





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ- আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" তেওঁ কৈছেঃ তেখেতে মোক এইখিনি কথা কৈছে, মই যদি তেখেতক আৰু সুধিলোঁহেঁতেন তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হৈছে যে, আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? ইয়াৰ উত্তৰত তেখেতে কৈছেঃ চৰীয়তে নিৰ্ধাৰণ কৰা সময়ত ফৰজ নামাজসমূহ আদায় কৰা। ইয়াৰ পিছত হৈছে, পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ যথাযথভাৱে পালন কৰা, তেওঁলোকৰ অবাধ্যতা নকৰা। ইয়াৰ পিছত হৈছে আল্লাহৰ পতাকা সুউচ্চ ৰাখিবলৈ আল্লাহৰ পথত যুদ্ধ কৰা, তথা ইছলাম আৰু মুছলিমৰ হৈ প্ৰতিৰক্ষা কৰা আৰু ইছলামী নিদৰ্শনাৱলীৰ হিফাজত কৰা। এই প্ৰতিৰক্ষা সম্পদৰ দ্বাৰাও কৰিব লাগিব আৰু সশৰীৰেও কৰিব লাগিব। ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ তেখেতে মোক এইবোৰ আমল সম্পৰ্কে জনাইছে। যদি মই পুনৰ ক'লোহেঁতেন যে, ইয়াৰ পিছত কোনটো? তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দৈনিক পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতৰণ কৰে, আৰু তেওঁলোকে এই বুলি দুআ কৰে। এজনে কয়ঃ হে আল্লাহ! যিয়ে সৎপথত ব্যয় কৰে, পৰিয়ালবৰ্গ আৰু অতিথি আপ্যায়নত ব্যয় কৰে, লগতে দান খয়ৰাত কৰে, তাক তুমি উত্তম প্ৰতিদান দিয়া আৰু তাৰ সম্পদত বৰকত দিয়া। দ্বিতীয়জনে কয়ঃ হে আল্লাহ! যিয়ে কৃপণালি কৰি সম্পদ ধৰি ৰাখে, তথা হিতাধিকাৰীক নিদিয়ে, তাৰ সম্পদ ধ্বংস কৰি দিয়া।
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, খাইবৰৰ যুদ্ধৰ দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "কাইলৈ মই এই পতাকাখন এনে এজন ব্যক্তিৰ হাতত তুলি দিম, যাৰ যোগেদি আল্লাহে (খয়বৰৰ দুৰ্গ) জয় কৰিব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভালপায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভালপায়।" বৰ্ণনাকাৰীয়ে কৈছেঃ সেই ৰাতি লোকসকলে এই চিন্তাত ৰাতি অতিবাহিত কৰিছিল যে, কাক দিয়া হ'ব পতাকাখন। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হ'ল, প্ৰত্যেকেই কামনা কৰি আছিল যে, পতাকাখন তাকেই দিয়া হ'ব। এই অৱস্থাত তেখেতে ক'লেঃ "আলী ইবনু আবি তালিব ক'ত?" কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল! তেওঁৰ চকুৰ বেমাৰ হৈছে। তেখেতে ক'লেঃ "তেওঁক মাতি আনিবলৈ কাৰোবাক প্ৰেৰণ কৰা।" তেওঁক লৈ অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ দুয়ো চকুত তেখেতৰ থু লগাই দিলে আৰু দুআ কৰিলে, ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এনেকুৱা আৰোগ্য লাভ কৰিলে যে, চকুত যেনিবা কোনো বিষেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। পতাকা হাতত লৈ তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে সিহঁত আমাৰ দৰে (মুছলিম) হৈ নাযায়। তেতিয়া তেখেতে ক'লেঃ "তুমি লাহে লাহে আগুৱাই যোৱা, যেতিয়া তুমি সিহঁতৰ চোতালতগৈ উপস্থিত হ'বা, তেতিয়া সিহঁতক ইছলামৰ পিনে আহ্বান কৰিবা আৰু সিহঁতৰ ওপৰত আল্লাহৰ যি অধিকাৰ আছে সেই সম্পৰ্কে সিহঁতক অৱগত কৰিবা। আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক আগতীয়াকৈ সংবাদ দি কৈছিল যে, কাইলৈ ইয়াহুদীসকলৰ ওপৰত মুছলিমসকলে জয় লাভ কৰিব। এই বিজয় লাভ হ'ব এনেকুৱা এজন ব্যক্তিৰ জৰিয়তে যাক এই পতাকাখন অৰ্পন কৰা হ'ব, অৰ্থাৎ সেই পতাকা যিখন সেনাবাহিনীয়ে যুদ্ধত প্ৰতীক হিচাপে উত্তোলন কৰে। সেই ব্যক্তিজনৰ বৈশিষ্ট্য হৈছে এই যে, তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়। আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভাল পায়। এই শুনি চাহাবাসকলে কোৱাকুইকে ৰাতি অতিবাহিত কৰিলে যে কাক দিয়া হ'ব সেই পতাকা? কাৰণ এইটো হৈছে এটা মহা মৰ্যাদাৰ বিষয়। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি গোট খালে, প্ৰত্যেকেই ভাবি আছিল এই মৰ্যাদা তেওঁহে লাভ কৰিব। এনেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ইবনু আবি তালিব সম্পৰ্কে সুধিলে? কোৱা হ'ল যে, তেওঁ অসুস্থ, চকুৰ বেমাৰ হৈছে। এই শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মাতি পঠোৱাৰ ব্যৱস্থা কৰিলে। তেওঁক মাতি অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৰকতময় থু তেওঁৰ চকুত লগাই দিয়া হ'ল, আৰু তেখেতে দুআ কৰিলে, ফলত তেওঁ সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিলে, এনেকুৱা আৰোগ্য লাভ কৰিলে যেনিবা তেওঁৰ চকুত কোনো বেমাৰেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। লগতে তেওঁক নিৰ্দেশ দিলে যে, লাহে লাহে আগুৱাই যাবা, যেতিয়া তুমি শত্ৰুসকলৰ দুৰ্গৰ ওচৰতগৈ উপস্থিত হ'বা তেতিয়া সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ আহ্বান কৰিবা। যদি সিহঁতে ইছলাম গ্ৰহণ কৰে তেন্তে সিহঁতক সেইবোৰ বিষয় জনাই দিবা যিবোৰ পালন কৰা সিহঁতৰ ওপৰত অনিবাৰ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ পিনে আহ্বান কৰাৰ গুৰুত্ব বুজাই ক'লে যে, যদি এই আহ্বানৰ ফলত কোনোবাই হিদায়ত লাভ কৰে তেন্তে এয়া তোমাৰ বাবে এটা ৰঙা উটতকৈও উত্তম, যিটোক আৰবীয়ানসকলে মহামূল্যৱান সম্পদ বুলি গণ্য কৰে। অৰ্থাৎ এনেকুৱা উটৰ মালিক হোৱাতকৈও উত্তম অথবা এনেকুৱা উট চাদাক্বাহ কৰাতকৈও উত্তম।
ঝায়েদ বিন খালিদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে যোদ্ধাৰ বাবে তেওঁৰ ভ্ৰমণৰ সম্বল যোগানত অৰিহণা যোগাব আৰু তেওঁৰ প্ৰয়োজন পূৰণত সহযোগিতা আগবঢ়াব, বিশেষকৈ অস্ত্ৰ-শস্ত্ৰ, বাহন, খাদ্য-সামগ্ৰী আৰু টকা-পইচা আদি। তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব আৰু যোদ্ধাৰ দৰেই ছোৱাব লাভ কৰিব। এইদৰে যিয়ে যোদ্ধাৰ অনুপস্থিতিত তেওঁৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব, তেওঁলোকৰ চোৱাচিতা কৰিব, তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব।
য়াহয়া বিন উমাৰাহ আল-মাঝিনীয়ে কৈছেঃ মই আমৰ ইবনু আবি হাছানৰ ওচৰত আছিলোঁ, তেওঁ আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেওঁ এটা পাত্ৰত পানী আনিবলৈ দিলে, আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে। তেওঁ সেই পাত্ৰৰ পৰা পানী ঢালি লৈ দুয়ো হাতৰ সৰু গাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত পাত্ৰৰ ভিতৰত হাত সোমোৱাই দি তিনিবাৰ তিনি চলু পানী লৈ কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। ইয়াৰ পিছত তিনিবাৰ পাত্ৰত হাত সোমোৱাই দি পানী লৈ মুখমণ্ডল ধুলে। ইয়াৰ পিছত পানী লৈ দুবাৰকৈ হাতৰ কিলাকুটিলৈকে ধুলে। ইয়াৰ পিছত পানী লৈ মূৰ মছেহ কৰিলে, দুয়ো হাতেৰে সন্মুখৰ পৰা পিছফাললৈকে আৰু পিছফালৰ পৰা সন্মুখলৈকে এবাৰ মছেহ কৰিলে। ইয়াৰ পিছত দুয়ো ভৰি সৰু গাঁঠিলৈকে ধুলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু কৰাৰ পদ্ধতি হুবহু কৰি দেখুৱাইছে। তেওঁ সৰু পাত্ৰ এটাত পানী বিচাৰিলে। সেই পানীৰে তেওঁ প্ৰথমে দুয়ো হাতৰ সৰুগাঁঠিলৈকে ধুই ল'লে। অৰ্থাৎ পাত্ৰটো অকণমান হেলনীয়া কৰি লৈ পানী ঢালি ল'লে আৰু সেই পানীৰে তিনিবাৰ হাত ধুই ল'লে। ইয়াৰ পিছত তেওঁ পাত্ৰৰ মাজত হাত সোমোৱাই দি তিনি চলু পানী লৈছিল, প্ৰত্যেক চলু পানীৰে কুলি কৰিছিল আৰু নাক চাফ কৰিবলৈ নাকতো দিছিল। ইয়াৰ পিছত পাত্ৰৰ পৰা পানী লৈ তিনিবাৰ মুখমণ্ডল ধুইছিল। ইয়াৰ পিছত তেওঁ সেই পাত্ৰৰ পৰা পানী লৈ দুবাৰ দুবাৰকৈ দুয়ো হাত কিলাকুটিলৈকে ধুইছিল। ইয়াৰ পিছত পাত্ৰৰ পৰা পানী লৈ মূৰ মছেহ কৰিছিল। মছেহ কৰোঁতে মূৰৰ সন্মুখৰ পৰা আৰম্ভ কৰি মূৰৰ পিছফালে চুলি গজা ঠাইলৈকে আৰু তাৰ পৰা আকৌ সন্মুখলৈকে, য'ৰ পৰা মছেহ আৰম্ভ হৈছিল। ইয়াৰ পিছত তেওঁ দুয়ো ভৰি সৰুগাঁঠিলৈকে ধুইছিল।
আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কিবা কামত বাহিৰলৈ প্ৰেৰণ কৰিলে, (ভ্ৰমণ অৱস্থাতে) মোৰ ওপৰত গোছল ফৰজ হৈ পৰিল, কিন্তু পৱিত্ৰতা অৰ্জন কৰিবলৈ মই পানী বিচাৰি নাপালোঁ। ফলত মই মাটিত জন্তুৰ দৰে বাগৰি বাগৰি পৱিত্ৰতা অৰ্জনৰ চেষ্টা কৰিলোঁ। যেতিয়া মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ তেতিয়া সেই বিষয়টো বৰ্ণনা কৰিলোঁ। তেখেতে ক'লেঃ "তুমি কেৱল নিজৰ দুই হাতেৰে এনেকৈ কৰিলেই যথেষ্ট আছিল।" তেখেতে দেখুৱাই দিবলৈ নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিলে, তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগ মছেহ কৰিলে আৰু মুখমণ্ডল মছেহ কৰিলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})এবাৰ আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিবা কামত ভ্ৰমণলৈ প্ৰেৰণ কৰিলে। তেওঁ সেই ভ্ৰমণতে জুনুবী হ'ল (অৰ্থাৎ তেওঁৰ ওপৰত গোছল ফৰজ হ'ল), বীৰ্য স্খলন হোৱাৰ ফলত। কিন্তু গোছল কৰিবলৈ তেওঁ পানী বিচাৰি নাপালে। গোছল ফৰজ হ'লে কেনেকৈ তায়াম্মুম কৰিব লাগে তেওঁ সেইটো জনা নাছিল। তেওঁ কেৱল অজু ভংগ হ'লে কৰিবলগীয়া তায়াম্মুমৰ বিধান সম্পৰ্কে অৱগত আছিল। গতিকে তেওঁ ইজতিহাদ কৰিলে যে, যিহেতু অজু ভংগ হোৱা অৱস্থাত তায়াম্মুম কৰিবলৈ কেৱল অজুৰ কেইটামান অংগ মছেহ কৰিব লাগে, তেনেহ'লে গোছল ফৰজ হ'লে হয়তো গোটেই শৰীৰত মাটি স্পৰ্শ কৰিব লাগিব। তেওঁ পানীৰ ওপৰত কিয়াছ কৰি এইটো চিন্তা কৰিছিল। সেয়ে তেওঁ মাটিত বাগৰি বাগৰি শৰীৰত মাটি লগাইছিল আৰু তাৰ পিছত নামাজ পঢ়িছিল। ইয়াৰ পিছত তেওঁ যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া তেখেতক সেই সম্পূৰ্ণ ঘটনা বিৱৰি ক'লে, যাতে তেওঁ জানিব পাৰে যে, সেইটো কৰা তেওঁৰ বাবে ঠিক হৈছে নে নাই? ঘটনা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদাছে আচগাৰ (প্ৰস্ৰাৱ, পায়খানা আদি) আৰু হাদাছে আকবাৰ (গোছল ফৰজ হোৱা অৱস্থাৰ) পৰা পৱিত্ৰতা অৰ্জনৰ নিয়ম শিকাই দিলে যে, নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিব লাগে আৰু তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগক মছেহ কৰিব লাগে আৰু মুখমণ্ডল মছেহ কৰিব লাগে।
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই কথাৰ ওপৰত বাইআত গ্ৰহণ কৰিছোঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। নামাজ প্ৰতিষ্ঠা কৰিব লাগিব, জাকাত আদায় দিব লাগিব, শাসকৰ নিৰ্দেশনা মানিব লাগিব, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'ব লাগিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})চাহাবী জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত প্ৰতিশ্ৰুতি লৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকিবলৈ, দিনে ৰাতি পাঁচ ওৱাক্ত চালাত ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুনানসমূহ সহকাৰে আদায় কৰিবলৈ, ফৰজ জাকাত আদায় কৰিবলৈ, এইটো হৈছে আৰ্থিক অনিবাৰ্য ইবাদত, যিটো ধনী মানুহৰ পৰা সংগ্ৰহ কৰি, দুখীয়া দৰিদ্ৰ অভাৱী লোকৰ মাজত বিতৰণ কৰা হয়। এইদৰে শাসকসকলৰ আনুগত্য কৰিবলৈ, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'বলৈ প্ৰতিশ্ৰুতি লৈছে। কাৰণ এইটো বৰ উপকাৰী, তেওঁৰ বাবে কল্যাণকৰ। কথা আৰু কৰ্মৰ অনিষ্টতাৰ পৰা সুৰক্ষিত থাকিব।
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাতত ধৰি ক'লেঃ হে মুআজ! আল্লাহৰ শপত, মই তোমাক অত্যন্ত ভালপাওঁ। ইয়াৰ পিছত তেখেতে ক'লেঃ হে মুআজ! মই তোমাক এটা উপদেশ দিওঁ, তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।"
رواه أبو داود والنسائي وأحمدহাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ হাতত ধৰি তেওঁক কৈছিলঃ আল্লাহৰ শপত, মই তোমাক বহুত ভালপাওঁ। মই তোমাক এটা উপদেশ দিওঁ, তুমি এই দুআটো প্ৰত্যেক নামাজৰ পিছত পাঠ কৰিবা, কেতিয়াও নেৰিবাঃ (আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা) অৰ্থাৎ হে আল্লাহ! প্ৰত্যেক নেক কথা আৰু নেক কৰ্মৰ জৰিয়তে তোমাক স্মৰণ কৰিবলৈ মোক সহায় কৰা। (অশ্বুকৰিকা) অৰ্থাৎ তুমি প্ৰদান কৰা সকলো নিয়ামতৰ চুকৰিয়া আদায় কৰিবলৈ সহায় কৰা। (অহুছনি ইবাদাতিক) অৰ্থাৎ ইখলাচ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক সুন্দৰভাৱে ইবাদত কৰিবলৈ সহায় কৰা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছে যে, আদম সন্তানৰ প্ৰতিটো আমলৰ ছোৱাব দহৰ পৰা সাত শ গুণ পৰ্যন্ত বৃদ্ধি হয়, কেৱল ৰোজাৰ বাহিৰে। কাৰণ এইটো হৈছে মোৰ বাবে, ইয়াত ৰিয়াৰ কোনো অৱকাশ নাথাকে। গতিকে ইয়াৰ প্ৰতিদান মই নিজৰ ইচ্ছানুযায়ী প্ৰদান কৰিম, ইয়াৰ ছোৱাবৰ পৰিমাণ সম্পৰ্কে আৰু ইয়াৰ বৃদ্ধি সম্পৰ্কে কেৱল ময়ে জানো। ইয়াৰ পিছত কৈছেঃ (والصيام جُنّة) অৰ্থাৎ ৰোজা হৈছে জাহান্নামৰ পৰা পৰ্দা, দুৰ্গ তথা ঢালস্বৰূপ। কাৰণ ইয়াৰ দ্বাৰা প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয় আৰু গুনাহত লিপ্ত হোৱাৰ পৰা ৰক্ষা পোৱা যায়। কিয়নো জাহান্নামক প্ৰবৃত্তিৰ চাহিদাৰে আবৃত কৰি ৰখা হৈছে। (فإذا كان يوم صوم أحدكم فلا يرفث) অৰ্থাৎ তোমালোকৰ মাজৰ যদি কোনোবাই ৰোজা ৰাখে, তেওঁ যেন অশ্লীল ভাষা নকয় আৰু যৌন মিলন তথা ইয়াৰ প্ৰাৰম্ভিক কৰ্মবোৰত যাতে লিপ্ত নহয়। (ولا يَصخب) অৰ্থাৎ কাজিয়া ফাছাদ যাতে নকৰে আৰু হুলস্থল নকৰে। (فإنْ سابّه أحد أو قاتله) অৰ্থাৎ ৰমাজান মাহত বা ৰোজা ৰখা অৱস্থাত যদি কোনোবাই গালি দিয়ে অথবা কাজিয়া কৰে, তেন্তে ক'ব লাগে যে, মই ৰোজা আছোঁ। ইয়াৰ ফলত হয়তো সি বিৰত থাকিব। ইয়াৰ পিছতো যদি সি আক্ৰমণ কৰে তেন্তে কম ক্ষতিকৰ পদ্ধতিৰে কেৱল নিজক ৰক্ষা কৰিব লাগে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই মহান সত্তাৰ শপত খাই ক'লে, যাৰ হাতত তেখেতৰ প্ৰাণ আছে যে, ৰোজাৰ ফলত ৰোজাদাৰৰ মুখৰ পৰা যি গোন্ধ ওলায়, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত এই গোন্ধ মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট হিচাপে পৰিগণিত হ'ব। জুমুআ আৰু বৈঠকসমূহত সুগন্ধি ব্যৱহাৰ কৰি যোৱাৰ বাবে যি ছোৱাব পোৱা যায়, তাতকৈও অধিক ছোৱাব প্ৰদান কৰিব। দুটা সময়ত ৰোজাদাৰ ব্যক্তি অত্যন্ত আনন্দিত হয়। ভোক পিয়াহ সহ্য কৰি ইফতাৰৰ সময় যেতিয়া কাষ চাপি আহে, যি সময়ত খোৱাৰ অনুমতি দিয়া হৈছে, তেতিয়া ৰোজাদাৰ ব্যক্তি আনন্দিত হয়। কাৰণ তাৰ ৰোজা পৰিপূৰ্ণ হয়, ইবাদত সম্পন্ন হয়, তথা আল্লাহৰ ফালৰ পৰা ৰহমত আৰু আগন্তুক ৰোজাৰ সহায় বিচাৰি এই আনন্দ লাভ কৰে। এইদৰে যেতিয়া আল্লাহৰ সৈতে সাক্ষাৎ কৰিব তেতিয়াও আনন্দিত হ'ব, কাৰণ তেতিয়া এই ৰোজাৰ প্ৰতিদান তথা ছোৱাব লাভ কৰি আনন্দিত হ'ব।