





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছে: মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।
(আবু দাঊদ,ইবনে মাজাহ, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটামান বিষয় উল্লেখ কৰিছে যিবোৰ হৈছে শ্বিৰ্ক। যেনে- প্ৰথমঃ (আৰবী শব্দ) আৰ-ৰুকা। এইটো হৈছে এনেকুৱা কিছুমান শ্বিৰ্কিয়্যা বাক্য, যিবোৰ বাক্যৰ দ্বাৰা অজ্ঞতাযুগৰ লোকসকলে মানুহক জৰাফুঁকা কৰি চিকিৎসা কৰিছিল। দ্বিতীয়ঃ তাৱিজ-কবচ আদি। এইবোৰ হৈছে কুঃদৃষ্টি আদিৰ পৰা ৰক্ষা পাবলৈ শিশু আৰু জীৱ-জন্তুৰ শৰীৰত ওলোমাই দিয়া বস্তু। তৃতীয়ঃ তিৱালাহ। এইটো হৈছে এনেকুৱা শ্বিৰ্কিয়্যাহ কবিৰাজি যিটোৰ দ্বাৰা পতি-পত্নীৰ যিকোনো এজনক প্ৰেমত আকৰ্ষিত কৰিবলৈ অৱলম্বন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্কিয়্যা কৰ্ম। কাৰণ এইবোৰক উপায় হিচাপে অৱলম্বন কৰা হয় কিন্তু প্ৰকৃততে এইবোৰ চৰীয়তৰ দলীলেৰে প্ৰমাণিত নহয়, আনকি প্ৰাকৃতিক কোনো অভিজ্ঞতাৰ দ্বাৰাও প্ৰমাণিত নহয়। আনহাতে চৰীয়তে নিৰ্ধাৰণ কৰা উপায় হৈছে, কোৰআন তিলাৱত কৰা, অথবা বাহ্যিক কোনো ঔষণ গ্ৰহণ কৰা, যিবোৰৰ কাৰ্যকাৰিতা প্ৰমাণিত। কিন্তু সেইবোৰকো কেৱল মাধ্যম হিচাপেহে বিশ্বাস কৰি ব্যৱহাৰ কৰা বৈধ। কাৰণ উপকাৰ আৰু অপকাৰৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে মৃত লোকসকলক গালি নাপাৰিবা; কাৰণ সিহঁতে নিজৰ কৰ্মফলৰ ওচৰলৈ গৈ উপনীত হৈছে।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত স্পষ্ট কৰিছে যে, মৃত লোকসকলক গালি দিয়া আৰু তেওঁলোকৰ সন্মানহানী কৰা হাৰাম। এনেকুৱা কৰ্ম হৈছে বেয়া চৰিত্ৰৰ পৰিচয়। কাৰণ তেওঁলোকে সেই ঠাইত গৈ উপনীত হৈছে, যি স্থানলৈ তেওঁলোকে ইতিপূৰ্বে নিজৰ ভাল-বেয়া আমল প্ৰেৰণ কৰিছিল। আনহাতে এইবোৰ গালি-শপনি সিহঁতৰ ওচৰলৈ গৈ নাপায়; বৰং এইবোৰৰ দ্বাৰা কেৱল জীৱিত মানুহকহে কষ্ট দিয়া হয়।
জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেওঁ আল্লাহৰ জিম্মাত থাকে। এতেকে (এনেকুৱা কাম কৰা যাতে) আল্লাহে তেওঁৰ জিম্মাত থকা অৱস্থাত কোনো বিষয় সম্পৰ্কে তোমাৰ বিপক্ষে বাদী নহয়। কাৰণ তেওঁ যাৰ বিপক্ষে নিজৰ দায়িত্বৰ কোনো বিষয়ে বাদী হয়, তাক (নিশ্চিতভাৱে) কৰায়ত্ত কৰিব। ইয়াৰ পিছত তাক নাক চোঁচৰাই জাহান্নামত নিক্ষেপ কৰিব।”
(মুছলিম)নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে তেওঁ আল্লাহৰ হিফাজতত থাকে, তেওঁৰ জিম্মাত তথা তেওঁৰ সংৰক্ষণত থাকে। আল্লাহে তাক বিপদাপদৰ পৰা ৰক্ষা কৰে আৰু তাক সহায় কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সাৱধান কৰিছে যে, ফজৰৰ চালাত ত্যাগ কৰি অথবা মুছল্লিৰ প্রতি সীমালংঘন কৰি নাইবা তাক লাঞ্ছিত কৰি যি ব্যক্তিয়ে আল্লাহৰ সৈতে কৰা প্ৰতিশ্ৰুতি ভংগ কৰে, সি দৰাচলতে নিৰাপত্তাৰ দেৱাল ভাঙি পেলায় আৰু সি কঠিন শাস্তিৰ যোগ্য হৈ পৰে। কাৰণ সি খৰ্ব কৰা অধিকাৰ সম্পৰ্কে আল্লাহে তাক সোধ-পোচ কৰিব। জানি থোৱা! আল্লাহে যাৰ বিপক্ষে বাদী হ'ব, তাক তেওঁ নিশ্চিতভাৱে জাহান্নামত নিক্ষেপ কৰিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু যি ব্যক্তিয়ে ক্ষমা কৰে, আল্লাহে তাৰ সন্মান বৃদ্ধি কৰি দিয়ে। এইদৰে যি ব্যক্তিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদালৈ উন্নীত কৰিব।
(মুছলিম)নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, চাদাক্বাৰ ফলত কেতিয়াও সম্পদ হ্ৰাস নহয়; বৰং ইয়াৰ দ্বাৰা বিপদ-আপদ দূৰ হয়। লগতে আল্লাহে ইয়াৰ মাধ্যমত ব্যক্তিক অপৰিসীম কল্যাণ দান কৰে। ফলত তাৰ সম্পদ বৃদ্ধিহে হয়, হ্ৰাস নহয়। প্রতিশোধ লোৱাৰ সামৰ্থ থকা সত্ত্বেও অথবা ব্যক্তিক জবাবদিহি কৰাৰ ক্ষমতা থকা সত্ত্বেও যি ব্যক্তিয়ে কাৰোবাক ক্ষমা কৰি দিয়ে, আল্লাহে তাৰ শক্তি আৰু মৰ্যাদা বৃদ্ধি কৰি দিয়ে। আৰু কাৰোবাক ভয় নকৰাকৈ অথবা কাৰোবাক তোষামোদ নকৰাকৈ বা কাৰোবাৰ পৰা উপকাৰ লাভৰ প্রত্যাশা নকৰাকৈ কোনোবাই যদি আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে বিনীত হয়, তেন্তে আল্লাহে তাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি কৰি দিয়ে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সচ্চৰিত্ৰৰ অধিকাৰী। অৰ্থাৎ যিয়ে হাঁহিমুখে সাক্ষাৎ কৰে, সৎকৰ্ম কৰে, উত্তম কথা কয় আৰু মানুহক কষ্ট নিদিয়ে। লগতে উত্তম মুমিন হৈছে সেইজন, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম। অৰ্থাৎ যিয়ে নিজৰ স্ত্ৰীৰ সৈতে ভাল ব্যৱহাৰ কৰে, লগতে নিজৰ জীয়াৰি, বাই-ভনী আৰু আত্মীয় নাৰীৰ সৈতে ভাল ব্যৱহাৰ কৰে। কাৰণ তেওঁলোক হৈছে সদাচৰণ পোৱাৰ অধিক যোগ্য।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, পৃথিৱীত থকা প্ৰতিটো বস্তুৱে হৈছে উপভোগ কৰিব পৰা সামগ্ৰী, আৰু এই সকলোবোৰ হৈছে ক্ষন্তেকীয়া উপভোগ্য সামগ্ৰী। ইয়াৰ মাজত সৰ্বোত্তম উপকৃত হ'ব পৰা সামগ্ৰীটো হৈছে পূণ্যৱতী স্ত্ৰী, যি স্ত্ৰীৰ প্ৰতি স্বামীয়ে দৃষ্টিপাত কৰিলে আনন্দিত হয় আৰু যদি স্বামীয়ে কোনো আদেশ দিয়ে লগে লগে পালন কৰে, লগতে স্বামীৰ অনুপস্থিতিত নিজকে আৰু স্বামীৰ সম্পদক সুৰক্ষিত ৰাখে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মহান আল্লাহে কৈছেঃ হে আদম সন্তান! তোমালোকে ওৱাজিব আৰু মুস্তাহাব আদি শিতানত ব্যয় কৰা, মই তোমালোকক ইয়াৰ প্ৰতিদান হিচাপে তোমালোকৰ জীৱিকাত বৰকত দান কৰিম।
উক্ববাহ বিন আমিৰ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ স্ত্ৰীৰ লজ্জাস্থানক হালাল কৰি লৈছা।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্টভাৱে উল্লেখ কৰিছে যে, পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে বিবাহৰ সময়ত স্ত্ৰীৰ লজ্জাস্থান হালাল কৰিবলৈ যি চৰ্ত বান্ধি দিছিল সেইটো পূৰণ কৰা। অৰ্থাৎ বিবাহৰ সময়ত স্ত্ৰীৰ ফালৰ পৰা স্বামীক দিয়া যিকোনো বৈধ চৰ্ত ইয়াৰ অন্তৰ্ভুক্ত।
আবু জুবাইৰে কৈছেঃ আব্দুল্লাহ ইবনু জুবাইৰে প্রতিটো নামাজৰ ছালাম ফিৰোৱাৰ পাছত এই দুআ পাঠ কৰিছিল, “লা ইলাহা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাউলা অলা ক্বুউওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হ, লাহুন্নি’মাতু অলাহুল ফাজলু অলাহুচ ছানা-উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিছীনা লাহুদ্দীনা অলাউ কাৰিহাল কা-ফিৰূন।” (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। বিশ্বজগতৰ তেৱেঁই সার্বভৌম অধিপতি। সকলো প্ৰশংসা একমাত্ৰ তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। আল্লাহৰ সহায় অবিহনে পাপকৰ্মৰ পৰা বিৰত থকাৰ আৰু সৎকৰ্ম কৰাৰ কাৰো শক্তি নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ, যাৱতীয় নি‘আমত একমাত্ৰ তেওঁৰেই, আৰু তেওঁৰেই যাৱতীয় অনুগ্রহ, লগতে সকলো প্ৰকাৰ সু-প্রশংসা একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নেই। আমি বিশুদ্ধচিত্তে তেওঁৰেই ইবাদত কৰোঁ, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়”। ইবনু জুবাইৰে কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত দুআটো প্রত্যেক চালাতৰ পাছত পাঠ কৰিছিল।”
(মুছলিম)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো ফৰজ নামাজৰ পিছতেই এই গুৰুত্বপূৰ্ণ দুআটোৰ জৰিয়তে আল্লাহৰ গুণগান কৰিছিল। ইয়াৰ অৰ্থ হৈছেঃ "لا إله إلا الله" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "وحده لا شريك له" অৰ্থাৎ তেওঁ একক তথা অদ্বিতীয়, ইবাদত উপাসনা, ৰূবুবিয়্যত বা প্ৰভুত্ব, তেওঁৰ নাম আৰু গুণাৱলী আদিৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। "له الملك" অৰ্থাৎ সাধাৰণ ৰাজত্ব একমাত্ৰ তেওঁৰেই। আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ মালিক একমাত্ৰ তেৱেঁই। "وله الحمد" অৰ্থাৎ তেওঁ পৰিপূৰ্ণতাৰ গুণেৰে গুণাম্বিত। পৰিপূৰ্ণ মুহাব্বত আৰু সন্মান সহকাৰে তেওঁ চিৰ প্ৰশংসিত। সেয়ে সুখ দুখ সকলো সময়তে তেওঁৰ প্ৰশংসা কৰিব লাগে। "وهو على كل شيء قدير" অৰ্থাৎ তেওঁ শক্তি-সামৰ্থ তথা সকলো প্ৰকাৰ ক্ষমতাৰ ফালেৰে স্বয়ংসম্পূৰ্ণ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। এনেকুৱা কোনো কাম নাই যিটো তেওঁ কৰিব নোৱাৰে। "لا حول ولا قوة إلا بالله" অৰ্থাৎ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত হোৱাৰ আৰু গুনাহ এৰি আল্লাহৰ আনুগত্যৰ ফালে ধাৱিত হোৱাৰ শক্তি, আল্লাহে দিয়া তাওফীক অবিহনে কাৰো ওচৰত নাই। তেৱেঁই মহা ক্ষমতাৱান। সেয়ে তেৱেঁই প্ৰকৃত সহায়ক, গতিকে তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত। "لا إله إلا الله، ولا نعبد إلا إياه" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু আমি কেৱল তেওঁৰেই উপাসনা কৰোঁ। এই কথা পুনৰ উল্লেখ কৰি উলুহিয়্যতৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে আৰু শ্বিৰ্কক নসাৎ কৰা হৈছে। অৰ্থাৎ তেওঁৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। "له النعمة وله الفضل" অৰ্থাৎ তেৱেঁই সকলো প্ৰকাৰ নিয়ামতৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই সেইবোৰৰ মালিক। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক নিয়ামত প্ৰদান কৰে। "وله الثناء الحسن" অৰ্থাৎ সৰ্বোচ্চ উৎকৃষ্ট প্ৰশংসা একমাত্ৰ তেওঁৰেই। সত্ত্বাগত, গুণগত, কৰ্মগত আৰু নিয়ামতৰ ক্ষেত্ৰতো, আনকি সকলো সময়তে আৰু সৰ্বাৱস্থাতে তেওঁ প্ৰশংসাৰ পাত্ৰ। "لا إله إلا الله، مخلصين له الدين" অৰ্থাৎ আমি নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰোঁ। আনহাতে লোকক দেখুৱাবলৈ বা মানুহৰ মাজত গৌৰৱ অৰ্জন কৰিবলৈ আমি আল্লাহৰ ইবাদত নকৰোঁ। "ولو كره الكافرون" অৰ্থাৎ আমি সম্পূৰ্ণ দৃঢ়তাৰে আল্লাহক একক তথা অদ্বিতীয় বুলি বিশ্বাস কৰোঁ আৰু একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।