





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মছজিদে নবৱীত এক ওৱাক্ত নামাজ পঢ়াটো অন্যান্য মছজিদত এহেজাৰ নামাজ পঢ়াতকৈও উত্তম, কেৱল মক্কাত অৱস্থিত মছজিদে হাৰামৰ বাহিৰে। কাৰণ মছজিদে নবৱীতকৈ তাত নামাজ পঢ়া অধিক উত্তম।
আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আপুনি মছজিদলৈ যি সময়তে আৰু যি উদ্দেশ্যেই নাহক কিয়, বহাৰ আগত দুই ৰাকাত নামাজ পঢ়িবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। সেই দুই ৰাকাত নামাজকে তাহয়াতুল মাছজিদ বোলে।
আবু হুমাইদ অথবা আবু উছাইদৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উম্মতীসকলক নিৰ্দেশনা দি কৈছে যে, মছজিদত প্ৰৱেশ কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত। ("আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যে, যাতে আল্লাহে তাৰ বাবে ৰহমতৰ যাৱতীয় উপায় সহজ কৰি দিয়ে। আনহাতে ওলোৱাৰ সময়ত এই দুআ কোৱা উচিতঃ ("আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যাতে আল্লাহে আৰু অধিক হালাল জীৱিকা প্ৰদান কৰি এহছান কৰে।
ছালিম বিন আবিল জাআদৰ পৰা বৰ্ণিত, এজনে ক'লে যে, হায়! মই যদি নামাজ পঢ়িলোঁহেঁতেন তেন্তে আৰাম অনুভৱ কৰিলোঁহেঁতেন। উপস্থিত লোকসকলে বিষয়টোক যেনিবা বেয়া বুলি ভাবিলে। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
(আবু দাঊদ)চাহাবাসকলৰ মাজৰ কোনো এজন চাহাবীয়ে ক'লে যে, নামাজ পঢ়িলে কিজানি শান্তি অনুভৱ কৰিলোঁহেঁতেন। তেওঁৰ ওচৰে পাঁজৰে থকা লোকসকলে বিষয়টোক বেয়া অনুভৱ কৰিলে। তেতিয়া তেওঁ ক'লেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ হে বিলাল! আজান দিয়া আৰু নামাজৰ ইক্বামত দিয়া, যাতে আমি শান্তি অনুভৱ কৰিব পাৰোঁ। কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, সেয়ে অন্তৰ আৰু ৰূহে আৰাম অনুভৱ কৰে।
আবু হাঝিম ইবনে দীনাৰৰ পৰা বৰ্ণিত, (এদিনাখন) কিছুমান লোক ছাহল ইবনে ছাআদ আচ-ছায়িদীৰ ওচৰলৈ আহিল আৰু মিম্বৰখন কি কাঠেৰে নিৰ্মিত আছিল সেই বিষয়ে তেওঁলোকৰ মনত প্ৰশ্ন জাগিছিল। তেওঁলোকে এই বিষয়ে তেওঁক প্ৰশ্ন কৰাত তেওঁ ক’লেঃ আল্লাহৰ শপত! সেইখন কিহেৰে নিৰ্মিত আছিল সেয়া মই ভালকৈয়ে জানো। ইয়াক যিদিনা প্ৰথম স্থাপন কৰা হৈছিল আৰু যিদিনা ইয়াৰ ওপৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথম বহিছিল সেয়াও মই দেখিছিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আনছাৰী এজনী মহিলাৰ ওচৰলৈ (বৰ্ণনাকাৰীয়ে কৈছে, ছাহলে উক্ত মহিলাজনীৰ নামো উল্লেখ কৰিছিল) এই নিৰ্দেশ দি পঠিয়াছিল যে, "তোমাৰ কাঠমিস্ত্ৰী দাসৰ জৰিয়তে মোৰ বাবে এনেকুৱা এখন আসন বনাই দিয়া, যাৰ ওপৰত বহি মই মানুহৰ লগত কথা পাতিব পাৰোঁ।" ইয়াৰ পিছত সেই মহিলাগৰাকীয়ে তাক আদেশ দিলে আৰু সি (মদীনাৰ পৰা ন মাইল দূৰত থকা) অৰণ্যৰ কাঠেৰে তৈয়াৰ কৰি আনিলে আৰু মহিলাগৰাকীয়ে সেইখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ পঠিয়াই দিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশত ইয়াতেই ইয়াক স্থাপন কৰা হৈছিল। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ইয়াৰ ওপৰত নামাজ পঢ়াও দেখিছোঁ, ইয়াৰ ওপৰত উঠি তেখেতে তাকবীৰ দিছিল আৰু ইয়াৰ ওপৰতে ৰূকু কৰিছিল, আৰু মিম্বৰৰ পৰা নামি আহি মিম্বৰৰ গুৰিত ছাজদাহ কৰিছিল। ইয়াৰ পিছত পুনৰ এনেকৈ কৰিছিল। নামাজ শেষ কৰি তেখেতে মানুহক সম্বোধন কৰি কৈছিলঃ "হে লোকসকল! মই এইটো কৰাৰ কাৰণ হৈছে যাতে তোমালোকে মোক অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যৱহাৰ কৰা তেখেতৰ মিম্বৰ সম্পৰ্কে সুধিবলৈ কেইজনমান লোক এজন চাহাবীৰ ওচৰলৈ গ'ল। দৰাচলতে তেওঁলোকৰ প্ৰশ্নটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰখন কিহেৰে নিৰ্মিত আছিল, তেওঁলোকে বিষয়টোকলৈ বিপাঙত পৰিছিল তথা বিতৰ্কত লিপ্ত হৈছিল, ইয়াৰ সমাধান প্ৰদান কৰি চাহাবীজনে ক'লে যে, আনচাৰী এজনী মহিলাৰ কাঠমিস্ত্ৰী এজন দাস আছিল, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই মহিলাজনীৰ ওচৰলৈ নিৰ্দেশ পঠিয়াই ক'লে যে, তুমি তোমাৰ দাসজনক কোৱা সি যেন মোৰ বাবে এখন মিম্বৰ নিৰ্মাণ কৰি দিয়ে, যাতে সেইখনৰ ওপৰত বহি মই মানুহক সম্বোধন কৰিব পাৰোঁ। মহিলাগৰাকীয়ে তেখেতৰ কথামতে দাসজনক ঝাউবন গছেৰে এখন মিম্বৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিলে। সেইখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ পঠিয়াই দিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইখনক মছজিদৰ যি ঠাইত ৰাখিবলৈ নিৰ্দেশ দিছিল সেই ঠাইতে ৰখা হৈছিল। ইয়াৰ পিছত তেখেতে সেইখনৰ ওপৰত নামাজ পঢ়ি দেখুৱাইছিল, সেইখনৰ ওপৰত তাকবীৰ দিছিল, ৰূকু কৰিছিল আৰু ছাজদাৰ বাবে পিছুৱাই নামি আহি মিম্বৰৰ গুৰিত ছাজদাহ কৰিছিল। নামাজ শেষ হোৱাৰ পিছত তেখেতে লোকসকলক সম্বোধন কৰি ক'লেঃ "হে লোকসকল! মই এইটো এইকাৰণে কৰিলোঁ যাতে তোমালোকে মোক পৰিপূৰ্ণৰূপে অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।"
হিত্তান বিন আব্দুল্লাহ আৰ-ৰাক্বাশ্বীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ আবু মুছা আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে নামাজ পঢ়িলোঁ। তেওঁ যেতিয়া তাশ্বাহহুদত বহিল, জামাআতত থকা কোনোবা এজনে ক'লে যে, নেকী আৰু জাকাতৰ সৈতে নামাজ ফৰজ কৰা হৈছে। বৰ্ণনাকাৰীয়ে কৈছেঃ আবু মুছাই নামাজ শেষ কৰি লোকসকলক উদ্দেশ্য কৰি সুধিলে, তোমালোকৰ মাজৰ কোনে এই কথা ক'লে? সকলোৱে নিৰৱ হৈ থাকিল, তেওঁ আকৌ সুধিলেঃ তোমালোকৰ মাজৰ কোনে এই কথা ক'লে? পুনৰ সকলোৱে নিৰৱ হৈ থাকিল। ইয়াৰ পিছত তেওঁ ক'লেঃ হে হিত্তান! সম্ভৱতঃ তুমিয়ে এই কথা কৈছা। হিত্তানে ক'লেঃ মই কোৱা নাই। কিন্তু তথাপিও মই ভয় কৰিছিলোঁ, আপুনি মোৰ ওপৰতে খং কৰিব নেকি। তেনেতে এজনে থিয় হৈ ক'লেঃ মই কৈছোঁ, মই ইয়াৰ দ্বাৰা কোনো বেয়া ভাৱ প্ৰকাশ কৰা নাছিলোঁ, কল্যাণহে কামনা কৰিছোঁ। তেতিয়া আবু মুছাই ক'লেঃ নামাজত কি ক'ব লাগে সেয়া তোমালোকে নাজানা নেকি? নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ সন্মুখত ভাষণ প্ৰদান কৰি নিয়মকানূনসমূহ স্পষ্টভাৱে শিকাইছিল তথা নামাজৰ শিক্ষা দিছিল। তেখেতে কৈছিলঃ যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা। আৰু যেতিয়া ইমামে {غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ} [الفاتحة: 7] ক'ব, তেতিয়া তোমালোকে আমীন ক'বা। আল্লাহে তোমালোকৰ আহ্বানত সঁহাৰি দিব। যেতিয়া ইমামে তাকবীৰ দি ৰূকু কৰিব, তেতিয়া তোমালোকেও তাকবীৰ দি ৰূকু কৰিবা। কাৰণ ইমামে তোমালোকৰ আগত ৰূকুত যাব আৰু তোমালোকৰ আগতে ৰূকুৰ পৰা উঠিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এইটো হৈছে সেইটোৰ বিনিময়ত, অৰ্থাৎ ইমামে আগত ৰূকুত গৈছে সেয়ে আগতে উঠিব। এইদৰে তেওঁ যেতিয়া ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ক'বাঃ আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ। আল্লাহে তোমালোকৰ কথা নিশ্চয় শুনিব। কিয়নো মহান আল্লাহে তেওঁৰ নবীৰ মুখেৰে কোৱাইছে যে, আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰ কৈ ছাজদাহ কৰিব তেতিয়া তোমালোকেও তাকবীৰ পাঠ কৰি ছাজদাহ কৰিবা। লগতে শুনা, ইমামে তোমালোকৰ আগত ছাজদাত যাব আৰু তোমালোকৰ আগতে ছাজদাৰ পৰা উঠিব। কাৰণ তেওঁ আগত গৈছে সেয়ে আগতে উঠিব। এইদৰে তাশ্বাহহুদত প্ৰথমে তোমালোকে এইটো পাঠ কৰিবাঃ আত্তাহিয়্যাতু আত-তায়্যিবাতু আচ্ছালাৱাতু লিল্লাহ, আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ। আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ চলিহীন। আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহ।
(মুছলিম)চাহাবী আবু মুছা আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৱে এবাৰ নামাজ পঢ়াই আছিল, তাশ্বাহহুদত উপস্থিত হোৱাৰ পিছত কোনোবা এজনে পিছফালৰ পৰা ক'লেঃ কোৰআনত নামাজক নেকী আৰু জাকাতৰ সৈতে উল্লেখ কৰা হৈছে। নামাজ শেষ কৰি আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে মুক্তাদীসকলৰ ফালে মুখ কৰি ক'লেঃ নামাজ পঢ়ি থকা অৱস্থাত তোমালোকৰ মাজৰ কোনে এই কথা ক'লে যে,কোৰআনত নামাজক নেকী আৰু জাকাতৰ সৈতে উল্লেখ কৰা হৈছে? সকলোৱে নিৰৱতা অৱলম্বন কৰিলে, কোনেও একো উত্তৰ নিদিলে। তেওঁ আকৌ সুধিলে, ইয়াৰ পিছতো কোনেও একো উত্তৰ নিদিলে। তেতিয়া আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সম্ভৱতঃ তুমি কৈছা, হে হিত্তান। কাৰণ হিত্তান সাহসী আছিল আৰু তেওঁৰ সৈতে সুসম্পৰ্ক আছিল, সেয়ে তেওঁক এইদৰে সুধিছিল, যাতে প্ৰকৃত ব্যক্তি ওলাই আহে। হিত্তানে বিষয়টোক অস্বীকাৰ কৰিলে। লগতে ক'লেঃ মই আশংকা কৰিছিলোঁ যে, মোকেই সন্দেহ কৰি আপুনি ককৰ্থনা কৰিব। ইতিমধ্যে এজন ব্যক্তি থিয় হৈ ক'লেঃ মই কৈছোঁ। ইয়াৰ দ্বাৰা কল্যাণৰ বাহিৰে মোৰ আৰু বেলেগ কোনো উদ্দেশ্য নাছিল। ইয়াৰ পিছত আবু মুছাই তেওঁক শিকোৱাৰ উদ্দেশ্যে ক'লেঃ তুমি নাজানা নেকি নামাজত কি কি ক'ব লাগে? এই প্ৰশ্নৰ দ্বাৰা আবু মুছাই তেওঁক এক প্ৰকাৰ নিন্দা কৰিছে। ইয়াৰ পিছত আবু মুছাই ক'লে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ভাষণ দিছিল, য'ত তেখেতে তেওঁলোকক চৰীয়তৰ কিছুমান বিষয় শিকাইছিল আৰু নামাজৰ বিষয়বোৰ শিকাইছিল, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা আৰু পোন হৈ থিয় হ'বা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰে তাহৰিমাহ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা। আৰু যেতিয়া ইমামে ছুৰা ফাতিহাৰ শেষত এই আয়াত পঢ়িব {غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ} [الفاتحة: 7] ক'ব, তেতিয়া তোমালোকে আমীন ক'বা। যদি তোমালোকে এইটো কৰা তেন্তে আল্লাহে তোমালোকৰ দুআ কবূল কৰিব। এইদৰে যেতিয়া ইমামে তাকবীৰ দি ৰূকু কৰিব, তেতিয়া তোমালোকেও তাকবীৰ দি ৰূকু কৰিবা। কাৰণ ইমামে তোমালোকৰ আগত ৰূকুত কৰিব আৰু তোমালোকৰ আগতে ৰূকুৰ পৰা উঠিব, গতিকে তোমালোকে ইমামৰ আগত একো নকৰিবা। যিহেতু ইমামে আগত ৰূকু কৰিছে সেয়ে তেওঁ আগতে উঠিব আৰু তোমালোকে ইমামৰ পিছত ৰূকুত যাবা আৰু তেওঁৰ পিছত ৰূকুৰ পৰা উঠিবা, যাতে ৰূকুৰ পৰিমাণ সমান হয়। এইদৰে ইমামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ক'বাঃ আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ। মুচল্লীসকলে যেতিয়া এইটো কয় তেতিয়া আল্লাহে তেওঁলোকৰ কথা নিশ্চয় শুনে। কিয়নো মহান আল্লাহে তেওঁৰ নবীৰ মুখেৰে কোৱাইছে যে, আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰ কৈ ছাজদাহ কৰিব তেতিয়া তোমালোকেও তাকবীৰ পাঠ কৰি ছাজদাহ কৰিবা। লগতে শুনা, ইমামে তোমালোকৰ আগত ছাজদাত যাব আৰু তোমালোকৰ আগতে ছাজদাৰ পৰা উঠিব। কাৰণ তেওঁ আগত গৈছে সেয়ে আগতে উঠিব, যাতে ছাজদাৰ সময় একে পৰিমাণৰ হয়। এইদৰে তাশ্বাহহুদত প্ৰথমে তোমালোকে এইটো পাঠ কৰিবাঃ "আত্তাহিয়্যাতু আত-তায়্যিবাতু আচ্ছালাৱাতু লিল্লাহ" ৰাজত্ব, মহত্ব, অমৰত্ব একমাত্ৰ আল্লাহৰেই অধিকাৰ। এইদৰে পাঁচ ওৱাক্ত নামাজ একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ। আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ চলিহীন।" সকলো প্ৰকাৰ দোষ-ত্ৰুটি, বিপদ আপদ, ফিতনা ফাছাদৰ পৰা নিৰাপত্তা বিচাৰোঁ, এই শান্তি আৰু নিৰাপত্তা প্ৰথমে নবীৰ বাবে বিচৰা হৈছে, তাৰ পিছত নিজৰ বাবে আৰু তাৰ পিছত সকলো নেক বান্দাৰ বাবে, যিসকলে আল্লাহৰ হক আদায় কৰে আৰু বান্দাসকলৰ হকুকো আদায় কৰে। ইয়াৰ পিছত আমি সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে তেওঁৰ বান্দা আৰু ৰাছুল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰমাজান মাহৰ চালাত বা আন কোনো মাহৰ চালাত ফৰজ হওক বা বেলেগ কোনো চালাত, প্ৰত্যেক চালাততে তেওঁ তাকবীৰ দিছিল। প্ৰথমে থিয় হোৱাৰ সময়ত তাকবীৰ দিছিল। ইয়াৰ পিছত ৰুকু কৰাৰ সময়ত তাকবীৰ দিছিল। (আকৌ ৰুকুৰ পৰা উঠোঁতে) ছামি আল্লাহু লিমান হামিদাহ কৈছিল। ইয়াৰ পিছত ৰুকুত যোৱাৰ আগতেই ৰাব্বানা অলাকাল হাম্দ পাঠ কৰিছিল। ইয়াৰ পিছত আল্লাহু আকবাৰ কৈ ছাজদাহ কৰিছিল। আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। পুনৰ ছাজদাহ কৰোঁতে আল্লাহু আকবাৰ কৈছিল, আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। দুই ৰাকাত শেষ কৰি বৈঠকৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠিবলৈও আল্লাহু আকবাৰ কৈছিল। এইদৰেই তেওঁ চালাত শেষ নোহোৱালৈকে প্ৰত্যেক ৰাকাততে তাকবীৰ দিছিল। চালাত শেষ কৰি তেওঁ কৈছিলঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতিৰ এটা অংশ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে, তেখেতে চালাতৰ বাবে থিয় হৈ প্ৰথমে তাকবীৰে তাহৰীমা দিছিল। ইয়াৰ পিছত ৰুকু কৰোঁতেও তাকবীৰ দিছিল, লগতে ছাজদাহ কৰোঁতে আৰু ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে দ্বিতীয় ছাজদাহ দিয়াৰ সময়ত আৰু দ্বিতীয় ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে তিনি বা চাৰি ৰাকাত বিশিষ্ট চালাতত প্ৰথম তাশ্বাহহুদৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠোঁতেও তাকবীৰ দিছিল। এইদৰেই তেখেতে প্ৰত্যেক ৰাকাততে তাকবীৰ দি চালাত সম্পন্ন কৰিছিল। তেখেতে ৰুকুৰ পৰা উঠোঁতে ছামি আল্লাহু লিমান হামিদাহ কৈছিল, লগতে থিয় হৈ থকা অৱস্থাতে কৈছিল, ৰাব্বানা লাকাল হাম্দ। চালাতৰ পদ্ধতি উপস্থাপন কৰি আবু হুৰাইৰাই কৈছেঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।"
(ইবনে হিব্বান)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে। কাৰণ কাৰোবাৰ সম্পদ চুৰি কৰিলে হয়তো পৃথিৱীত কিছু উপকৃত হ'ব পাৰিব কিন্তু নামাজ চুৰি কৰা ব্যক্তিয়ে ক'তো উপকৃত হ'ব নোৱাৰে। কাৰণ সি ছোৱাব আৰু প্ৰতিদানৰ পৰা নিজকে বঞ্চিতহে কৰে। চাহাবাসকলে হাদীছটো শুনাৰ পিছত প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ নামাজৰ ৰুকূ ছাজদাহ পৰিপূৰ্ণৰূপে নকৰাটোৱে হৈছে নামাজ চুৰি, যেনে- ৰুকূ ছাজদাত খৰধৰ কৰা, সম্পূৰ্ণৰূপে নকৰা।
ইবনে আবি আওফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ, আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" (অৰ্থঃ আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তোমাৰেই, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী পৰিপূৰ্ণ। ইয়াৰ বাহিৰেও তুমি যি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ।)
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠাৰ সময়ত কৈছিলঃ ছামি আল্লাহু লিমান হামিদাহ, অৰ্থাৎ যিয়ে আল্লাহৰ প্ৰশংসা কৰে আল্লাহে তাৰ কথাত সঁহাৰি দিয়ে, আৰু তাৰ সেই প্ৰশংসা কবূল কৰে লগতে ছোৱাব প্ৰদান কৰে। ইয়াৰ পিছত তেখেতে আল্লাহৰ প্ৰশংসা কৰি কৈছিলঃ "আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" এনেকুৱা প্ৰশংসা যি প্ৰশংসাই আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মধ্যৱৰ্তী ঠাইক পৰিপূৰ্ণ কৰে, ইয়াৰ বাহিৰেও আল্লাহে যিটোক পৰিপূৰ্ণ কৰিব বিচাৰে সেইটোকো পৰিপূৰ্ণ কৰে।