Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক য়ামানলৈ প্ৰেৰণ কৰিছিল। তেওঁ সেই ঠাইত পোৱা এবিধ পানীয় সম্পৰ্কে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, সেইটো হাৰাম নেকি। আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে সেই পানীয় দুটাৰ নাম উল্লেখ কৰি কৈছিল যে, এটাৰ নাম হৈছে আল-বিত্উ, এইটো হৈছে মৌয়েৰে তৈয়াৰ কৰা নাবীজ, আৰু আনটোৰ নাম হৈছে, আল-মিঝ্ৰ, এইটো হৈছে যৱ আদিৰে তৈয়াৰ কৰা নাবীজ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল -(জানি থোৱা উচিত যে, তেখেতক মহান আল্লাহে কম শব্দত ব্যাপক অৰ্থবোধক কথা কোৱাৰ ক্ষমতা প্ৰদান কৰিছিল) "প্ৰত্যেক নিচা জাতীয় বস্তুৱে হৈছে হাৰাম"।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, যি ব্যক্তিয়ে আল্লাহৰ বাবে হজ্জ পালন কৰিছে, আৰু সেই হজ্জত কোনো ধৰণৰ অশ্লীল কামত লিপ্ত হোৱা নাই, হাদীছটোত (الرفث) শব্দৰ দ্বাৰা সহবাস কৰা বুজাইছে, যাৰ আৰম্ভণি হৈছে চুমা দিয়া, আলিংগন কৰা আদি, এই শব্দটোৰ দ্বাৰা অন্যান্য অশ্লীলতাকো বুজোৱা হয়; আৰু সেই হজ্জত তেওঁ কোনো পাপকৰ্মও কৰা নাই। পাপকৰ্মৰ দ্বাৰা ইহৰাম অৱস্থাত নকৰিবলগীয়া কামসমূহক বুজোৱা হৈছে। তেন্তে সেই ব্যক্তি নিষ্পাপ হৈ ঘৰলৈ উভতিব। যিদৰে সদ্যহতে ভূমিষ্ঠ হোৱা শিশু এটি নিষ্পাপ হৈ জন্ম গ্ৰহণ কৰে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা আহাৰ উপস্থিত হোৱাৰ পিছত নামাজ পঢ়িবলৈ নিষেধ কৰিছে যি খাদ্যৰ প্ৰতি মুচল্লীৰ আগ্ৰহ অধিক, কাৰণ এনেকুৱা অৱস্থাত নামাজ আৰম্ভ কৰিলে মুচল্লীৰ মনত বাৰে বাৰে সেই খাদ্যৰ কথাই মনত পৰিব। এইদৰে শৌচ-প্ৰস্ৰাৱৰ চাপ সৃষ্টি হ'লে সেই অৱস্থাতো নামাজ পঢ়িবলৈ নিষেধ কৰিছে, কাৰণ এনেকুৱা অৱস্থাত মুচল্লীয়ে নামাজতকৈ চাপ চম্ভালিবলৈহে বেছি মনোযোগ দিব।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবাত উপস্থিত হোৱা লোকসকলে অৱলম্বন কৰিবলগীয়া নিয়ম-নীতি উল্লেখ কৰিছে। ইমামে খুতবা দিয়াৰ সময়ত কথা ক'ব নালাগে, যাতে ইমামে দিয়া উপদেশ ভালকৈ বুজিব পাৰে। সেয়ে ইমামে খুতবা দিয়াৰ সময়ত যদি কোনোবাই কাৰোবাক কয় যে, "কথা নক'বা, খুতবা শুনা", এইখিনি কথা ক'লেও সি জুমুআৰ নামাজৰ ফজিলতৰ পৰা বঞ্চিত হ'ব।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দ্বীন ইছলামৰ পাঁচটা নীতি তথা ৰাছুলসকলৰ ছুন্নত বৰ্ণনা কৰিছে। তাৰে প্ৰথমটো হৈছে, খাতনাহ কৰা। অৰ্থাৎ পুৰুষ লিংগৰ মূৰৰ অতিৰিক্ত ছাল কাটি পেলোৱা আৰু নাৰীসকলৰ লজ্জাস্থানৰ ভেদ কৰা ঠাইৰ ওপৰত থকা ছালৰ কিছু অংশ কাটি পেলোৱা। দ্বিতীয়টো হৈছেঃ লজ্জাস্থানৰ আশে পাশে থকা নোম বা চুলিবোৰ খুৰাই পেলোৱা। তৃতীয়টো হৈছে, মোচ বা গোঁফ চুটি কৰা। অৰ্থাৎ পুৰুষ মানুহৰ ওঠৰ ওপৰত গজা চুলিবোৰ চুটি কৰা, যাতে ওঠ দেখা যায়। চতুৰ্থটো হৈছে, নখ কটা। পঞ্চমটো হৈছে, কাষলতিৰ চুলি উঘালি পেলোৱা।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোচ কাটিবলৈ নিৰ্দেশ দিছে তথা দীঘল কৰিবলৈ নিষেধ কৰিছে। আনকি বেছিকৈ চুটি কৰিব লাগে। পক্ষান্তৰে দাড়িক এৰি দিবলৈ দিছে, যাতে দীঘল হৈয়ে থাকে।
হাদীছটোত উছমান ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিদৰে অজু কৰিছিল সেইদৰে অজু কৰি দেখুৱাইছে। বিতংভাৱে স্পষ্ট কৰিবলৈ তেখেতে এটা পাত্ৰত পানী আনিবলৈ দিলে, ইয়াৰ পিছত তেখেতে দুয়ো হাতত তিনিবাৰ পানী ঢালি ল'লে, ইয়াৰ পিছত তেখেতে সোঁ হাত পানীৰ পাত্ৰত সোমোৱাই দিলে আৰু এচলু পানী লৈ মুখত দিলে আৰু সেই পানী মুখৰ ভিতৰত কিছু সময় ঘূৰাই কুলি কৰিলে। ইয়াৰ পিছত আৰু অলপ পানী লৈ নাকৰ ভিতৰত দিলে, আৰু সেই পানী উলিয়াই নাক পৰিস্কাৰ কৰিলে। ইয়াৰ পিছত তেখেতে তিনিবাৰ মুখমণ্ডল ধুই ল'লে। ইয়াৰ পিছত তেখেতে তিনিবাৰকৈ দুয়ো হাত কিলাকুটিলৈকে ধুই ল'লে। ইয়াৰ পিছত তেখেতে হাত পানীত তিয়াই সম্পূৰ্ণ মূৰ এবাৰ মছেহ কৰিলে। ইয়াৰ পিছত তেখেতে তিনিবাৰকৈ ভৰিৰ সৰুগাঁঠিলৈকে ধুই ল'লে। তেওঁ অজু সম্পূৰ্ণ কৰি লোকসকলক জনাই ক'লে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এইদৰেই অজু কৰা দেখিছে। লগতে তেওঁ লোকসকলক এই সুসংবাদ দিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে তেখেতৰ এই অজুৰ দৰে অজু কৰি বিনয় সহকাৰে আল্লাহৰ সন্মুখত উপস্থিত মনে দুই ৰাকাত নামাজ পঢ়িব, তেন্তে আল্লাহে এই পৰিপূৰ্ণ অজু আৰু নিৰ্ভেজাল নামাজৰ বিনিময়ত তাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিব।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজৰ শুদ্ধতাৰ বাবে চৰ্ত হৈছে তাহাৰাত বা পৱিত্ৰতা। গতিকে নামাজ পঢ়িব বিচৰা ব্যক্তিৰ বাবে অনিবাৰ্য হৈছে অজু কৰি লোৱা, যদিহে তাৰ অজু ভংগ হৈছে। উদাহৰণস্বৰূপে, শৌচ-প্ৰস্ৰাৱ কৰাৰ পিছত অজু কৰা অথবা টোপনিৰ পৰা উঠি অজু কৰা আদি।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আৰাক গছৰ শিপাৰে দাঁত চাফ কৰিলে ময়লা আদিৰ পৰা মুখ পৰিস্কাৰ হয় আৰু দুৰ্গন্ধ দূৰ হয়। আৰু মিছৱাক কৰাটো হৈছে আল্লাহক সন্তুষ্টি কৰাৰ অন্যতম এটা উপায়। কাৰণ ইয়াৰ মাজত আছে আল্লাহৰ আনুগত্য আৰু তেওঁৰ আদেশ পালন। কিয়নো ইয়াৰ দ্বাৰা পৱিত্ৰতা অৰ্জন হয়, যি পৱিত্ৰতাক আল্লাহে ভাল পায়।