





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})গাইৰ মাহৰাম (এনেকুৱা নাৰী যাৰ সৈতে বিবাহ বৈধ) নাৰীৰ সৈতে মিশ্ৰিত পৰিৱেশত থাকিবলৈ অথবা একত্ৰিত হ'বলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। তেখেতে কৈছেঃ তোমালোকে নাৰীসকলৰ কাষত যোৱাৰ পৰা বিৰত থাকা, এইদৰে নাৰীসকলেও যাতে তোমালোকৰ কাষ চাপিব নোৱাৰে। তেতিয়া এজন আনচাৰী ব্যক্তিয়ে সুধিলেঃ স্বামীৰ আত্মীয় সম্পৰ্কে আপোনাৰ অভিমত কি? যেনে- স্বামীৰ ভাই, ভতিজা, খুৰা, খুৰাৰ ল'ৰা, ভাগিন আদি, যিসকলৰ সৈতে বিবাহ বৈধ, যদিও সিহঁত বিবাহিত নহয়? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তাক এনেকৈ ভয় কৰা যেনেকৈ মৃত্যুক ভয় কৰা হয়।কাৰণ দেৱৰৰ সৈতে নিৰ্জনতাই ফিতনা তথা ধৰ্মীয় ধ্বংসৰ প্ৰতি লৈ যায়। স্বামীৰ পিতা আৰু পুত্ৰৰ বাহিৰে অন্যান্য আত্মীয় পৰ পুৰুষতকৈও অধিক পৰ্দাযোগ্য। কিয়নো পৰ পুৰুষৰ তুলনাত স্বামীৰ আত্মীয়ৰ সৈতে নিৰ্জনতা খুবেই স্বাভাৱিক। সেয়ে অন্য ব্যক্তিৰ তুলনাত ইহঁতৰ পৰা অনিষ্ট সাধন হোৱাৰ আশংকা বেছি। কাৰণ কোনো বাধা নোহোৱাকৈ স্বাভাৱিকতে ইহঁতৰ সৈতে নিৰ্জনতা সম্ভৱ। কিছুমান ক্ষেত্ৰত ইহঁতৰ পৰা পৰ্দাও অসম্ভৱ হয়। সেয়ে সাধাৰণতে এই ক্ষেত্ৰত নৰম পন্থা অৱলম্বন কৰা দেখা যায়, আৰু দেৱৰে নবৌৰ সৈতে মিশ্ৰিত পৰিৱেশত থকা পৰিলক্ষিত হয়। অনিষ্ট আৰু ক্ষতিৰ দিশ বিবেচনা কৰিলে এইটো হৈছে মৃত্যু সমতুল্য। পক্ষান্তৰে পৰপুৰুষৰ ক্ষেত্ৰত এই আশংকা নাথাকে, কাৰণ তাৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰা হৈছে।
মালিক বিন আওছ বিন হাদাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এই কথা কৈ কৈ গৈ আছিলোঁ যে, দিৰহাম বিনিময় কৰিব পৰা কোনোবা আছেনে? তেতিয়া ত্বলহা বিন উবাইদুল্লাহে ক'লে, তেওঁ সেই সময়ত ওমৰ ইবনুল খাত্তাবৰ ওচৰত বহি আছিল। তোমাৰ সোণখিনি আমাক দেখুৱাচোন, আৰু তুমি পিছত আহিবা, যেতিয়া আমাৰ দাস আহি পাব তেতিয়া তোমাক দিবলগীয়া ৰূপৰ মুদ্ৰাখিনি প্ৰদান কৰিম। এই কথা শুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নহয়, এইটো হ'ব নোৱাৰে, আল্লাহৰ শপত! হয় তুমি এতিয়াই তাক ৰূপৰ মুদ্ৰা প্ৰদান কৰা, নহয় তাৰ সোণ তাক ঘূৰাই দিয়া। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})তাবেয়ী মালিক বিন আনাছে জনাইছে যে, তেওঁৰ ওচৰত কেইটামান স্বৰ্ণমুদ্ৰা আছিল, যিবোৰ তেওঁ ৰৌপ্যমুদ্ৰাৰ জৰিয়তে বিনিময় কৰিব বিচাৰিছিল। ত্বলহা বিন উবাইদুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক ক'লেঃ তোমাৰ স্বৰ্ণমুদ্ৰাখিনি আমাক দেখুৱাচোন। ইয়াৰ পিছত তেওঁ ক্ৰয় কৰিবলৈ সন্মতি দিয়াৰ পিছত ক'লে যে, তুমি পিছত আহি তোমাৰ ৰৌপ্যমুদ্ৰা লৈ যাবা, যেতিয়া আমাৰ খাদিম আহি পাব। সেই বৈঠকত ওমৰ ৰাদ্বিয়াল্লাহু আনহু উপস্থিত আছিল। তেখেতে এই ধৰণৰ লেনদেন দেখি বাধা প্ৰদান কৰিলে আৰু আল্লাহৰ শপত খাই ত্বলহাক কলে যে, তুমি এতিয়াই ৰৌপ্যমুদ্ৰা দিয়াৰ ব্যৱস্থা কৰা, অন্যথা তেওঁৰ স্বৰ্ণমুদ্ৰা ঘূৰাই দিয়া। ইয়াৰ কাৰণ উল্লেখ কৰি কলে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্বৰ্ণৰ বিনিময়ত ৰূপৰ লেনদেন অথবা ৰূপৰ বিনিময়ত স্বৰ্ণৰ লেনদেনৰ ক্ষেত্ৰত লগে লগে আদান-প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। অন্যাথা এইটো সুতত পৰিণত হব যিটোক হাৰাম কৰা হৈছে। গতিকে ইটো হাতেৰে লোৱা আৰু সিটো হাতেৰে প্ৰদান নকৰাকৈ তথা লগে লগে আদান-প্ৰদান নকৰাকৈ সোণ-ৰূপৰ বিনিময় বা ক্ৰয়-বিক্ৰয় বৈধ নহয়। এইদৰে ঘেঁহু, যৱ, খেজুৰ আদিৰ ক্ষেত্ৰতো একে শ্ৰেণীৰ, একেই পৰিমাণৰ, সমান ওজনৰ, লগে লগে বিনিময় কৰিব লাগিব। এইবোৰ পলমকৈ বিনিময় কৰা বৈধ নহয়। আয়ত্তত নোলোৱাকৈ পৃথক হোৱাও বৈধ নহয়।
উছমান বিন আবুল আ-চ আচ্ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৱে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অভিযোগ কৰিলে যে, তেওঁ যেতিয়াৰ পৰা ইছলাম গ্ৰহণ কৰিছে, শৰীৰত বিষ অনুভৱ কৰি আছে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ "তোমাৰ শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰা, সেই ঠাইত তোমাৰ হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, আৰু সাতবাৰ এই দুআ পঢ়া, আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰ।"
(মুছলিম)উছমান বিন আবুল আ-চ ৰাদ্বিয়াল্লাহু আনহুৱে শৰীৰত অত্যন্ত বিষ অনুভৱ কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেখেতে তেওঁক এটা দুআ শিকাই দিলে, যাৰ ফলত তেওঁৰ এই বেমাৰ নিৰাময় হ'ল। সেয়া আছিল এই যে, তেখেতে তেওঁক কৈছিলঃ বিষ অনুভৱ কৰা ঠাইত হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, তাৰ পিছত সাতবাৰ এই দুআ পাঠ কৰা। অৰ্থঃ মই সৰ্বশক্তিমান আল্লাহৰ ইজ্জত আৰু ক্ষমতাৰ আশ্ৰয় বিচাৰোঁ, সেই বস্তুৰ অনিষ্টৰ পৰা যিটো মই অনুভৱ কৰি আছোঁ আৰু যিটোৰ আশংকা কৰি আছোঁ। অৰ্থাৎ ভৱিষ্যতৰ ভয়-ভীতি আৰু দুশ্চিন্তাৰ পৰা আশ্ৰয় বিচাৰোঁ, আৰু এই বেমাৰ যাতে গোটেই শৰীৰত বিয়পি নপৰে তাৰ পৰা আশ্ৰয় বিচাৰোঁ।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল। জিব্ৰীল আলাইহিচ্ছালাম ৰমাজান মাহৰ প্ৰত্যেক ৰাতিতে তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল আৰু তেখেতৰ সৈতে কোৰআন মাজীদ চৰ্চা কৰিছিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগতিত দান-খয়ৰাত তথা কল্যাণৰ কামত ভাগ লৈছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত তেখেতে অধিক হাৰত দান কৰিছিল। অভাৱগ্ৰস্থ দুখীয়া দৰিদ্ৰ যাক যিটো লাগিছিল তেওঁ তাক সেইটোৱে দান কৰিছিল। দুটা কাৰণত তেখেতে এই মাহত অত্যাধিক দান কৰিছিলঃ প্ৰথমঃ কাৰণ তেখেতৰ সৈতে জিব্ৰীল আলাইহিচ্ছালামে লগ কৰিছিল। দ্বিতীয় কাৰণ, তেখেতে এই সময়ছোৱাত কোৰআন চৰ্চা কৰিছিল। অৰ্থাৎ মুখস্থ কোৰআন তিলাৱত কৰিছিল। অৱতীৰ্ণ হোৱা কোৰআনখিনি তেখেতে জিব্ৰীল আলাইহিচ্ছালামক তিলাৱত কৰি শুনাইছিল। ইপিনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত উদাৰ তথা দানশীল আছিল, আৰু কল্যাণকৰ কৰ্মত তৎপৰ আছিল। তেখেত সৃষ্টিৰ উপকাৰৰ ক্ষেত্ৰত সেই উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগামী আছিল যিটো বতাহক আল্লাহে বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে প্ৰেৰণ কৰে।
আবু ঝুহাইৰ উমাৰাহ বিন ৰুআইবাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে সূৰ্য্য উদয় হোৱাৰ পূৰ্বে আৰু সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে চালাত আদায় কৰে, তেওঁ কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।"
(মুছলিম)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, সেই ব্যক্তিয়ে কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব, যিয়ে ফজৰৰ নামাজ আৰু আচৰৰ নামাজ সময়মতে আদায় কৰে। এই দুটা নামাজক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, এই দুটা নামাজ হৈছে অত্যন্ত কষ্টকৰ। লগতে ফজৰৰ সময় হৈছে আৰামদায়ক টোপনিৰ সময়। আনহাতে আচৰৰ সময় হৈছে ব্যস্ত সময়, য'ত দিনটোৰ গুৰুত্বপূৰ্ণ কাম আৰু ব্যৱসায়-বাণিজ্যৰ ব্যস্ততা থাকে। গতিকে অসুবিধা সত্ত্বেও যিয়ে এই দুটা নামাজ সময়মতে নিয়মিত আদায় কৰিব তেন্তে তাৰ বাবে অন্যান্য নামাজ সময় মতে আদায় কৰাটো কোনো কঠিন বিষয় নহয়।
উছমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিজন মুছলিমে ফৰজ নামাজৰ সময় হ'লে উত্তমভাৱে অজু কৰে, বিনয় আৰু ভয় সহকাৰে ৰুকূ কৰি চালাত আদায় কৰে, তাৰ এই আমল পূৰ্বৱৰ্তী গুনাহৰ কাফফাৰা হৈ যায়। যেতিয়ালৈকে সি কোনো কাবীৰাহ গুনাহ নকৰে। এইটো সদায় এনেকৈয়ে চলে।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ফৰজ নামাজৰ সময় হোৱাৰ পিছত যিজন মুছলিমে সুন্দৰকৈ উত্তমভাৱে পৰিপূৰ্ণৰূপে অজু কৰে, আৰু তাৰ পিছত অন্তৰত ভয় আৰু আশালৈ কিবলামুখী হৈ উপস্থিত মনেৰে আল্লাহৰ সন্মুখত থিয় হৈ নামাজ আদায় কৰে। লগতে নামাজৰ যাৱতীয় কৰ্ম পৰিপূৰ্ণৰূপে আদায় কৰে, তেন্তে তাৰ এই নামাজ পূৰ্বৱৰ্তী সকলো সৰু গুনাহৰ কাফফাৰা হৈ যায়। যদিহে সি কোনো কাবীৰাহ গুনাহ কৰা নাই। এইটো সকলো সময়তে আৰু প্ৰত্যেক নামাজৰ ক্ষেত্ৰতে প্ৰযোজ্য থাকে।
কাআব বিন উজৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা দুআ শিকাইছে, যিটো পাঠ কৰিলে সেই ব্যক্তি বঞ্চিত নহয়। বৰং তাক ছোৱাব প্ৰদান কৰা হয়। সেই দুআটো ফৰজ নামাজৰ পিছত পাঠ কৰিব লাগে। সেয়া হৈছেঃ ছুবহানাল্লাহ ৩৩ বাৰ। অৰ্থাৎ আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা। আলহামদুলিল্লাহ ৩৩ বাৰ। ইয়াৰ অৰ্থ হৈছে, মুহাব্বত আৰু সন্মান সহকাৰে মহান আল্লাহৰ পূৰ্ণাংগ গুণাৱলী স্বীকাৰ কৰি তেওঁৰ প্ৰশংসা কৰা। আল্লাহু আকবাৰ ৩৪ বাৰ। অৰ্থাৎ আল্লাহ মহান। সকলো বস্তুতকৈ তেওঁৰ সত্ত্বা সৰ্বোৎকৃষ্ট সৰ্বোচ্চ।
ছাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআ পাঠ কৰিবঃ "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু", ইয়াৰ ভাৱাৰ্থ হৈছে, মই পূৰ্ণ বিশ্বাসৰ সৈতে সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ বাহিৰে যিবোৰক উপাসনা কৰা হয় সেই সকলোবোৰ হৈছে বাতিল। "ওৱা আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" ইয়াৰ ভাৱাৰ্থ, মুহাম্মদ হৈছে এজন বান্দাহ, তেওঁক উপাসনা কৰা নাযাব। লগতে তেওঁ হৈছে এজন ৰাছুল, যাক অস্বীকাৰ কৰা নাযাব। "ৰাজীতু বিল্লাহি ৰাব্বান।" ইয়াৰ ভাৱাৰ্থ হৈছেঃ মই আল্লাহৰ ৰুবুবিয়্য়ত উলুহিয়্য়ত আছমা অচিফাত আদি স্বীকাৰ কৰিছোঁ, লগতে তেওঁক ৰব্ব হিচাপে পাই মই সন্তুষ্ট। "অবিমুহাম্মাদিন ৰাছুলান।" ইয়াৰ ভাৱাৰ্থ হৈছে, তেওঁক যি যি বিধান দিয়া হৈছে, যিটো আমালৈ তেওঁ পৌঁচাই দিছে, সেয়া পাই মই সন্তুষ্ট। "অবিল ইছলামি।" অৰ্থাৎ ইছলামৰ যাৱতীয় বিধি-বিধানৰ ওপৰত মই সন্তুষ্ট, আদেশমূলক হওক বা নিষেধমূলক। "দ্বীনান" অৰ্থাৎ দ্বীন হিচাপে পাই, বিশ্বাস আৰু পালন কৰি মই সন্তুষ্ট। "সেই ব্যক্তিৰ গুনাহসমূহ মাফ কৰি দিয়া হ'ব।" অৰ্থাৎ সৰু গুনাহবোৰ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! আমি সাগৰীয় ভ্ৰমণত থাকোঁ, তেতিয়া আমাৰ সৈতে খুবেই কম পৰিমাণ পানী থাকে। যদি আমি সেই পানীৰে অজু কৰোঁ তেন্তে পিয়াহত থাকিবলগীয়া হয়, এনে ক্ষেত্ৰত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।"
رواه أبو داود والترمذي والنسائي وابن ماجه وأحمدএজন চাহাবীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিছিল যে, আমি মাছ মাৰিবলৈ অথবা ব্যৱসায় বাণিজ্যৰ বাবে নাইবা এই ধৰণৰ কোনো প্ৰয়োজনৰ বাবে যেতিয়া সাগৰত ভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ সৈতে খোৱাৰ উপযুক্ত অতি কম পৰিমাণৰ পানী থাকে। সেই খোৱা পানীৰে যদি আমি অজু অথবা গোছল কৰোঁ তেন্তে আমাৰ পানী শেষ হৈ যাব আৰু খাবলৈ পানী নাপাম। এনে অৱস্থাত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সাগৰৰ পানী সম্পৰ্কে ক'লেঃ সাগৰৰ পানী নিজেও পৱিত্ৰ আৰু আনকো পৱিত্ৰ কৰিব পৰা গুণ আছে। গতিকে সেই পানীৰে অজু কৰাও বৈধ আৰু গোছল কৰাও বৈধ। লগতে সাগৰৰ মাছ আৰু বিভিন্ন প্ৰাণী ভক্ষণ কৰাও হালাল, যদিও সেয়া চিকাৰ নকৰাকৈ মৃত অৱস্থাত পোৱা যায়, আৰু মৃত অৱস্থাত পানীৰ ওপৰত ভাহি থাকে।