





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ। মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।' ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।" আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।' ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?' তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
(মুছলিম)হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ চাহাবাসকলৰ সৈতে বহি আছিল। তেওঁলোকৰ মাজত আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। এই বৈঠকৰ সময়ছোৱাতে তেখেত উঠি গুচি গ'ল, আৰু উভতি নাহিল। এই দেখি চাহাবাসকলে ভীত-সন্ত্ৰস্ত হৈ পৰিল, তেওঁলোকে আশংকা কৰিলে যে, শত্ৰু পক্ষই কিবা অনিষ্ট সাধন কৰিলে নেকি, নাইবা তেখেতক কোনোবাই বন্দী কৰিলে নেকি, অথবা তেখেতৰ বেলেগ কোনো বিপদ হ'ল নেকি! চাহাবাসকলে ভীত-সন্ত্ৰস্ত হৈ ইফালে সিফালে সন্ধান কৰিবলৈ ধৰিলে। সৰ্বপ্ৰথম আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে আশংকা কৰিছিল আৰু তেওঁ তেখেতক বিচাৰি গৈছিল, অৱশেষত তেওঁ বিচাৰি বিচাৰি আহি বনু নাজ্জাৰৰ এখন বাগানত আহি পালে। তেওঁ বাগানখনৰ চাৰিওফালে ঘূৰি চালে, সোমাব পৰা কোনো দুৱাৰ খোলা আছে নে নাই, কিন্তু তেওঁ প্ৰৱেশ কৰিব পৰা কোনো দুৱাৰ খোলা নাপালে। অৱশেষত তেওঁ এটা নলা বিচাৰি পালে, যিটো নলাৰে বাগানখনত পানী প্ৰৱেশ কৰে। তেওঁ নিজৰ শৰীৰক সংকুচিত কৰি সেই নলাৰে সোমাই পৰিল আৰু বাগানখনত প্ৰৱেশ কৰিলে। তাতেই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক লগ পালে। তেখেতে ক'লেঃ আবু হুৰাইৰাহ তুমি ইয়াত? তেওঁ ক'লেঃ হয়। তেখেতে ক'লেঃ কি হৈছে তোমাৰ? আবু হুৰাইৰাই ক'লেঃ আপুনি আমাৰ মাজত আছিল, হঠাৎ আপুনি গুচি আহিল আৰু উভতি নগ'ল। সেয়ে আমি আশংকা কৰিলোঁ যে, আপুনি কিবা অসুবিধাত পৰিল নেকি। ফলত আমি আতংকিত হৈ পৰিছিলোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে আছিলোঁ প্ৰথম। সেয়ে আপোনাক বিচাৰি বিচাৰি এই বাগানত আহি পৰিছোঁ। ইয়াত সোমাবলৈ কোনো উপায় নোপোৱাত শিয়ালৰ দৰে এটা গাঁতেৰে প্ৰৱেশ কৰিছোঁ। বাকী লোকসকলেও মোৰ পিছে পিছে আপোনাক বিচাৰি আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তেখেতৰ জোতা যোৰ প্ৰমাণ হিচাপে তথা প্ৰতীক হিচাপে প্ৰদান কৰিলে আৰু ক'লে যে, তুমি মোৰ এই জোতাযোৰ লগত লৈ যোৱা, আৰু এই দেৱালৰ পিছফালে তুমি যাকেই লগ পাবা তেওঁ যদি সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিবা। এইটো হৈছে জান্নাতীসকলৰ বৈশিষ্ট্য। তেওঁ প্ৰথমে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক লগ পালে। তেওঁ ক'লেঃ হে আবু হুৰাইৰাহ! তোমাৰ হাতত এই জোতাযোৰ কিয়? তেওঁ ক'লেঃ এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই সংবাদ দি পঠিয়াইছে যে, মই যাক সাক্ষাৎ কৰিম তেওঁ যদি সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে মই যেন তেওঁক জান্নাতৰ সুসংবাদ দিওঁ। এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ বুকুত গঁতা মাৰিলে, ফলত তেওঁ পিছফালে পৰি গ'ল। লগতে ক'লেঃ হে আবু হুৰাইৰাহ! উভতি যোৱা। তেতিয়া মই ভয়তে কান্দিব ধৰা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ উভতি আহিলোঁ। মোৰ পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! তোমাৰ কি হৈছে? মই ক'লোঁঃ মই ওমৰক লগ পালোঁ। আপুনি মোক যিটো বাৰ্তা দি প্ৰেৰণ কৰিছিল মই তেওঁক সেইটো জনোৱাত তেওঁ মোক ইমান জোৰেৰে আঘাত কৰিছে যে, মই পিছফালে বাগৰি পৰি গৈছিলোঁ। লগতে তেওঁ মোক কৈছে, উভতি যোৱা। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে ওমৰ! আপুনি কিয় এই কাম কৰিলে? ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ ওপৰত কুৰবান যাওক। আপুনি সঁচাই আবু হুৰাইৰাক আপোনাৰ জোতাযোৰ দি পঠিয়াইছিলনে, লগতে এই কথা কৈছিলনে যে, তেওঁ যাক লগ পাব, তেওঁ যদি সৰ্বান্তকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সেই ব্যক্তিক আপুনি জান্নাতৰ সুসংবাদ দিবলৈ কৈছিলনে? তেখেতে ক'লেঃ হয়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আপুনি এনেকুৱা নকৰিব। কাৰণ এনেকুৱা কৰিলে মানুহে হয়তো এই কথাৰ ওপৰতে ভৰসা কৰি আমল নকৰাকৈ বহি থাকিব। গতিকে সিহঁতক আমল কৰিবলৈ দিয়ক। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ঠিক আছে বাৰু, তেনেহ'লে সিহঁতক এৰি দিয়া।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, প্ৰকৃত মুছলিম হৈছে সেইজন, যিয়ে কাকো গালি নাপাৰে, অভিশাপ নকৰে আৰু কাৰো সমালোচনা নকৰে, আনকি জিভাৰ দ্বাৰা কাকো কোনো ধৰণৰ কষ্ট নিদিয়ে। এইদৰে হাতৰ দ্বাৰাও কাৰো প্ৰতি অন্যায়-অত্যাচাৰ নকৰে, তথা বিনা কাৰণত কাৰো সম্পদ অন্যায়ভাৱে নলয়, বা এনেকুৱা ধৰণৰ কোনো কাম নকৰে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহে হাৰাম কৰা বস্তুৰ পৰা বা কৰ্মৰ পৰা বিৰত থাকে।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।"
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মুআজ্জিনে আজান দি শেষ কৰাৰ পিছত যিয়ে এই দুআটো পাঠ কৰিব, যাৰ অৰ্থ হৈছেঃ হে আল্লাহ! এই পূৰ্ণাংগ (তাওহীদ আৰু ৰিছালতৰ) আহ্বান (অৰ্থাৎ আজান যিটোৰ দ্বাৰা মানুহক নামাজৰ পিনে আহ্বান কৰা হয়) আৰু প্ৰতিষ্ঠিত চালাতৰ প্ৰতিপালক। মুহাম্মদক অছীলাহ (জান্নাতৰ এটা সুউচ্চ স্থান, যিটো তেখেতৰ বাহিৰে আন কাকো দিয়া নহ'ব) আৰু ফজীলাহ (সকলো সৃষ্টিতকৈ অতিৰিক্ত মৰ্যাদা) প্ৰদান কৰা। লগতে তেখেতক মাকামে মাহমূদত (প্ৰশংসিত স্থানত) উপনীত কৰা, যাৰ প্ৰতিশ্ৰুতি তুমি তেখেতক দিছা (অৰ্থাৎ কিয়ামতৰ দিনা মহা শ্বাফাআতৰ অধিকাৰ)। কাৰণ মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।" যিয়ে এই দুআ পাঠ কৰিব, কিয়ামতৰ দিনা তাৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শ্বাফাআত ওৱাজিব হৈ পৰিব, তথা সেই ব্যক্তি শ্বাফাআতৰ উপযুক্ত হ'ব।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ চাহাবাসকলক গালি নিদিবা। তোমালোকৰ মাজৰ যদি কোনোবাই উহুদ পৰ্বতৰ সমান সোণ দান কৰে, তথাপিও তেওঁলোকে দান কৰা এক মুদ অথবা আধা মুদৰো সমান হ'ব নোৱাৰে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ প্ৰতি বেয়া ভাষা প্ৰয়োগ কৰিবলৈ নিষেধ কৰিছে। বিশেষকৈ প্ৰথম সময়ছোৱাত ঈমান পোষণ কৰা মুহাজিৰীন আৰু আনচাৰীসকলক। তেখেতে কৈছে, মানুহে যদি উহুদ পৰ্বতৰ সমান সোণ ব্যয় কৰে তথাপিও সেই চাহাবাসকলে দান কৰা এক মুদ অথবা অৰ্দ্ধেক মুদ খাদ্য বস্তুৰ ছোৱাবৰ সমানো নহ'ব। মুদ হৈছে এজন সাধাৰণ মানুহৰ দুয়ো হাত একত্ৰিত কৰা আয়তনৰ সমান। এই পাৰ্থক্যৰ কাৰণ হৈছে, তেওঁলোক অত্যন্ত ইখলাচৰ অধিকাৰী আছিল, নিয়্যতত সততা আছিল, তেওঁলোকে দান আৰু যুদ্ধৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিছিল, মক্কা বিজয়ৰ পূৰ্বে তেওঁলোকে এনেকুৱা অৱস্থাত দান কৰিছিল, যেতিয়া বয়-বস্তু তেওঁলোকৰে বেছি প্ৰয়োজন আছিল।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বদৰ আৰু হুদাইবিয়্যাত অংশগ্ৰহণ কৰা কোনো ব্যক্তিয়েই কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।"
رواه أحمد وأصله في صحيح مسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দ্বিতীয় হিজৰীত সংঘটিত হোৱা বদৰৰ যুদ্ধত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যিসকল চাহাবাই অংশ গ্ৰহণ কৰিছিল আৰু হুদাইবিয়াৰ সন্ধিত যিসকলে উপস্থিত আছিল, লগতে বাইআতে ৰিজৱানত উপস্থিত আছিল, যিটো ষষ্ঠ হিজৰীত সংঘটিত হৈছিল, সেই চাহাবাসকলৰ কোনেও জাহান্নামত প্ৰৱেশ নকৰিব।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা সম্পৰ্কে কৈছেঃ এওঁলোক দুজন নবী আৰু ৰাছুলসকলৰ বাহিৰে প্ৰথমৰ পৰা শেষলৈ সকলো জান্নাতী বয়সস্থ লোকসকলৰ চৰ্দাৰ হ'ব।"
(তিৰমিজী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো জনাইছে যে, আবু বকৰ চিদ্দীক আৰু ওমৰ আল-ফাৰূক ৰাদ্বিয়াল্লাহু আনহুমা হৈছে নবীসকলৰ পিছত আটাইতকৈ উত্তম ব্যক্তি। নবী আৰু ৰাছুলসকলৰ পিছত জান্নাতীসকলৰ মাজতো তেওঁলোক দুজন উত্তম।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হাছান আৰু হুছেইন হৈছে জান্নাতৰ যুৱকসকলৰ চৰ্দাৰ।"
(তিৰমিজী, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ দুয়ো নাতি অৰ্থাৎ আলী ইবনে আবি তালিব আৰু ফাতিমা বিন্তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুত্ৰ সম্পৰ্কে হাদীছটোত কৈছে যে, যুৱক অৱস্থাত মৃত্যুবৰণ কৰা প্ৰতিজন জান্নাতী লোকৰ তেওঁলোক দুজন হ'ব চৰ্দাৰ। নাইবা নবীসকল আৰু খুলাফায়ে ৰাশ্বিদীনৰ বাহিৰে সকলো জান্নাতী যুৱকৰে তেওঁলোক চৰ্দাৰ হ'ব।
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ কোনোবাই যেতিয়া মৃত্যুবৰণ কৰে, পুৱা-গধূলি তাৰ অৱস্থান ক'ত হ'ব সেয়া তাৰ সন্মুখত উপস্থাপন কৰা হয়। যদি তেওঁ জান্নাতী হয় তেন্তে জান্নাতৰ অৱস্থান, আৰু যদি সি জাহান্নামী হয় তেন্তে জাহান্নামৰ অৱস্থান তাৰ সন্মুখত উপস্থাপন কৰা হয়। কিয়ামত সংঘটিত নোহোৱালৈকে তাক এইদৰে কোৱা হ'ব যে, এইটো হৈছে তোমাৰ অৱস্থান কৰিবলগীয়া ঠাই'।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়া কোনো ব্যক্তিয়ে মৃত্যুবৰণ কৰে, তেতিয়া তাৰ সন্মুখত জান্নাত অথবা জাহান্নামত তাৰ হ'বলগীয়া বিশেষ স্থানটো পুৱা-গধূলি উপস্থাপন কৰা হয়। যদি জান্নাতী হয় তেন্তে জান্নাতৰ ঠাই দেখুৱা হয়, আনহাতে যদি জাহান্নামী হয় তেন্তে জাহান্নামৰ স্থান দেখুৱা হয়। লগতে তাক কোৱা হয়ঃ কিয়ামতৰ দিনা এই স্থানতে তোমাক প্ৰেৰণ কৰা হ'ব। মুমিনৰ বাবে এইটো হৈছে এটা নিয়ামত আৰু কাফিৰৰ বাবে এইটো হৈছে এটা শাস্তি।
তামীম আত-দাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(মহান আল্লাহে) এই দ্বীনক প্ৰত্যেক সেই স্থানলৈ পৌঁচাই দিব, য'ত য'ত দিন আৰু ৰাতি হয়। মহান আল্লাহে কেচা পকা সকলো ঘৰতে এই দ্বীন প্ৰৱেশ কৰাব। গতিকে এই দ্বীনৰ দ্বাৰা সন্মানী ব্যক্তিক সন্মানিত কৰিব আৰু অসন্মানী ব্যক্তিক অপদস্থ কৰিব। যিয়ে ইছলাম গ্ৰহণ কৰিব, আল্লাহে তাক মৰ্যাদা প্ৰদান কৰিব, আৰু যিয়ে অস্বীকাৰ কৰিব তথা কুফৰী কৰিব, আল্লাহে তাক অপমানিত কৰিব।" তামীম আত-দাৰীয়ে কৈছেঃ এইটো মই মোৰ নিজৰ পৰিয়ালৰ মাজতে দেখিবলৈ পাইছোঁ। যিয়ে ইছলাম গ্ৰহণ কৰিছে, তেওঁ কল্যাণ, মান-সন্মান তথা মৰ্যাদা লাভ কৰিছে, আৰু যিসকলে কুফৰী কৰিছে, সিহঁত হীন অৱস্থাত অপমানিত হৈ কৰ আদায় দিবলগীয়া হৈছে।
(আহমদ)হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, এই দ্বীন পৃথিৱীৰ চুকে কোনে প্ৰসাৰিত হ'ব। দিন আৰু ৰাতিৰ আৱৰ্তন ঘটা প্ৰতিটো ঠাইতে এই দ্বীন প্ৰৱেশ কৰিব। গাওঁ, চহৰ, উপত্যকা, মৰুভূমি আদিত নিৰ্মিত প্ৰতিটো ঘৰতে আল্লাহে এই দ্বীন প্ৰৱেশ কৰাব। যিয়ে এই দ্বীন গ্ৰহণ কৰিব তথা ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব, তেওঁ ইছলামৰ দ্বাৰা সন্মানিত হ'ব। আনহাতে যিয়ে অস্বীকাৰ কৰিব তথা কুফৰী কৰিব, সি অপমানিত হ'ব তথা অপদস্থ হ'ব। ইয়াৰ পিছত চাহাবী তামীম আত-দাৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই হাদীছৰ প্ৰমাণ স্বয়ং তেওঁৰ পৰিয়ালতে পাইছে। তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনিছিল, তেওঁলোকে কল্যাণ আৰু মান-মৰ্যাদা লাভ কৰিছিল। আনহাতে যিসকলে কুফৰী কৰিছিল সিহঁতে লাঞ্ছিত, অপমানিত হৈ মুছলিমসকলক কৰ প্ৰদান কৰিবলগীয়া হৈছিল।