Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামত নিকটৱৰ্তী হোৱাৰ আৰু পৃথিৱী শেষ হোৱাৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, মানুহে নিজৰ মছজিদৰ সৌন্দৰ্য্যক লৈ গৌৰৱ কৰিব তথা অহংকাৰ কৰিব, নাইবা আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা মছজিদত সিহঁতে দুনিয়াবী বিষয়লৈ অহংকাৰ কৰিব।
হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি বৰ্ণনা কৰিছে যে, তেখেতে তাকবীৰে তাহৰীমাৰ জৰিয়তে অৰ্থাৎ আল্লাহু আকবাৰ বুলি কৈ নামাজ আৰম্ভ কৰিছিল। এইদৰে তেখেতে ছুৰা ফাতিহাৰ জৰিয়তে কিৰাআত পাঠ কৰা আৰম্ভ কৰিছিল। আলহামদুলিল্লা-হি ৰাব্বিল আলামীন।..... তেখেতে কিয়ামৰ পিছত যেতিয়া ৰুকু কৰিছিল, তেতিয়া ৰুকুৰ সময়ছোৱাত তেখেতে নিজৰ মূৰ পিঠিৰ সমপৰ্যায়ত সমতলভাৱে ৰাখিছিল, বেছি ওখতো ৰখা নাছিল আৰু তলফালে বেছি হালি থকাও নাছিল। তেখেতে ৰুকুৰ পৰা উঠি সম্পূৰ্ণৰূপে পোন হৈ থিয় দিছিল, তাৰ পিছতহে ছাজদাহ কৰিছিল। এইদৰে তেখেতে যেতিয়া প্ৰথম ছাজদাৰ পৰা উঠিছিল তেতিয়া পোন হৈ স্থিৰভাৱে বহিছিল, তাৰ পিছত পুনৰ দ্বিতীয় ছাজদাহ কৰিছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ পিছত তাশ্বাহহুদৰ বাবে বহিছিল। এই বৈঠকত তেখেতে এই দুআ পাঠ কৰিছিল, «التحيات لله والصلوات والطيبات...» । তেখেতে দুই ছাজদাৰ মাজত অথবা তাশ্বাহহুদত যেতিয়া বহিছিল তেতিয়া বাওঁ ভৰি পাৰি বহিছিল আৰু সোঁ ভৰি থিয় কৰি ৰাখিছিল। তেখেতে নামাজত চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। অৰ্থাৎ দুই ভৰি মাটিত পাৰি ভৰিৰ গোৰোহাৰ ওপৰত বহিবলৈ। অথবা নিতম্ব মাটিত স্পৰ্শ কৰোৱাই সন্মুখৰ ফালে ভৰি দুটা থিয়কৈ ৰাখি বহিবলৈ নিষেধ কৰিছে, এইদৰে কুকুৰ নিচিনা হাত দুটা প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। লগতে ছাজদাৰ কৰাৰ সময়ত হিংস্ৰ প্ৰাণীৰ দৰে দুয়ো হাত প্ৰসাৰিত কৰি ৰাখিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ জৰিয়তে নামাজ শেষ কৰিছিল। এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ বুলি কৈছিল।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত থিয় হৈ খুতবা দি আছিল, সেই সময়তে এজনে প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! তাহাজ্জুদ কেনেকৈ পঢ়িব লাগে মোক শিকাই দিয়ক? তেতিয়া তেখেতে ক'লেঃ প্ৰত্যেক দুই ৰাকাতৰ শেষত ছালাম ফিৰাবা। যদি প্ৰভাত হোৱাৰ আশংকা হয় তেন্তে অতিৰিক্ত এক ৰাকাত আদায় কৰিবা, যাতে এইটো ৱিতিৰ হৈ যায়। এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দিছিল যে, তোমালোকে ৱিতিৰক ৰাতিৰ একেবাৰে শেষৰ নামাজ হিচাপে আদায় কৰিবা।
হাদীছটোত উল্লেখ হৈছে যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ত্যাগ কৰা কেইজনমান নাস্তিকক জুইত নিক্ষেপ কৰি শাস্তি বিহিছিল। এই খবৰ আব্দুল্লাহ ইবনে আব্বাছে লাভ কৰাৰ পিছত তেওঁ সিহঁতৰ শাস্তিৰ বিষয়টোক সমৰ্থন কৰিছিল কিন্তু জুইত পুৰি শাস্তি বিহা কাৰ্য্যক সমৰ্থন কৰা নাছিল। তেওঁ কৈছিল, সেই পদৱীত যদি মই থাকিলোঁহেঁতেন তেন্তে কেতিয়াও মই সিহঁতক জুইত নিক্ষেপ কৰি শাস্তি নিদিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, জুইৰ দ্বাৰা শাস্তি বিহা উচিত নহয়, কাৰণ জুইৰ শাস্তি কেৱল আল্লাহে বিহিব। ইয়াৰ বিপৰীতে সিহঁতক হত্যা কৰিলেই যথেষ্ট হ'লহেঁতেন, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে ইছলামৰ পৰা আঁতৰি যায় আৰু নিজৰ ধৰ্ম পৰিবৰ্তন কৰে তাক তোমালোকে হত্যা কৰা।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ বিন জাবালক য়ামানলৈ প্ৰেৰণ কৰিছিল, যাতে তেওঁ সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰে আৰু সিহঁতক ইছলামৰ বিধানসমূহ শিকায়। সেই নিৰ্দেশনাসমূহৰ ভিতৰত আছিল যে, তেওঁ যেন মুছলিমসকলৰ পৰা যাকাত সংগ্ৰহ কৰে প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে এটা সৰু (এবছৰীয়া) দামুৰি নাইবা সৰু মাইকী পোৱালী। আনহাতে প্ৰত্যেক চল্লিশটা গৰুৰ বিপৰীতে এটা নূন্যতম দুবছৰীয়া পোৱালী। পক্ষান্তৰে তেওঁ যেন আহলে কিতাবৰ পৰা অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানৰ পৰা কৰ সংগ্ৰহ কৰে, প্ৰত্যেক প্ৰাপ্তবয়স্ক লোকৰ পৰা এক দীনাৰ অথবা তাৰ সমপৰিমাণৰ য়ামানী মুআফিৰী কাপোৰ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত হিংস্ৰ প্ৰাণীৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ চোকা দাঁতেৰে চিকাৰ কৰে, আৰু প্ৰত্যেক সেইবোৰ চৰাইৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ নখেৰে চিকাৰ কৰে আৰু নখেৰে ধৰি ৰাখে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা জনাইছে যে, যদি কোনোবাই নজৰ তথা মানত কৰে আৰু কোনো বস্তু নিৰ্দিষ্ট নকৰে তেন্তে ইয়াৰ কাফ্ফাৰাহ হ'ব শপতৰ কাফ্ফাৰাৰ সম পৰিমাণ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা' পানীৰে ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে তেখেতে অজু কৰিছিল। চাৰি মুদ পৰিমাণক এক ছা বোলে, আনহাতে এক মুদ হৈছেঃ এজন সাধাৰণ মানুহৰ দুয়ো হাত এক লগ কৰি সেই আয়তনত যিমানখিনি বস্তু আহে তাক এক মুদ বোলে।
হাদীছটোত উল্লেখ হৈছে যে, জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰস্ৰাৱ কৰি আহি অজু কৰিলে। কিন্তু তেওঁ অজু কৰাৰ সময়ত ভৰি নোধোৱাকৈ কেৱল মোজাৰ ওপৰত মছেহ কৰিলে। তেওঁৰ ওচৰত থকা কোনোবাই তেওঁক সুধিলেঃ আপুনি সচৰাচৰ এনেকুৱাই কৰে নেকি? তেওঁ ক'লেঃ হয়। কিয়নো মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল। জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম গ্ৰহণ কৰিছিল বহুত পিছত, ছুৰা মায়িদা অৱতীৰ্ণ হোৱাৰ পিছত, যিটোৰ ভিতৰত অজুৰ আয়াত আছে। ইয়াৰ দ্বাৰা এইটো বুজোৱা হৈছে যে, মোজাৰ ওপৰত মছেহ কৰাৰ বিধানটো উক্ত আয়াতৰ দ্বাৰা ৰহিত হোৱা নাই।