





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল। (তাশ্বাহহুদৰ শব্দবোৰ হৈছেঃ) «التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ» ("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "নিশ্চয় আল্লাহেই হৈছে শান্তিৰ উৎস। সেয়ে যেতিয়া তোমালোকে তাশ্বাহহুদত বহিবা তেতিয়া এই দুআ পাঠ কৰিবাঃ التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ، ("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন,) যেতিয়া এই বাক্য ক'ব তেতিয়া ইয়াৰ ভিতৰত আকাশ আৰু পৃথিৱীৰ সকলো নেক বান্দাকেই অন্তৰ্ভুক্ত কৰা হ'ব। (ইয়াৰ পিছত ক'ব) أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ। ইয়াৰ পিছত তেওঁ নিজৰ ইচ্ছা মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবনে মাছঊদক নামাজৰ তাশ্বাহহুদত পঢ়িবলগীয়া দুআটো শিকাইছিল। তেতিয়া তেওঁৰ হাত তেখেতৰ হাতৰ ভিতৰত আছিল, যাতে তেওঁ পৰিপূৰ্ণৰূপে মনোযোগ দিয়ে। তেখেতে তেওঁক তাশ্বাহহুদ সিমানেই গুৰুত্ব সহকাৰে শিকাইছিল যিমান গুৰুত্ব সহকাৰে তেওঁক কোৰআনৰ ছুৰা শিকাইছিল। এই কথাটোৱে তাশ্বাহহুদৰ শব্দ আৰু অৰ্থৰ প্ৰতি থকা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুৰুত্বৰ প্ৰমাণ কৰে। তেখেতে কৈছেঃ "আত্তাহিয়্যাতু লিল্লাহি " অৰ্থাৎ সকলো প্ৰকাৰৰ সন্মানসূচক কথা হওক বা কৰ্ম, ইয়াৰ প্ৰাপ্য অধিকাৰ হৈছে একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ। "আচ্ছালাৱাত" অৰ্থাৎ সকলো প্ৰকাৰ নামাজ ফৰজ হওক বা নফল একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "ُআত-তায়্যিবাত" পৱিত্ৰতা আৰু স্বয়ংসম্পূৰ্ণতা প্ৰমাণ কৰিব পৰা সকলো কথা আৰু কৰ্ম তথা সকলো বৈশিষ্ট্য একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "আচ্ছালামু আলাইকা আয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ" এইটো হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে এটা দুআ, যাতে তেখেত সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা তথা অপ্ৰিয় ঘটনাৰ পৰা সুৰক্ষিত থাকে, লগতে তেখেতৰ বাবে কল্যাণ বৃদ্ধি হয়। "আচ্ছালামু আলাইনা অ আলা ইবাদিল্লাহিচ্ছলিহীন" এইটো হৈছে নামাজীসকলৰ বাবে লগতে আকাশ আৰু পৃথিৱীত থকা সকলো নেক বান্দাৰ বাবে দুআ। "আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ" অৰ্থাৎ মই সম্পূৰ্ণ দৃঢ়তাৰ সৈতে এই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "ওৱা আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ" লগতে মই সাক্ষ্য দিওঁ যে, তেখেত হৈছে আল্লাহৰ বান্দা আৰু অন্তিম ৰাছুল। এই দুআটো পাঠ কৰাৰ পিছত নিজৰ ইচ্ছা মতে দুআ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুআ কৰি কৈছিলঃ " হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা।" মুছলিমৰ এটা বৰ্ণনাত এইদৰে আছে যে, "যেতিয়া তোমালোকে শেষ তাশ্বাহহুদ সম্পন্ন কৰিবা, তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আজাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মছীহ দাজ্জালৰ অনিষ্টৰ পৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজত অন্তিম তাশ্বাহহুদৰ পিছত আৰু ছালাম ফিৰোৱাৰ আগত চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছিল, লগতে তেখেতে আমাকো সেইবোৰৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ নিৰ্দেশ দিছে। ১) কবৰৰ শাস্তিৰ পৰা। ২) জাহান্নামৰ শাস্তিৰ পৰা, অৰ্থাৎ কিয়ামতৰ দিনা। ৩) জীৱনৰ ফিতনাৰ পৰা, যেনে- হাৰাম আশা-আকাংক্ষা আৰু পথভ্ৰষ্ট কৰিব পৰা সন্দেহৰ পৰা। মৃত্য়ুৰ ফিতনা যেনে- মৃত্যুৰ সময়ত ইছলামৰ পৰা তথা ছুন্নতৰ পৰা বিভ্ৰান্ত হোৱা, এইদৰে কবৰৰ ফিতনা যেনে- ফিৰিস্তাসকলৰ প্ৰশ্নৰ পৰা। ৪) মছীহ দাজ্জালৰ ফিতনাৰ পৰা, যাৰ আৱিৰ্ভাৱ শেষ জামানাত হ'ব। যাৰ দ্বাৰা আল্লাহে বান্দাসকলক পৰীক্ষা কৰিব। ইয়াত দাজ্জালৰ বিষয়টো বিশেষকৈ উল্লেখ কৰাৰ অৰ্থ হৈছে, ইয়াৰ ফিতনা বৰ ভয়ানক হ'ব, লগতে সি অধিকাংশ লোকক পথভ্ৰষ্ট কৰিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে কিৰাআত পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ প্ৰতি কুৰবান হওক, তাকবীৰ আৰু কিৰাআতৰ মাজত যিখিনি সময় আপুনি মৌন হৈ থাকে, সেইখিনি সময়ত আপুনি কি পাঠ কৰে? তেখেতে ক'লেঃ "মই এইটো পাঠ কৰোঁঃ আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে ছুৰা আল-ফাতিহা পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। সেইখিনি সময়ত তেখেতে কিছুমান দুআ পাঠ কৰি চালাত আৰম্ভ কৰিছিল। এইখিনি সময়ত তেখেতে যিবোৰ দুআ পঢ়িছিল তাৰে অন্যতম হৈছেঃ "আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।" তেখেতে সৰ্বশক্তিমান আল্লাহৰ ওচৰত এই বুলি দুআ কৰিছিল যে, মহান আল্লাহে যেন তেখেতৰ গুনাহ আৰু তেখেতৰ মাজত দূৰত্ব সৃষ্টি কৰি দিয়ে, যাতে তেখেত গুনাহত পতিত নহয়, ইমান দূৰত্ব হ'ব লাগে যাতে সাক্ষাৎ নহয়। যিদৰে পূৱ আৰু পশ্চিমৰ মাজত সাক্ষাৎ অসম্ভৱ। যদিও কেতিয়াবা গুনাহ হৈ যায় তেন্তে যাতে তেখেতক তাৰ পৰা পৰিষ্কাৰ কৰা হয়, যিদৰে বগা কাপোৰক ময়লাৰ পৰা পৰিষ্কাৰ কৰা হয়। তেওঁ যেন তেখেতৰ গুনাহসমূহক ধুই দিয়ে। আনকি গুনাহৰ উষ্ণতাক তেওঁ যেন পানী, বৰফ আৰু ঠাণ্ডা পানীৰে পৱিত্ৰ কৰি দিয়ে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।" মুছলিমৰ বৰ্ণনাত আছে যে, "প্ৰথমে মাটিৰে ঘঁহিবা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})যদি কুকুৰে কোনো পাত্ৰত মুখ দিয়ে তেন্তে সেই পাত্ৰটোক সাতবাৰ ধুবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে। প্ৰথমে সেইটোক মাটিৰে ঘঁহিব দিছে, তাৰ পিছত পানীৰে ধুব লাগে। তেতিয়াহে পৰিপূৰ্ণৰূপে অপৱিত্ৰতাৰ পৰা আৰু অনিষ্টকৰ বীজাণুৰ পৰা পৰিষ্কাৰ হ'ব।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যোৱাৰ সময়ত এই দুআ পাঠ কৰিছিলঃ (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ) আল্লাহুম্মা ইন্নী আউজুবিকা মিনাল খুবছি অল-খাবাইছ। অৰ্থাৎ "হে আল্লাহ! মই দুষ্ট পুৰুষ জিন আৰু অনিষ্টকাৰী নাৰী জিনৰ পৰা তোমাৰ আশ্ৰয় বিচাৰিছোঁ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ-পায়খানা কৰিবলৈ যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া তেখেতে পুৰুষ আৰু নাৰী জিনৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছিল। এই দুআটোত উল্লেখিত "الخبث" আৰু "الخبائث" ৰ ব্যাখ্যা অনিষ্টতা আৰু নাপাকী বুলিও কোৱা হৈছে।
ছাহল ইবনে হুনাইফৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে আল্লাহৰ ওচৰত শ্বাহাদত কামনা কৰিব তথা আল্লাহৰ পথত নিহত হোৱাটো কামনা কৰিব, যদি তাৰ নিয়্যত নির্ভেজাল থাকে, তেন্তে আল্লাহে তেওঁক শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ যুদ্ধ নকৰাকৈ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
উম্মুল মুমিনীন মাইমূনাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে (ফৰজ) গোছলৰ পানী ৰাখিলোঁ, আৰু এটা কাপোৰেৰে পৰ্দা কৰি দিলোঁ। তেখেতে দুয়ো হাতৰ ওপৰত পানী ঢালি দুয়ো হাত ধুই ল’লে। তাৰ পিছত সোঁহাতেৰে বাওঁহাতত পানী ঢালি লজ্জাস্থান ধুই ল’লে। ইয়াৰ পাছত মাটিত হাত ঘঁহি পৰিষ্কাৰ কৰিলে আৰু তাৰ পিছত ধুই ল’লে। ইয়াৰ পাছত কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। তাৰ পাছত মুখমণ্ডল ধুলে আৰু দুয়ো বাহু ধুই ল’লে। ইয়াৰ পিছত মূৰত পানী ঢালিলে আৰু সম্পূৰ্ণ শৰীৰত পানী ঢালিলে। তাৰ পাছত অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই ল’লে। ইয়াৰ পিছত (শৰীৰ মচিবলৈ) মই এখন কাপোৰ আনি দিলোঁ কিন্তু তেখেতে গ্ৰহণ নকৰিলে। আনকি তেখেতে হাতেৰে শৰীৰৰ পানী জোকাৰি পেলাই আগবাঢ়ি গ'ল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত উম্মুল মুমিনীন মাইমূনা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফৰজ গোছলৰ পদ্ধতিৰ বৰ্ণনা দাঙি ধৰিছে যে, তেওঁ তেখেতৰ বাবে গোছলৰ পানীৰ যোগান ধৰিলে আৰু এখন কাপোৰেৰে পৰ্দা কৰি দিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ গোছল কৰিলেঃ প্ৰথমঃ তেখেতে পানীৰ পাত্ৰত হাত সোমোৱাই দিয়াৰ আগতে দুয়ো হাতত পানী ঢালিলৈ হাত দুখন ধুই লৈছিল। দ্বিতীয়ঃ সোঁহাতেৰে বাওঁ হাতৰ ওপৰত পানী ঢালি লজ্জাস্থান পৰিষ্কাৰ কৰিছিল। যাতে লজ্জাস্থানত লাগি থকা ময়লা পৰিষ্কাৰ কৰিব পাৰে। তৃতীয়ঃ ইয়াৰ পিছত সেই হাত মাটিত ঘঁহি ধুই লৈছিল, যাতে হাতৰ পৰা ময়লা দূৰ হয়। চতুৰ্থঃ কুলি কৰিছিল। অৰ্থাৎ মুখত পানীলৈ মুখৰ ভিতৰত ঘূৰাইছিল আৰু তাৰ পিছত পেলাই দিছিল। ইয়াৰ পিছত ইস্তিনশ্বাক্ব কৰিছিলঃ অৰ্থাৎ নাকৰ ভিতৰত পানী দি জোকাৰি পেলাইছিল যাতে নাক পৰিষ্কাৰ হয়। পঞ্চমঃ মুখমণ্ডল ধুইছিল আৰু দুয়ো হাত কিলাকুটিলৈকে ধুইছিল। ষষ্ঠঃ মূৰত পানী ঢালিছিল। সপ্তমঃ সম্পূৰ্ণ শৰীৰত পানী ঢালিছিল। অষ্টমঃ ইয়াৰ পিছত তেখেতে অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই লৈছিল, ইতিপূৰ্বে তেখেতে ভৰি ধোৱা নাছিল। ইয়াৰ পিছত তেওঁ তেখেতৰ বাবে এখন কাপোৰ আনিলে, যাতে তেখেত শৰীৰ মচি লয়। কিন্তু তেখেতে সেয়া গ্ৰহণ কৰা নাছিল। তেখেতে হাতেৰে শৰীৰত থকা পানী জোকাৰি পেলাইছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল। ইয়াৰ পিছত তেখেতে হাতেৰে চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছাল পৰ্যন্ত ঢুকি পাইছে তেতিয়া তেখেতে গোটেই শৰীৰত তিনিবাৰ পানী ঢালিছিল। তাৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। লগতে তেওঁ কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম একে পাত্ৰৰ পৰা পানীলৈ একেলগে গা ধুইছিলোঁ।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানাবতৰ গোছল কৰাৰ সময়ত প্ৰথমে দুয়োখন হাত ঘঁহি ঘঁহি ধুই লৈছিল। ইয়াৰ পিছত তেখেতে নামাজৰ অজুৰ দৰে অজু কৰিছিল। ইয়াৰ পিছত দুয়ো হাতেৰে মূৰৰ চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছালৰ গুৰিলৈকে ঢুকি পাইছে তেতিয়া তেখেতে মূৰত তিনিবাৰ পানী ঢালিছিল, ইয়াৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। এইখিনি বৰ্ণনা কৰাৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এখন পাত্ৰৰ পৰাই পানীলৈ গোছল কৰিছিলোঁ।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।" বুখাৰীত এনেকৈ আছে যে, "অজু কৰা আৰু লজ্জাস্থান ধুই লবা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত আলী ৰাদ্বিয়াল্লাহু আনহুৱে সংবাদ দিছে যে, তেওঁৰ বেছিভাগ সময়তে মজী নিৰ্গত হৈছিল। মজী হৈছে এক প্ৰকাৰ তৰল আঠা জাতীয় বগা পদাৰ্থ, যিটো সাধাৰণতে স্ত্ৰী সম্ভোগৰ পূৰ্বে বা কামনা-বাসনামূলক কাৰ্য্যৰ সময়ত লজ্জাস্থানৰ পৰা ওলায়। এই পদাৰ্থ ওলালে কি কৰিব লাগে সেই বিষয়ে তেওঁ অৱগত নাছিল। কিন্তু এই বিষয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিবলৈও টান পাইছিল। কাৰণ তেওঁ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ স্বামী। সেয়ে তেওঁ মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুক ক'লে যে, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিষয়টো জানি আহে। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ভালকৈ ধুই লব, তাৰ পিছত অজু কৰিব লাগিব।