Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষতে শুই আছিলোঁ, ৰাতিৰ ভাগতে হঠাৎ তেখেতক অনুপস্থিত পালোঁ। সেয়ে মই হাতেৰে তেখেতক বিচাৰি আছিলোঁ হুজৰাৰ যিখিনি ঠাইত তেখেতে নামাজ পঢ়ে। অৱশেষত মই তেখেতক বিচাৰি পালোঁ, তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় অৱস্থাত আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ মই মোৰ প্ৰতি আৰু মোৰ উম্মতৰ প্ৰতি তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। লগতে তোমাৰ শাস্তিৰ পৰা তোমাৰ অগণন শান্তি আৰু স্বস্তিৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তোমাৰ সুন্দৰ সুন্দৰ নামৰ জৰিয়তে আৰু বিশেষণৰ জৰিয়তে, তোমাৰ বাহিৰে আন কোনো আশ্ৰয়দাতা নাই। মহান আল্লাহৰ বাহিৰে আন কোনেও আশ্ৰয় দিব নোৱাৰে, সেয়ে তেওঁৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। মই কেতিয়াও তোমাৰ প্ৰশংসা কৰি শেষ কৰিব নোৱাৰিম, আৰু তোমাৰ নিয়ামত তথা অনুগ্ৰহো গণনা কৰি শেষ কৰিব নোৱাৰিম, যদিও মই যিমানেই চেষ্টা নকৰোঁ কিয়। তুমি নিজে তোমাৰ নিজৰ বাবে যিদৰে প্ৰশংসা কৰিছা, সেইটোৱে তোমাৰ বাবে উপযুক্ত, কোনেও তোমাৰ প্ৰশংসাৰ হক আদায় কৰিব নোৱাৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো আদৰ্শ আছিল যে, তেখেতে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল, দিনতে হওক অথবা ৰাতিত, তেতিয়া তেখেতে প্ৰথমে মিছৱাক কৰিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এনেকুৱা এজন ব্যক্তি সম্পৰ্কে উল্লেখ কৰা হ'ল, যিয়ে ৰাতি শুৱে আৰু ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ পিছত উঠে, ফজৰৰ ফৰজ নামাজ সময়মতে আদায় নকৰে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সি হৈছে এনেকুৱা ব্যক্তি, যাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰি দিয়ে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চয়তানৰ অৱস্থা আৰু যি ব্যক্তিয়ে তাহাজ্জুদৰ বাবে উঠিব বিচাৰে বা ফজৰৰ সময়ত উঠিব বিচাৰে তাৰ সৈতে চয়তানে কৰা সংগ্ৰাম সম্পৰ্কে জনাইছে। মুমিন ব্যক্তিয়ে যেতিয়া বিছনাত শুবলৈ যায় তেতিয়া চয়তানে তেওঁৰ মূৰৰ পিছফালে তিনিটা গাঁঠি বান্ধি দিয়ে। মুমিন ব্যক্তিয়ে যদি ৰাতিত টোপনিৰ পৰা সাৰ পায় আৰু আল্লাহক স্মৰণ কৰে, তথা চয়তানৰ কুমন্ত্ৰণাক ভ্ৰূক্ষেপ নকৰে, তেন্তে এটা গাঁঠি খোল খায়। যদি অজু কৰে তেন্তে আন এটা গাঁঠি খোল খায়। এইদৰে যদি তেওঁ নামাজ পঢ়ে তেন্তে তৃতীয় নম্বৰ গাঁঠিটোও খোল খায়। ফলত তেওঁ সজীৱ মনেৰে সক্ৰিয় হৈ পুৱাৰ ভাগত উপনীত হয়। আল্লাহৰ তাওফীকত আনুগত্য কৰাৰ কাৰণে তেওঁ এই আনন্দ লাভ কৰে। লগতে আল্লাহে প্ৰদান কৰা ক্ষমা আৰু ছোৱাবৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা সুসংবাদ গ্ৰহণ কৰে। লগতে চয়তানৰ গাঁঠি আৰু তাৰ চক্ৰান্তৰ পৰা মুক্ত হয়। অন্যথা বেয়া মন আৰু দুখী হৃদয়েৰে সাৰ পায়; আৰু কল্যাণকৰ তথা ভাল কামত এলাহ ভাৱ জন্মে, কাৰণ সি চয়তানৰ শিকলিত আৱদ্ধ হৈ থাকে আৰু দয়াময় আল্লাহৰ ৰহমতৰ পৰা আঁতৰি থাকে।
হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকুৱা আমল সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, যিটো কৰিলে জান্নাতত প্ৰৱেশ কৰিব পৰা যাব। অথবা কোনটো আমলক আল্লাহে সৰ্বাধিক ভাল পায়? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নকাৰীক কৈছিলঃ বেছি বেছি ছাজদাহ কৰা অৰ্থাৎ নামাজ পঢ়া। কাৰণ আল্লাহৰ বাবে কৰা তোমাৰ প্ৰতিটো ছাজদাৰ বিনিময়ত তোমাৰ মৰ্যাদাৰ এটাকৈ ধাপ উন্নীত হ'ব আৰু তোমাৰ এটা এটাকৈ গুনাহ ক্ষমা কৰা হ'ব।
ৰমাজানৰ শেষ দহকত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবাদত আনুগত্যৰ জৰিয়তে অত্যন্ত পৰিশ্ৰম কৰিছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ কল্যাণকৰ কাম, বিভিন্ন ধৰণৰ সৎকৰ্ম আৰু ইবাদত অন্যান্য দিনৰ তুলনাত বেছি বেছি কৰিছিল। কাৰণ এই ৰাতি কেইটা খুবেই ফজীলতপূৰ্ণ, লগতে লাইলাতুল ক্বদৰ সন্ধানৰ আশাত এনেকুৱা নেক কাম বেছি কৰিছিল।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, আল্লাহৰ পথত যুদ্ধ কৰিবলৈ যোৱা ব্যক্তিৰ ভৰিত ধূলি বালি লাগিলে, সেই ব্যক্তিক জাহান্নামৰ জুয়ে নুচুব।
আবু ক্বাতাদাহ এবাৰ এজন ঋণ লোৱা ব্যক্তিক বিচাৰি গ'ল, যিয়ে তেওঁৰ পৰা ঋণ লৈ পলাই ফুৰিছিল। অৱশেষত তেওঁ তাক লগ পালে। ঋণ লোৱা ব্যক্তিজনে ক'লেঃ মই ঋণ পৰিশোধ কৰিবলৈ অক্ষম, মোৰ অৱস্থা কঠিন। আপোনাৰ ঋণ পৰিশোধ কৰিব পৰা ধন মোৰ ওচৰত নাই। এই কথা শুনি আবু ক্বাতাদাই তেওঁক শপত খোৱালে যে, শপত খাই কোৱা যে, তোমাৰ ওচৰত কোনো সম্পদ নাই। তেতিয়া সি আল্লাহৰ শপত খাই ক'লে যে, সি কোৱা কথাখিনি সত্য। তেতিয়া আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ যিয়ে পছন্দ কৰে তথা বিচাৰে যে, আল্লাহে তাক কিয়ামতৰ দিনা কঠিন বিপদৰ পৰা তথা ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা কৰক, তেন্তে তেওঁ ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়া উচিত তথা ঋণ পৰিশোধ কৰিবলৈ অধিক সময় দিয়া উচিত। অথবা ঋণৰ কিছু অংশ নাইবা সমূলি মাফ কৰি দিয়া উচিত।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই শীতল নামাজৰ প্ৰতি উৎসাহিত কৰিছে, অৰ্থাৎ ফজৰ আৰু আচৰৰ নামাজৰ প্ৰতি। লগতে সুসংবাদ দিছে যে, যিয়ে জামাত সহকাৰে উপযুক্ত সময়ত নিয়মিতভাৱে এই দুটা নামাজ আদায় কৰিব, তেন্তে এই দুটা তেওঁৰ জান্নাত লাভ কৰাৰ কাৰণ হ'ব।