Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, দুগ্ধপানৰ জৰিয়তেও বৈবাহিক সম্পৰ্ক স্থাপন কৰা হাৰাম হৈ যায়, যিদৰে বংশীয় কাৰণত ভাই ককাই, মামা, খুৰাৰ সৈতে বিবাহ হাৰাম। ঠিক সেইদৰে বংশীয় কাৰণত যিবোৰ হালাল হয়, দুগ্ধপানৰ কাৰণেও সেইবোৰ বিধান বৈধ হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁৰ অন্তৰঙ্গ প্ৰিয় বন্ধুৱে তেওঁক তিনিটা উপদেশ দিছে যে, ১) প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবা। ২) দৈনিক চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবা। ৩) ৰাতি শুবলৈ যোৱাৰ আগত ৱিতিৰ পঢ়ি ল'বা। এইটো হৈছে সেই ব্যক্তিৰ বাবে যিয়ে শেষ ৰাতি উঠিব নোৱাৰিব বুলি আশংকা কৰে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ আৰম্ভণি আৰু অন্ত সম্পৰ্কে অৱগত কৰিছে। তেখেতে কৈছেঃ যেতিয়া তোমালোকে ৰমাজান মাহৰ জোন দেখিবা তেতিয়া ৰোজা ৰখা আৰম্ভ কৰিবা। কিন্তু যদি আকাশ ডাৱৰীয়া হৈ থকাৰ কাৰণে জোন দেখা নোপোৱা তেন্তে শ্বাবান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰিবা। আনহাতে যদি শ্বাওৱাল মাহৰ জোন দেখা পোৱা তেন্তে ৰোজা এৰিবা। কিন্তু যদি আকাশ ডাৱৰীয়া হৈ থকাৰ কাৰণে জোন দেখা নোপোৱা তেন্তে ৰমাজান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰিবা।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্ম পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিছে যিটোৰ ক্ষেত্ৰত সন্দেহ তথা সংশয় আছে যে, এইটো নিষিদ্ধ হয় নে নহয়, তথা এইটো হাৰাম নে হালাল। পক্ষান্তৰে সেইটো গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে যিটো নিশ্চিতভাৱে হালাল তথা পছন্দনীয়। কাৰণ ইয়াৰ দ্বাৰা অন্তৰে প্ৰশান্তি লাভ কৰে, পক্ষান্তৰে সন্দেহযুক্ত বিষয়ত অন্তৰ অস্বস্তিত থাকে তথা দ্বিধাগ্ৰস্ত হৈ থাকে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কোনো মুছলিমে ঘৰত আদায় কৰা চালাত বা বজাৰত আদায় কৰা চালাতৰ তুলনাত মছজিদত জামাতৰ সৈতে আদায় কৰা চালাতৰ ছোৱাব হৈছে বিছতকৈও অধিক গুণ উত্তম। ইয়াৰ পিছত তেখেতে ইয়াৰ কাৰণ উল্লেখ কৰিছে যে, ব্যক্তিজনে উত্তমৰূপে পূৰ্ণাংগভাৱে অজু কৰিছে, তাৰ পিছত মছজিদলৈ ওলাই আহিছে একমাত্ৰ নামাজ পঢ়াৰ উদ্দেশ্যে, সেয়ে তাৰ প্ৰতিটো খোজতে এটাকৈ মৰ্যাদা বৃদ্ধি কৰা হ'ব আৰু এটাকৈ গুনাহ মাফ কৰা হ'ব। আৰু সি যেতিয়া মছজিদত প্ৰৱেশ কৰে আৰু নামাজৰ বাবে অপেক্ষা কৰে, তেতিয়া সেই অপেক্ষাৰ বাবে নামাজৰ দৰেই ছোৱাব লাভ কৰে। লগতে নামাজ পঢ়ি সেই ঠাইত যিমান সময়লৈকে বহি থাকে, সিমান সময়লৈকে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰে আৰু কয়ঃ "হে আল্লাহ! ইয়াক ক্ষমা কৰি দিয়া, ইয়াৰ ওপৰত ৰহম কৰা, ইয়াৰ তাওবা কবূল কৰা।" এই দুআ তেতিয়ালৈকে কৰে, যেতিয়ালৈকে তাৰ অজু ভংগ নহয় অথবা এনেকুৱা কোনো কাম নকৰে যিটোৰ দ্বাৰা মানুহে কষ্ট পায় অথবা ফিৰিস্তাসকলে কষ্ট পায়।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি প্ৰমাণ আদি নোলোৱাকৈ মানুহৰ দাবীৰ ভিত্তিত বিচাৰ কাৰ্য সম্পন্ন কৰি সিহঁতৰ পক্ষে ফয়চালা কৰা হ'লহেঁতেন তেন্তে বহুতেই আনৰ সম্পদ আত্মসাৎ কৰিবলৈ এই পন্থা অৱলম্বন কৰিলেহেঁতেন। কিন্তু নিয়ম হৈছে দাবীকাৰীয়ে প্ৰমাণ উপস্থিত কৰিব লাগিব। যদি সি প্ৰমাণ দিব নোৱাৰে তেন্তে গোচৰটো প্ৰতিপক্ষৰ ওচৰত উপস্থাপন কৰা হ’ব, আৰু তেওঁ যদি অস্বীকাৰ কৰে তেন্তে তেওঁ শপত খাই দোষমুক্ত হ’ব লাগিব।
নবী চাল্লাল্লাহু আলাইহি অচাল্লামে হাদীছটোত (কেঁচা) নহৰু আৰু পিঁয়াজ খাই মছজিদত আহিবলৈ নিষেধ কৰিছে। যাতে জামাআতৰ সৈতে নামাজ পঢ়িবলৈ অহা লোকে কষ্ট নাপায়। এই নিষেধাজ্ঞা কেৱল মছজিদত অহাৰ ক্ষেত্ৰতহে, খোৱাৰ ক্ষেত্ৰত নহয়। কাৰণ এই দুয়োবিধ খাদ্য বৈধ। এবাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ চালাদৰ পাত্ৰ অনা হ'ল, য'ত কেঁচা শাক-পাচলি আছিল। যেতিয়া তেখেতে তাত কিবা গোন্ধ অনুভৱ কৰিলে তেতিয়া তেখেতে সেইটো খাবলৈ অস্বীকাৰ কৰিলে আৰু সেই পাত্ৰটো চাহাবাসকলৰ ওচৰলৈ পঠিয়াই দিলে। তেখেতৰ অনুসৰণ কৰি চাহাবীজনেও খাবলৈ অপছন্দ কৰিলে। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ খোৱা। মই এই কাৰণে খোৱা নাই, কাৰণ মই অহী লৈ অহা ফিৰিস্তাৰ সৈতে কথা পাতোঁ। লগতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেয়া গোন্ধৰ পৰা যিদৰে মানুহে কষ্ট পায় সেইদৰে ফিৰিস্তাসকলেও কষ্ট পায়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনে ৰাতি আদায় কৰা পাঁচ ওৱাক্ত নামাজক নদীত গোছল কৰাৰ সৈতে ৰিজাইছে, যিদৰে দৈনিক পাঁচবাৰ গোছল কৰিলে শৰীৰত কোনো ময়লা নাথাকে, ঠিক সেইদৰে দৈনিক পাঁচ ওৱাক্ত নামাজ আদায় কৰিলে, বান্দাৰ সৰু গুনাহসমূহ মাফ হৈ যায়।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, সন্তান, ল'ৰাই হওক বা ছোৱালী সাত বছৰ বয়স হোৱাৰ লগে লগে পিতৃয়ে সিহঁতক নামাজ পঢ়াৰ নিৰ্দেশ দিব লাগে, লগতে নামাজ আদায় কৰাৰ যাৱতীয় প্ৰয়োজনীয় বিষয়সমূহ শিকাব লাগে। আনহাতে দহ বছৰ বয়স হোৱাৰ পিছত নামাজত অৱহেলা কৰিলে বেত্ৰাঘাত কৰিব লাগে, আৰু বিছনা পৃথক কৰিব লাগে।