Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
নবী চাল্লাল্লাহু আলাহি অছাল্লামে জুমুআৰ দিনা গোছল কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছে। জুমুআ ওৱাজিব হোৱা প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলিমৰ বাবে গোছল কৰা জৰুৰী। মিছৱাক আদিৰ জৰিয়তে দাঁত চাফা কৰিব লাগে। ভাল সুগন্ধিমূলক আতৰ ব্যৱহাৰ কৰিব লাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিটা বিষয়ৰ পৰা নিষেধ কৰিছেঃ প্ৰথমঃ স্বামী বা কোনো মাহৰাম ব্যক্তি লগত নোহোৱাকৈ নাৰীসকলক দুদিনৰ দূৰত্বৰ ভ্ৰমণ কৰিবলৈ নিষেধ কৰিছে। মাহৰাম কোৱা হয় এনেকুৱা নিকটাত্মীয় ব্যক্তিক যাৰ সৈতে বিবাহ স্থায়ীভাৱে নিষিদ্ধ। যেনে- পুত্ৰ, পিতা, ভতিজা, ভাগিন, খুৰা, মোমাই আদি। দ্বিতীয়ঃ ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। মান্নতৰ ৰোজাই হওক বা নফল ৰোজা নাইবা কাফফাৰাৰ ৰোজা। তৃতীয়ঃ আচৰৰ পিছত সূৰ্যাস্ত নোযোৱালৈকে আৰু ফজৰৰ পিছত সূৰ্যোদয় নোহোৱালৈকে নফল নামাজ পঢ়িবলৈ নিষেধ কৰিছে। চতুৰ্থঃ তিনিটা মছজিদৰ বাহিৰে বেলেগ কোনো ঠাইতে নামাজ পঢ়াৰ উদ্দেশ্যে ভ্ৰমণ কৰা উচিত নহয়, এই বুলি যে সেই ঠাইৰ কিবা বিশেষ ফজিলত আছে বা তাত গ'লে বেছি ছোৱাব পোৱা যাব। গতিকে কেৱল এই তিনিটা মছজিদত নামাজ পঢ়িলেহে অধিক ছোৱাব পোৱা যায়, সেয়া হৈছেঃ মছজিদে হাৰাম, মছজিদে নবৱী আৰু মছজিদে আকচা।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনৰ তিনিটা সময়ত নফল নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। প্ৰথম সময়টো হৈছেঃ যেতিয়া সূৰ্য্য উদয় হয়। এইটো হৈছে উদয় হোৱাৰ পৰা এক বৰ্শা পৰ্যন্ত ওপৰলৈ নুঠালৈকে। প্ৰায় পোন্ধৰ মিনিট মান সময়। দ্বিতীয় সময়ঃ দুপৰীয়া সূৰ্য্য যেতিয়া মূৰৰ ওপৰত থাকে। যেতিয়া ছাঁ পূৱফালেও ঢাল নাখায় আৰু পশ্চিমফালেও নহয়, বৰং আকাশৰ মাজত থাকে। যেতিয়া ছাঁ পূৱফালে ঢাল খায়, তেতিয়া জোহৰৰ সময় আৰম্ভ হয়। এই নিষিদ্ধ সময়ছোৱা হৈছে একেবাৰে সংকীৰ্ণ সময়। প্ৰায় পাঁচ মিনিটমান সময়। তৃতীয় সময়টো হৈছেঃ সূৰ্য্য যেতিয়া ডুবিবলৈ ধৰে। পৰিপূৰ্ণৰূপে অস্ত নোযোৱালৈকে কোনো নফল নামাজ পঢ়া উচিত নহয়।
দুয়ো কান্ধ খালি ৰাখি এখন কাপোৰ পৰিধান কৰি নামাজ পঢ়িবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিষেধ কৰিছে। অৰ্থাৎ ডিঙি আৰু কান্ধৰ মাজৰ ঠাইখিনি ঢাকি ৰাখিব লাগে। যদিও দুয়ো কান্ধ আওৰা (অনিবাৰ্য্যৰূপে ঢাকিবলগীয়া অংগ)ৰ অন্তৰ্ভুক্ত নহয়। কিন্তু দুয়ো কান্ধ ঢাকিলে গোটেই আওৰা ঢাকিবলৈ সুবিধা হয়। এইটো আল্লাহৰ প্ৰতি সন্মান আৰু শ্রদ্ধা দেখুওৱাৰ অন্যতম এটা উত্তম উপায়, বিশেষকৈ যেতিয়া আমি নামাজত তেওঁৰ সন্মুখত থিয় হওঁ।
নামাজত থকা অৱস্থাত দুআ বা কিৰাত পাঠ কৰা অৱস্থাত যিসকলে আকাশৰ ফালে চাই থাকে, সেইসকল লোকক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত সতৰ্ক কৰিছে। ইয়াৰ পিছত তেখেতে আৰু অধিক কঠোৰ সতৰ্কবাণী প্ৰদান কৰি কৈছে যে, যিয়ে এনেকুৱা কৰিব আশংকা কৰা হয় যে, সেই ব্যক্তিৰ দৃষ্টিশক্তি হৰণ হ'ব পাৰে, অৰ্থাৎ দ্ৰুতগতিত তাৰ দৃষ্টিশক্তি কাঢ়ি লোৱা হ'ব, আৰু সি গমেই নাপাব। ফলত সি দৃষ্টিশক্তিৰ নিয়ামতৰ পৰা বঞ্চিত হ'ব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ছাজদা অৱস্থাত হাত কেনেকৈ ৰাখিব লাগে সেইটো উল্লেখ কৰিছে যে, ছাজদাত হাতৰ পতা মাটিত ৰাখিব লাগে আৰু আঙুলিবোৰ কিবলামুখী ৰাখিব লাগে। এইদৰে কিলাকুটি মাটিৰ পৰা ওপৰত থাকিব লাগে আৰু বাহু শৰীৰৰ কাষৰ পৰা আঁতৰত থাকিব লাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজৰ পৰা যেতিয়া ছালাম ফিৰাইছিল তেতিয়া সোঁফালে মুখ কৰি কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।" এইদৰে বাওঁফালে মুখ কৰি "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" বুলি কৈ ছালাম ফিৰাইছিল।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যি ব্যক্তিয়ে ফৰজ নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব। অৰ্থাৎ আল্লাহক সকলো প্ৰকাৰৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰিব। ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব। অৰ্থাৎ মুহাব্বত আৰু সন্মান সহকাৰে আল্লাহৰ পূৰ্ণাংগ গুণাৱলীৰ প্ৰশংসা কৰিব। এইদৰে ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব। অৰ্থাৎ এই কথা ঘোষণা কৰিব যে, আল্লাহ সকলোতকৈ মহান। লগতে এশ সম্পূৰ্ণ কৰিবলৈ এই দুআ পাঠ কৰিব। লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। পৰিপূৰ্ণ ৰাজত্বৰ অধিকাৰী একমাত্ৰ তেৱেঁই। মুহাব্বত আৰু সন্মানসহ সকলো ধৰণৰ প্ৰশংসাও একমাত্ৰ তেওঁৰেই, তেওঁৰ বাহিৰে কোনেও ইয়াৰ যোগ্য নহয়। মহান তথা সৰ্বশক্তিমান সত্ত্বা সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। কোনেও তেওঁক অপাৰগ কৰিব নোৱাৰে। যিয়ে এইটো পাঠ কৰিব, তাৰ গুনাহসমূহ মোচন কৰি দিয়া হ'ব আৰু তাক ক্ষমা কৰি দিয়া হ'ব। যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ঢৌত ভাহি অহা ফেনৰ সমান হয়।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন একো বাধা হ'ব নোৱাৰে। আয়াতুল কুৰ্ছী হৈছে ছুৰা বাক্বাৰাৰ এইটো আয়াত। মহান আল্লাহে কৈছেঃ আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়ুল ক্বাইয়ূম, লা তা'খুজুহু ছিনাতুওঁ অলা নাওম। লাহু মা ফিছ ছামা-ৱাতি অমা ফিল আৰজি মানজাল লাজী য়াশ্বফাউ ইংদাহু ইল্লা বিইজনিহ। য়া'লামু মা বাইনা আইদীহিম অমা খালফাহুম অলা য়ুহীতূনা বিশ্বাইয়িম মিন ইলমিহি ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুচ ছামা-ৱাতি অল আৰজ, অলা য়া-ঊ দুহু হিফজুহুমা, অহুৱাল আলিয়্যুল আজীম। অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পৰা কোন আছে? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (ছুৰা আল-বাক্বাৰাহঃ ২৫৫)