





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।
(বুখাৰী)উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হ'ল যে, ঘৰৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা কি আছিল, তেখেতে কি কামত ব্যস্ত থাকিছিল? ইয়াৰ উত্তৰত তেওঁ ক'লেঃ তেখেত মানুহৰ দৰেই এজন মানুহ আছিল, পুৰুষসকলে ঘৰত যি যি কৰে, তেখেতেও তাকেই কৰিছিল। তেখেতে নিজৰ কামৰ লগতে ঘৰৰ কামতো সহযোগ কৰিছিল। ছাগলীৰ গাখীৰ খিৰাইছিল, নিজৰ কাপোৰ নিজে চিলাই কৰিছিল, নিজৰ জোতা নিজে মেৰামতি কৰিছিল, বাল্টি বাচন বৰ্তন নিজে তালি লগাইছিল। যেতিয়া নামাজৰ ইকামত হৈছিল, তেতিয়া তেখেতে অকণো পলম নকৰাকৈ লগে লগে ওলাই গৈছিল।
বুছৰ ইবনে ছাঈদৰ পৰা বৰ্ণিত যে, যায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক আবূ জুহায়ম ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ প্ৰেৰণ কৰিলে, এইটো সুধিবলৈ যে, নামাজীৰ সন্মুখেৰে পাৰ হোৱাৰ বিষয়ত তেওঁ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? আবূ জুহায়মে ক'লেঃ এই বিষয়ত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।" আবুন নজৰে কৈছেঃ মই নাজানো তেওঁ ৪০ দিন কৈছিল নে ৪০ মাহ, নে ৪০ বছৰ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ফৰজ নামাজ হওক বা নফল নামাজ, মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সাৱধান কৰিছে। যিয়ে ইচ্ছাকৃতভাৱে কোনো মুচল্লীৰ সন্মুখেদি পাৰ হয়, সি যদি ইয়াৰ গুনাহৰ পৰিমাণ জানিলেহেঁতেন, তেন্তে সি ৪০ (দিন, মাহ বা বছৰ) অপেক্ষা কৰাটোকে প্ৰাধান্য দিলেহেঁতেন বা শ্ৰেয় বুলি গণ্য কৰিলেহেঁতেন। উক্ত হাদীছটোৰ বৰ্ণনাকাৰী আবুন নজৰে কৈছেঃ মোৰ মনত নাই, তেওঁ চল্লিশ দিন কৈছিল নে চল্লিশ মাহ নে চল্লিশ বছৰ।
লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই বনী মুন্তাফিকৰ প্ৰতিনিধি দলৰ নেতা হৈ অথবা তেওঁ কৈছিল সেই প্ৰতিনিধি দলৰ সদস্য হৈ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিলোঁ। যেতিয়া আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওঅছাল্লামৰ ঘৰত আহি উপস্থিত হ'লোঁ, তাত আমি তেখেতক লগ নাপালোঁ, কিন্তু তাত উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পালোঁ। তেওঁ আমাৰ বাবে খাঝিৰাহ (এক প্ৰকাৰ খাদ্য) তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে। ফলত আমাৰ বাবে খাদ্য প্ৰস্তুত কৰা হ'ল আৰু আমাৰ সন্মুখত ক্বিনা (খেজুৰ ভৰ্তি এটা পাত্ৰ) পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ'ল আৰু তেখেতে সুধিলে, "তোমালোকক কিবা খাবলৈ দিয়া হৈছিলনে?" অথবা তেখেতে কৈছিলঃ তোমালোকৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলনে? আমি ক'লোঁ, "হয়, হে আল্লাহৰ ৰাছুল।" বৰ্ণনাকাৰীয়ে কৈছেঃ আমি তেখেতৰ সৈতে বহি আছিলোঁ, এনেতে এজন ৰাখোৱালে ভেৰা ছাগলী লৈ গোহালীত আহি উপস্থিত হ'ল। সেইবোৰৰ লগত এটা পোৱালিও আছিল যিটো চিঞৰি আছিল। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে, "হে অমুক! কি পোৱালি হৈছে?" ৰখীয়াই ক'লে, "মাইকী পোৱালী।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তেন্তে আমাৰ বাবে ইয়াৰ পৰিবৰ্তে বেলেগ এটা ছাগলী জবেহ কৰা।" ইয়াৰ পিছত তেখেতে ক'লে, "এইটো নাভাবিবা যে, এইটো তোমাৰ বাবে জবেহ কৰা হৈছে। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰিব বিচৰা নাই। সেয়ে যেতিয়াই কোনো এটা পোৱালী জন্ম হয়, তেতিয়াই আমি সেইটোৰ বিপৰীতে এটা ছাগলী জবেহ কৰোঁ।" বৰ্ণনাকাৰীয়ে কৈছে, মই ক'লোঁ, "হে আল্লাহৰ ৰাছুল! মোৰ এগৰাকী পত্নী আছে, তাই কেতিয়াবা অশ্লীল ভাষা কয়।" তেখেতে ক'লে, "তেন্তে তাইক তালাক দি দিয়া।" মই ক'লোঁ, "তাইৰ সৈতে মোৰ বহু বছৰৰ সংসাৰ আৰু তাইৰ পৰা মোৰ সন্তানো আছে।" তেতিয়া তেখেতে ক'লে, "তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই সংশোধন হৈ যাব, আৰু শুনা! স্ত্ৰীক কেতিয়াও দাসীৰ দৰে প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত মই সুধিলোঁ, "হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক।" তেখেতে ক'লে, "পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।
رواه أبو داود والترمذي والنسائي وابن ماجهলাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ বনীল মুন্তাফিক গোত্ৰৰ প্ৰতিনিধি দলৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিল। তেওঁ কৈছেঃ আমি তেখেতৰ ঘৰত গৈ তেখেতক লগ নাপালোঁ। ঘৰত আমি উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক পালোঁ। তেওঁ আমাৰ বাবে আটা আৰু ঘিউৰ দ্বাৰা এটা তৰল খাদ্য প্ৰস্তুত কৰাৰ নিৰ্দেশ দিলে। লগতে আমাৰ সন্মুখত খেজুৰ ভৰা এটা পাত্ৰ পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি উপস্থিত হ'ল আৰু তেখেতে ক'লেঃ তোমালোকক খাবলৈ কিবা দিয়া হৈছিলনে? আমি ক'লোঁঃ হয়। লাক্বীতে কৈছেঃ আমি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ভেৰা ছাগলীৰ ৰখীয়াই ভেৰা ছাগলীবোৰক গোহালিৰ ফালে লৈ যোৱা পৰিলক্ষিত হ'ল, সেই ভেৰা ছাগলীৰ পালত আছিল এটি সৰু পোৱালীও, যিটো চিঞৰি আছিল। তেতিয়া তেখেতে ক'লেঃ কি পোৱালী হৈছে? ৰখীয়াই উত্তৰত ক'লেঃ মাইকী। তেখেতে ক'লেঃ তেন্তে ইয়াৰ বিপৰীতে এটা পূৰ্ণ বয়স্ক ছাগলী জবেহ কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে (লাক্বীতক উদ্দেশ্যি) ক'লেঃ তোমালোকে এইটো নাভাবিবা যে, আমি অসুবিধা স্বীকাৰ কৰি এইটো তোমালোকৰ বাবে জবেহ কৰিলোঁ। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি এই সংখ্যা বঢ়াব বিচৰা নাই। সেয়ে যেতিয়া কোনো এটা নতুন পোৱালী জন্ম হয়, আমি তাৰ বিপৰীতে বেলেগ এটাক জবেহ কৰোঁ। ইয়াৰ পিছত লাক্বীতে এটা প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! মোৰ স্ত্ৰীৰ জিভা সীমা চেৰাই গৈছে, অনায়াসে অশ্লীল ভাষা প্ৰয়োগ কৰে। মই তাইৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিম? তেখেতে ক'লেঃ তেন্তে তুমি তাইক তালাক্ব দিয়া। তেওঁ কৈছেঃ মই ক’লোঁ: হে আল্লাহৰ ৰাছুল! তাইৰ সৈতে মোৰ দীৰ্ঘদিনৰ সংসাৰ আছে আৰু তাইৰ পৰা মোৰ সন্তানো আছে। তেখেতে ক’লে: তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই তোমাৰ উপদেশ মানি ল’ব। যদি নামানে, তেন্তে তাইক লঘু শাস্তি বিহিবা, কিন্তু দাস-দাসীৰ দৰে প্ৰহাৰ নকৰিবা। ইয়াৰ পিছত লাক্বীতে ক’লে: হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক। তেখেতে ক’লে: অজুৰ সময়ত অজুৰ প্ৰতিটো অংগত পৰিপূৰ্ণৰূপে পানীৰে ধুই ল'বা, যাতে প্ৰতিটো অংগৰ হক আদায় হয়। ইয়াৰ ফৰজ আৰু ছুন্নত এটাও যাতে বাদ নপৰে। লগতে হাত-ভৰি ধোৱাৰ সময়ত আঙুলিবোৰৰ মাজত ঘঁহি ল'বা, লগতে অজুৰ সময়ত নাকৰ ভিতৰত পানী টানি লৈ সেই পানী সজোৰে উলিয়াই আনিবা আৰু ভালদৰে পৰিষ্কাৰ কৰিবা। কিন্তু যদি ৰোজা অৱস্থা থাকা তেন্তে এইদৰে নকৰিবা।
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। তেখেতে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবলৈ বেলেগ ঠাইলৈ গ’ল। সেই সময়তে আমি এটা ৰঙা চৰাই (হুম্মাৰা) আৰু তাৰ দুটা পোৱালি দেখিলোঁ। আমি তাইৰ পোৱালি দুটা ধৰি আনিলোঁ। চৰাইজনী পিছে পিছে আহি পাখি মেলি পোৱালিৰ বাবে অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক’লে: “কোনে ইয়াৰ পোৱালি আনি ইয়াক অস্থিৰতাত পেলাইছে? ইয়াৰ পোৱালিবোৰ ইয়াক ওভোতাই দিয়া!” ইয়াৰ পিছত তেখেতে এটা পৰুৱাৰ ঘৰ দেখা পালে যিটোক আমি জ্বলাই দিছিলোঁ। তেখেতে ক’লে: “এইটো কোনে জ্বলাইছে?” আমি উত্তৰত ক’লোঁ: “আমি।” তেতিয়া তেখেতে ক’লে: “অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”
(আবু দাঊদ)আব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, তেওঁলোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰাকৃতিক প্ৰয়োজন পূৰণৰ বাবে বেলেগ এটা ঠাইলৈ গৈছিল। চাহাবীসকলে এজনী ৰঙা চৰাই (হুম্মাৰা) দেখা পালে, যিটোৰ সৈতে তাইৰ দুটা পোৱালিও আছিল। তেওঁলোকে সেই পোৱালি দুটা ধৰি আনিলে। চৰাইজনীয়ে নিজৰ সন্তান হেৰুওৱাৰ বেদনাত দুখতে ডেউকা মেলি অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ’ল, তেখেতে ক'লে: "ইয়াৰ পোৱালি আনি ইয়াক কোনে ভীত-সন্ত্ৰস্ত কৰিছে আৰু দুশ্চিন্তাত পেলাইছে?" তাৰ পিছত তেখেতে সেই পোৱালি ওভোতাই দিবলৈ নিৰ্দেশ দিলে। ইয়াৰ পিছত তেখেতে পৰুৱাৰ এটা অঞ্চল দেখা পালে যিটোক পুৰি পেলোৱা হৈছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এইটো কোনে পুৰিছে? কেইজনমান চাহাবাই ক'লেঃ আমি পুৰিছোঁ। তেতিয়া তেখেতে তেওঁলোকক ক'লেঃ জীৱিত কোনো বস্তুকেই জুইত পুৰি শাস্তি বিহাটো অগ্নিৰ সৃষ্টিকৰ্তাৰ বাহিৰে আন কাৰো বাবেই বৈধ নহয়।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, এনেতে এজন বেদুঈন মানুহ আহি মছজিদতে প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। চাহাবীসকলে তাক বাধা প্ৰদান কৰি ক'লে, "বন্ধ কৰা, বন্ধ কৰা!"। তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তাক বাধা নিদিবা, এৰি দিয়া।" চাহাবীসকলে তাক এৰি দিলে আৰু সি প্ৰস্ৰাৱ কৰিলে। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লে, "এই মছজিদবোৰ প্ৰস্ৰাৱ বা কোনো অপবিত্ৰ কামৰ বাবে উপযুক্ত নহয়। এইবোৰ হৈছে কেৱল আল্লাহৰ জিকৰ-আজকাৰ, নামাজ আৰু কোৰআন তিলাৱত কৰাৰ বাবেহে নিৰ্দিষ্ট।" অথবা ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ কৈছিল (আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে) তেনেকৈয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছত তেখেতে এজন লোকক পানীৰ এটা বাল্টি আনিবলৈ ক'লে আৰু সেই ঠাইত পানী ঢালি দিলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ সৈতে মছজিদত বহি আছিল। সেই সময়তে এজন বেদুঈন আহি মছজিদত প্ৰৱেশ কৰিলে আৰু মছজিদৰ এটা চোকত গৈ প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। এই দেখি চাহাবাসকলে তাক ধমক দি ক'লেঃ হেৰা, বন্ধ কৰা, ইয়াত প্ৰস্ৰাৱ নকৰিবা। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক এৰি দিয়া, বাধা নিদিবা। অৱশেষত সি প্ৰস্ৰাৱ সম্পন্ন কৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লেঃ মছজিদসমূহ প্ৰস্ৰাৱকে আদি কৰি কোনো ধৰণৰ বেয়া বস্তুৰ বাবে উপযুক্ত নহয়। ইয়াত কেৱল আল্লাহৰ জিকৰ-আজকাৰ কৰা হয়, নামাজ পঢ়া হয় আৰু কোৰআন তিলাৱত কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন চাহাবীক এক বাল্টি পানী আনিবলৈ নিৰ্দেশ দিলে। পানী এক বাল্টি অনাৰ পিছত সেই প্ৰস্ৰাৱৰ ওপৰত পানী ঢালি দিলে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে। তেখেতে আৰু কৈছে: "নিশ্চয় এইবোৰে পৰিষ্কাৰ নকৰে।"
(দাৰু কুতনী)প্ৰস্ৰাৱ বা পায়খানা কৰাৰ পিছত জন্তুৰ হাড়, শুকান গোবৰ বা অন্যান্য অশুচি বস্তুৰে পৰিষ্কাৰ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে, তেখেতে আৰু কৈছেঃ ইয়াৰ দ্বাৰা অপৱিত্ৰতা দূৰ নহয়, তথা ইয়াৰ দ্বাৰা পৱিত্ৰতাও অৰ্জন নহয়।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ প্ৰয়োজন পূৰণ কৰি যেতিয়া শৌচালয়ৰ পৰা বাহিৰ হৈছিল, তেতিয়া তেখেতে কৈছিলঃ হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ।
ছালমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুশ্বৰিকসকলে এবাৰ মোক ক’লে: আমি দেখি আছোঁ যে, তোমালোকৰ সংগীয়ে (নবীয়ে) তোমালোকক সকলো কথাই শিকায়, আনকি প্ৰস্ৰাৱ-পায়খানা কৰাৰ নিয়ম নীতিও শিকায়। ইয়াৰ উত্তৰত তেওঁ ক'লেঃ "হয়, নিশ্চয়। তেখেতে আমাক সোঁহাতেৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে। এইদৰে প্ৰস্ৰাৱ পায়খানাৰ সময়ত কিবলামুখী হৈ বহিবলৈ নিষেধ কৰিছে। লগতে তেখেতে আমাক গোবৰ আৰু হাড় আদিৰে ইস্তিঞ্জা কৰিবলৈ নিষেধ কৰিছে। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও যেন নূন্যতম তিনিটা শিলগুটিতকৈ কমেৰে ইস্তিঞ্জা নকৰে।"
(মুছলিম)ছালমান আল-ফাৰিছী ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, মুশ্বৰিকসকলে আমাক ঠাট্টা কৰি ক'লে যে, তোমালোকৰ নবীয়ে দেখোন তোমালোকক প্ৰতিটো বিষয়ে শিকায়, আনকি তোমালোকক শৌচ-প্ৰস্ৰাৱ কৰাৰ নীতি নিয়মো শিকায় যে, কিদৰে তোমালোকে প্ৰস্ৰাৱ কৰিবা আৰু কিদৰে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবা। ছালমান ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: হয়, তেখেতে আমাক প্ৰাকৃতিক প্ৰয়োজনৰ নিয়ম-নীতিও শিকায়। যেনে- শৌচ কাৰ্য্য সম্পন্ন কৰি সোঁ হাতেৰে পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে, যাতে সোঁ হাত অপৱিত্ৰতাৰ পৰা সুৰক্ষিত থাকে আৰু ইয়াৰ মৰ্যাদা ৰক্ষা হয়। এইদৰে তেখেতে আমাক কিবলাৰ ফালে মুখ কৰি প্ৰস্ৰাৱ অথবা পায়খানা কৰিবলৈ নিষেধ কৰিছে। লগতে তেখেতে জীৱ-জন্তুৰ মল বা গোবৰ, হাড় আদিৰে ইস্তিঞ্জা কৰিবলৈ নিষেধ কৰিছে। এইদৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ কমেও তিনিটা শিলগুটি ব্যৱহাৰ কৰিবলৈ কৈছে, তিনিটাতকৈ কম হ'লে যথেষ্ট নহয়।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
رواه ابن خزيمة والدارقطني والبيهقيআনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ছুন্নতত যিবোৰ বিষয়ৰ অনুমোদন দিছিল, তাৰ মাজত এইটোও আছে যে, বিশেষকৈ ফজৰৰ আজানত মুআজ্জিনে "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি কোৱা।