Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটামান বিধান বৰ্ণনা কৰিছে, যেনে- প্ৰথমঃ অজু কৰোঁতে উশাহত নাকৰ ভিতৰ ভাগলৈ পানী টানি লব লাগে আৰু নিশাহত সজোৰে সেই পানী উলিয়াই দিব লাগে। দ্বিতীয়ঃ পানী নথকা অৱস্থাত প্ৰস্ৰাৱ পায়খানা কৰাৰ পিছত কলুখ কৰিবলৈ বিযোৰ সংখ্যক নূন্যতম তিনিটা ঢিলা কলুষ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিছে। তিনিটাতকৈ অধিকৰ কোনো সীমা নাই, যেতিয়ালৈকে সেই স্থান পৰিস্কাৰ নহয়। তৃতীয়ঃ টোপনিৰ পৰা উঠি হাত নোধোৱাকৈ পানীৰ পাত্ৰত হাত সোমাই দি অজু কৰিবলৈ নিষেধ কৰিছে, বৰং আগতে ভালকৈ তিনিবাৰ হাত ধুই লব দিছে। কাৰণ সি নাজানে ৰাতিত তাৰ হাত ক'ত ক'ত গৈছিল। হয়তো অপৱিত্ৰতা স্পৰ্শ কৰিছে। নাইবা চয়তানে তাৰ লগত চয়তানী কৰি কিবা ক্ষতিকাৰক বস্তু লগাই দিছে যিটো মানুহৰ বাবে ক্ষতিকাৰক, অথবা পানী দোষিত কৰিব।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, পৃথিৱীৰ সোৱাদ হৈছে মিঠা, দেখাত হৈছে সেউজ-শ্যামল। ফলত মানুহে ইয়াৰ মোহত পৰি প্ৰৱঞ্চনাৰ চিকাৰ হয় আৰু ইয়াত ইমানেই নিমগ্ন হৈ পৰে যে, ইয়াকেই নিজৰ সমগ্ৰ মনোযোগৰ কেন্দ্ৰবিন্দু বনাই লয়। অথচ আল্লাহে এই পৃথিৱীত আমাৰ মাজৰ কিছুমানক আন কিছুমানৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ এইটো নিৰীক্ষা কৰিব পাৰে যে, আমি কেনেকুৱা আমল কৰোঁ। অৰ্থাৎ আমি তেওঁৰ আনুগত্য কৰোঁ নে অবাধ্যতা কৰোঁ। ইয়াৰ পিছত তেখেতে কৈছেঃ তোমালোকে সতৰ্ক থাকিবা, পৃথিৱীৰ সা-সামগ্ৰী আৰু ইয়াৰ মনোমোহা সৌন্দৰ্য্যই যাতে তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে। অন্যথা ই তোমালোকক আল্লাহৰ আদেশ পালনত বাধা প্ৰদান কৰিব আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহত লিপ্ত হ'বলৈ উৎসাহিত কৰিব। পৃথিৱীৰ যিবোৰ ফিতনাৰ পৰা সকলোতকৈ বেছি সতৰ্ক থকা জৰুৰী, তাৰে আটাইতকৈ ডাঙৰ ফিতনাটো হৈছে নাৰীৰ ফিতনা। কাৰণ বনী ইছৰাঈলৰ প্ৰথম ফিতনাটোৱে আছিল নাৰীৰ ফিতনা।
আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নফল নামাজৰ বিষয়ে সংৰক্ষণ কৰি ৰাখিছে, যিবোৰক ছুনান আৰ-ৰাৱাতিব বুলি কোৱা হয়। দুই ৰাকাত হৈছে জোহৰৰ আগত আৰু দুই ৰাকাত হৈছে জোহৰৰ পিছত। মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত। ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত। ফজৰৰ পূৰ্বে দুই ৰাকাত। এয়া হৈছে সম্পূৰ্ণ দহ ৰাকাত। আনহাতে তেখেতে জুমুআৰ নামাজৰ পিছতো দুই ৰাকাতে পঢ়িছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে মিছৱাক কৰিছিল আৰু ইয়াৰ নিৰ্দেশ দিছিল। লগতে কিছুমান সময়ত নিশ্চিতভাৱে মিছৱাক কৰিছিল, যেনে- ৰাতিত যেতিয়া (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে ঘঁহি ঘঁহি দাঁত চাফা কৰিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বামীক নিষেধ কৰিছে নিজৰ স্ত্ৰীক এনেকুৱাকৈ অপছন্দ কৰিবলৈ, যি অপছন্দই তাক তাইৰ প্ৰতি অত্যাচাৰ কৰিবলৈ, তাইক পৰিত্যাগ কৰিবলৈ আৰু তাইক উপেক্ষা কৰিবলৈ ধাৱিত কৰে। কাৰণ মানুহ সৃষ্টিগতভাৱেই অপূৰ্ণ। গতিকে যদি সি তাইৰ মাজত থকা কোনো এটা আচৰণক অপছন্দ কৰে, তেন্তে সি নিশ্চয় তাইৰ মাজত বেলেগ এটা ভাল আচৰণো দেখিবলৈ পাব। সেয়ে যিটো আচৰণক সি পছন্দ কৰে সেইটোৰ প্ৰতি সি সন্তুষ্ট হ'ব লাগে, আৰু যিটো আচৰণক সি অপছন্দ কৰে সেইটোৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিব লাগে। ইয়াৰ ফলত সি ধৈৰ্য্যশীল হ'ব আৰু এনেকুৱা ঘৃণাৰ পৰা বিৰত থাকিব, যি ঘৃণাই তাক বিচ্ছেদৰ প্ৰতি ধাৱিত কৰে।
প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়ত কিবলামুখী হৈ অৰ্থাৎ কা'বাৰ ফালে মুখ কৰি বহিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে, এইদৰে কিবলাৰ ফালে পিঠি দি বহিবলৈও নিষেধ কৰিছে। বৰং বেলেগ ফালে মুখ কৰি বহা উচিত। আনহাতে মদীনাবাসীৰ দৰে কিবলা যদি দক্ষিণফালে হয় তেন্তে পূৱ বা পশ্চিমফালে মুখ কৰি বহা উচিত। ইয়াৰ পিছত আবু আইয়্যুব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, তেওঁলোক যেতিয়া ছিৰিয়ালৈ গৈছিল, তেতিয়া তেওঁলোকে তাত দেখা পাইছিল যে, তাত থকা শৌচালয়সমূহ কিবলামুখীকৈ প্ৰস্তুত কৰা। তেতিয়া তেওঁলোকে তাত বেলেগফালে মুখ কৰি বহিছিল। লগতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটিমান শিষ্টাচাৰ উল্লেখ কৰিছেঃ ইয়াত তেখেতে প্ৰস্ৰাৱ কৰাৰ সময়ত সোঁহাতে পুৰুষাংগ ধৰি ৰাখিবলৈ নিষেধ কৰিছে। এইদৰে উভয় লজ্জাস্থানৰ ময়লা সোঁহাতেৰে পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে। কাৰণ সোঁ হাত সন্মানজনক কামৰ বাবে প্ৰস্তুত কৰা হৈছে। এইদৰে তেখেতে পানী খোৱা অৱস্থাত সেই পাত্ৰত উশাহ-নিশাহ ল'বলৈ নিষেধ কৰিছে।
হাদীছটোত নবী চাল্লাল্লাহু আাইহি অছাল্লামে সেইসকল লোকক কঠোৰ সতৰ্কবাণী দিছে, যিসকলে ইমামৰ আগত (ছাজদাৰ পৰা বা ৰূকুৰ পৰা) মূৰ তোলে। অৰ্থাৎ আল্লাহে তাৰ মূৰক গাধৰ মূৰৰ দৰে কৰি দিব পাৰে অথবা তাৰ আকৃতিক গাধৰ আকৃতিত ৰূপান্তৰিত কৰিব পাৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চালাতৰ তিনিটা স্থানত হাত উত্তোলন কৰিছিল, কান্ধ পৰ্যন্ত অথবা কান্ধৰ ওপৰলৈকে। ঘাৰৰ কাষত থকা হাড় তথা বাহুৰ সংযোগস্থলক কান্ধ বোলে। প্ৰথম স্থানঃ চালাতৰ আৰম্ভণিত তাকবীৰে তাহৰিমা কোৱাৰ সময়ত। দ্বিতীয় স্থানঃ ৰূকুত যাবলৈ তাকবীৰ কোৱাৰ সময়ত। তৃতীয় স্থানঃ ৰূকুৰ পৰা মূৰ উঠাওঁতে "ছামিআল্লাহু লিমান হামিদাহ ৰাব্বানা অলাকাল হাম্দ" কোৱাৰ সময়ত। কিন্তু ছাজদাহ দিওঁতে অথবা ছাজদাৰ পৰা মূৰ উঠাওঁতে তেখেতে হাত উত্তোলন কৰা নাছিল।