





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
চাফৱান বিন মুহৰিঝৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ইবনে ওমৰক এজন ব্যক্তিয়ে সুধিলে যে, কিয়ামতৰ দিনা মহান আল্লাহ আৰু তেওঁৰ মুমিন বান্দাৰ মাজত হ'বলগীয়া একান্ত কথা-বতৰা সম্পৰ্কে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? তেতিয়া তেওঁ ক'লে যে, মই শুনিছোঁ তেখেতে কৈছেঃ "কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে মুমিন বান্দাক নিজৰ ওচৰত মাতি নিব, আনকি কাষত টানি নি আৱৰণেৰে ঢাকি ল'ব। ইয়াৰ পিছত তাৰ পৰা গুনাহৰ স্বীকাৰোক্তি ল'ব। মহান আল্লাহে সুধিবঃ তুমি তোমাৰ এই গুনাহ সম্পৰ্কে জানানে? সি ক'বঃ হয়, হে মোৰ প্ৰতিপালক মই জানো। তেতিয়া আল্লাহে ক'বঃ চোৱা, মই পৃথিৱীত তোমাৰ এই গুনাহ গোপন ৰাখিছিলোঁ, আৰু আজি ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ আমলনামা প্ৰদান কৰা হ'ব। পক্ষান্তৰে কাফিৰ আৰু মুনাফিকসকলৰ অৱস্থা হ'ব এনেকুৱা যে, সিহঁতক গোটেই লোকসকলৰ সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, চোৱা, ইহঁতেই হৈছে সেইসকল লোক যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})কিয়ামতৰ দিনা মুমিন বান্দাৰ সৈতে হ'বলগীয়া আল্লাহৰ গোপন কথোপকথন সম্পৰ্কে হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ দিনা আল্লাহে মুমিন বান্দাক কাষত মাতি নিব আৰু উপস্থিত সকলো লোকৰ পৰা তাক পৰ্দা আবৃত কৰি ল'ব, আনকি সেই গোপনীয়তা কোনেও ভেদ কৰিব নোৱাৰিব। মহান আল্লাহে তাক সুধিবঃ তুমি তোমাৰ এই এই গুনাহ সম্পৰ্কে জানানে....., তেতিয়া বান্দাই নিজ প্ৰতিপালকৰ সন্মুখত সেইবোৰ স্বীকাৰ কৰিব। আৰু ক'বঃ হয়, মই জানো, হে মোৰ প্ৰতিপালক। এইবোৰ দেখি বান্দা আতংকিত হ'ব আৰু ভীত-সন্ত্ৰস্ত হ'ব। তেতিয়া পৱিত্ৰ মহান আল্লাহে ক'বঃ শুনা! পৃথিৱীত মই তোমাৰ এইবোৰ গুনাহ গোপন কৰি ৰাখিছিলোঁ, আৰু চোৱা, আজি এইবোৰ ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ ছহীফা (আমলনামা) প্ৰদান কৰা হ'ব। আনহাতে কাফিৰ আৰু মুনাফিকসকলৰ বিষয়ে সকলোৰে সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত মিছা আৰোপ কৰিছিল। জানি থোৱা! অন্যায়কাৰীসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত।
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কাম সম্পৰ্কে অৱগত কৰক, যিটোৱে মোক জান্নাতত লৈ যাব আৰু জাহান্নামৰ পৰা আঁতৰত ৰাখিব। তেখেতে ক’লে: তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে। তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ ছওম পালন কৰা আৰু (কা'বা) ঘৰৰ হজ্জ কৰা। তাৰ পিছত তেখেতে ক’লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? ছওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে, যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে মানুহৰ গভীৰ ৰাতিত ছালাত আদায় কৰাও ইয়াৰেই অন্তৰ্ভুক্ত। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপে! [ছুৰা আচ-ছাজদাহ: ১৬-১৭] তেখেতে আকৌ ক’লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনামনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক। তেখেতে ক’লে: কৰ্মৰ মূল হৈছে ইছলাম, ইয়াৰ স্তম্ভ হৈছে ছালাত আৰু ইয়াৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ। তাৰ পিছত তেখেতে ক’লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওক। তেখেতে নিজৰ জিভাক ধৰি ক’লে: ইয়াক সংযত ৰাখিবা। মই সুধিলোঁ: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাপ হ’ব নেকি? তেখেতে ক’লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চুঁচৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?
(তিৰমিজী, ইবনে মাজাহ, আহমদ)মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ, এদিনাখন পুৱাৰ ভাগত আমি গৈ থকা অৱস্থাতে মই তেখেতৰ ওচৰলৈ আহি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটা আমল শিকাই দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিম, আৰু জাহান্নামৰ পৰা ৰক্ষা পাম। তেখেতে ক'লেঃ তুমি মোক এনেকুৱা এটা ডাঙৰ আমল সম্পৰ্কে সুধিছা, যিটো কৰা নফচৰ বাবে বৰ কঠিন। কিন্তু আল্লাহে যাৰ বাবে সহজ কৰি দিয়ে, তাৰ বাবে সহজ। ইছলামৰ বাধ্যতামূলক ফৰজবোৰ পালন কৰা। প্ৰথমঃ একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। দ্বিতীয়ঃ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ প্ৰতিষ্ঠা কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। তৃতীয়ঃ ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থঃ ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা। পঞ্চমঃ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰিবলৈ, হজ্জৰ যাৱতীয় বিধান পালন কৰাৰ উদ্দেশ্যে মক্কালৈ গমন কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক এনেকুৱা পথৰ সন্ধান নিদিমনে? যিটো কল্যাণৰ দুৱাৰ খুলি দিব, সেয়া হৈছে, ফৰজৰ লগতে নফলসমূহ পালন কৰা। প্ৰথমঃ নফল ৰোজা ৰখা। এইটো হৈছে গুনাহত লিপ্ত হোৱাৰ পৰা বাধা প্ৰদানকাৰী প্ৰাচীৰ। ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয়। প্ৰতিৰোধ শক্তি বৃদ্ধি পায়। দ্বিতীয়ঃ নফল চাদাক্বাহ কৰা। ইয়াৰ ফলত গুনাহ মোচন হয় আৰু ইয়াৰ প্ৰভাৱ দূৰ হয়। তৃতীয়ঃ ৰাতিৰ শেষ তৃতীয়াংশত তাহাজ্জুদ আদায় কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিলেঃ {تتجافى جنوبهم} তেওঁলোকে নিজৰ শৰীৰক আঁতৰত ৰাখে। {عن المضاجع} বিছনাৰ পৰা। {يدعون ربهم} তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰে, নামাজ, জিকৰ-আজকাৰ, তিলাৱত আৰু দুআৰ জৰিয়তে। {خوفا وطمعا ومما رزقناهم ينفقون، فلا تعلم نفس ما أخفي لهم من قرة أعين} ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে! অৰ্থাৎ জান্নাত কি কি নিয়ামত ৰখা হৈছে। {جزاء بما كانوا يعملون} এইবোৰ হৈছে তেওঁলোকৰ আমলৰ প্ৰতিফল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক দ্বীনৰ মূল বিষয় সম্পৰ্কে অৱগত কৰামনে? আৰু সেই খুঁটা সম্পৰ্কে যিটোৰ ওপৰত ই নিৰ্ভৰ কৰে? তথা ইয়াৰ উচ্চ শৃংগ সম্পৰ্কে? মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নিশ্চয়, হে আল্লাহৰ ৰাছুল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ইছলামৰ মূল বিষয় হৈছে শ্বাহাদাতাইন (দুটা সাক্ষ্য)। এই দুটাই হৈছে মানুহৰ ধৰ্মৰ মূল। ইয়াৰ খুঁটা হৈছেঃ নামাজ। নামাজ অবিহনে কোনেও মুছলিম হ'ব নোৱাৰে। যিদৰে খুঁটা নোহোৱাকৈ ঘৰ টিকি থাকিব নোৱাৰে। এতেকে যিয়ে নামাজ পঢ়ে তেওঁ নিজৰ দ্বীন শক্তিশালী কৰে আৰু সুউচ্চ কৰে। এইদৰে ধৰ্মৰ উচ্চ শৃংগ হৈছে জিহাদ। আল্লাহৰ কলিমা সুউচ্চ ৰাখিবলৈ ধৰ্মৰ শত্ৰুসকলৰ সৈতে সৰ্বতো প্ৰকাৰে সংগ্ৰাম কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মই তোমাক উপৰোক্ত বিধানবোৰ মজবুতকৈ আয়ত্তত ৰখাৰ উপায় দিমনে? ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জিভাক ধৰি ক'লে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবা, অলাগতিয়াল অপ্ৰয়োজনীয় কোনো কথা নক'বা। মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি কোৱা প্ৰতিটো কথাৰেই মহান আল্লাহে হিচাপ-নিকাচ ল'ব নেকি তথা শাস্তি বিহিব নেকি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ মাকে তোমাক হেৰুৱাওক। এইটো কোনো বদ্দুআ নহয়। দৰাচলতে এইটো হৈছে আৰবীয়ানসকলৰ এটা বাকধাৰা, কোনো এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে অৱগত কৰাবলৈ তেওঁলোকে এনেকুৱা প্ৰবাদ বাক্য ব্যৱহাৰ কৰে। ইয়াৰ পিছত তেখেতে কৈছেঃ তুমি নাজানানে যে, জিভাৰ ফচলৰ কাৰণেই মানুহক নাক চুঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ'ব, কুফৰী কৰাৰ কাৰণে, অপবাদ, গালি শপনি, গীবত তথা সমালোচনা, চুগলি আৰু মিছা অভিযোগৰ কাৰণে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল। এতেকে আল্লাহ তা‘আলাই কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) আল্লাহ তা‘আলাই আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) ইয়াৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনে এজন ব্যক্তিৰ কথা উল্লেখ কৰিলে যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাইছে, আৰু যাৰ চুলিবোৰ অপৰিপাটি তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!?
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ পৱিত্ৰ, তেওঁ সকলো দোষ-ত্ৰুটিৰ পৰা পাক তথা সকলো ফালৰ পৰা পূৰ্ণাংগৰ বিশেষণেৰে বিশেষিত। সেয়ে তেওঁ কেৱল সেইবোৰ কথা কৰ্ম আৰু আক্বীদাহে গ্ৰহণ কৰে যিটো পৱিত্ৰ। যিটো নিৰ্ভেজালভাৱে আল্লাহৰ বাবে কৰা হয় আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক কৰা হয়। ইয়াৰ বাহিৰে বেলেগ কোনো উপায়েই আল্লাহৰ নৈকট্য অৱলম্বন কৰা সম্ভৱ নহয়। মুমিন আমল সৎ হোৱাৰ আন এটা ডাঙৰ উৎস হৈছে হালাল তথা পৱিত্ৰ বস্তু ভক্ষণ কৰা। ইয়াৰ ফলত আমল পৱিত্ৰ হয়। এই কাৰণেই মহান আল্লাহে মুমিনসকলকো সেই নিৰ্দেশ দিছে যিটো নিৰ্দেশ তেওঁ ৰাছুলসকলক প্ৰদান কৰিছিল যে, হালাল খাদ্য ভক্ষণ কৰা আৰু নেক আমল কৰা। তেওঁ কৈছেঃ "হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত"। (ছুৰা আল-মুমিনূনঃ ৫১) তেওঁ আৰু কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা"। (ছুৰা আল-বাক্বাৰাহঃ ১৭২) ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাৰাম খাদ্যৰ পৰা সতৰ্ক কৰিছে, ইয়াৰ ফলত আমল বিনষ্ট হয় তথা আমল কবূল নহয়, যদিও বাহ্যিকভাৱে উপায় অৱলম্বন কৰা হয়। প্ৰথমঃ কোনো সৎকৰ্ম কৰিবলৈ দূৰৱৰ্তী ভ্ৰমণ কৰে, যেনে- হজ্জ কৰিবলৈ, জিহাদ কৰিবলৈ অথবা আত্মীয়তাৰ বন্ধন ৰক্ষা কৰিবলৈ। দ্বিতীয়ঃ চুলিবোৰ অপৰিপাটি হৈ থকা, চুলি নফণিওৱাৰ কাৰণে। ৰং পৰিবৰ্তন হৈ যোৱা, পৰিধান কৰা কাপোৰত ময়লা আৱৰ্জনা লগা আৰু অসহায় অৱস্থাত থকা। তৃতীয়ঃ দুআ কৰিবলৈ দুয়ো হাত আকাশৰ পিনে উঠায়। চতুৰ্থঃ আল্লাহৰ নামেৰে অছিলা মাগি কান্দি কান্দি দুআ কৰি কয়, হে মোৰ ৰব্ব, হে মোৰ ৰব্ব! এই সকলোবোৰ উপায় অৱলম্বন কৰাৰ পিছতো তাৰ দুআ কবুল নহয়। কাৰণ তাৰ খাদ্য, পানীয় আৰু পৰিধান হৈছে হাৰাম, তাৰ জীৱিকাই হাৰাম। গতিকে এইবোৰ থকা অৱস্থাত তাৰ দুআ কবূল হোৱাটো অসম্ভৱ, আৰু কেনেকৈ বা কবূল হ'ব।
মিক্বদাদ বিন আমৰ আল-কিন্দী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি মই (যুদ্ধ ক্ষেত্ৰত) কোনো কাফিৰৰ মুখামুখি হওঁ, আমি পৰস্পৰে ইজনে সিজনক আক্ৰমণ কৰাৰ সময়ত, যদি সি তাৰ তৰোৱালেৰে মোৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত মোৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে আশ্ৰয় লয় আৰু ইয়াৰ পিছত যদি কয়ঃ মই আল্লাহৰ উদ্দেশ্যে ইছলাম গ্ৰহণ কৰিলোঁ। এই কথা কোৱাৰ পিছত হে আল্লাহৰ ৰাছুল, মই তাক হত্যা কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা।" তেতিয়া তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কৰ্তন কৰিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা। যদি তুমি তাক হত্যা কৰা তেন্তে তাক হত্যা কৰাৰ পূৰ্বে তোমাৰ যি মৰ্যাদা আছিল সেই মৰ্যাদা সি লাভ কৰিব, আনহাতে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে তাৰ যি স্তৰ আছিল, সেই স্তৰলৈ তুমি নামি যাবা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, যদি তেওঁ যুদ্ধ ক্ষেত্ৰত কোনো কাফিৰসকলৰ সৈতে যুদ্ধ কৰাৰ সময়ত, কোনো এজন কাফিৰে তৰোৱালেৰে তেওঁৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত সি তেওঁৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে পলায়ন কৰে আৰু যদি এই কথা স্বীকাৰ কৰি কয় যে, লা ইলাহা ইল্লাল্লাহ (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই)। তেন্তে তাক হত্যা কৰা বৈধ হ'বনে, যিহেতু সি মোৰ এখন হাত কাটি দিছে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লে, তাক হত্যা নকৰিবা। তেওঁ আকৌ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কাটি দিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক হত্যা নকৰিবা। কাৰণ তাৰ তেজ প্ৰবাহিত কৰা হাৰাম হৈ পৰিছে। কিয়নো সি ইছলাম গ্ৰহণ কৰাৰ পিছতো যদি তুমি তাক হত্যা কৰা, তেন্তে সি তোমাৰ স্থানত আহি পৰিব, কাৰণ ইছলাম গ্ৰহণৰ পিছত তাৰ তেজ প্ৰবাহিত কৰাটো হাৰাম। পক্ষান্তৰে ইছলাম গ্ৰহণৰ পূৰ্বে যিদৰে তাক হত্যা কৰা বৈধ আছিল, হত্যা কৰাৰ পিছত তুমি তাৰ স্থানলৈ অৱনমিত হ'বা, কাৰণ কিচাচৰূপে তোমাৰ মৃত্যুদণ্ড বৈধ হ'ব।
আবূ বাৰঝাহ আল-আছলামী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।"
(তিৰমিজী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা হিচাপ নিকাচৰ ঠাইৰ পৰা জান্নাত অথবা জাহান্নামৰ পিনে কোনেও আগবাঢ়িব নোৱাৰিব, যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'বঃ প্ৰথমঃ তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এই আয়ুস ক'ত পাৰ কৰিছে, কি কামত ব্যৱহাৰ কৰিছে? দ্বিতীয়ঃ তাৰ ইল্ম বা জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব যে, সি আল্লাহৰ উদ্দেশ্যে ইল্ম অৰ্জন কৰিছিলনে? আৰু সেই ইল্ম মুতাবিক আমল কৰিছিলনে? লগতে মানুহক সেই জ্ঞান পৌঁচাই দিছিলনে? তৃতীয়ঃ তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, কেনেকৈ উপাৰ্জন কৰিছিল, হালাল পথেৰে নে হাৰাম পথেৰে? আৰু ক'ত ব্যয় কৰিছিল? আল্লাহৰ সন্তুষ্টিমূলক শিতানত নে ক্ৰোধান্বিত কৰিব পৰা শিতানত? চতুৰ্থঃ তাৰ শৰীৰ, শক্তি, সুস্থতা আৰু যৌৱন সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সেয়া কি কামত ব্যৱহাৰ কৰিছিল?
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খয়বৰৰ দিনা কৈছেঃ "নিশ্চয় মই এই পতাকা সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক মুহাব্বত কৰে, মহান আল্লাহে তাৰ হাতেৰেই বিজয় প্ৰদান কৰিব।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই সেই এটা দিনৰ বাহিৰে কেতিয়াও শাসনৰ আশা কৰা নাছিলোঁ। এই দায়িত্ব মোক অৰ্পণ কৰা হ'ব বুলি আশাৰে মই মোৰ ডিঙি ওপৰৰ ফালে দাঙি ৰাখিছিলোঁ, যাতে মোক ইয়াৰ বাবে আহ্বান কৰা হয়। কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আলী বিন আবু তালিবক মাতিলে, আৰু সেই পতাকা তেওঁক অৰ্পণ কৰিলে আৰু ক'লেঃ "আগুৱাই যোৱা, পিছফালে ঘূৰি নাচাবা, যেতিয়ালৈকে আল্লাহে তোমাক বিজয় দান নকৰে।" তেওঁ কৈছেঃ আলী কিছু দূৰ যোৱাৰ পিছত, থিয় হ'ল, কিন্তু পিছফালে ঘূৰি চোৱা নাছিল, আৰু চিঞৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কিহৰ ভিত্তিত মই মানুহৰ সৈতে যুদ্ধ কৰিম? তেখেতে ক'লেঃ "তুমি সিহঁতৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰিবা যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য নিদিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল। যদি সিহঁতে এই সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ তেজ, ধন-সম্পদ আদি তোমাৰ পৰা সুৰক্ষিত হৈ পৰিব। কেৱল দণ্ডবিধিৰ বাহিৰে, আৰু ইয়াৰ হিচাপ-নিকাচ হ'ব আল্লাহৰ ওচৰত।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুসংবাদ দি কৈছিল যে, অহাকালি খয়বৰৰ ইয়াহুদীসকলৰ ওপৰত মুছলিমসকলে বিজয় লাভ কৰিব, আৰু এইটো বাস্তৱায়ন হ'ব এনেকুৱা এজন ব্যক্তিৰ দ্বাৰা যাৰ হাতত তেখেতে যুদ্ধৰ পতাকা প্ৰদান কৰিব। যিটো পতাকা সেনাবাহিনীয়ে প্ৰতীক হিচাপে লয়। সেই ব্যক্তিজনৰ বৈশিষ্ট্য হৈছে এই যে, তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভাল পায়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে উল্লেখ কৰিছে যে, শাসনৰ দায়িত্বভাৰৰ প্ৰতি তেওঁৰ কোনো মোহ নাছিল। কিন্তু সেই দিনটোত তেওঁ এই আশাৰে সেই দায়িত্বটো কামনা কৰিছিল, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সেই ব্যক্তিজনক ভাল পায়। সেয়ে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মূৰ দাঙি ৰাখিছিল, যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ মাজৰ পৰা তেওঁক দেখি মাতি নিয়ে। তেওঁ এইটো কৰিছিল সেই পতাকাটো পোৱাৰ আশাৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী বিন আবু তালিবক মাতি সেই পতাকাটো প্ৰদান কৰিছিল। লগতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন সেনাবাহিনী লৈ আগুৱাই যায়, আৰু শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ সময়ত কোনো পদ্ধেই যেন বিশ্ৰাম, বিৰতি অথবা যুদ্ধবিৰতিৰ অজুহাতেৰে পিছুৱাই নাহে, যেতিয়ালৈকে আল্লাহে তেওঁৰ সহায় সহযোগৰ দ্বাৰা এই দুৰ্গবোৰৰ ওপৰত বিজয় প্ৰদান নকৰিব। নিৰ্দেশ পাই আলী ৰাদ্বিয়াল্লাহু আনহু ৰাওনা হ'ল, কিছু দূৰ গৈ তেওঁ থিয় দিলে, কিন্তু পিছফালে ঘূৰি চোৱা নাছিল। যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশৰ অমান্য নহয়। ইয়াৰ পিছত তেওঁ চিঞৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কিহৰ ভিত্তিত মই সিহঁতৰ সৈতে যুদ্ধ কৰিম? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সিহঁতৰ সৈতে যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। যদি সিহঁতে এইটো স্বীকাৰ কৰে আৰু ইছলাম গ্ৰহণ কৰে তেন্তে সিহঁতৰ তেজ আৰু ধন-সম্পদ তোমাৰ পৰা সুৰক্ষিত হৈ পৰিব, আৰু তোমাৰ বাবে হাৰাম হৈ পৰিব। কিন্তু দণ্ডবিধিৰ বাহিৰে, যেনে- কোনো এনেকুৱা অপৰাধ কৰিলে যিটোৰ বাবে ইছলামী নিয়মানুযায়ী মৃত্যুদণ্ড অনিবাৰ্য্য হৈ পৰে, আৰু সিহঁতৰ হিচাপ-নিকাচ হ'ব আল্লাহৰ ওচৰত।
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, দয়াদ্ৰতা, সহমৰ্মিতা, সহায়-সহযোগিতা, ক্ষয়-ক্ষতি আদিৰ ক্ষেত্ৰত মুছলিমসকলৰ অৱস্থা এটা শৰীৰৰ নিচিনা হোৱা উচিত। যিদৰে শৰীৰৰ এটা অংগ অসুস্থ হ'লে গোটেই শৰীৰে বিষ অনুভৱ কৰে তথা জ্বৰত কম্পমান হৈ অনিদ্ৰাত ৰাতি কটায়।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই ব্যক্তি আমাৰ অন্তৰ্ভুক্ত নহয়, যিয়ে (শোকৰ সময়ত কান্দি কান্দি) গালত চৰিয়ায় আৰু বুকুৰ কাপোৰ ফালি পেলায় আৰু অজ্ঞতা যুগৰ মাত মাতে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজ্ঞতা যুগত হোৱা কিছুমান কাম সম্পৰ্কে সতৰ্ক কৰিছে তথা নিষেধ কৰি কৈছে যে, "যিয়ে এইবোৰ কাম কৰে সি আমাৰ অন্তৰ্ভুক্ত নহয়।" প্ৰথমঃ যিয়ে (শোকৰ সময়ত) গালত চৰিয়ায়। বিশেষভাৱে গালৰ কথা উল্লেখ কৰাৰ কাৰণ যে, বেছিভাগ সময়তে এইটো হোৱা দেখা যায়। অন্যথা ইয়াৰ বাহিৰে বেলেগ ঠাইত চৰিয়াটোও নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত। দ্বিতীয়ঃ গভীৰ শোক প্ৰকাশ কৰিবলৈ শৰীৰৰ কাপোৰ ফালি পেলোৱা। তৃতীয়ঃ অজ্ঞতা যুগৰ দৰে চিঞৰি চিঞৰি কান্দা, উদাহৰণস্বৰূপে হায়! হায় কৰা, সৰ্বনাশ বুলি চিঞৰা, মাতম কৰা, বিলাপ কৰা আদি।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তোমাৰ গুনাহ যদি আকাশলংঘী হয়, ইয়াৰ পিছতো যদি তুমি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তেন্তে মই তোমাক ক্ষমা কৰি দিম। মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তুমি যদি পৃথিৱীৰ সমান গুনাহ লৈ মোৰ ওচৰত এনেকুৱা অৱস্থাত উপস্থিত হোৱা যে, তুমি মোৰ সৈতে কাকো অংশীদাৰ স্থাপন কৰা নাই তেন্তে মই তোমাক সেই পৃথিৱীৰ সমানেই ক্ষমা দান কৰিম।"
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছে যে, হে আদম সন্তান! তুমি যেতিয়ালৈকে মোক আহ্বান কৰিবা আৰু মোৰ প্ৰতি আশা ৰাখিবা আৰু নিৰাশ নহ'বা, তেতিয়ালৈকে মই তোমাৰ গুনাহবোৰক ঢাকি ৰাখিম আৰু কোনো ভ্ৰূক্ষেপ নকৰাকৈয়ে ক্ষমা কৰি দিম। যদিও এই গুনাহ কোনো কাবীৰা গুনাহে নহওক কিয়। হে আদম সন্তান! তোমাৰ গুনাহেৰে যদি আকাশ আৰু পৃথিৱীৰ মাজত থকা মহাশূন্য ভৰি যায়, ইয়াৰ পিছতো যদি তুমি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তেন্তে মই তোমাৰ সকলো গুনাহ ক্ষমা কৰি দিম, গুনাহৰ আধিক্যৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তুমি যদি মৃত্যুৰ পিছত পৃথিৱীৰ সমান গুনাহ লৈ উপস্থিত হোৱা, আৰু তুমি যদি শ্বিৰ্ক নকৰা অৱস্থাত মৃত্যুবৰণ কৰি থাকা, তেন্তে মই তোমাৰ সেই পৃথিৱীৰ সমান গুনাহৰ পৰিবৰ্তে, সেই অনুপাতে ক্ষমা দান কৰিম। কাৰণ মই অসীম ক্ষমাশীল। মই শ্বিৰ্কৰ বাহিৰে সকলো গুনাহ ক্ষমা কৰি দিওঁ।