিছিলোঁ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জয়নব মৃত্যুবৰণ কৰাৰ পিছত, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক সম্বোধন কৰি ক'লে যিসকলে গোছল কৰাবঃ তাইক বগৰী পাত মিশ্ৰিত পানীৰে বিযোৰ সংখ্যক গোছল কৰাই দিয়া, তিনিবাৰ, পাঁচবাৰ অথবা তাতোকৈ অধিক, যদি প্ৰয়োজন হয়। শেষৰ বাৰ গোছল দিওঁতে কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল কৰোৱা শেষ হোৱাৰ পিছত মোক জনাবা। গোছল কৰোৱা শেষ হোৱাৰ পিছত, আমি তেখেতক জনালোঁ। তেখেতে নিজৰ এখন পৰিধান কৰা কাপোৰ আগবঢ়াই দিলে আৰু ক'লেঃ এই কাপোৰখনৰ জৰিয়তে তাইৰ শৰীৰ মেৰিয়াই দিয়া, যাতে এই কাপোৰটো তাইৰ শৰীৰত লাগি থাকে। ইয়াৰ পিছত জয়নবৰ মূৰৰ চুলিবোৰক তিনিটা বেণী বনাই দিয়া হৈছিল।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজনী আনচাৰী মহিলাক কৈছিল যে, "আমাৰ লগত হজ্জ কৰিবলৈ তোমাক কিহে বাধা দিছে"? (বৰ্ণনাকাৰীয়ে কৈছে যে) ইবনে আব্বাছে সেই মহিলাজনীৰ নাম কৈছিল কিন্তু মই পাহৰি গৈছোঁ। মহিলাজনীয়ে ক'লেঃ পানী বহনৰ বাবে আমাৰ দুটা উট আছে, তাৰে এটাকলৈ মোৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছে, আৰু আন এটা উট আমাৰ বাবে পানী বহন কৰিবলৈ ৰাখি থৈ গৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ক'লেঃ "ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া বিদায়ী হজ্জৰ পৰা উভতি আহিছিল, তেতিয়া তেখেতে হজ্জ নকৰা এজনী আনচাৰী মহিলাক কৈছিল, আমাৰ লগত হজ্জ কৰিবলৈ তুমি যোৱা নাছিলা কিয়? তেতিয়া সেই মহিলাজনীয়ে ওজৰ পেচ কৰি কৈছিল যে, সিহঁতৰ মাত্ৰ দুটা উট আছে। তাৰে এটা লৈ তাইৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছিল আৰু আনটো ঘৰত ৰাখি থৈ গৈছিল, যাতে তাৰ দ্বাৰা কুঁৱাৰ পৰা পানী উঠোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক জনাই দিলে যে, ৰমাজান মাহত ওমৰাহ পালন কৰাটো হৈছে হজ্জ পালন কৰাৰ সমান ছোৱাব।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।
(বুখাৰী)চাহাবাসকলে (ৰাদ্বিয়াল্লাহু আনহুম) আল্লাহৰ পথত জিহাদ কৰাক তথা শত্ৰুৰ সৈতে যুদ্ধ কৰাক সৰ্বশ্ৰেষ্ঠ আমল বুলি বিবেচনা কৰিছিল। সেয়ে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মহিলাসকলে জিহাদত অংশগ্ৰহণ নকৰিবনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নিৰ্দেশনা দি ক'লে যে, হজ্জে মাবৰূৰ হৈছে তেওঁলোকৰ বাবে সৰ্বোত্তম জিহাদ, হজ্জে মাবৰূৰ হৈছে যিটো হজ্জ কোৰআন হাদীছ মুতাবিক পালন কৰা হয়, যি হজ্জ গুনাহ আৰু লোকক দেখুওৱা (ৰিয়া)ৰ পৰা মুক্ত।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিয়ামতৰ দিনা যেতিয়া পূৰ্বৱৰ্তী আৰু পৰবৰ্তী সকলো লোককে হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিব, তেতিয়া প্ৰতিজন বিশ্বাসঘাতক তথা প্ৰতাৰকৰ বাবে একোটাকৈ পতাকা উত্তোলন কৰা হ'ব, সেই প্ৰতাৰণা আল্লাহৰ সৈতে হওক বা মানুহৰ সৈতে। যাতে সকলোৱে গম পায় যে, ই খিয়ানত কৰিছে তথা বিশ্বাসঘাতকতা কৰিছে। লগতে সেইদিনা ঘোষকে ঘোষণা কৰিব যে, এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ বিশ্বাসঘাতকতাৰ প্ৰতীক। যাতে হাশ্বৰৰ ময়দানত উপস্থিত থকা সকলোৰে সন্মুখত তাৰ এই কুকৰ্ম উন্মোচিত হয়।
বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে। তেখেতে আমাক নিৰ্দেশ দিছে যে, বেমাৰীৰ চোৱাচিতা কৰিবা, জানাযাৰ অনুসৰণ কৰিবা, হাঁচি কৰা ব্যক্তিৰ দুআৰ উত্তৰত য়াৰাহামুকাল্লাহ বুলি ক'বা, শপত বা শপত কৰা ব্যক্তিৰ শপত পূৰণ কৰিবা, নিৰ্যাতিত ব্যক্তিক সহায় কৰিবা, নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা আৰু ছালাম প্ৰচাৰ কৰিবা। এইদৰে তেখেতে আমাক নিষেধ কৰিছে সোণৰ আঙুঠিৰ পৰা অথবা সোণৰ আঙুঠি পৰিধান কৰাৰ পৰা। ৰূপৰ পাত্ৰত পানীয় আদি খোৱাৰ পৰা, গাদীত ৰেচম কাপোৰ ব্যৱহাৰ কৰাৰ পৰা, কিচ্ছি নামক ৰেচমৰ পৰা, এইদৰে মিহি আৰু মোটা উভয় প্ৰকাৰ ৰেচম কাপোৰ পৰিধানৰ পৰা।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক সাতটা বিষয়ৰ নিৰ্দেশ দিছে আৰু সাতটা বিষয়ৰ পৰা নিষেধ কৰিছে। আদেশ দিয়া বিষয় কেইটা হৈছেঃ প্ৰথমঃ অসুস্থ তথা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যোৱা। দ্বিতীয়ঃ জানাযাৰ নামাজত অংশগ্ৰহণ কৰা, জানাযাৰ পিছে পিছে যোৱা, দাফন কৰা আৰু মৃত ব্যক্তিৰ বাবে দুআ কৰা। তৃতীয়ঃ হাঁচি কৰি যিয়ে আলহাম্দুলিল্লাহ কৈছে, তাৰ উত্তৰত এই বুলি কোৱাঃ য়াৰহামুকাল্লাহ। চতুৰ্থঃ শপত খোৱা ব্যক্তিৰ শপত পূৰণ কৰা, আৰু সেইটোক বাস্তৱায়িত কৰা। অৰ্থাৎ যদি কোনোবাই কোনো বিষয়ত শপত খায়, আৰু আপুনি সেইটো পূৰণ কৰিবলৈ সক্ষম তেন্তে সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰিব। যাতে তেওঁ নিজৰ শপতৰ কাফ্ফাৰা দিবলগীয়া নহয়। পঞ্চমঃ নিৰ্যাতিত ব্যক্তিক সহায়-সহযোগিতা কৰা। সক্ষম অনুযায়ী অন্যায়কাৰীৰ অত্যাচাৰৰ পৰা তাক ৰক্ষা কৰা। ষষ্ঠঃ খাবলৈ জনোৱা নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব লাগে। যেনে- বিবাহৰ দাৱাত, আক্বীকাৰ দাৱাত ইত্যাদি। সপ্তমঃ ছালাম প্ৰচাৰ কৰা আৰু ছালামৰ উত্তৰ দিয়া। নিষেধ কৰা বিষয় কেইটা হৈছেঃ প্ৰথমঃ সোণৰ আঙুঠি পৰিধান কৰা তথা অলংকাৰ হিচাপে ব্যৱহাৰ কৰা। দ্বিতীয়ঃ ৰূপৰ পাত্ৰত পান কৰা। তৃতীয়ঃ ঘোঁৰা বা উটৰ ওপৰত বহিবলৈ ৰেচমেৰে তৈয়াৰ কৰা গাদী ব্যৱহাৰ কৰা। হাদীছত ইয়াক মায়াছিৰ বুলি কৈছে। চতুৰ্থঃ ৰেচম মিশ্ৰিত সুতাৰে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰ। যিটোক কিচ্ছি বুলি কোৱা হৈছে। পঞ্চমঃ খাঁটি ৰেচমী কাপোৰ পৰিধান কৰা। ষষ্ঠঃ মোটা ৰেচমী কাপোৰ পৰিধান কৰা। সপ্তমঃ পাতল তথা মুলাইম উন্নতমানৰ ৰেচমী কাপোৰ পৰিধান কৰা।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আবু ছুফিয়ানৰ স্ত্ৰী হিন্দ বিন্তে উতবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! আবু ছুফিয়ান হৈছে এজন কৃপণ ব্যক্তি, তেওঁ মোক ইমান খিনি খৰচ নিদিয়ে যিখিনি মোৰ আৰু মোৰ সন্তান-সন্ততিৰ বাবে যথেষ্ট হ'ব, কিন্তু মই তেওঁক নজনোৱাকৈ কিছু ধন লৈ লওঁ, এই ক্ষেত্ৰত মোৰ কোনো গুনাহ হ'বনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হয়, তুমি তোমাৰ বাবে আৰু তোমাৰ সন্তান-সন্ততিৰ বাবে উচিতভাৱে তেওঁৰ সম্পদৰ পৰা ল'ব পাৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হিন্দ বিন্তে উতবা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁৰ স্বামী আবু ছুফিয়ান সম্পৰ্কে ক'লে যে, তেওঁ হৈছে এজন কৃপণ তথা সম্পদ লোভী ব্যক্তি। তেওঁ মোক ইমান পৰিমাণ অৰ্থ সম্পদ নিদিয়ে, যাৰ দ্বাৰা মই মোৰ নিজৰ আৰু পৰিয়ালৰ ভৰণ-পোষণ কৰিব পাৰিম। সেয়ে মই গোপনে তেওঁৰ সম্পদৰ পৰা কিছু ধন তেওঁক নজনোৱাকৈ লৈ লওঁ। এনেকুৱা কৰিলে মোৰ কোনো গুনাহ হ'ব নেকি? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি তোমাৰ বাবে আৰু তোমাৰ সন্তানৰ বাবে ইমানখিনি সম্পদ ল'ব পাৰিবা, যিখিনিৰ দ্বাৰা সাধাৰণতে ভৰণ-পোষণ সম্ভৱ হয়, যদিও সেয়া নজনোৱাকৈয়ে লোৱা।
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ পথত এদিন সীমান্তৰ প্ৰহৰী হৈ কটোৱাটো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। জান্নাতত তোমালোকৰ এক চাবুক পৰিমাণ স্থানো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। আল্লাহৰ পথত এটি পুৱা অতিবাহিত কৰা বা এটি গধূলি পাৰ কৰাটো পৃথিৱীতকৈ আৰু ইয়াৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিমসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে দৃঢ়ভাৱে এটা দিন পাৰ কৰাৰ প্ৰতিদান হৈছে পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে মুজাহিদে জিহাদত ব্যৱহাৰ কৰা এটা চাবুকৰ সমান জান্নাতৰ ঠাই গোটেই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে পুৱাৰ পৰা দুপৰীয়ালৈকে অথবা দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে আল্লাহৰ পথত অতিবাহিত কৰাটো পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদুল আজহাৰ দিনা নিজ হাতেৰে শিং থকা ক'লা বগা মিশ্ৰিত দুটা মতা ভেড়া কুৰবানী কৰিছিল। জবেহ কৰাৰ সময়ত তেখেতে নিজৰ ভৰি জন্তুটোৰ কান্ধত ৰাখি বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ জবেহ কৰিছিল।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।" বৰ্ণনাকাৰীয়ে কৈছে যে, আশ্বআছে কৈছেঃ আল্লাহৰ শপত এই ঘটনাটো মোৰ ক্ষেত্ৰতে হৈছিল। মোৰ আৰু এজন ইয়াহুদীৰ মাজত যৌথ মালিকানাধীন এডোখৰ মাটি আছিল। সি মোৰ মালিকানা স্বত্ব অস্বীকাৰ কৰিলে। মই তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আনিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লে: "তোমাৰ কোনো সাক্ষী আছেনে?" মই ক'লোঁঃ নাই। তেতিয়া তেখেতে ইয়াহূদীজনক ক'লেঃ "তেন্তে তুমি শপত খোৱা।" মই তেতিয়া ক'লোঁঃ হে আল্লাহৰ ৰাছুল! তেন্তে দেখোন সি শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।}
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আনৰ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে জানি বুজি আল্লাহৰ নামত মিছা শপত খোৱাৰ পৰা সতৰ্ক কৰিছে। যিয়ে এনেকুৱা কৰিব, শীঘ্ৰেই সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব। আশ্বআছ বিন কাইছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো তেওঁৰ সৈতে হোৱা ঘটনা সম্পৰ্কেই কৈছে। তেওঁৰ আৰু এজন ইয়াহুদীৰ মাজত এডোখৰ মাটিকলৈ বিবাদ আছিল। বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত উপস্থাপন কৰা হ'ল। তেতিয়া তেখেতে আশ্বআছক সুধিলেঃ তুমি তোমাৰ দাবীৰ সপক্ষে প্ৰমাণ উপস্থিত কৰা। যদি তুমি প্ৰমাণ কৰিব নোৱাৰা তেন্তে যাৰ ওচৰত দাবী কৰা হৈছে তেওঁ শপত খালেই মীমাংসা হৈ যাব। তেতিয়া আশ্বআছে ক'লেঃ হে আল্লাহৰ ৰাছুল! এনেকুৱা কৰিলে দেখোন ইয়াহূদীজনে শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া ইয়াৰ সমৰ্থনত মহান আল্লাহে কোৰআনৰ এই আয়াত অৱতীৰ্ণ কৰিলেঃ নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি, অৰ্থাৎ মুমিনসকলক আদায় কৰিবলগীয়া আমানত আৰু নিজৰ শপতক পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্যৰ বিনিময়ত বিক্ৰী কৰে অৰ্থাৎ মিছা শপত খায়, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু কিয়ামতৰ দিনা সিহঁতৰ উপকাৰ হ'ব পৰা আল্লাহে সিহঁতৰ লগত কোনো কথা নক’ব, সিহঁতৰ প্ৰতি ৰহমতৰ দৃষ্টিও নিদিব আৰু সিহঁতক মাগফিৰাতৰ বাবে গুনাহৰ পৰা পৰিশুদ্ধও নকৰিব আৰু সিহঁতৰ শলাগো নল'ব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক তথা কষ্টদায়ক শাস্তি।