





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।
(মুছলিম)আব্দুল্লাহ ইবনে জুদআনৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা কৈছে, ইছলামৰ পূৰ্বে তেওঁ কুৰাইশ্বৰ এজন নেতৃস্থানীয় ব্যক্তি আছিল। তেওঁ যিবোৰ নেক আমল কৰিছিল, তাৰে অন্যতম আছিল যে, তেওঁ আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিল, তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল, দুখীয়া-দৰিদ্ৰক খাদ্য খুৱাইছিল। যিবোৰ বিষয় সম্পৰ্কে ইছলামেও মানুহক উৎসাহিত কৰে। এইবোৰ নেক কৰ্ম কৰাৰ পিছতো আখিৰাতত তাৰ কোনো উপকাৰ নহ'ব, কাৰণ সি আল্লাহৰ সৈতে কুফৰী কৰিছিল। লগতে সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক, কিয়ামতৰ দিনা তুমি মোৰ গুনাহ তথা পাপসমূহ মাৰ্জনা কৰি দিবা।
ঝায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাতি বৰষুণ হোৱাৰ পাছত হুদাইবিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাকলৈ ফজৰৰ চালাত আদায় কৰিলে। তেখেতে চালাত শেষ কৰি লোকসকলৰ ফালে মুখ কৰি বহিলে আৰু ক'লেঃ তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।" এতেকে যিজন বান্দাই কৈছে যে, আল্লাহে তেওঁৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ দিছে, তেওঁ হৈছে মোৰ প্ৰতি বিশ্বাসী আৰু নক্ষত্ৰৰাজিৰ শক্তিক অস্বীকাৰকাৰী। আনহাতে যিয়ে কৈছে, অমুক অমুক নক্ষত্ৰৰ কাৰণে আজি বৰষুণ হৈছে, সেইজন হৈছে মোক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰাজিৰ প্ৰতি বিশ্বাসী।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত বৰ্ণিত হৈছে যে, হুদাইবিয়াত এদিনাখন ৰাতি বৰষুণ হোৱাৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ চালাত পঢ়াইছিল, হুদাইবিয়্যাহ হৈছে মক্কাৰ নিকটৱৰ্তী এটা অঞ্চল। তেখেতে চালাত শেষ কৰি ছালাম ফিৰাই লোকসকলৰ ফালে মুখ কৰিছিল, আৰু তেওঁলোকক সুধিছিল যে, তোমালোকে জানানে তোমালোকৰ সৰ্বশক্তিমান প্ৰতিপালকে কি কৈছে? তেওঁলোকে উত্তৰত কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। ইয়াৰ পিছত তেখেতে কৈছিলঃ আল্লাহে এই কথা স্পষ্ট কৰিছে যে, বৰষুণকলৈ মানুহ দুই ভাগত বিভক্ত। এক প্ৰকাৰ মানুহ আল্লাহৰ প্ৰতি বিশ্বাসী আৰু আন এক প্ৰকাৰৰ মানুহ আল্লাহৰ প্ৰতি অবিশ্বাসী। এতেকে যিসকলে কৈছে যে, আল্লাহৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ হৈছে, অৰ্থাৎ যিসকলে বৰষুণ অৱতীৰ্ণৰ বিষয়টোক আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে, তেওঁলোক হৈছে মুমিন তথা আল্লাহৰ প্ৰতি বিশ্বাসী, যিজনে বিশ্বজগতক সৃষ্টি কৰিছে তথা যিজনে ইয়াক নিয়ন্ত্ৰণ কৰে। লগতে তেওঁলোকে নক্ষত্ৰৰাজিৰ ক্ষমতাক অস্বীকাৰ কৰে। আনহাতে যিয়ে এইদৰে কৈছে যে, অমুক অমুক নক্ষত্ৰৰ কাৰণে বৰষুণ হৈছে, সি হৈছে দৰাচলতে আল্লাহক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰ প্ৰতি বিশ্বাসী। বৰষুণ হোৱা নোহোৱা বিষয়টোক নক্ষত্ৰৰ সৈতে সম্পৃক্ত কৰাটো হৈছে কুফৰে আচগৰ বা সৰু কুফৰ। আল্লাহে ইয়াক চৰীয়তি কোনো কাৰণ হিচাপেও বৰ্ণনা কৰা নাই আৰু প্ৰাকৃতিক কাৰণ হিচাপেও উল্লেখ কৰা নাই। আনহাতে যিয়ে বৰষুণ আৰু প্ৰাকৃতিক ঘটনা আদিক নক্ষত্ৰৰ উঠা নুঠাৰ সৈতে সম্পৃক্ত কৰে, এই বিশ্বাস কৰি যে, এইবোৰ নক্ষত্ৰৰ কাৰণেই এইবোৰ সংঘটিত হয়, সি দৰাচলতে কুফৰে আকবৰ বা ডাঙৰ কুফৰ কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ কিছুমান চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ (হে আল্লাহৰ ৰাছুল) আমাৰ মনত এনেকুৱা কিছুমান কথা উদ্ভৱ হয়, যিবোৰ কথা মুখেৰে উচ্চাৰণ কৰাটোক আমি মাৰাত্মক বুলি ভাবোঁ। তেখেতে ক'লেঃ "সঁচাই তোমালোকে এইটো অনুভৱ কৰানে?" তেওঁলোকে ক'লেঃ হয়। তেখেতে ক'লেঃ "সেইটোৱে হৈছে স্পষ্ট ঈমানৰ পৰিচয়।"
(মুছলিম)চাহাবাসকলৰ এটা সঁজাতি দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেওঁলোকৰ অন্তৰত উদ্ভৱ হোৱা গুৰুতৰ সংশয় সম্পৰ্কে সুধিলে, যিটো বিষয় মুখেৰে উচ্চাৰণ কৰাও গুৰুতৰ অপৰাধ, ইমান নিকৃষ্ট তথা বৰ্জনীয়। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অনুভৱ কৰিছা সেইটোৱে হৈছে স্পষ্ট ঈমান তথা প্ৰকৃত য়াকীন, যি য়াকীনে তোমালোকক তোমালোকৰ অন্তৰত উদ্ভৱ হোৱা চয়তানৰ অচঅছাৰ পৰা ৰক্ষা কৰে, আৰু এনেকুৱা কথা মুখেৰে উচ্চাৰণ কৰিবলৈও তোমালোকক বাধা দিয়ে, যিটোক তোমালোকে নিজে গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা। সেইকাৰণে চয়তানে তোমালোকৰ অন্তৰত ঠাই কৰিব পৰা নাই। আনহাতে যাৰ অন্তৰত চয়তানে ঠাই কৰিছে, সি এনেকুৱা কথা কোৱাৰ পৰা কোনো বাধা অনুভৱ নকৰে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কাৰোবাৰ মনত এনেকুৱা কথা উদ্ভৱ হয়, যিবোৰ কথা তেওঁ মুখেৰে প্ৰকাশ কৰাতকৈ নিজকে জুইত পুৰাই এঙাৰ হৈ যোৱাক উত্তম বুলি ভাবে। এই কথা শুনি তেখেতে ক'লেঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, সকলো ধৰণৰ প্ৰশংসা সেই মহান সত্ত্বাৰ বাবে, যিয়ে চয়তানৰ এনেকুৱা চক্ৰান্ত তথা কুমন্ত্ৰণাক কল্পনাতেই সীমাবদ্ধ কৰি ৰাখিছে।
(আবু দাঊদ, নাছায়ী ফিল কুবৰা)এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কাৰোবাৰ মনত এনেকুৱা কিছুমান বিষয় উদ্ভৱ হয়, যিবোৰ বৰ মাৰাত্মক, এনেকুৱা কথা মুখেৰে প্ৰকাশ কৰাতকৈ জ্বলি পুৰি ছাই হৈ যোৱাই উত্তম। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুবাৰকৈ তাকবীৰ পাঠ কৰিলে আৰু আল্লাহৰ প্ৰশংসা কৰিলে যে, আল্লাহে চয়তানৰ এই চক্ৰান্তক কল্পনাৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুমিনৰ অন্তৰত চয়তানে দিয়া কুমন্ত্ৰণাৰ উপকাৰী চিকিৎসা হৈছে জ্ঞানীসকলৰ ওচৰত সোধ-পোচ কৰা। চয়তানে কুমন্ত্ৰণা দি কয়ঃ এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? আকাশ কোনে সৃষ্টি কৰিছে? পৃথিৱী কোনে সৃষ্টি কৰিছে? দ্বীন, ফিতৰত আৰু বিবেক অনুসৰি এজন মুমিন ব্যক্তিয়ে ইয়াৰ উত্তৰ দিয়ে যে, এইবোৰক আল্লাহে সৃষ্টি কৰিছে। কিন্তু চয়তানে এইখিনিতে পিছ নেৰে, বৰং আৰু এখোঁজ আগুৱাই গৈ কয়ঃ তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? মুমিন ব্যক্তিয়ে এনেকুৱা কুমন্ত্ৰণাক তিনিটা উপায়েৰে মুকাবিলা কৰে। আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰি। ইয়াৰ পিছত চয়তানৰ কুমন্ত্ৰণাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি। লগতে এনেকুৱা কুমন্ত্ৰণা মনত অহাৰ লগে লগে সেইটোক তৎক্ষণাত বন্ধ কৰি দিয়াৰ মাধ্যমেৰে।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: আল্লাহে মুমিন বান্দাসকলৰ প্ৰতি এটা ছোৱাবকলৈও অন্যায় নকৰিব। বৰং তেওঁ ইয়াৰ বিনিময় পৃথিৱীতো দান কৰিব আৰু আখিৰাততো প্ৰদান কৰিব। আনহাতে কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যি সৎকৰ্ম কৰে তাৰ প্ৰতিদান স্বৰূপে আল্লাহে তাক জীৱিকা প্ৰদান কৰে। ফলত আখিৰাতত তাক প্ৰতিদান দিব পৰা তাৰ ওচৰত কোনো সৎকৰ্মই অৱশিষ্ট নাথাকে।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিন বান্দাসকলৰ ওপৰত থকা আল্লাহৰ মহান কৃপা সম্পৰ্কে আৰু কাফিৰসকলৰ প্ৰতি থকা ন্যায় পৰায়ণতা সম্পৰ্কে উল্লেখ কৰিছে। এতেকে মুমিন বান্দাৰ কোনো ছোৱাবকেই তেওঁ হ্ৰাস নকৰে, বৰং পাৰ্থিৱ জীৱনত আল্লাহৰ আনুগত্য কৰাৰ বাবে আল্লাহে তেওঁক সা-সুবিধা দান কৰে, লগতে আখিৰাতৰ বাবেও উত্তম প্ৰতিদান জমা কৰি থয়। আকৌ কেতিয়াবা সম্পূৰ্ণ প্ৰতিদান আখিৰাতৰ বাবে জমা কৰি ৰাখে। আনহাতে কাফিৰ ব্যক্তিয়ে পৃথিৱীত যিবোৰ সৎকৰ্ম কৰে, সেইবোৰৰ বিনিময় হিচাপে আল্লাহে তাক পাৰ্থিৱ জীৱনৰ সা-সুবিধাৰ দ্বাৰাই প্ৰতিদান দিয়ে। অৱশেষত যেতিয়া সি আখিৰাতত গৈ উপনীত হ'ব, তেতিয়া তাৰ ওচৰত প্ৰতিদান পাব পৰা কোনো সৎকৰ্মই অৱশিষ্ট নাথাকিব। কাৰণ নেক আমলৰ দ্বাৰা উভয় ঠাইতে উপকৃত হ'বলৈ হ'লে ব্যক্তিজন মুমিন হোৱাটো বাধ্যতামূলক।
হাকিম বিন হিঝাম -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে (ছোৱাবৰ নিয়তেৰে) চাদাক্বাহ কৰিছিলোঁ, দাস মুক্ত কৰিছিলোঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিলোঁ, গতিকে সেইবোৰৰ বাবে মই ছোৱাব পামনে? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তুমি সেইবোৰ ভাল কাম কৰাৰ কাৰণেই ইছলাম গ্ৰহণ কৰিব পাৰিছা। (তুমি সেইবোৰ কামৰ ছোৱাব নিশ্চয় পাবা।)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা স্পষ্ট কৰিছে যে, যেতিয়া কোনো কাফিৰ ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰে, সেই ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে যিবোৰ নেক আমল কৰিছিল যেনে- চাদাক্বাহ-খয়ৰাত, দাস মুক্ত কৰা, আত্মীয়তাৰ বন্ধন ৰক্ষা কৰা আদি নেক আমলৰো ছোৱাব লাভ কৰে।
আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকৰ উদাহৰণ হৈছে সেইজনী ছাগলীৰ দৰে, যিজনী ছাগলীয়ে দুটা জাকৰ মাজত উদ্ভ্ৰান্তভাৱে ঘূৰি থাকে, এবাৰ ইফালে যায়, এবাৰ সিফালে যায়।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ অৱস্থা বৰ্ণনা কৰি কৈছে যে, মুনাফিক ব্যক্তি হৈছে সেই উদ্ভ্ৰান্ত ছাগলীৰ দৰে, যি ছাগলীয়ে নাজানে যে কোনটো জাকৰ সৈতে যোৱা উচিত। যিজনী ছাগলী কেতিয়াবা ইটো জাকত সোমায়, আকৌ কেতিয়াবা সিটো জাকত সোমায়। সিহঁত ঈমান আৰু কুফৰৰ মাজত উদ্ভ্ৰান্ত হৈ থাকে। সেয়ে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে সিহঁত মুমিনসকলৰ লগতো নহয় আৰু কাফিৰসকলৰ লগতো নহয়। বৰং প্ৰকাশ্যভাৱে মুমিনসকলৰ সৈতে থাকে আৰু আভ্যন্তৰীণভাৱে সন্দেহ তথা সংশয়ত পতিত হৈ থাকে। সেয়ে কেতিয়াবা ইপিনে ঢাপলি মেলে আকৌ কেতিয়াবা সিপিনে ঢাপলি মেলে।
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।
(হাকিম, তাবৰাণী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমৰ অন্তৰত থকা ঈমানো পুৰণি হয় তথা দুৰ্বল হয়, যিদৰে এটা নতুন কাপোৰ দীৰ্ঘ দিন ব্যৱহাৰ কৰিলে দুৰ্বল হৈ পৰে। ইয়াৰ অন্যতম কাৰণ হৈছে ইবাদতত অৱহেলা কৰা, পাপকৰ্মত লিপ্ত হোৱা আৰু প্ৰবৃত্তিৰ চাহিদাৰ ফালে মোহিত হৈ থকা। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিশ-নিৰ্দেশনা দি কৈছে, আমি যেন আমাৰ ঈমান নবীকৰণ কৰিবলৈ আল্লাহৰ ওচৰত দুআ কৰোঁ, ফৰজ বিধানবোৰ পালন কৰোঁ, লগতে বেছি বেছি জিকৰ-আজকাৰ আৰু ইস্তিগফাৰ পাঠ কৰোঁ।