





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
খুৰাইম বিন ফাতিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। আনহাতে গুৰুত্বপূৰ্ণ আৱশ্যক বিষয় দুটা হৈছে, এনেকুৱা ব্যক্তি যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিছে সি জাহান্নামত প্ৰৱেশ কৰিব। আনহাতে কৰ্ম অনুপাতে ছোৱাব লাভ কৰাৰ বিষয়টো হৈছে, যেতিয়া কোনো ব্যক্তিয়ে নেক কাম কৰিবলৈ ইচ্ছা কৰে আনকি সংকল্প কৰে, তেতিয়া আল্লাহে বিষয়টো গমি চাই ইয়াৰ বিনিময়ত এটা ছোৱাব প্ৰদান কৰে, এইদৰে যিয়ে গুনাহ কৰে তাৰ আমলনামাতো এটা গুনাহ লিখা হয়, পক্ষান্তৰে যিয়ে কোনো এটা নেক আমল কৰে, তাৰ বিনিময়ত সেই ব্যক্তিক দহগুণ ছোৱাব প্ৰদান কৰা হয়। এইদৰে আল্লাহৰ পথত যিয়ে চাদাক্বাহ কৰে, সেই নেক আমলক সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়।আনহাতে পাৰ্থিৱ জীৱনত প্ৰশস্তময় জীৱন-যাপন কৰা ব্যক্তিয়ে আখিৰাতত সংকটময় জীৱন-যাপন কৰিব, পক্ষান্তৰে পাৰ্থিৱ জীৱনত সংকটময় জীৱন-যাপন কৰাজনে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব। এইদৰে আন কিছুমান লোক আছে যিসকলে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সংকটময় জীৱন পাৰ কৰিব আৰু কিছুমানে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে প্ৰশস্ত জীৱন লাভ কৰিব।
(আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমল হৈছে ছয় প্ৰকাৰ, আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ। এতেকে ছয় প্ৰকাৰৰ আমল যেনে- প্ৰথমঃ যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তাৰ ওপৰত জান্নাত অনিবাৰ্য। দ্বিতীয়ঃ যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, তাৰ ওপৰত চিৰস্থায়ীভাৱে জাহান্নাম অনিবাৰ্য। এই দুটা খুবেই গুৰুত্বপূৰ্ণ তথা অত্যাৱশ্যক। তৃতীয়ঃ নিয়তৰ ছোৱাব। যি ব্যক্তিয়ে সততাৰে কোনো নেক আমল কৰাৰ নিয়ত কৰিছে, আনকি অন্তৰত মনস্থ কৰিছে, যিটো নিয়ত সম্পৰ্কে আল্লাহ অৱগত, কিন্তু পিছত তেওঁ কোনো অসুবিধাৰ কাৰণে আমলটো কৰিব পৰা নাই, তথাপিও তাৰ আমলনামাত সেইটো নিয়তৰ কাৰণে পৰিপূৰ্ণ ছোৱাব লিখা হয়। চতুৰ্থঃ পাপকৰ্ম যিটো ইতিমধ্যে হৈ গৈছে। যিয়ে এটা পাপকৰ্ম কৰিছে, তাৰ আমলনামাত এটাই গুনাহ লিখা হয়। এই দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান। ইয়াৰ প্ৰতিদানৰ ক্ষেত্ৰত কোনো বৃদ্ধি কৰা নহয়। পঞ্চমঃ এনেকুৱা নেক আমল যিটোৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। অৰ্থাৎ যি ব্যক্তিয়ে নেক আমলৰ নিয়ত কৰিছে আৰু সেইটোক কৰ্মতো পৰিণত কৰিছে, তাৰ আমলনামাত দহটা ছোৱাব লিখা হয়। ষষ্ঠঃ এনেকুৱা নেক আমল, যিটোৰ প্ৰতিদান সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। উদাহৰণস্বৰূপে- যিয়ে আল্লাহৰ পথত এটা চাদাক্বাহ কৰিলে, ইয়াৰ বিনিময়ত তাৰ আমলনামাত সাতশগুণ পৰ্যন্ত ছোৱাব লিখা হয়। এইটো হৈছে বান্দাৰ ওপৰত আল্লাহৰ ৰহমত, দয়া আৰু কৰুণা। আনহাতে চাৰি প্ৰকাৰ মানুহ হৈছে যেনে- প্ৰথম প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱীত প্ৰশস্ত জীৱন লাভ কৰিছে, যাৰ জীৱিকাৰ কোনো অভাৱ নাই, সকলো প্ৰকাৰ সা-সুবিধা লাভ কৰিছে, যি বিচাৰে তাকেই পায়। কিন্তু আখিৰাতত সেই ব্যক্তিয়ে সংকটময় পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু জাহান্নামত প্ৰৱেশ কৰিব। সেইজন হৈছে ধনী কাফিৰ ব্যক্তি। দ্বিতীয় প্ৰকাৰঃ যি ব্যক্তিয়ে পৃথিৱীত জীৱিকাৰ ক্ষেত্ৰত সংকটময় জীৱন অতিবাহিত কৰিছে, সেই ব্যক্তিয়ে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব তথা তেওঁ জান্নাতত প্ৰৱেশ কৰিব। তেওঁ হৈছে দৰিদ্ৰ মুমিন ব্যক্তি। তৃতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে সংকটময় জীৱন অতিবাহিত কৰিব। সি হৈছে দৰিদ্ৰ কাফিৰ ব্যক্তি। চতুৰ্থ প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে প্ৰশস্ত জীৱন অতিবাহিত কৰিব। তেওঁ হৈছে ঐশ্বৰ্যশীল তথা ধনী মুমিন ব্যক্তি।
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।
(ইবনে হিব্বান)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে (বান্দাসকলক) চৰীয়তৰ বিধি-বিধানত অৱকাশ দি ভাল পায়। যেনে- বিভিন্ন ইবাদতৰ বিধি-বিধান লাঘৱ কৰা, এইদৰে উচিত কাৰণ থকা অৱস্থাত দায়বদ্ধ লোকৰ পৰা বিধান লাঘৱ কৰা যেনে- ভ্ৰমণ অৱস্থাত চালাত কচৰ কৰা তথা দুই নামাজ একেলগে পঢ়াৰ সুবিধা প্ৰদান কৰা। এইদৰে আল্লাহে বান্দাসকলক বাধ্যতামূলক তথা ওৱাজিব আমল প্ৰদান কৰিও ভাল পায়। কিয়নো আল্লাহে অৱকাশমূলক আৰু বাধ্যতামূলক দুয়ো ধৰণৰ আমলৰ নিৰ্দেশ দিছে।
আমৰ ইবনে আমিৰৰ পৰা বৰ্ণিত, আনাছ ইবনে মালিকে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল। মই ক'লোঃ আপোনালোকে কি কৰিছিল? তেওঁ কৈছেঃ আমি অজু ভংগ নোহোৱালৈকে অজু কৰা নাছিলোঁ।
(বুখাৰী)হাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ সময়তে অজু কৰিছিল, যদিও তেখেতৰ অজু ভংগ হোৱা নাছিল। এইটো তেখেতে ছোৱাব অৰ্জনৰ কাৰণে কৰিছিল। যদি অজু থাকে তেন্তে এটা অজুৰে একাধিক ফৰজ নামাজ পঢ়াত কোনো বাধা নাই।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ এবাৰ এবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক এবাৰ এবাৰকৈ ধুইছিল। এইটো হৈছে ওৱাজিব পৰিমাণ।
আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ দুবাৰ দুবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক দুবাৰ দুবাৰকৈ ধুইছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি কোনো মুচল্লীৰ পেটত কিবা অনুভৱ হোৱাৰ পিছত সি সন্দেহত পতিত হয় যে, কিবা ওলালেই নেকি? তেনেকুৱা ব্যক্তিয়ে কেৱলমাত্ৰ সন্দেহৰ বশৱৰ্তী হৈ নামাজ ভংগ কৰি পুনৰ অজু কৰাৰ প্ৰয়োজন নাই। কিন্তু হয়, যদি অজু ভংগ হৈছে বুলি সি নিশ্চিত হয় তেন্তে বিষয়টো সুকীয়া। অৰ্থাৎ যদি বায়ু ওলোৱাৰ শব্দ পায়, অথবা গোন্ধ পায়। কিয়নো সন্দেহৰ বশৱৰ্তী হৈ য়াক্বীনক নাকচ কৰিব নোৱাৰি। যিহেতু সি যে অজু কৰিছে এইটো নিশ্চিত, কিন্তু অজু ভংগ হৈছে নে নাই এইটোহে সন্দেহযুক্ত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰতিজন বুদ্ধিমান প্ৰাপ্তবয়স্ক মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন হ'লেও গোছল কৰা অনিবাৰ্য, যিদিনা তেওঁ পৱিত্ৰতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ উদ্দেশ্যে নিজৰ মূৰ আৰু গোটেই শৰীৰ ভালকৈ ধুই লব। এইটো জুমুআৰ দিন হ'লে বেছি উত্তম। অন্যান্য হাদীছৰ দ্বাৰা এইটোৱে বুজা যায়। আনহাতে জুমুআৰ দিনা নামাজৰ আগত গোছল কৰাটো হৈছে গুৰুত্বপূৰ্ণ মুস্তাহাব আমল। আনহাতে যদি কোনোবাই ওৱাজিব দায়িত্ব পালন কৰি বৃহস্পতিবাৰে গোছল কৰি লয়, সেই সন্দৰ্ভত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা এটা হাদীছ বৰ্ণিত হৈছে, তেওঁ কৈছে যে, "মানুহে নিজৰ কামখিনি নিজেই কৰিছিল, যেতিয়া তেওঁলোকে জুমুআৰ দিনা জুমুআৰ নামাজলৈ গৈছিল তেতিয়া তেওঁলোকে সেই অৱস্থাতে গৈছিল, তেতিয়া তেওঁলোকক কোৱা হৈছিলঃ যদি তোমালোকে গোছল কৰি ল'লাহেঁতেন।" অন্য এটা বৰ্ণনাত আছে যে, "তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ গোন্ধ ওলাইছিল।" কেৱল ঘামৰ কাৰণে যদি এইটো কোৱা হৈছিল তেন্তে অন্যান্য অৱস্থাৰ কাৰণেতো আৰু অধিক জৰুৰী।
ক্বায়েছ ইবনে আচিম ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
(আবু দাঊদ, তিৰমিজী, নাছায়ী)হাদীছটোত কোৱা হৈছে যে, কায়েছ ইবনু আচিম ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অহাত তেখেতে তেওঁক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে বগৰী পাত ব্যৱহাৰ কৰা হৈছিল আৰু এইকাৰণেও ব্যৱহাৰ কৰা হৈছিল যাতে সুগন্ধি আহে।
মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, উছমান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদ পুনৰ্ণিমান কৰিব বিচৰাত মানুহে বিষয়টোক অপছন্দ কৰিলে, আৰু তেওঁলোকে পছন্দ কৰিলে যে, মছজিদ আগৰ অৱস্থাতে থাকক। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে মছজিদ নিৰ্মাণ কৰে, আল্লাহে তাৰ বাবে জান্নাতত অনুৰূপ এখন ঘৰ নিৰ্মাণ কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদে নবৱীক আগতকৈ সুন্দৰ ৰূপত পুনৰ্নিমাণ কৰিবলৈ মনস্থ কৰিলে, কিন্তু বিষয়টোক মানুহে অপছন্দ কৰিলে। কাৰণ ইয়াৰ ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বনোৱা পূৰ্বৰ ধৰণটো পৰিবৰ্তন হ'ব। পূৰ্বে ইটাৰে নিৰ্মিত আছিল আৰু চাদ বনোৱা আছিল খেজুৰৰ ঠাৰীৰে। কিন্তু উছমান ৰাদ্বিয়াল্লাহু আনহুৱে শিল আৰু প্লাষ্টাৰেৰে নিৰ্মাণ কৰিব বিচাৰিছিল। এই প্ৰেক্ষাপটত উছমান ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ লোকক দেখুৱাবলৈ বা গৌৰৱাম্বিত নোহোৱাকৈ যিয়ে আল্লাহৰ সন্তুষ্টি কামনা কৰি মছজিদ নিৰ্মাণ কৰিব, ইয়াৰ বিনিময়ত আল্লাহে তাক সেই অনুপাতেই প্ৰতিদান প্ৰদান কৰিব, অৰ্থাৎ আল্লাহে তাৰ বাবে অনুৰূপ এখন ঘৰ জান্নাতত নিৰ্মাণ কৰিব।