





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা মক্কা বিজয়ৰ বছৰত এই বুলি কোৱা শুনিছে যে, "নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।" তেখেতক সোধা হ'ল, হে আল্লাহৰ ৰাছুল! মৃত জন্তুৰ তেল সম্পৰ্কে আপোনাৰ মতামত কি? যিটো চৰ্বি মানুহে নাৱত মালিচ কৰে, চামৰাত লগায় আৰু বন্তি জ্বলায়? তেখেতে ক'লেঃ "নহয়, সেইটোও হাৰাম।" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহে ইয়াহুদীসকলক ধ্বংস কৰক, আল্লাহে যেতিয়া সিহঁতৰ ওপৰত মৃত জন্তুৰ চৰ্বি হাৰাম কৰিছিল তেতিয়া সিহঁতে সেইটোক দ্ৰৱীভূত কৰি বিক্ৰী কৰিছিল আৰু ইয়াৰ মূল্য ভক্ষণ কৰিছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মক্কা বিজয়ৰ বছৰত মক্কাত থকা অৱস্থাত জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছিল যে, নিশ্চয় আল্লাহে মাদক দ্ৰৱ্যৰ ক্ৰয়-বিক্ৰয়, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদিক হাৰাম কৰিছে। কোনোবাই তেখেতক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছুল! মৃত জন্তুৰ চৰ্বি বিক্ৰী কৰা যাবনে? কাৰণ এইটো নাৱত প্ৰলেপ লগাবলৈ আৰু চামৰা আদিত ঘঁহিবলৈ আৰু মানুহে বন্তি জলাবলৈ ব্যৱহাৰ কৰে। তেতিয়া তেখেতে ক'লেঃ নহয়, ইয়াৰ ক্ৰয়-বিক্ৰয়ো হাৰাম। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহে ইয়াহুদীসকলক ধ্বংস কৰক আৰু সিহঁতৰ ওপৰত অভিসম্পাত কৰক, যেতিয়া সিহঁতৰ ওপৰত আল্লাহে জীৱ-জন্তুৰ চৰ্বি হাৰাম কৰিছিল, তেতিয়া সিহঁতে সেইটোক দ্ৰৱীভূত কৰি বিক্ৰী কৰিছিল আৰু সেই মূল্য ভক্ষণ কৰিছিল।
ঝিৰ বিন হুবাইশ্বৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মোজাৰ ওপৰত মছেহ কৰা সম্পৰ্কে সুধিবলৈ মই ছাফৱান ইবনু আচ্ছাল আল-মুৰাদীৰ ওচৰলৈ আহিলোঁ। তেওঁ মোক ক’লেঃ “হে ঝিৰ! কি উদ্দেশ্যে আহিছা?” মই ক’লোঁঃ “ইল্মৰ সন্ধানত আহিছোঁ!” তেতিয়া তেওঁ ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অনুসন্ধানত আনন্দিত হৈ ইল্মৰ অন্বেষণকাৰীৰ বাবে নিজৰ পাখি মেলি দিয়ে। মই ক’লোঁঃ মল-মূত্ৰ ত্যাগ কৰাৰ পিছত মোজাৰ ওপৰত মছেহ সম্পৰ্কীয় এটা বিষয়ত মোৰ মনত সন্দেহৰ সৃষ্টি হৈছে। যিহেতু আপুনি হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী, সেয়ে মই আপোনাক সুধিবলৈ আহিছোঁ। এই বিষয়ে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? তেওঁ ক’লেঃ “হয়, শুনিছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।” মই ক’লোঁঃ আপুনি তেখেতক মুহাব্বত সম্পৰ্কে কিবা কোৱা শুনিছেনে? তেওঁ ক’লেঃ হয়, শুনিছোঁ। আমি এটা ছফৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আছিলোঁ। এদিন আমি তেখেতৰ ওচৰতে আছিলোঁ, সেই সময়ত এজন বেদুঈনে উচ্চস্বৰে মাতি ক’লে, ‘হে মুহাম্মদ!’ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তাৰ দৰেই উচ্চ স্বৰে ক'লে, ‘হয় আহা’। আমি সেই বেদুঈনজনক ক’লোঁ, ‘হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি! তোমাৰ কণ্ঠস্বৰ নিম্নগামী কৰা; কাৰণ তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আছা। কিয়নো (কোৰআনত) নবীৰ সন্মুখত উচ্চ স্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে।’ মানুহজনে ক’লেঃ ‘আল্লাহৰ শপত, মই নিম্ন স্বৰে কথা ক’ব নোৱাৰোঁ।’ মানুহজনে সুধিলেঃ (সেই ব্যক্তিৰ বিষয়ে আপোনাৰ অভিমত কি) যিয়ে এটা সম্প্ৰদায়ক ভাল পায়, কিন্তু তেওঁলোকৰ সৈতে সেই ব্যক্তি মিলিত হ'ব পৰা নাই।’ তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ “যিয়ে যাক ভাল পায়, কিয়ামতৰ দিনা তেওঁ তাৰ সৈতেই উপস্থিত হ'ব।” ইয়াৰ পিছত তেখেতে আমাৰ সৈতে আলোচনা কৰি আছিল। অৱশেষত তেখেতে পশ্চিম দিশত থকা এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো দুৱাৰ ইমান দীঘল যে, এটা অশ্বাৰোহীয়ে তাৰ এটা প্ৰান্তৰ পৰা আন প্ৰান্তলৈ যাবলৈ চল্লিশ বা সত্তৰ বছৰ সময় লাগিব।
(তিৰমিজী, ইবনে মাজাহ, আহমদ)হাদীছটোত উল্লেখ হৈছে যে, ঝিৰ বিন হুবাইশ্ব (ৰাহিমাহুল্লাহে) ছাফৱান ইবনু আচ্ছাল (ৰাদ্বিল্লাহু ‘আনহু)ৰ ওচৰলৈ আহিল আৰু তেওঁক মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়ে সুধিলে। ছাফৱানে ক’লেঃ হে ঝিৰ! কি কাৰণে আহিছা তুমি? ঝিৰে ক’লেঃ ইল্ম অৰ্জনৰ উদ্দেশ্যে আহিছোঁ। তেতিয়া ছাফৱানে ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অন্বেষণকাৰীৰ প্ৰতি সন্তুষ্টি আৰু সন্মান প্ৰকাশ কৰি নিজৰ পাখি মেলি দিয়ে। ইয়াৰ পিছত ঝিৰে ক’লেঃ মোৰ মনত মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়ে এটা খোকোজা আছে, বিশেষকৈ শৌচ-প্ৰস্ৰাৱ কৰাৰ পাছত। যিহেতু আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবী, সেয়ে মই এই বিষয়টো জানিবলৈ আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? ছাফৱানে ক'লেঃ হয়। তেখেতে আমাক নিৰ্দেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, তেতিয়া যাতে আমি সৰু নাপাকীৰ ফলত যেনে- শৌচ-প্ৰস্ৰাৱ আৰু টোপনি আদিৰ কাৰণে অজু কৰাৰ সময়ত সৰ্বোচ্চ তিনিদিন পৰ্যন্ত মোজা নোখোলোঁ। কিন্তু গোছল ফৰজ হ'লে নিশ্চয় মোজা খুলিব লাগিব। ইয়াৰ পিছত মই সুধিলোঁঃ আপুনি মুহাব্বত সম্পৰ্কে তেখেতৰ পৰা কিবা শুনিছেনে? তেওঁ ক'লেঃ হয়। আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। আমি তেখেতৰ ওচৰতে বহি আছিলোঁ, তেনেতে এজন ব্যক্তিয়ে তেখেতক উচ্চস্বৰে মাতি ক'লেঃ হে মুহাম্মদ। উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও উচ্চস্বৰে ক'লেঃ আহা। আমি সেই ব্যক্তিজনক ক'লোঁঃ হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি, তোমাৰ কণ্ঠস্বৰ নমাই কথা কোৱা, কিয়নো তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আছা। কাৰণ তেখেতৰ ওচৰত উচ্চস্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে। সেই ব্যক্তিজনে প্ৰচণ্ড সুৰত ক'লেঃ আল্লাহৰ শপত! মই নিম্নস্বৰে কথা ক'ব নোৱাৰোঁ। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! যিয়ে পুণ্যৱান লোকসকলক ভাল পায় কিন্তু তেওঁলোকৰ দৰে আমল কৰিব নোৱাৰে, তেনেকুৱা লোকৰ অৱস্থা কি হ'ব। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ দিনা সেই ব্যক্তি তেওঁলোকৰ সৈতেই থাকিব, যিসকলক তেওঁ ভাল পায়। ঝিৰ ৰাহিমাহুল্লাহে কৈছে যে, ছাফৱান ৰাদ্বিয়াল্লাহু আনহুৱে আমাক ধাৰাবাহিকভাৱে হাদীছ শুনাই আছিল, অৱশেষত তেওঁ তাওবাৰ এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো শ্বামৰ ফালে অৱস্থিত, এইটোক মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়তে সৃষ্টি কৰিছে। এই দুৱাৰৰ প্ৰশস্ততা ইমানেই বিস্তৃত যে, এজন অশ্বাৰোহী ব্যক্তিয়ে চল্লিশ অথবা সত্তৰ বছৰলৈকে অবিৰামভাৱে গৈ থাকিলেও পাৰ হ'ব নোৱাৰিব। এই দুৱাৰ তেতিয়ালৈকে বন্ধ নহ'ব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।
আবূ জৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "হে আবু জৰ! যেতিয়া তুমি কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আবু জৰ গেফাৰী ৰাদ্বিয়াল্লাহু আনহুক উৎসাহিত কৰিছে যে, যেতিয়া তেওঁ আঞ্জা ৰান্ধিব তেতিয়া যেন তেওঁ আঞ্জাত অকণমান পানী বেছিকৈ দিয়ে, যাতে সেই আঞ্জাৰ পৰা অকণমান প্ৰতিৱেশীকো দিব পাৰে।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ জিব্ৰীল আলাইহিচ্ছাল্লামে আহি ক'লেঃ হে মুহাম্মদ! আপুনি অসুস্থতা বোধ কৰি আছে নেকি? তেখেতে ক'লেঃ হয়। তেতিয়া তেওঁ এই বুলি জৰা ফুঁকা কৰিলেঃ "বিছমিল্লাহি আৰকীক, মিন কুল্লি শ্বাইয়িন ইউজীক, অমিন শ্বাৰ্ৰি কুল্লি নাফছিন আও আইনিন হা-ছিদিন, আল্লাহু য়াশ্বফীক, বিছমিল্লাহি আৰকীক।"
(মুছলিম)ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ হে মুহাম্মদ! আপুনি অসুস্থ (বেমাৰ হৈছে) নেকি? তেখেতে ক'লেঃ হয়। ইয়াৰ পিছত জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই দুআৰে জৰাফুঁকা কৰিলেঃ «باسم الله» - আল্লাহৰ সহায় লৈ «أرقيك» - মই আপোনাক জৰাফুঁকা কৰিছোঁ «من كل شيء يؤذيك» - প্ৰত্যেক অনিষ্টকাৰী বস্তুৰ পৰা (সৰু হওক বা ডাঙৰ) «من شر كل نفس» - প্ৰত্যেক বেয়া আত্মাৰ অনিষ্টৰ পৰা «أو عين حاسد» - বা হিংসুক দৃষ্টিৰ প্ৰভাৱৰ পৰা «يشفيك» - আল্লাহে আপোনাক সুস্থ কৰিব আৰু ৰক্ষা কৰিব, সকলো প্ৰকাৰ বেমাৰ-আজাৰৰ পৰা «باسم الله أرقيك» - এই বাক্যটো পুনৰাবৃত্তি কৰা হৈছে গুৰুত্ব প্ৰদান কৰিবলৈ। আৰম্ভণিও এই বাক্যৰ দ্বাৰাই কৰিছে আৰু সমাপ্তিও ইয়াৰেই কৰিছে, এইটো বুজাবলৈ যে, আল্লাহৰ বাহিৰে সুস্থতা প্ৰদান কৰিব পৰা শক্তি আন কাৰো নাই।
আবু হুমাইদ আচ-ছায়িদী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে বনু ছুলাইম গোত্ৰৰ যাকাত সংগ্ৰহ কৰিবলৈ এজন লোকক দায়িত্ব অৰ্পন কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যা। যেতিয়া সি উভতি আহিল, তেতিয়া তেখেতে তাৰ পৰা হিচাপ বিচাৰিলে। হিচাপ দিয়াৰ সময়ত সি ক'লে: "এইবোৰ হৈছে আপোনালোকৰ সম্পদ, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি তুমি সত্যবাদী তেন্তে কোৱাচোন, তুমি যদি তোমাৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলাহেঁতেন, তেন্তে তোমালৈ এই উপহাৰবোৰ আহিলহেঁতেন নে?" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে: প্ৰথমে তেখেতে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণাৱলী বৰ্ণনা কৰিলে, তাৰ পিছত তেখেতে ক'লেঃ "মই তোমালোকৰ মাজৰ কাৰোবাক এনেকুৱা কোনো কৰ্মত নিয়োগ কৰোঁ, যিটোৰ তত্ত্বাৱধায়ক হিচাপে আল্লাহে মোক মনোনীত কৰিছে, কিন্তু সি আহি কয়: 'এইবোৰ হৈছে আপোনালোকৰ ধন, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ, যিবোৰ মোক উপহাৰ দিয়া হৈছে।' কোৱাচোন, সি যদি নিজৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলহেঁতেন তেন্তে তাৰ ওচৰলৈ সেইবোৰ উপহাৰ আহিলহেঁতেন নে? আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব। মই নিশ্চিতভাৱে চিনি পাম তোমালোকৰ মাজৰ যিয়ে উট বহন কৰি আল্লাহক সাক্ষাৎ কৰিব, আৰু সেই উট চিঞৰি থাকিব। অথবা গৰু বহন কৰি আনিব, সেই গৰুৱে হাম্বা হাম্বা বুলি ভেবাই থাকিব, নাইবা ছাগলী বহন কৰি আনিব, যিয়ে মে মে কৰি থাকিব।" ইয়াৰ পিছত তেখেতে নিজৰ হাত উত্তোলন কৰিলে আৰু তেখেতৰ কাষলতিৰ শুভ্ৰতা পৰিলক্ষিত হ'ল, তেখেতে ক'লে: "হে আল্লাহ, মই তোমাৰ বাৰ্তা স্পষ্টভাৱে পোঁচাই দিয়া নাইনে?" এইটো (ঘটনাটো) মই নিজ চকুৰে দেখিছোঁ আৰু নিজ কাণেৰে শুনিছোঁ)।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বনু ছুলাইম গোত্ৰৰ জাকাত সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যাহ। যেতিয়া তেওঁ জাকাত সংগ্ৰহ কৰি মদিনাত আহি উপস্থিত হ'ল, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক হিচাপ-নিকাচৰ বাবে মাতিলে, ইবনুল লুতবিয়্যাই ক'লেঃ এইবোৰ হৈছে আপোনালোকৰ সম্পদ, যিবোৰ মই জাকাত হিচাপে সংগ্ৰহ কৰিছোঁ, আৰু এইবোৰ হৈছে মোৰ উপহাৰ, যিবোৰ মানুহে মোক প্ৰদান কৰিছে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি যদি সঁচাই সত্যবাদী, তেন্তে তুমি নিজৰ ঘৰত বহি থাকাচোন, কেইজনে তোমাক উপহাৰ দি যায়? প্ৰকৃততে তুমি যিটো কৰ্মত নিয়োজিত আছিলা, সেইটো কৰ্মক ভিত্তি কৰি মানুহে তোমাক উপহাৰ দিছে। যদি তুমি ঘৰত থাকিলাহেঁতেন তেন্তে কোনেও তোমাক উপহাৰ নিদিলেহেঁতেন। সেয়ে উপহাৰ হিচাপে তুমি পাইছা বুলিয়ে ইয়াক বৈধ বুলি গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্ৰোধান্বিত হৈ মিম্বৰত আৰোহণ কৰিলে, আৰু আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি ক'লেঃ আম্মা বাদঃ মই তোমালোকৰ মাজৰ এজনক জাকাত আৰু গনীমতৰ সম্পদ সংগ্ৰহ কৰিবলৈ নিযুক্ত কৰিছিলোঁ, যিটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব আল্লাহে মোক অৰ্পন কৰিছে, সেই ব্যক্তিয়ে নিজৰ কৰ্ম সম্পাদন কৰি আহি ক'লে যে, এইবোৰ হৈছে আপোনালোকৰ আৰু এইখিনি হৈছে মোৰ, যিবোৰ মানুহে মোক উপহাৰ দিছে। সি যদি নিজৰ ঘৰত বহি থাকিলহেঁতেন, তেন্তে তাক কোনোবাই উপহাৰ দি গ'লহেঁতেন নে? আল্লাহৰ শপত খাই কৈছোঁ, যিয়ে অন্যায়ভাৱে এনেকুৱা বস্তু গ্ৰহণ কৰিব, সি কিয়ামতৰ দিনা সেইবোৰ নিজৰ কান্ধত বহন কৰি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। যদি সি উট লৈছে তেন্তে সেই উট গৰজি থাকিব, আৰু যদি গৰু লৈছে তেন্তে সেই গৰু হাম্বা হাম্বা বুলি চিঞৰি থাকিব, আনহাতে যদি ছাগলী লৈছে তেন্তে সেই ছাগলী উচ্চস্বৰে মে মে কৰি থাকিব। ইয়াৰ পিছত তেখেতে নিজৰ দুয়ো হাত ইমান ওপৰলৈ উঠালে যে, উপস্থিত লোকসকলে তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা পালে। ইয়াৰ পিছত তেখেতে ক'লেঃ হে আল্লাহ! তুমি সাক্ষী থাকা, মই তোমালোকক আল্লাহৰ বিধান পৌঁচাই দিছোঁ। ইয়াৰ পিছত আবু হুমাইদ ছায়েদী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এইটো এনেকুৱা এটা সংবাদ, যিটো তেওঁ নিজ চকুৰে দেখিছে আৰু নিজ কাণেৰে শুনিছে।
ইয়াছ বিন আব্দুল্লাহ বিন আবি জুবাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ বান্দীহঁতক (স্ত্ৰীহঁতক) প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ ক’লে, স্ত্ৰীসকলে স্বামীৰ অবাধ্য হৈ পৰিছে। তেতিয়া তেখেতে স্ত্ৰীক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে। তাৰ পিছত বহুতো মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালৰ ওচৰলৈ নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিবলৈ ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, "মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।"
رواه أبو داود وابن ماجهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্ত্ৰীসকলক প্ৰহাৰ কৰিবলৈ নিষেধ কৰিছে। এই কথা শুনাৰ পিছত আমীৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! নাৰীসকলে নিজৰ স্বামীৰ প্ৰতি অবাধ্য হৈ পৰিছে, আৰু সিহঁতৰ চাৰিত্ৰিক অৱস্থাৰ অৱনতি ঘটিছে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্ত্ৰীসকলক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে, যদিহে উচিত কোনো কাৰণ থাকে, কিন্তু কঠোৰভাৱে নহয়। উদাহৰণস্বৰূপে স্বামীৰ অধিকাৰ পূৰণত অস্বীকাৰ কৰিলে, বা স্বামীৰ অবাধ্যতা কৰিলে। ইয়াৰ কিছুদিন পিছত মহিলাসকলে অভিযোগলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ ওচৰলৈ আহিবলৈ ধৰিলে যে, তেওঁলোকৰ স্বামীয়ে প্ৰচণ্ড মাৰপিট কৰে, লগতে তেওঁলোকে এই অনুমতিৰ অপব্যৱহাৰ কৰি আছে। এই অভিযোগ শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিসকল পুৰুষে নিজৰ স্ত্ৰীসকলক প্ৰচণ্ড মাৰপিট কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।" আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথাষাৰ শুনাৰ পিছৰ পৰা এনেকুৱা এটাও ৰাতি মই অতিবাহিত কৰা নাই যে, যিদিনা মোৰ ওচৰত মোৰ অছিয়ত লিখিত ৰূপে সংৰক্ষণ নাছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যদি কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকে, প্ৰাপ্য অধিকাৰ হওক বা সা-সম্পত্তি, পৰিমাণ যিমানেই কম নহওক কিয়, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি পাৰ কৰাও উচিত নহয়। আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনাৰ পিছৰ পৰা অছিয়ত লিখি সংৰক্ষণ নকৰাকৈ মই এটা ৰাতিও পাৰ কৰা নাছিলোঁ।
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো মহিলাই তিনি দিনতকৈ বেছি সময় মৃত ব্যক্তিৰ বাবে শোক পালন (ইহদাদ) কৰিব নোৱাৰিব—কেৱল স্বামীৰ বাবেহে চাৰি মাহ দহ দিন শোক পালন কৰিব। ইয়াৰ উপৰিও (য়ামানত প্ৰস্তুতকৃত ৰঙীন কাপোৰৰ বাহিৰে বেলেগ কোনো) ৰঙীন কাপোৰ পিন্ধিব নোৱাৰিব। কাজল লগাব নোৱাৰিব, সুগন্ধি স্পৰ্শ কৰিব নোৱাৰিব। কিন্তু হায়েজৰ পৰা পবিত্ৰ হোৱাৰ পিছত অকণমান কুস্ত অথবা আজফাৰ দ্বাৰা তৈয়াৰী (এবিধ সুগন্ধি দ্ৰব্য) ব্যৱহাৰ কৰিব পাৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক মৃত ব্যক্তিৰ বাবে তিনি দিনতকৈ অধিক সময় শোক পালন কৰিবলৈ নিষেধ কৰিছে, লগতে তেখেতে সিহঁতক এই অৱস্থাত সুগন্ধি, কাজল, আ-অলংকাৰ আৰু সুন্দৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে। মৃত ব্যক্তি পিতৃ হওক বা ভাই নাইবা পুত্ৰ অথবা অন্য কোনো আত্মীয়। কিন্তু স্বামীৰ ক্ষেত্ৰত চাৰি মাহ দহ দিন শোক পালন কৰিব লাগিব। স্বামীৰ শোক পালন কৰা অৱস্থাত নাৰীয়ে সকলো ধৰণৰ ৰঙীন সুসজ্জিত কাপোৰ পৰিহাৰ কৰিব লাগে, কেৱল ‘ছাওবুল আচাব’ (এবিধ য়ামানী ৰঙীন কাপোৰ) পিন্ধিব পাৰিব, যিটো বয়নৰ আগতেই ৰং কৰা হয়। এইদৰে সাজি কাঁচি থকাৰ উদ্দেশ্যে চকুত কাজল ব্যৱহাৰ কৰিব নোৱাৰিব, সুগন্ধি দ্ৰব্য (যিকোনো সুগন্ধি) স্পৰ্শ কৰিব নোৱাৰিব। কিন্তু যদি তাই ঋতুস্ৰাৱৰ পৰা পবিত্ৰ হয়, সেই সময়ত অতি সামান্য পৰিমাণে ‘কুস্ত’ অথবা ‘আযফাৰ’ (এবিধ সুগন্ধি) ব্যৱহাৰ কৰিব পাৰে। এই সুগন্ধি দুটা হৈছে এক প্ৰকাৰ ধূপ, সুগন্ধি হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হোৱা নাই, বৰং ঋতুস্ৰাৱৰ দুৰ্গন্ধ দূৰ কৰিবলৈ হায়েজৰ পৰা পৱিত্ৰ হৈ যৌনাংগত ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে। যাতে তেজৰ বেয়া প্ৰভাৱ তথা দুৰ্গন্ধ দূৰ হয়।
আব্দুল্লাহ বিন য়াঝীদ আল-খাতমীয়ে কৈছেঃ বাৰা ইবনে আঝিবে মোক হাদীছ বৰ্ণনা কৰিছে, আৰু তেওঁ মিছলীয়া নহয়। তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈছিল, (তেতিয়া আমি সেই সময়ত উঠিছিলোঁ, যেতিয়া তেখেত উঠি থিয় দিছিল) আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে ছাজদাহ কৰা নাছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটো বাৰাআ ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে আৰু তেওঁ আছিল এজন সত্যবাদী। তেওঁ কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈ থিয় হৈছিল, তাৰ পিছত আমি থিয় হৈছিলোঁ, আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে মাটিত কপাল ৰখা নাছিল, তাৰ পিছতহে আমি ছাজদাহ কৰিছিলোঁ।