





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে। গতিকে যিটো তোমাৰ কাৰণে উপকাৰী সেইটোৰ আশা কৰিবা। আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, মনোবল নেহেৰুৱাবা। এইদৰে যদি তোমাৰ ওপৰত কোনো বিপদ আহে তেন্তে এইটো নক'বা যে, যদি মই এইটো কৰিলোহেঁতেন তেন্তে এইটো নহ'লহেঁতেন। বৰং তুমি কোৱা, قَدَرُ اللهِ وَمَا شَاءَ فَعَلَ এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। কাৰণ (যদি) শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, প্ৰতিজন মুমিনৰ মাজতেই কল্যাণ আছে। কিন্তু ঈমান, প্ৰতিজ্ঞা, ধন-সম্পদ আদি শক্তিৰ ক্ষেত্ৰত দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন আল্লাহৰ দৃষ্টিত অধিক পছন্দনীয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনসকলক আল্লাহৰ ওপৰত ভৰসা কৰিবলৈ, তেওঁৰ সহায় বিচাৰিবলৈ আৰু তেওঁৰ ওপৰত তাৱাক্কুল কৰি দুনিয়া আৰু আখিৰাতত উপকাৰ হ'ব পৰা বিষয়ৰ উপায় অৱলম্বন কৰিবলৈ উপদেশ দিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুনিয়া আৰু আখিৰাতৰ উপকাৰী বিষয়ত অৱহেলা কৰিবলৈ, সেইবোৰ পালনত গধূৰ অনুভৱ কৰিবলৈ তথা অক্ষমতা প্ৰকাশ কৰিবলৈ নিষেধ কৰিছে। কাৰণ আমল কৰাৰ ক্ষেত্ৰত মুমিনে যদি সাধ্য অনুযায়ী চেষ্টা কৰে আৰু পৰ্যাপ্ত উপায় অৱলম্বন কৰে, আল্লাহৰ ওচৰত কল্যাণ বিচাৰি সহায় প্ৰাৰ্থনা কৰে, তেন্তে তাৰ ওপৰত আৰু কোনো অভিযোগ নাথাকে, সেই বিষয়টো আল্লাহৰ ওপৰত অৰ্পন কৰা হয়। জানি থোৱা উচিত যে, আল্লাহে যিটো নিৰ্ধাৰণ কৰে সেইটোৱে কল্যাণ। ইয়াৰ পিছতো যদি কোনো বিপদৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে এইটো কোৱা উচিত নহয় যে, "মই যদি এইটো কৰিলোহেঁতেন তেন্তে এইটো হ'লহেঁতেন।" কাৰণ "যদি" শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে, ইয়াৰ দ্বাৰা ভাগ্যত অভিযোগ কৰাৰ দুঃসাহস কৰে, আৰু যিটো পোৱা নাই সেইটোৰ বাবে অধিক অনুতাপ হয়। বৰং ইয়াৰ বিপৰীতে ভাগ্যৰ ওপৰত সন্তুষ্ট হৈ এইদৰে ক'ব লাগেঃ "قَدر الله، وما شاء فعل" এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। গতিকে যিটোৱে সংঘটিত হয় সেইটো আল্লাহৰ ইচ্ছা মুতাবিকে হয়। কাৰণ তেওঁ সেইটোৱে কৰে যিটো তেওঁ বিচাৰে। তেওঁৰ সিদ্ধান্তক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ ফয়চালাৰ ওপৰত কোনো মন্তব্যকাৰী নাই।
আবু ওৱাক্বিদ আল-লাইছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হুনাইনৰ যুদ্ধলৈ গৈ আছিল, তেতিয়া তেখেতে মুশ্বৰিকসকলৰ ভক্তিমূলক এটা গছৰ ওচৰেৰে গৈ আছিল, যাৰ নাম আছিলঃ জাতু আনৱাত, সেই গছত মুশ্বৰিকসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰ ওলোমাই ৰাখিছিল (এইটো সিহঁতে নিজৰ ভক্তিৰ উদ্দেশ্যে কৰিছিল)। এই দেখি (নতুনকৈ ইছলাম গ্ৰহণ কৰা) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ বাবেও এখন জাতু আনৱাত নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ জাতু আনৱাত আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ, এইটো দেখোন তেনেকুৱাই কথা যিদৰে মুছাৰ সম্প্ৰদায়ে কৈছিলঃ {আমাৰ বাবেও এনেকুৱা উপাস্য নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ উপাস্য আছে।} (ছুৰা আল-আৰাফঃ ১৩৮) শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় তোমালোকেও পূৰ্বৱৰ্তী উম্মতৰ পথতে চলিবা বুলি অনুমান হয়।"
(তিৰমিজী, আহমদ)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হুনাইনৰ যুদ্ধলৈ গৈ আছিল, এইটো হৈছে তায়েফ আৰু মক্কাৰ মাজত অৱস্থিত এটা স্থান, সেই সময়ত তেখেতৰ সৈতে কিছুমান নতুনকৈ ইছলাম গ্ৰহণ কৰা চাহাবা আছিল। তেতিয়া তেওঁলোকে জাতু আনৱাত নামেৰে জনাজাত এখন গছৰ ওচৰেৰে গৈ আছিল, যিটো গছক মুশ্বৰিকসকলে সন্মান কৰিছিল আৰু বৰকত লাভৰ উদ্দেশ্যে সিহঁতে সেই গছৰ ডালত নিজৰ অস্ত্ৰ ওলোমাই ৰাখিছিল। এই দেখি চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেওঁলোকৰ বাবেও যাতে তেখেতে এনেকুৱা এখন বৃক্ষ নিৰ্ধাৰণ কৰি দিয়ে। য'ত তেওঁলোকে বৰকত লাভৰ উদ্দেশ্যে নিজৰ হাতিয়াৰবোৰ ওলোমাই ৰাখিব। তেওঁলোকে ভাবিছিল এইটো কৰাত কোনো অসুবিধা নাই। এনেকুৱা প্ৰস্তাৱ শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰ কৰি ছুবহানাল্লাহ পাঠ কৰিলে, লগতে ক'লে, এইটো হৈছে সেই দাবীৰ দৰে, যিটো দাবী বনী ইছৰাঈলে মুছাৰ ওচৰত কৰিছিল যে, {আমাৰ বাবেও তেনেকুৱা উপাস্য নিৰ্ধাৰণ কৰি দিয়ক যিদৰে সিহঁতৰ উপাস্য আছে।} যেতিয়া সিহঁতে মুশ্বৰিকসকলক মূৰ্তিৰ উপাসনা কৰা দেখা পাইছিল, তেতিয়া সিহঁতে এই আবেদন কৰিছিল যে, সিহঁতৰ বাবেও এনেকুৱা মূৰ্তি হ'ব লাগে পূজা-পাঠ কৰিবলৈ। গতিকে নতুন চাহাবাসকলৰ এনেকুৱা আবেদনে সেই পথৰে অনুকৰণ কৰা বুজাইছে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই উম্মতক সতৰ্ক কৰি কৈছে যে, অচিৰেই এই উম্মতৰ লোকসকলে ইয়াহুদ আৰু নাচাৰাৰ পদ্ধতি অনুকৰণ কৰিব আৰু সিহঁতে কৰা কৰ্ম কৰিব।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কিছুমান বিষয়ত কথা পাতিলে, তাৰ পিছত ক'লেঃ আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি মোক আল্লাহৰ সমকক্ষ কৰি দিলা নেকি? কোৱা: অকল আল্লাহৰ যি ইচ্ছা।"
(নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিজৰ প্ৰয়োজনীয় বিষয় সম্পৰ্কে আলোচনা কৰিলে, ইয়াৰ পিছত ক'লেঃ "আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা।" এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কথাটোৰ প্ৰতিবাদ কৰিলে, আৰু জনাই দিলে যে, আল্লাহৰ ইচ্ছাৰ সৈতে সৃষ্টিৰ ইচ্ছাক একত্ৰিত কৰি উল্লেখ কৰাটো হৈছে শ্বিৰ্কে আচগৰ। এনেকুৱা কথা উচ্চাৰণ কৰাটো মুছলিমৰ বাবে বৈধ নহয়। ইয়াৰ পিছত তেখেতে সঠিক কথাটো শিকাই ক'লে এইদৰে কোৱাঃ একমাত্ৰ আল্লাহৰ যি ইচ্ছা। তেখেতে আল্লাহৰ ইচ্ছাক একক বুলি জনাইছে। তেওঁৰ ইচ্ছাৰ সৈতে কাৰো কোনো ইচ্ছাই জৰিত নহয়।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ তাত এটা ত্বাক (shelf) আছিল যিটোক মই পৰ্দাৰে আবৃত কৰি ৰাখিছিলোঁ, সেই পৰ্দাত কিছুমান চিত্ৰ আছিল। তেখেতে সেইটো দেখা পাই ছিঙি পেলালে, আৰু তেখেতৰ মুখমণ্ডল ৰঙা পৰি গ'ল। তেখেতে ক'লেঃ "হে আঈশ্বা! কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ "এইটো শুনাৰ পিছত মই সেই পৰ্দা ফালি এখন অথবা দুখন গাৰু বনাই লৈছিলোঁ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে আৰু আঈশ্বাৰ তাত এটা সৰু শ্বেল্ফ দেখা পালে য'ত তেওঁ বস্তু বাহিনী ৰাখিছিল, সেইটোক তেওঁ কাপোৰেৰে আবৃত কৰি ৰাখিছিল যিটোত জীৱ-জন্তুৰ চিত্ৰ আছিল। সেয়া দেখি খঙতে তেখেতৰ মুখমণ্ডলৰ ৰং সলনি হৈ পৰিছিল আৰু তেখেতে সেইটোক আঁতৰাই পেলাইছিল আৰু কৈছিলঃ কিয়ামতৰ দিনা সেইসকল লোকক কঠিন শাস্তি বিহা হ'ব যিসকলে চিত্ৰ অংকন কৰি আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শন কৰে। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ ইয়াৰ পিছত আমি সেইটোক ফালি এখন বা দুখন গাৰু বনাই লৈছিলোঁ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ ইবনে আদমে মোৰ প্ৰতি মিথ্যাৰোপ কৰিছে, অথচ সেয়া তাৰ বাবে উচিত নহয়, সি মোক গালি পাৰিছে যদিও সেয়া তাৰ বাবে সমীচিন নহয়। মোক মিথ্যাৰোপ কৰাটো হৈছে তাৰ এই বাক্য যে, "মোক তেওঁ কেতিয়াও পুনৰজীৱিত নকৰিব যেনেকৈ তেওঁ প্ৰথমে সৃষ্টি কৰিছে"। অথচ পুনৰ সৃষ্টি কৰাটো প্ৰথমবাৰ সৃষ্টি কৰাতকৈ কঠিন নহয়। আনহাতে সি দিয়া গালিটো হৈছে তাৰ এই কথা কোৱা যে, "আল্লাহে সন্তান গ্ৰহণ কৰিছে"। অথচ মই একক, অমুখাপেক্ষী, মই নিজেও জন্ম গ্ৰহণ কৰা নাই আৰু কাকো জন্মও দিয়া নাই, আৰু মোৰ সমকক্ষ কোনো নাই।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হাদীছে কুদছীত সৰ্বশক্তিমান আল্লাহে মুশ্বৰিক আৰু কাফিৰসকলৰ বিষয়ে জনাইছে যে, সিহঁতে তেওঁক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে দোষ-ত্ৰুটি সম্পৃক্ত কৰে। যদিও এইটো কৰা সিহঁতৰ বাবে উচিত নহয়। সিহঁতে আল্লাহক অস্বীকাৰ কৰাৰ অৰ্থ হৈছেঃ সিহঁতে এই ধাৰণা পোষণ কৰে যে, আল্লাহে সিহঁতক সিহঁতৰ মৃত্যুৰ পিছত কেতিয়াও পুনৰ্জীৱিত কৰিব নোৱাৰিব। অথচ তেৱেঁই সিহঁতক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে। সেয়ে আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি কৈছে যে, যি সত্ত্বাই তোমালোকক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে, তেওঁ নিশ্চয় তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম, বৰং এইটো তেওঁৰ বাবে অতি সহজ। যদিও আল্লাহৰ বাবে দুয়োটা কামেই একে সমান সহজ। মহান আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। আনহাতে সিহঁতে দিয়া গালিটো হৈছে সিহঁতৰ এই কথা কোৱা যে, আল্লাহৰ সন্তান আছে। ইয়াৰ উত্তৰত আল্লাহে কৈছে যে, তেওঁ একক, তেওঁ সকলো ক্ষেত্ৰতে অদ্বিতীয়, কৰ্মৰ ক্ষেত্ৰতে হওক বা নাম আৰু গুণাৱলীৰ ক্ষেত্ৰতে হওক, তেওঁ সকলো ক্ষেত্ৰতে পূৰ্ণাংগ চিফাতৰ অধিকাৰী। তেওঁ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ অমুখাপেক্ষী, তেওঁৰ কাকো প্ৰয়োজন নহয়। বৰং সকলোৱে তেওঁৰ মুখাপেক্ষী। তেওঁ কাৰো পিতৃ নহয়, আৰু তেৱোঁ কাৰো সন্তান নহয়। মহান আল্লাহৰ সমপৰ্যায় বা সমকক্ষ একো নাই।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ। মোৰ বান্দাই নফল আমলৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰাৰ প্ৰয়াস কৰিয়ে থাকে, অৱশেষত মই তাক মুহাব্বত কৰোঁ। যেতিয়া মই তাক মুহাব্বত কৰিবলৈ লওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখা পায়। হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। ভৰি হৈ যাওঁ, যাৰ দ্বাৰা সি খোজকাঢ়ে। যেতিয়া সি মোৰ ওচৰত কিবা বিচাৰে, মই তাক নিশ্চয় প্ৰদান কৰোঁ। এইদৰে কোনো বস্তুৰ পৰা মোৰ ওচৰত আশ্ৰয় বিচাৰে, অৱশ্যই মই তাক আশ্ৰয় প্ৰদান কৰোঁ। মই বেলেগ কোনো কামতে কেতিয়াও দ্বিধাবোধ নকৰোঁ কিন্তু মুমিনৰ প্ৰাণ হৰণত কৰাত মই দ্বিধাবোধ কৰোঁ। সি মৃত্যুক অপছন্দ কৰে আৰু মই তাক কষ্ট দিবলৈ অপছন্দ কৰোঁ।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হাদীছে কুদছীত মহান আল্লাহে কৈছেঃ যিয়ে মোৰ কোনো প্ৰিয়জনক ৰাগান্বিত কৰিব তথা তেওঁৰ সৈতে শত্ৰুতা পোষণ কৰিব, তাৰ বিৰুদ্ধে মই মোৰ শত্ৰুতা আৰু যুদ্ধ ঘোষণা কৰিছোঁ। অলী হৈছেঃ পৰহেজগাৰ মুমিন ব্যক্তি। বান্দা ঈমান আৰু তাক্বৱাৰ ক্ষেত্ৰত যিমান গভীৰতা লাভ কৰিব, তেওঁ আল্লাহৰ সিমানেই প্ৰিয়পাত্ৰ হ'ব। মুছলিমে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ প্ৰয়াস কৰা সকলো আমলৰ ভিতৰত আল্লাহৰ দৃষ্টিত আটাইতকৈ প্ৰিয় আমলটো হৈছে তেওঁ ফৰজ কৰা নেক আমলসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থকা। ফৰজৰ লগতে নফলসমূহ নিয়মিতভাৱে আদায় কৰি যিয়ে আাল্লাহৰ নৈকট্য অন্বেষণ কৰে, তাক আল্লাহে মুহাব্বত কৰে। যেতিয়া আল্লাহে তাক মুহাব্বত কৰে, তেতিয়া তাৰ চাৰিটা অংগক আল্লাহে গুনাহৰ পৰা সুৰক্ষিত ৰাখে। শ্ৰৱণশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কথাই শুনে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তেওঁৰ দৃষ্টিশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেইটোৱে দেখে যিটোক আল্লাহে পছন্দ কৰে আৰু সন্তুষ্ট হয়। তাৰ হাতক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামেই কৰে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তাৰ ভৰিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামৰ বাবেই খোজকাঢ়ে যিটোক আল্লাহে পছন্দ কৰে, কল্যাণৰ বাহিৰে বেলেগ কোনো কাম কৰিবলৈ চেষ্টা নকৰে। ইয়াৰ ওপৰিও তেওঁ যদি আল্লাহৰ ওচৰত কিবা বিচাৰে তেন্তে আল্লাহে তেওঁক সেইটো প্ৰদান কৰে। ফলত তেওঁৰ দুআ কবূল কৰা হয়। এইদৰে যেতিয়া তেওঁ আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, তেতিয়া আল্লাহে তেওঁক হিফাজত কৰে আৰু আশ্ৰয় দিয়ে যিটোৰ পৰা তেওঁ আশ্ৰয় বিচাৰে। ইয়াৰ পিছত মহান আল্লাহে কৈছেঃ মই বেলেগ কোনো কামতে দ্বিধাবোধ নকৰোঁ, কেৱল মুমিনৰ প্ৰাণ হৰণ কৰাৰ সময়ত তাৰ প্ৰতি পুতৌ জন্মে সেয়ে দ্বিধাবোধ কৰোঁ। কাৰণ মুমিনে মৃত্যু যন্ত্ৰণাক অপছন্দ কৰে। ইপিনে আল্লাহে মুমিনক কষ্ট দিবলৈ অপছন্দ কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ মাজত থকা দুটা স্বভাৱ সম্পৰ্কে উল্লেখ কৰিছে যে, সেই দুটা হৈছে কুফৰী আমল, তথা অজ্ঞতা যুগৰ চৰিত্ৰ। সেয়া হৈছেঃ প্ৰথমঃ মানুহৰ বংশ গোত্ৰক হেও প্ৰতিপন্ন কৰা আৰু কটাক্ষ কৰা, লগতে বংশকলৈ অহংকাৰ কৰা। দ্বিতীয়ঃ ভাগ্যৰ ওপৰত অসন্তুষ্ট হৈ বিপদ-আপদৰ সময়ত বিলাপ কৰা, অথবা তীব্ৰ শোকত কাপোৰ ফালি পেলোৱা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে জানানে অভাৱী কোন?" চাহাবাসকলে ক'লেঃ আমাৰ দৃষ্টিত অভাৱী হৈছে সেই ব্যক্তি, যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো বয়-বস্তুও নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি যাক কিয়ামতৰ দিনা নামাজ, ৰোজা, জাকাত আদিৰ সৈতে উপস্থিত কৰা হ'ব, কিন্তু সি (পৃথিৱীত) কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, অন্যায়ভাৱে কাৰোবাক হত্যা কৰিছিল, কাৰোবাক আক্ৰমণ কৰিছিল, ফলত তাৰ নেকীবোৰ লৈ সিহঁতৰ মাজত বিতৰণ কৰি দিয়া হ'ব, যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও তাৰ অপৰাধৰ সংখ্যা শেষ নহ'ব, তেতিয়া সিহঁতৰ গুনাহসমূহ তাৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, তোমালোকে জানানে অভাৱী কোন? তেওঁলোকে ক'লে যে, আমাৰ দৃষ্টিত অভাৱী হৈছে যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো সা-সামগ্ৰী নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি, যিয়ে কিয়ামতৰ দিনা বহুতো নেক আমল লৈ উপস্থিত হ'ব, যেনে- নামাজ, ৰোজা, জাকাত আদি, কিন্তু সি পৃথিৱীত কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ সন্মানহানী কৰি অপবাদ জাপি দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, কাৰোবাৰ তেজ প্ৰবাহিত কৰিছিল তথা অত্যাচাৰ কৰিছিল, কাৰোবাক অপমান কৰিছিল তথা আক্ৰমণ কৰিছিল। সেয়ে তাৰ নেকীসমূহৰ পৰা নিৰ্যাতিত ব্যক্তিক বিনিময় হিচাপে প্ৰদান কৰা হ'ব। এতেকে যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও মানুহৰ প্ৰাপ্য আদায় নহ'ব, তেতিয়া নিৰ্যাতিত ব্যক্তিৰ গুনাহ লৈ তাৰ ওপৰত নিক্ষেপ কৰা হ'ব। ইয়াৰ পিছত তাক এনেকুৱা অৱস্থাত জাহান্নামত পেলাই দিয়া হ'ব যে, তাৰ ওচৰত কোনো নেকী নাথাকিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত। প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! উটৰ গৰাকীৰ কি অৱস্থা হ'ব? তেখেতে ক'লেঃ "উটৰ গৰাকীকো শাস্তি বিহা হ'ব, যিয়ে ইয়াৰ হক (জাকাত) আদায় নকৰে। ইয়াৰ অন্যতম এটা হক হৈছে, উটবোৰক পানী পান কৰোৱাৰ দিনা গাখীৰ খিৰাই সেই গাখীৰ (দুখীয়া দৰিদ্ৰৰ মাজত) বিলাই দিয়া। যিয়ে এইবোৰ হক আদায় নকৰে, তাক কিয়ামতৰ দিনা এটা সমতল ভূমিত উবৰি খোৱাই শোৱাই দিয়া হ'ব, আৰু তাৰ উটবোৰক আগতকৈ বেছি মোটা তাজা তথা শকত হিচাপে অনা হ'ব, আনকি উটৰ এটা পোৱালীও বাকী নাথাকিব। সেই উটবোৰে তাক ভৰিৰে গচকিব আৰু মোহাৰিব, লগতে মুখেৰে কামুৰিব। এইদৰে শাৰীয়ে শাৰীয়ে বাৰে বাৰে তাক গচকি পাৰ হ'ব। এই শাস্তি যিদিনা বিহা হ'ব, সেই দিৱসটোৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰ। অৱশেষত বান্দাসকলৰ মাজত বিচাৰ কাৰ্য্য নিষ্পত্তি হোৱাৰ পিছত, কিছুমানে জান্নাতত যাব আৰু কিছুমানে জাহান্নামত যাব।" আকৌ সোধা হ'লঃ হে আল্লাহৰ ৰাছুল! গৰু আৰু ছাগলীৰ গৰাকীৰ কি অৱস্থা হ'ব? তেখেতে ক'লেঃ "গৰু আৰু ছাগলীৰ গৰাকী যিয়ে ইয়াৰ জাকাত আদায় নকৰে, তাকো শাস্তি বিহা হ'ব। কিয়ামতৰ দিনা তাক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব আৰু সেই গৰু ছাগলীয়ে তাক ভৰিৰে মোহাৰিব আৰু শিঙেৰে আঘাত কৰিব। সেইদিনা কোনো এটা গৰু ছাগলীৰে শিং বেকা নাথাকিব আৰু ভঙাও নাথাকিব আৰু এটাও অনুপস্থিত নাথাকিব। যেতিয়াই সৰ্বশেষ জন্তুটো পাৰ হ'ব তেতিয়াই পুনৰ প্ৰথম জন্তুটো শাৰীত আহিব, এনেকৈ তাক শাস্তি বিহা হ'ব, আৰু সেই দিৱসটোৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি চলিয়ে থাকিব যেতিয়ালৈকে বান্দাসকলৰ মাজত বিচাৰ কাৰ্য্য সম্পন্ন নহব'। অৱশেষত জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব।" সোধা হ'লঃ হে আল্লাহৰ ৰাছুল! ঘোঁৰাৰ মালিকৰ কি অৱস্থা হ'ব? তেখেতে ক'লেঃ "ঘোঁৰা হৈছে তিনি প্ৰকাৰৰ। ১- এনেকুৱা ঘোঁৰা যিটো মালিকৰ বাবে গুনাহৰ কাৰণ হ'ব। ২- এনেকুৱা ঘোঁৰা যিটো মালিকৰ বাবে পৰ্দা হ'ব। ৩- এনেকুৱা ঘোঁৰা যিটো মালিকৰ বাবে ছোৱাবৰ কাৰণ হ'ব। এতেকে গুনাহ তথা বোজা স্বৰূপ হৈছে সেই ঘোঁৰা, যিটোক তাৰ মালিকে অহংকাৰ কৰিবলৈ, মানুহক দেখুৱাবলৈ আৰু মুছলিমসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ লালন-পালন কৰে। আনহাতে যিয়ে আল্লাহৰ পথ যুদ্ধ কৰিবলৈ ঘোঁৰা পোহে, লগতে তাৰ পিঠিত আৰোহণ কৰাৰ ক্ষেত্ৰত আৰু তাক খাদ্য পানী দিয়াৰ ক্ষেত্ৰত আল্লাহৰ হক পাহৰি নাযায়, তেনেকুৱা ঘোঁৰা সেই ব্যক্তিৰ গুনাহ গোপন কৰাৰ ক্ষেত্ৰত পৰ্দাস্বৰূপ কাম কৰিব। পক্ষান্তৰে যি ব্যক্তিয়ে মুছলিমসকলক সহায় কৰিবলৈ ঘোঁৰা পোহে, আৰু এই ঘোঁৰা কোনো চাৰণ ভূমি বা বাগানত লালন-পালন কৰে অথবা ইয়াৰ খাদ্য পানীৰ বাবে যি যোগান ধৰে, সেই খাদ্য অনুযায়ী তাৰ বাবে ছোৱাব লিপিবদ্ধ কৰা হয়। আনকি ইয়াৰ গোবৰ আৰু প্ৰস্ৰাৱৰ বিপৰীতেও ছোৱাব প্ৰদান কৰা হয়। এইদৰে যদি সেই ঘোঁৰাৰ ৰছী ছিঙি এটা বা দুটা টিলা বগাই যায়, তেন্তে তাৰ পদচিহ্ন অনুযায়ী আৰু তাৰ গোবৰ অনুযায়ী ছোৱাব প্ৰদান কৰা হয়। এইদৰে মালিকে যদি সেই ঘোঁৰাটোক কোনো নদীৰ তীৰত লৈ যায় আৰু সেই ঘোঁৰাটোৱে যদি তাৰ পৰা পানী খায়, যদিও পানী তাক মালিকে খাবলৈ অনা নাছিল, তথাপিও সেই পানীৰ পৰিমাণ অনুযায়ী ঘোঁৰাৰ মালিকক ছোৱাব প্ৰদান কৰা হয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সম্পদৰ কেইটামান প্ৰকাৰ উল্লেখ কৰিছে, লগতে যিসকলে এইবোৰৰ জাকাত আদায় নকৰে, কিয়ামতৰ দিনা সিহঁতে কি প্ৰতিদান পাব সেয়া উল্লেখ কৰিছে। যেনে- প্ৰথমঃ সোণ-ৰূপ আৰু ইয়াৰ সমপৰ্যায়ৰ সম্পদ লগতে বাণিজ্যিক পণ্য। অৰ্থাৎ নিচাব পৰিমাণৰ সম্পদ যিটোৰ জাকাত আদায় কৰা নাই। কিয়ামতৰ দিনা সেইবোৰ সম্পদৰ দ্বাৰা লোৰ পাতৰ দৰে চেপেটা পাত বনাই সেইবোৰক জাহান্নামৰ জুইত উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰেৰে সম্পদৰ গৰাকীক শাস্তি বিহা হ'ব। সেইবোৰৰ দ্বাৰা তাৰ পাৰ্শ্বদেশত কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়াই ঠাণ্ডা হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি কিয়ামতৰ গোটেই দিৱসত হৈ থাকিব, যিটো দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। অৱশেষত আল্লাহে সৃষ্টিসকলৰ মাজত বিচাৰ কাৰ্য্য সম্পন্ন কৰিব আৰু জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব। দ্বিতীয়ঃ উটৰ গৰাকী যিয়ে সেইবোৰৰ ফৰজ জাকাত আদায় নকৰে। লগতে গাখীৰ খিৰোৱাৰ সময়ত উপস্থিত হোৱা ফকীৰ মিছনক গাখীৰ প্ৰদান নকৰে। কিয়ামতৰ দিনা এইবোৰ উটক মোটা তাজা তথা শকত অৱস্থাত আৰু সংখ্যা বৃদ্ধিকৈ উপস্থিত কৰা হ'ব আৰু উটৰ গৰাকীক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব। এই উটবোৰে তাৰ ওপৰেৰে গচকি পাৰ হ'ব আৰু তাক কামুৰিব। যেতিয়া শেষৰ উটটো পাৰ হ'ব, পুনৰ প্ৰথমৰ পৰা আৰম্ভ হ'ব। সম্পূৰ্ণ কিয়ামত দিৱসত এই শাস্তি চলিয়ে থাকিব, যেতিয়ালৈকে বান্দাসকলৰ মাজত আল্লাহে বিচাৰ কাৰ্য্য সম্পন্ন নকৰিব, কিয়ামত দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। ইয়াৰ পিছত জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত যাব। তৃতীয়ঃ গৰু ছাগলী -ভেৰা দুম্বা- আদিৰ গৰাকী, যিয়ে এইবোৰৰ ফৰজ জাকাত আদায় নকৰে। কিয়ামতৰ দিনা সেইবোৰক পৰিপূৰ্ণ সংখ্যাত অনা হ'ব, এটাও কম নাথাকিব। সেইদিনা এইবোৰৰ গৰাকীক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব। লগতে সেই গৰু ছাগলীবোৰৰ কোনো এটাৰো শিং ভঙা নাথাকিব আৰু বেকাও নাথাকিব, লগতে শিং নথকা এটাও নাথাকিব। বৰং সেইবোৰ থাকিব পূৰ্ণাংগ বৈশিষ্ট্যত। সেইবোৰে নিজৰ মালিকক শিঙেৰে গতিয়াব আৰু ভৰিৰে মোহাৰিব। যেতিয়াই সেইবোৰৰ শেষৰটো পাৰ হ'ব তেতিয়াই প্ৰথমৰ পৰা আকৌ আৰম্ভ হ'ব। সম্পূৰ্ণ কিয়ামত দিৱসত এই শাস্তি চলিয়ে থাকিব, যেতিয়ালৈকে বান্দাসকলৰ মাজত আল্লাহে বিচাৰ কাৰ্য্য সম্পন্ন নকৰিব, কিয়ামত দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। ইয়াৰ পিছত জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত যাব। চতুৰ্থঃ ঘোঁৰাৰ মালিক হৈছে তিনি প্ৰকাৰৰঃ প্ৰথমঃ যিয়ে মানুহক দেখুৱাবলৈ, অহংকাৰ কৰিবলৈ আৰু মুছলিমসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ ঘোঁৰা পোহে, এইবোৰ হ'ব তাৰ বাবে বোজা তথা গুনাহৰ কাৰণ। দ্বিতীয়ঃ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ ঘোঁৰা পোহে, আৰু তাৰ সৈতে ভাল আচৰণ কৰে, লগতে তাৰ যাৱতীয় ভৰণ-পোষণ উত্তমৰূপে পালন কৰে, তাৰ বাবে এই ঘোঁৰা হ'ব পৰ্দাস্বৰূপ। তৃতীয়ঃ যি ব্যক্তিয়ে মুছলিমসকলক সহায় কৰিবলৈ তথা আল্লাহৰ পথত জিহাদ কৰিবলৈ ঘোঁৰা পোহে, তাৰ বাবে এইটো ছোৱাবৰ কাৰণ হ'ব। তাৰ এই ঘোঁৰা কোনো চাৰণ ভূমি বা বাগানত লালন-পালন কৰে অথবা ইয়াৰ খাদ্য পানীৰ বাবে যি যোগান ধৰে, সেই খাদ্য অনুযায়ী তাৰ বাবে ছোৱাব লিপিবদ্ধ কৰা হয়। আনকি ইয়াৰ গোবৰ আৰু প্ৰস্ৰাৱৰ বিপৰীতেও ছোৱাব প্ৰদান কৰা হয়। এইদৰে যদি সেই ঘোঁৰাৰ ৰছী ছিঙি এটা বা দুটা টিলা বগাই যায়, তেন্তে তাৰ পদচিহ্ন অনুযায়ী আৰু তাৰ গোবৰ অনুযায়ী ছোৱাব প্ৰদান কৰা হয়। এইদৰে মালিকে যদি সেই ঘোঁৰাটোক কোনো নদীৰ তীৰত লৈ যায় আৰু সেই ঘোঁৰাটোৱে যদি তাৰ পৰা পানী খায়, যদিও পানী তাক মালিকে খাবলৈ অনা নাছিল, তথাপিও সেই পানীৰ পৰিমাণ অনুযায়ী ঘোঁৰাৰ মালিকক ছোৱাব প্ৰদান কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক গাধ সম্পৰ্কে প্ৰশ্ন কৰা হ'ল যে, গাধৰ বিষয়টোও ঘোঁৰাৰ দৰেই নেকি? তেতিয়া তেখেতে ক'লেঃ এই বিষয়ে বিশেষ কোনো বিধান অৱতীৰ্ণ হোৱা নাই, কিন্তু সকলো প্ৰকাৰ নেক কৰ্ম আৰু পাপ কৰ্ম এই ব্যাপক অৰ্থবোধক আয়াতটোৰ অন্তৰ্ভুক্ত। য'ত মহান আল্লাহে কৈছেঃ "এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব, আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।" (ছুৰা ঝালঝালাহঃ ৭-৮) এতেকে যিয়ে ছোৱাবৰ আশাৰে গাধ পুহিব তথা তাৰ সৈতে ভাল আচৰণ কৰিব তেন্তে তেওঁ ছোৱাব লাভ কৰিব। আনহাতে যদি বেয়া নিয়্যতেৰে গাধ পোহে, তথা তাৰ দ্বাৰা যদি পাপকৰ্ম কৰে তেন্তে এইটো শাস্তিৰ কাৰণ হ'ব। গতিকে এই আয়াতটোত সকলো কৰ্মকে সামৰি লোৱা হৈছে।