





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুৰ ৰহমান বিন আবু লায়লাৰ পৰা বৰ্ণিত তেওঁ কৈছে, কাআব বিন উজৰাই মোক সাক্ষাৎ কৰি ক'লেঃ মই আপোনাক এটা উপহাৰ নিদিমনে? এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম? তেতিয়া তেখেতে ক'লেঃ এইদৰে কোৱাঃ اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ "আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})চাহাবাসকলে নবী চাল্লাল্লাহু আলাই অছাল্লামক তেখেতৰ প্ৰতি কেনেকৈ দৰূদ পাঠ কৰিব লাগে তাৰ পদ্ধতি সম্পৰ্কে জানিবলৈ প্ৰশ্ন কৰিলে। কাৰণ তেখেতক কেনেকৈ ছালাম কৰিব লাগে সেই বিষয়টো তেওঁলোকে আত্তাহিয়্যাতুৰ জৰিয়তে শিকিছিল, তাত কোৱা হৈছেঃ আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ......। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক দৰূদ পাঠ কৰাৰ পদ্ধতি শিকাই দিলে, যাৰ অৰ্থ হৈছেঃ "আল্লা-হুম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ" অৰ্থাৎ হে আল্লাহ! ফিৰিস্তাসকলৰ সন্মুখত তেওঁৰ প্ৰশংসা কৰা, লগতে তেওঁৰ দ্বীনৰ অনুসাৰীসকলৰ ওপৰত আৰু তেওঁৰ নিকটাত্মীয় মুমিনসকলৰ ওপৰত ৰহমত বৰ্ষণ কৰা। "কামা চাল্লাইতা আলা ইব্ৰাহীম" যিদৰে তুমি ইব্ৰাহীম আৰু তেওঁৰ পৰিয়ালৰ ওপৰত অনুগ্ৰহ কৰিছা, অৰ্থাৎ ইব্ৰাহীম ইছমাঈল ইছহাক্ব আৰু তেওঁলোকৰ বংশধৰ আৰু তেওঁলোকৰ মুমিন অনুসাৰীসকলৰ ওপৰত। সেইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰতো অনুগ্ৰহ কৰা। "ইন্নাকা হামীদুম মাজীদ।" অৰ্থাৎ তোমাৰ সত্ত্বা প্ৰশংসিত, তোমাৰ সকলো প্ৰকাৰ গুণ আৰু কৰ্ম প্ৰশংসনীয়। তুমি মহান সত্ত্বা আৰু ব্যাপক ৰাজত্বৰ অধিকাৰী, মহান দাতা। "আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম" অৰ্থাৎ তুমি তেওঁক কল্যাণ আৰু মৰ্যাদা দান কৰা, আনকি সুউচ্চ মৰ্যাদা প্ৰদান কৰা আৰু বৃদ্ধি কৰা আৰু তাত অটল ৰখা।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজত ছুৰা ফাতিহা নপঢ়াকৈ নামাজ শুদ্ধ নহয়। এইটো হৈছে নামাজৰ এটা ৰুকন, যিটো প্ৰত্যেক ৰাকাততে পাঠ কৰিব লাগে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জুমুআৰ দিনা যিয়ে জানাবতৰ (ফৰজ) গোছল কৰিব, আৰু প্ৰথম সময়ছোৱাতে মছজিদত যাব, তেওঁ দৰাচলতে এটা উট কুৰবানী কৰাৰ ছোৱাব অৰ্জন কৰিব। দ্বিতীয় সময়ছোৱাত যিয়ে আহিব, তেওঁ অৰ্জন কৰিব এটা গৰু কুৰবানী কৰাৰ ছোৱাব। তৃতীয় সময়ছোৱাত যিয়ে আহিব তেওঁ দুম্বা কুৰবানী কৰাৰ ছোৱাব পাব। চতুৰ্থ সময়ছোৱাত যিয়ে আহিব তেওঁ মুৰ্গী দান কৰাৰ ছোৱাব পাব। আনহাতে যিয়ে পঞ্চম সময়ছোৱাত আহিব তেওঁ কণী এটা দান কৰাৰ ছোৱাব অৰ্জন কৰিব। ইয়াৰ পিছত ইমাম যেতিয়া ওলাই আহে তেতিয়া ফিৰিস্তাসকলে (ৰেজিষ্টাৰ বন্ধ কৰি) মনোযোগ সহকাৰে খুতবা শ্ৰৱণ কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ দিনা সোনকালে যোৱাৰ ফজিলত উল্লেখ কৰিছে। সূৰ্য্য উদয় হোৱাৰ পৰা ইমাম নহালৈকে এই সময়খিনিত সোনকালে আহিব কোৱা হৈছে। এই সময়ছোৱাক পাঁচ ভাগত বিভক্ত কৰা হৈছে। সূৰ্য্য উদয় হোৱাৰ পৰা ইমাম মছজিদত প্ৰৱেশ কৰি খুতবাৰ বাবে মিম্বৰত আৰোহণ কৰালৈকে এই সময়ছোৱাক পাঁচ ভাগত বিভক্ত কৰা হৈছে। প্ৰথমঃ যিয়ে ফৰজ গোছলৰ দৰে পৰিপূৰ্ণ গোছল কৰিব আৰু তাৰ পিছত সোনকালেই প্ৰথম সময়ছোৱাত মছজিদলৈ যাব, তেওঁ যেনিবা এটা উট চাদাক্বাহ কৰিলে। দ্বিতীয়ঃ যিয়ে দ্বিতীয় সময়ছোৱাত যাব, তেওঁ যেনিবা এটা গৰু দান কৰিলে। তৃতীয়ঃ তৃতীয় সময়ছোৱাত যিয়ে যাব তেওঁ যেনিবা শিং থকা পঠা ছাগলী এটা দান কৰিলে। চতুৰ্থঃ যিয়ে চতুৰ্থ সময়ছোৱাত যাব, তেওঁ যেনিবা এটা মুৰ্গী দান কৰিলে। পঞ্চমঃ যিয়ে পঞ্চম সময়ছোৱাত যাব, তেওঁ যেনিবা কণী এটা দান কৰিলে। এতেকে যেতিয়া ইমাম খুতবাৰ বাবে ওলাই আহে, তেতিয়া দুৱাৰত বহি থকা ফিৰিস্তাসকলে যিসকলে ক্ৰমানুসাৰে মছজিদত প্ৰৱেশ কৰা লোকৰ নাম লিখি আছিল, তেওঁলোকে মনোযোগ সহকাৰে খুতবা শুনা আৰম্ভ কৰে।
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত গুৰুত্ব প্ৰদান কৰিছে যে, যিয়ে জুমুআৰ নামাজত উপস্থিত হ'ব, তেওঁ গোছল কৰি অহাটো মুস্তাহাব। যিদৰে জানাবতৰ গোছল কৰা হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে সুন্দৰকৈ অজু কৰি জুমুআৰ বাবে উপস্থিত হয়, লগতে মনোযোগ সহকাৰে খুতবা শুনে আৰু মনে মনে থাকে, তাৰ দুই জুমুআৰ মাজৰ আৰু অধিক তিনি দিনৰ গুনাহ ক্ষমা কৰি দিয়া হয়। আনহাতে যিয়ে (জুমুআৰ সময়ত) শিলগুটিৰে খেলি থাকে সি অলাগতিয়াল কাম কৰে।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে অজুৰ আৰকান ছুন্নত আৰু নিয়ম অনুসৰি সুন্দৰকৈ অজু কৰিব আৰু তাৰ পিছত জুমুআৰ বাবে উপস্থিত হৈ মনোযোগ সহকাৰে ইমামৰ খুতবা শুনিব, লগতে অলাগতিয়াল কৰ্মৰ পৰা বিৰত থাকিব, আল্লাহে তাৰ দহ দিনৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিব। এটা জুমুআৰ পৰা আন এটা জুমুআলৈ আৰু অধিক তিনিদিন ইয়াৰ অন্তৰ্ভুক্ত। কাৰণ সৎকৰ্মৰ প্ৰতিদান দহগুণ বৃদ্ধিকৈ দিয়া হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবাৰ নছিহতৰ পৰা অমোনোযাগী হৈ থাকিবলৈ সতৰ্ক কৰিছে। এইদৰে অংগ-প্ৰত্যংগৰ দ্বাৰা শিলগুটি স্পৰ্শ কৰি খেলি থাকিবলৈ নিষেধ কৰিছে। কাৰণ যিয়ে এনেকুৱা কৰে সি দৰাচলতে অলাগতিয়াল কাম কৰে, আৰু যিয়ে অলাগতিয়াল কাম কৰে সি জুমুআৰ পৰিপূৰ্ণ ছোৱাবৰ পৰা বঞ্চিত হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে পুৱা-গধূলি মছজিদলৈ যায় আৰু যিমানবাৰ যায়, সিমান বাৰেই আল্লাহে তেওঁৰ বাবে জান্নাতত আপ্যায়ন সামগ্ৰী প্ৰস্তুত কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মছজিদলৈ অহা প্ৰত্যেক সেই ব্যক্তিক সুসংবাদ দিছে, যিয়ে মছজিদলৈ আহে, ইবাদতৰ বাবেই হওক অথবা ইল্ম অৰ্জনৰ বাবেই হওক নাইবা বেলেগ কোনো কল্যাণকৰ কামৰ উদ্দেশ্যেই আহক, যি সময়তে নাহক কিয়, দিনৰ প্ৰথম সময়ছোৱাত আহক বা শেষৰ সময়ছোৱাত, আল্লাহে তাৰ বাবে জান্নাতত আতিথ্যৰ ব্যৱস্থা কৰে আৰু আপ্যায়নৰ বাবে উত্তম ঠাই প্ৰস্তুত কৰে। দিনে ৰাতি যি সময়তে তেওঁ মছজিদলৈ আহে সেই সময়তে তাৰ বাবে এই প্ৰস্তুতি লোৱা হয়।
আব্দুল্লাহ বিন ছালাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আহিল, তেতিয়া মানুহে তেখেতৰ ফালে ঢাপলি মেলিলে। তেওঁলোকে কৈ আছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে, আল্লাহৰ ৰাছুল আহিছে, আল্লাহৰ ৰাছুল আহিছে, তিনিবাৰ। ময়ো দেখিবলৈ মানুহৰ সৈতে তাত গৈ উপস্থিত হ'লোঁ। যেতিয়া মই তেখেতৰ মুখমণ্ডল ভালকৈ চালোঁ, তেতিয়া মই নিশ্চিত হ'লোঁ যে, এইটো কোনো মিছলীয়াৰ মুখমণ্ডল হ'ব নোৱাৰে। সেই সময়ত তেখেতৰ পৰা মই প্ৰথমে যিটো কথা শুনিছিলোঁ, সেয়া আছিল এইটোঃ "হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
(তিৰমিজী, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আগমন কৰিলে, তেখেতক দেখি মানুহে তেখেতৰ ফালে দৌৰি আহিল, তাৰে মাজৰ এজন আছিল আব্দুল্লাহ বিন ছালাম। তেওঁ আছিল এজন ইয়াহুদী পণ্ডিত। তেওঁ যেতিয়া তেখেতক দেখিছিল তেতিয়া তেওঁ নিশ্চিত হৈছিল যে, তেখেতৰ মুখমণ্ডল কোনো মিছলীয়াৰ মুখমণ্ডল নহয়। কাৰণ তেখেতৰ মুখমণ্ডলৰ পৰা জ্যোতি, সৌন্দৰ্য্য আৰু সততা প্ৰকাশ পাইছিল। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সৰ্বপ্ৰথম যিটো কথা শুনিছিল, য'ত তেখেতে মানুহক এনেকুৱা কাম কৰিবলৈ উৎসাহিত কৰিছিল, যিবোৰ কাম জান্নাতত প্ৰৱেশৰ কাৰণ হ'ব। সেয়া হৈছেঃ প্ৰথমঃ বেছি বেছি ছালাম প্ৰচাৰ কৰা। চিনাকি হওক বা অচিনাকি সকলোকে ছালাম দিয়া। দ্বিতীয়ঃ দান খয়ৰাতৰ জৰিয়তে হওক বা হাদিয়া অথবা নিমন্ত্ৰণ আদিৰ মাধ্যমতে হওক মানুহক আহাৰ কৰোৱা। তৃতীয়ঃ মাকৰ ফালৰ পৰাই হওক বা পিতৃৰ ফালৰ পৰা, সকলো প্ৰকাৰ আত্মীয়তাৰ সম্পৰ্ক অটুট ৰখা। চতুৰ্থঃ ৰাতিত মানুহে টোপনি যোৱাৰ পিছত, নফল চালাত বা তাহাজ্জুদ আদায় কৰা।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। যেনে- মানুহৰ ওপৰত শাসন চলোৱা শাসক হৈছে এজন দায়িত্বশীল ব্যক্তি, তাক তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ প্ৰতি দায়িত্বশীল, তাক নিজৰ পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে নাৰী হৈছে স্বামীৰ ঘৰৰ আৰু তাৰ সন্তানসকলৰ প্ৰতি দায়িত্বশীল, তাইক সেই সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে দাস হৈছে তাৰ মালিকৰ সম্পদ ৰক্ষাৰ দায়িত্বত নিয়োজিত, তাক সেই দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। জানি থোৱা! তোমালোক প্ৰত্যেকেই দায়িত্বশীল, গতিকে তোমালোকৰ প্ৰত্যেককে নিজ নিজ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সমাজৰ প্ৰতিজন মুছলিম ব্যক্তিয়েই হৈছে দায়িত্বশীল। প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰা উচিত। গতিকে ইমাম আৰু শাসক হৈছে আল্লাহে প্ৰদান কৰা দায়িত্বৰ প্ৰতি দায়বদ্ধ। সেয়ে তেওঁলোকৰ ওপৰত আছে চৰীয়তৰ হিফাজতৰ দায়িত্ব, প্ৰতিৱেশীৰ সুৰক্ষাৰ দায়িত্ব, শত্ৰুৰ বিৰুদ্ধে মুকাবিলা কৰাৰ দায়িত্ব, আৰু জনসাধাৰণৰ অধিকাৰ যাতে খৰ্ব নহয় সেই দায়িত্ব। এইদৰে পুৰুষৰ ওপৰত আছে পৰিয়াল পৰিচালনা আৰু সিহঁতৰ ভৰণ-পোষণৰ দায়িত্ব, সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰা আৰু সিহঁতক শিক্ষা তথা শিষ্টাচাৰ শিকোৱাৰ দায়িত্ব। এইদৰে নাৰী হৈছে তাইৰ স্বামীৰ ঘৰ আৰু সন্তানসকলক লালন-পালন কৰাৰ দায়িত্বত নিয়োজিত, তাইক সেই বিষয়ে প্ৰশ্ন কৰা হ'ব। দাস অথবা কৰ্মচাৰীসকল হৈছে নিজৰ মালিকৰ ধন-সম্পদ বা তাক দিয়া দায়িত্বৰ প্ৰতি দায়বদ্ধ। তাক সেই বিষয়ে সোধ-পোচ কৰা হ'ব। প্ৰত্যেকেই নিজ নিজ দায়িত্বৰ প্ৰতি দায়বদ্ধ। সেয়ে প্ৰত্যেককে নিজ নিজ দায়িত্ব পালন সম্পৰ্কে জবাবদিহি কৰা হ'ব।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে কৈছিলঃ বিবাহ কৰিবলৈ যাৰ সামৰ্থ আছে, তেওঁ বিবাহ কৰি লোৱা উচিত। কাৰণ বিবাহে দৃষ্টি সংযত ৰাখে আৰু লজ্জাস্থান সুৰক্ষিত ৰাখে। আনহাতে যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰা উচিত। কাৰণ ৰোজাই প্ৰবৃত্তিৰ কামনা-বাসনাক প্ৰতিৰোধ কৰে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক বিবাহৰ প্ৰতি উৎসাহিত কৰিছে, বিবাহ কৰিবলৈ যাৰ শাৰীৰিক আৰু আৰ্থিক সামৰ্থ আছে। কাৰণ দৃষ্টিক হাৰামৰ পৰা সুৰক্ষিত ৰাখিবলৈ আৰু লজ্জাস্থানক হিফাজত কৰিবলৈ এইটো হৈছে এটা অন্যতম উপায়। লগতে অশ্লীলতাত লিপ্ত হোৱাৰ পৰা ই বিৰত ৰাখে। আনহাতে যাৰ শাৰীৰিক সক্ষমতা আছে কিন্তু আৰ্থিক সক্ষমতা নাই তেনেকুৱা ব্যক্তিয়ে ৰোজা ৰখা উচিত। কাৰণ ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা বিচ্ছিন্ন হয় আৰু বীৰ্য্যৰ অনিষ্টতা দূৰ কৰে।