





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সেই পানী সম্পৰ্কে প্ৰশ্ন কৰা হ'ল, য'ত ঘৰচীয়া জন্তু আৰু বনৰীয়া জন্তুৱে আহি পানী খায় (যে তেনেকুৱা পানীৰ বিধান কি?) তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
رواه أبو داود والترمذي والنسائي وابن ماجه وأحمدনবী চাল্লাল্লাহু আলাইহি অছাল্লামক সেই ঘাটৰ পানীৰ পৱিত্ৰতা সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, য'ত বিভিন্ন জীৱ জন্তুৱে তথা হিংস্ৰ প্ৰাণীয়ে পানী খায়। তেতিয়া তেখেতে কৈছিলঃ যদি পানীৰ পৰিমাণ দুটা ডাঙৰ পাত্ৰ তথা প্ৰায় ২১০ লিটাৰ পৰিমাণৰ হয় তেন্তে সেই পানী অপৱিত্ৰ নহয়। কিন্তু যদি কোনো অপৱিত্ৰ বস্তুৰ দ্বাৰা পানীৰ তিনিটা বৈশিষ্ট্যৰ যিকোনো এটা বৈশিষ্ট্য পৰিবৰ্তন হয়, যেনে- পানীৰ ৰং, সোৱাদ, অথবা গোন্ধ, তেন্তে সেই পানী অপৱিত্ৰ বুলি বিবেচিত হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া টোপনিৰ পৰা উঠে, তেতিয়া তেওঁ যেন তিনিবাৰ নিজৰ নাকত পানী সোমোৱাই দি নাক পৰিষ্কাৰ কৰে। কাৰণ চয়তানে তাৰ নাকৰ ভিতৰত ৰাতি অতিবাহিত কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে টোপনিৰ পৰা উঠা ব্যক্তিক তিনিবাৰ নাক চাফ কৰিবলৈ উৎসাহিত কৰিছে। (الاستنثار), নাকৰ ভিতৰত পানী সোমোৱাই সেই পানী সজোৰে উলিয়াই অনাক আৰবী ভাষাত ইস্তিনছাৰ বোলে। এইটো কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ হৈছে, নাকৰ ভিতৰত চয়তানে ৰাতি অতিবাহিত কৰে।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মোক ওমৰ ইবনুল খাত্তাবে জনাইছে যে, এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।
(মুছলিম)হাদীছটোত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক অজু কৰা দেখিলে যে, সি ভৰি ধোৱাৰ সময়ত নখৰ সমান ঠাই এৰিছে, তাত পানীৰে জিকা নাছিল। সেয়া দেখি তেখেতে সেই নোধোৱা অংশখিনিৰ প্ৰতি ইংগিত কৰি ক'লেঃ যোৱা ভালকৈ অজু কৰি আহা, প্ৰতিটো অংগ পানীৰে ভালকৈ ধুই লবা। ইয়াৰ পিছত সেই ব্যক্তিজন উভতি গ'ল, আৰু পৰিপূৰ্ণৰূপে অজু কৰি আহি নামাজ পঢ়িলে।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে গোছল কৰিছিল আৰু তেখেতে অজু কৰিছিল এক মুদ পানীৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে তেখেতে অজু কৰিছিল। চাৰি মুদ পৰিমাণক এক ছা বোলে, আনহাতে এক মুদ হৈছেঃ এজন সাধাৰণ মানুহৰ দুয়ো হাত এক লগ কৰি সেই আয়তনত যিমানখিনি বস্তু আহে তাক এক মুদ বোলে।
উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমাৰ দায়িত্ব আছিল উট চৰোৱা। যেতিয়া মোৰ পাল আহিল, আৰু সন্ধিয়া যেতিয়া মই সেইবোৰকলৈ উভতি আহিলোঁ তেতিয়া দেখা পালোঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় মানুহক হাদীছ বৰ্ণনা কৰি আছে। মই শুনিলোঁ তেখেতে কৈ আছিলঃ "যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।" তেওঁ কৈছে যে, মই ক'লোঁঃ কিমান সুন্দৰ কথা। এই কথা শুনি সন্মুখৰ এজন ব্যক্তিয়ে ক'লেঃ ইয়াৰ আগৰ কথাখিনি আৰু অধিক উত্তম আছিল। মই ভালকৈ চোৱাত দেখিলোঁ তেওঁ আছিল ওমৰ ৰাদ্বিয়াল্লাহু আনহু। তেওঁ ক'লেঃ মই দেখিছোঁ তুমি এইমাত্ৰহে আহিলা। ইয়াৰ পূৰ্বে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে সুন্দৰকৈ ঘঁহি ঘঁহি পৰিপূৰ্ণৰূপে অজু কৰিব, আৰু তাৰ পিছত ক'বঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে প্ৰৱেশ কৰিব পাৰিব।"
(মুছলিম)হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক দুটা ডাঙৰ ফজিলত সম্পৰ্কে অৱগত কৰিছে। প্ৰথমঃ যিয়ে সুন্দৰকৈ ছুন্নতি নিয়ম অনুসৰি পৰিপূৰ্ণৰূপে অজু কৰিব, অজুৰ প্ৰতিটো অংগ পানীৰে ভালকৈ ধুই ল'ব আৰু তাৰ পিছত ক'বঃ (أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ) (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে তেওঁ প্ৰৱেশ কৰিব পাৰিব। দ্বিতীয়ঃ যিয়ে এইদৰে পৰিপূৰ্ণৰূপে অজু কৰিব আৰু তাৰ পিছত থিয় হৈ দুই ৰাকাত নামাজ পঢ়িব। য'ত তেওঁ ইখলাচৰ সৈতে বিনয়ী হৈ থিয় হ'ব, লগতে শৰীৰৰ সকলো অংগ আল্লাহৰ বাবে নত কৰিব, তাৰ বাবে জান্নাত অনিবাৰ্য হৈ যায়।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।"
(দাৰু কুতনী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, যদি কোনো মুছলিম ব্যক্তিয়ে অজু কৰাৰ পিছত মোজা পৰিধান কৰে, ইয়াৰ পিছত অজু ভংগ হোৱাৰ ফলত তেওঁ অজু কৰিব বিচাৰিলে সেই মোজাৰ ওপৰতে মছেহ কৰিব পাৰিব। লগতে নিৰ্দিষ্ট সময় পৰ্যন্ত এই মোজা নোখোলাকৈয়ে নামাজ পঢ়িব পাৰিব। কিন্তু যদি গোছল ফৰজ হয় তেন্তে মোজা খুলিব লাগিব।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঈদুল আজহা অথবা ঈদুল ফিতৰত ঈদগাহলৈ আহিল। তাত তেখেতে নাৰীসকলৰ ওচৰলৈ গৈ ক'লেঃ "হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদৰ দিনা ঈদগাহলৈ ওলাই আহিল। তেখেতে নাৰীসকলক পৃথককৈ ভাষণ দিব বুলি আগতীয়াকৈ কথা দিছিল। সেয়ে তেখেতে সেইদিনা সেইটো পূৰণ কৰিছিল। তেখেতে তেওঁলোকক নছীহত কৰি কৈছিলঃ হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা আৰু অধিক পৰিমাণে ক্ষমা প্ৰাৰ্থনা কৰা। কাৰণ এইটো হৈছে গুনাহ মাফ হোৱাৰ অন্যতম এটা ডাঙৰ উপায়। কাৰণ মই ইছৰাৰ ৰাতি জাহান্নামত আটাইতকৈ বেছি নাৰীসকলক দেখিছোঁ। নাৰীসকলৰ মাজৰ পৰা এজনী বুদ্ধিমান নাৰীয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! জাহান্নামত আমাৰ সংখ্যা (নাৰীসকলৰ সংখ্যা)অধিক হোৱাৰ কাৰণ কি? তেখেতে ক'লেঃ এয়া কেইবাটাও কাৰণত হ'ব, যেনে- তোমালোকে গালি শপনি বেছি পাৰা আৰু অভিশাপ বেছি দিয়া। এইদৰে স্বামীৰ অধিকাৰ নসাৎ কৰা আৰু অকৃতজ্ঞ হোৱা। ইয়াৰ পিছত তেখেতে সিহঁতৰ আৰু এটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰি কৈছেঃ তোমালোকৰ দ্বীন আৰু বিবেক বুদ্ধিত ত্ৰুটি থকা সত্ত্বেও, কোনো এজন বুদ্ধিমান বিবেক সম্পন্ন তথা সদায় সতৰ্ক থকা লোকৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ অধিক চতুৰ মই আন কাকো দেখা নাই। প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! দ্বীন আৰু বিবেক বুদ্ধিৰ ক্ষেত্ৰত কি ত্ৰুটি আছে আমাৰ? তেখেতে কলেঃ যিহেতু দুজনী নাৰীৰ সাক্ষ্য হৈছে এজন পুৰুষৰ সাক্ষ্যৰ সমান। সেয়ে এইটো হৈছে বিবেক বুদ্ধিৰ ত্ৰুটি। দ্বীনৰ ক্ষেত্ৰত ত্ৰুটিৰ অৰ্থ হৈছে নেক কৰ্মৰ হ্ৰাস। কাৰণ মহিলাসকলে কিছুমান দিন আৰু ৰাতি এনেদৰে পাৰ কৰে যেতিয়া তেওঁলোকে ঋতুস্ৰাৱৰ কাৰণে নামাজ নপঢ়ে আৰু ৰমাজান মাহত ৰোজা ৰাখিব নোৱাৰে। এইটোৱে হৈছে দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি। কিন্তু ইয়াৰ বাবে তেওঁলোকক দোষাৰোপ কৰা নহ'ব তথা জবাবদিহি কৰা নহ'ব, কাৰণ এইটো হৈছে তেওঁলোকৰ প্ৰাকৃতিক এটা বিষয়। উদাহৰণস্বৰূপে যিদৰে ধনৰ প্রতি মানুহৰ মোহ থাকে, আৰু সিহঁতে নিজৰ কাম দ্ৰুত সম্পন্ন হোৱাটো বিচাৰে, লগতে সিহঁতৰ মাজত অজ্ঞতা থাকে... আৰু এনে ধৰণৰ অন্যান্য বিষয়। কিন্তু ইয়াত সতৰ্ক কৰা হৈছে, যাতে ইয়াৰ ফলত কোনো ফিতনা (ধাৰ্মিক পৰীক্ষা) নহয়।
উম্মে আতিয়্য়াহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত বাইআত কৰিছিল, তেওঁ কৈছেঃ "পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।"
رواه أبو داود بهذا اللفظ ورواه البخاري بدون زيادة (بعد الطهر)চাহাবীয়া উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনাহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নাৰীসকলে হায়েজৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ পিছত লজ্জাস্থানৰ পৰা ওলোৱা মাটিয়া তথা হালধীয়া বৰণৰ পানীক হায়েজ হিচাপে গণ্য কৰা নাছিল। এই পানীৰ ফলত তেওঁলোকে নামাজ ৰোজা ত্যাগ কৰা নাছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আব্দুৰ ৰহমান বিন আউফৰ স্ত্ৰী উম্মে হাবীবাহ বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ধাৰাবাহিকভাৱে তেজ নিৰ্গত হোৱাৰ বিধান সম্পৰ্কে সুধিলে। তেতিয়া তেখেতে তেওঁক ক'লেঃ "ইতিপূৰ্বে যিমান দিন তোমাৰ হায়েজ হৈছিল সেই পৰিমাণ দিন তুমি অপেক্ষা কৰিবা, তাৰ পিছত গোছল কৰিবা।" এতেকে ইয়াৰ পিছত তেওঁ প্ৰত্যেক নামাজৰ সময়তে গোছল কৰিছিল।
(মুছলিম)চাহাবীয়্য়া এজনী আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ধাৰাবাহিকভাৱে তেজ নিৰ্গত হোৱাৰ বিধান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিলে যে, এই বেমাৰ আৰম্ভ হোৱাৰ আগত, সাধাৰণতে তোমাৰ যিমান দিনলৈকে হায়েজ থাকিছিল, তুমি সেই পৰিমান দিনলৈকে নামাজ পঢ়াৰ পৰা বিৰত থাকিবা। ইয়াৰ পিছত গোছল কৰি নামাজ পঢ়া আৰম্ভ কৰিবা। কিন্তু তেওঁ স্বেচ্ছাই প্ৰত্যেক নামাজৰ সময়তে গোছল কৰিছিল।