





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ পঢ়িলে আৰু প্ৰতি সপ্তাহত জুমাৰ চালাত আদায় কৰিলে, লগতে প্ৰতি বছৰ ৰমাজান মাহৰ ৰোজা ৰাখিলে, ইয়াৰ মধ্যৱৰ্তী সময়ছোৱাত যিবোৰ চাগীৰাহ বা সৰু গুনাহ হয় সেইবোৰ মাফ হৈ যায়, যদিহে ব্যক্তিজনে কাবীৰাহ বা ডাঙৰ গুনাহৰ পৰা বিৰত থাকে। আনহাতে ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন আদিৰ দৰে কাবীৰাহ গুনাহবোৰ তাওবা নকৰাকৈ ক্ষমা নহয়।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আত্মীয়তাৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আদৰ্শ ব্যক্তি সেইজন নহয়, যিয়ে উপকাৰৰ প্ৰতিদান কামনা কৰে। বৰং আদৰ্শ ব্যক্তি হৈছে সেইজন, যিয়ে বিপৰীত ফালৰ পৰা আত্মীয়তাৰ সম্পৰ্ক ছিন্ন হোৱাৰ পিছতো সেই সম্পৰ্কক অটুট ৰখাৰ চেষ্টা কৰে। আনকি তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ পিছতো তেওঁ সদ্ব্যৱহাৰ কৰাৰ যত্ন কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি ৰমাজান মাহৰ ৰোজা পালন কৰিব আৰু ইয়াক ফৰজ বুলি বিশ্বাস কৰিব, লগতে আল্লাহে ৰোজাদাৰসকলৰ বাবে যি ছোৱাব আৰু প্ৰতিদান প্ৰস্তুত কৰি ৰাখিছে তাৰ প্ৰতি বিশ্বাস কৰিব, এইবোৰ যদি তেওঁ নাম অৰ্জন কৰিবলৈ আৰু মানুহক দেখুৱাৰ উদ্দেশ্যে নকৰে অৰ্থাৎ কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে কৰে তেন্তে তাৰ পূৰ্বৱৰ্তী সকলো গুনাহ মাফ কৰি দিয়া হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহ দিনত হ'বলগীয়া লাইলাতুল কদৰৰ গুৰুত্ব উল্লেখ কৰিছে যে, যিয়ে ইয়াৰ প্ৰতি ঈমান পোষণ কৰি আৰু ইয়াৰ ফজিলতক বিশ্বাস কৰি এই ৰাতিত নামাজ পঢ়িব, দুআ কৰিব আৰু কোৰআন তিলাৱত কৰিব, লগতে জিকৰ-আজকাৰ কৰিব আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব কামনা কৰিব, যদি এইবোৰ তেওঁ নাম অৰ্জন কৰিবলৈ অথবা লোকক দেখুৱাবলৈ নকৰে তেন্তে তেওঁৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া হ'ব।
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ -(বৰ্ণনাকাৰীয়ে কৈছে, নুমানে এই হাদীছ বৰ্ণনা কৰাৰ সময়ত তেওঁৰ আঙুলি দুটাৰে তেওঁৰ কাণৰ প্ৰতি ইংগিত কৰিছিল অৰ্থাৎ মই নিজ কাণে শুনিছোঁ)-ঃ “হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সকলো বস্তুৰ বাবে এটা সাধাৰণ নিয়ম উল্লেখ কৰিছে যে, চৰীয়তত সকলো বস্তুক তিনিটা ভাগত ভাগ কৰা হৈছে। হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট আৰু ইয়াৰ মাজত আছে কিছুমান সন্দেহজনক বস্তু, যিবোৰৰ বিধান স্পষ্ট নহয়, যিবোৰ হালাল নে হাৰাম সেই বিষয়ে বহুতেই নাজানে। গতিকে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিব তেওঁ হাৰামত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনকি মানুহৰ ককৰ্থনাৰ পৰাও সুৰক্ষিত থাকিব, কাৰণ এইবোৰত পতিত হ'লে বিভিন্নজনে বিভিন্ন কথাৰ জৰিয়তে তাক আঘাত কৰিব। আনহাতে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি নাথাকিব, সি হয়তো হাৰামত লিপ্ত হ'ব নাইবা মানুহৰ ককৰ্থনাৰ সন্মুখীন হ'ব। এইদৰে ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্দেহযুক্ত বিষয়ত লিপ্ত হোৱা ব্যক্তিৰ অৱস্থা সম্পৰ্কে এটা স্পষ্ট উদাহৰণ দিছে। যেনে- এজন গৰখীয়াই যদি কোনো সংৰক্ষিত এলেকাৰ ওচৰে পাঁজৰে নিজৰ পশুবোৰ চৰিবলৈ দিয়ে, তেন্তে তাৰ পশুবোৰ সেই সংৰক্ষিত এলেকাত সোমাই যোৱাৰ অধিক সম্ভাৱনা থাকে। ঠিক সেইদৰে যিয়ে সন্দেহযুক্ত কোনো বিষয়ত লিপ্ত থাকে সি হাৰামত লিপ্ত হোৱাৰ অধিক নিকটৱৰ্তী হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শৰীৰৰ ভিতৰত এটুকুৰা মাংসপিণ্ড আছে (অৰ্থাৎ হৃদপিণ্ড) যিটো ঠিক থাকিলে গোটেই শৰীৰেই ঠিক থাকে আৰু সেইটো বেয়া হ'লে গোটেই শৰীৰেই বেয়া হয়।
শ্বাদ্দাদ বিন আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুটা বস্তু আয়ত্ত কৰি ৰাখিছোঁ, তেখেতে কৈছেঃ নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা তেতিয়া উত্তমভাৱে হত্যা কৰিবা, আৰু যেতিয়া জবেহ কৰিবা তেতিয়া উত্তমভাৱে জবেহ কৰিবা। জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো তোমালোকে চোকা কৰি লবা। যাতে জবেহ কৰিবলগীয়া জন্তুৱে অধিক কষ্ট নাপায়।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে আমাৰ ওপৰত প্ৰতিটো বস্তুৰ প্ৰতি ইহছান কৰিবলৈ অনিবাৰ্য কৰিছে। ইহছান হৈছেঃ এই কথা মনত ৰখা যে, আল্লাহে আমাক চাই আছে। এই কথাটো প্ৰত্যেক ক্ষেত্ৰতে মনত ৰাখিব লাগিব, ইবাদতৰ ক্ষেত্ৰতেই হওক, কোনো কল্যাণকৰ কাম কৰাৰ ক্ষেত্ৰতেই হওক বা সৃষ্টিক বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতেই হওক। এইদৰে হত্যা আৰু জবেহ কৰাৰ ক্ষেত্ৰতো মনত ৰখা উচিত যে, আল্লাহে আমাক চাই আছে। কিচাচ বা মৃত্যুদণ্ড প্ৰদান কৰাৰ সময়তো এই কথা মনত ৰাখিব লাগিব, যাতে এই শাস্তি সহজে আৰু দ্ৰুততাৰে বিহা হয়, দণ্ডপ্ৰাপ্ত ব্যক্তিয়ে যাতে অধিক কষ্ট অনুভৱ কৰিব নোৱাৰে। জবেহ কৰাৰ সময়ত ইহছান কৰাৰ অৰ্থ হৈছেঃ জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো চোকা হ'ব লাগিব, লগতে এই কথা মনত ৰাখিব লাগিব যে, জবেহ কৰিবলগীয়া জন্তুৰ সন্মুখত যাতে ছুৰি চোকা কৰা নহয়। লগতে অন্যান্য় জন্তুৰ সন্মুখতো যাতে জবেহ কৰা নহয়।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (আৰম্ভণিতো) ক্ষতি কৰা উচিত নহয় আৰু প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰতো ক্ষতি কৰা উচিত নহয়। যিয়ে আনক ক্ষতি কৰিব, আল্লাহে তাক ক্ষতি কৰিব। এইদৰে যিয়ে আনক কষ্ট দিব, আল্লাহেও তাক কষ্ট দিব।
(দাৰু কুতনী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, নিজকে আৰু আনকো সৰ্বতো প্ৰকাৰে ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা উচিত। সেয়ে নিজকে বা আন কাৰোবাক কোনো পধ্যেই ক্ষতি কৰা উচিত নহয়। এইদৰে ক্ষতিৰ জৰিয়তে ক্ষতিৰ প্ৰতিশোধ লোৱাও উচিত নহয়। কাৰণ ক্ষতিৰ জৰিয়তে কেতিয়াও ক্ষতিক দূৰ কৰিব নোৱাৰি। কিচাচৰ বিষয়টো সুকীয়া, কিয়নো সেইটো ন্যায়ভিত্তিক কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা সতৰ্কবাণী প্ৰদান কৰিছে যে, যিয়ে মানুহক ক্ষতি কৰিব সি নিজেই ক্ষতিগ্ৰস্ত হ'ব আৰু যিয়ে আনক কষ্ট দিব, সি নিজেই কষ্ট পাব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ: “মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নিৰ্দেশনা দিছে যে, যদি তেওঁ আমাক কোনো বিষয়ত নিষেধ কৰে তেন্তে কোনো ধৰণৰ আপত্তি নকৰাকৈ সেই নিষেধাজ্ঞাৰ ওপৰত আমল কৰাটো আমাৰ বাবে অনিবাৰ্য। আনহাতে যদি তেওঁ আমাক কোনো বিষয়ৰ নির্দেশ দিয়ে তেনেহ’লে সাধ্যানুসাৰে সেইটো পালন কৰা আমাৰ বাবে আৱশ্যক। ইয়াৰ পিছত তেওঁ আমাক সতর্ক কৰিছে যে, আমি যেন পূর্বৱর্তী কিছুমান উম্মতৰ দৰে নহওঁ, যিসকলে সিহঁতৰ নবীসকলক অধিক প্রশ্ন কৰিছিল আৰু তেওঁলোকৰ সৈতে বিৰোধিতা কৰিছিল। ফলত আল্লাহে সিহঁতক বিভিন্ন ধৰণৰ ধ্বংস আৰু আজাবৰ দ্বাৰা শাস্তি বিহিছিল। এতেকে আমাৰ উচিৎ, আমি যেন সিহঁতৰ দৰে নহওঁ। কাৰণ সিহঁতে যিদৰে ধ্বংস হৈছে, সেইদৰে যেন আমিও ধ্বংস নহওঁ।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জিব্ৰীল আলাইহিচ্ছালামে তেখেতক সদায় প্ৰতিৱেশীৰ প্ৰতি মনোযোগ দিবলৈ নিৰ্দেশ দিছিল, প্ৰতিৱেশী মুছলিম হওক বা অমুছলিম, আত্মীয় হওক বা অনাত্মীয়, সকলো প্ৰকাৰৰ প্ৰতিৱেশীৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ উপদেশ দিছিল আৰু কোনো প্ৰকাৰ কষ্ট দিবলৈ নিষেধ কৰিছিল। লগতে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সিহঁতে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰিবলৈ কৈছিল। জিব্ৰীলৰ ফালৰ পৰা প্ৰতিৱেশীৰ বিষয়ে বাৰে বাৰে এনেকুৱা উপদেশ পোৱাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে অনুভৱ কৰিছিল যে, শীঘ্ৰেই হয়তো জিব্ৰীলে প্ৰতিৱেশীক ওৱাৰিছ বনোৱাৰ বিষয়ে কোনো অহী লৈ অৱতৰণ কৰিব, যাৰ ফলত মৃত্যুৰ পিছত প্ৰতিৱেশীয়েও ওৱাৰিছ হোৱাৰ অধিকাৰ লাভ কৰিব।