Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যদি কোনোবাই ফৰজ নামাজ পঢ়িবলৈ পাহৰি যায় আৰু ইপিনে নামাজৰ সময় পাৰ হৈ যায় তেন্তে সেই নামাজৰ কথা মনত পৰাৰ লগে লগে তেওঁ ততাতৈয়াকৈ সেই নামাজটো পঢ়ি লব লাগিব। মনত পৰাৰ পিছত এই নামাজ নপঢ়াকৈ ইয়াৰ কোনো কাফফাৰাহ নাই। পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "আৰু মোৰ স্মৰণাৰ্থে তোমালোকে চালাত প্ৰতিষ্ঠা কৰা।" (ছুৰা ত্বাহাঃ ১৪)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত দেখা পাইছিল, সেয়া দেখি তেখেতে নাৰীসকলক আৰু প্ৰাপ্তবয়স্ক নোহোৱা শিশুক হত্যা কৰিবলৈ নিষেধ কৰিছিল।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নযৰ তথা মান্নত কৰিবলৈ নিষেধ কৰিছে। এইটো হৈছে এনেকুৱা এটা বিষয় যিটোক ব্যক্তিয়ে নিজেই নিজৰ ওপৰত অনিবাৰ্য কৰি লয়, চৰীয়তে সেইটোক অনিবাৰ্য কৰা নাই। তেখেতে কৈছেঃ নযৰ আৰু মান্নতৰ ফলত কোনো বিষয় আগুৱায়ো নাহে আৰু পিছুৱায়ো নাযায়। বৰং এইটো হৈছে কৃপণৰ পৰা ধন উলিওৱাৰ এটা উপায়, যিয়ে কেৱল সেই কাম কৰে যিটো তাৰ ওপৰত বাধ্যতামূলক। ভাগ্যত যিটো নাই, নযৰ তথা মান্নতে কেতিয়াও সেইটোক ঘূৰাই আনিব নোৱাৰে।
হাদীছটোত আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁ নিজৰ গোত্ৰৰ কিছুমান লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁলোক এইটো উদ্দেশ্য লৈ আহিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যাতে বাহন হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক উট প্ৰদান কৰে। যাতে তেওঁলোকে সহজে জিহাদত অংশ ল'ব পাৰে। এই প্ৰস্তাৱ শুনি তেখেতে শপত খাই ক'লে যে, মই তোমালোকক বাহন দিব নোৱাৰোঁ। কাৰণ বাহন হিচাপে দিবলৈ তেখেতৰ ওচৰত একো নাছিল। তেতিয়া তাত কিছু সময় অপেক্ষা কৰিলে, ঠিক সেই সময়তে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তিনিটা উট অনা হ'ল, তেখেতে সেইবোৰ তেওঁলোকলৈ পঠিয়ালে। উট কেইটা পাই তেওঁলোকে ইজনে সিজনক ক'লেঃ এইবোৰ উটত কিজানি আল্লাহে আমাক বৰকত নিদিব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখোন আমাক বাহন নিদিয়াৰ শপত খাইছিল। তেতিয়া তেওঁলোকে তেখেতৰ ওচৰলৈ আহি বিষয়টো সুধিলে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকক বাহন প্ৰদান কৰিছে মহান আল্লাহে। কাৰণ তেৱেঁই তাওফীক প্ৰদানকাৰী আৰু জীৱিকাদাতা। কেৱল মোৰ হাতেৰেহে দিয়া গৈছে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ শপত! ইন শ্বা আল্লাহ মই যেতিয়া কিবা কৰিবলৈ বা কিবা পৰিত্যাগ কৰিবলৈ শপত খাওঁ, তেতিয়া যদি বিপৰীত বিষয়টোত কল্যাণ দেখা পাওঁ তেন্তে মই সেই উত্তমটোহে কৰোঁ আৰু শপতৰ কাফ্ফাৰা আদায় কৰি দিওঁ।
যুদ্ধাসকলৰ মাজত থকা ভিন ভিন উদ্দেশ্য সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, যিয়ে বীৰত্ব দেখুৱাবলৈ যুদ্ধ কৰে, অথবা বংশ মৰ্যাদা ৰক্ষা কৰিবলৈ যুদ্ধ কৰে নাইবা মানুহৰ মাজত নিজৰ অৱস্থান দেখুৱাবলৈ যুদ্ধ কৰে বা ইয়াৰ বাহিৰে অন্যান্য যিবোৰ কাৰণত মানুহে যুদ্ধ কৰে, সেইবোৰৰ মাজত কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, আল্লাহৰ পথৰ যুদ্ধা হৈছে সেই ব্যক্তি, যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰিবলৈ যুদ্ধ কৰে।
উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আজানৰ উত্তৰ দিবলৈ উৎসাহিত কৰিছে। আজানত মুআজ্জিনে যিদৰে কয় ঠিক সেইদৰে প্ৰতিটো বাক্যৰ এটা এটাকৈ উত্তৰ দিবলৈ কৈছে। যেতিয়া তেওঁ তাকবীৰ দিয়ে (অৰ্থাৎ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ বুলি কয়), ইয়াৰ পিছত আমিও তাকবীৰ দিব লাগে। এইদৰে যেতিয়া তেওঁ শ্বাহাদাতাইন উচ্চাৰণ কৰে (অৰ্থাৎ আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ আৰু আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছূলুল্লাহ কয়) তেতিয়া আমিও সেইদৰেই ক'ব লাগে। কেৱল "হাই আলাচ্ছালাহ" আৰু "হাই আলাল ফালাহ"ৰ বাহিৰে, কাৰণ ইয়াৰ পিছত, "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" বুলি ক'ব লাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে অজু কৰাৰ সময়ত যেতিয়া ভৰি ধোৱাৰ পাল আহিল, তেতিয়া মুগীৰাহ বিন শ্বুবাই হাত আগবঢ়ালে তেখেতৰ মোজা খুলি দিবলৈ, যাতে তেখেতে ভৰি ধুব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ থৈ দিয়া নুখুলিবা, কাৰণ মই এই মোজা পিন্ধাৰ সময়ত অজু কৰি পিন্ধিছিলোঁ। ইয়াৰ পিছত তেখেতে ভৰি ধোৱাৰ পৰিবৰ্তে সেই মোজাৰ ওপৰতে মছেহ কৰিছিল।
ফাতিমা বিন্তে আবি হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মোৰ ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হৈয়ে থাকে, বন্ধ হোৱাৰ নামেই নলয়। অৰ্থাৎ হায়েজৰ বাহিৰে অন্যান্য দিনতো ৰক্তক্ষৰণ হয়ে থাকে। গতিকে এইটোক মই হায়েজ হিচাপে মানি লৈ নামাজ ত্যাগ কৰিব পাৰিমনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক ক'লে যে, এইটো হায়েজ নহয়, ইস্তিহাজাৰ তেজ। এইটো হৈছে এক প্ৰকাৰ বেমাৰ, যিটো গৰ্ভাশয়ৰ সিৰা ফাটি যোৱাৰ ফলত ওলায়। গতিকে এইটো হায়েজৰ তেজ নহয়। এতেকে ইস্তিহাজা হোৱাৰ আগত যিটো সময়ত সাধাৰণতে তোমাৰ হায়েজ হৈছিল সেই সময়টো যেতিয়া আহিব তেতিয়া তুমি সেই পূৰ্বৱৰ্তী হায়েজ পৰিমাণ দিন গণনা কৰি সেই দিনবোৰত নামাজ ৰোজা ত্যাগ কৰিবা, কাৰণ হায়েজ অৱস্থাত এইবোৰ নিষেধ। যেতিয়া সেই পৰিমাণ দিন পাৰ হ'ব, তেতিয়া তুমি হায়েজৰ পৰা পৱিত্ৰ হোৱা বুলি বিবেচিত হ'বা। গতিকে তুমি তেজ থকা ঠাইটো ভালকৈ ধুই ল'বা আৰু সম্পূৰ্ণ শৰীৰৰ পৰা নাপাকী দূৰ কৰাকৈ পৰিপূৰ্ণৰূপে গোছল কৰি ল'বা আৰু তাৰ পিছত নামাজ পঢ়িবা।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুচল্লীসকলক নিৰ্দেশ দিছে যে, তেওঁলোকে যেন নিজৰ শাৰীবোৰ চিধা কৰি লয়। তেওঁলোকৰ কোনেও যেন আগুৱাই অথবা পিছুৱাই থিয় নহয়। শাৰী চিধা কৰি লোৱাটো হৈছে নামাজৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত। আনহাতে শাৰী বেঁকা হোৱা বা বিচ্ছিন্ন হোৱাটো হৈছে নামাজৰ ত্ৰুটি আৰু অপূৰ্ণতা।