





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু বুৰদা বিন আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আবু মুছা ৰাদ্বিয়াল্লাহু আনহু কঠিন বেমাৰত আক্ৰান্ত হ'ল, আনকি তেওঁ অচেতন হৈ পৰিল। সেই সময়ত তেওঁৰ মূৰ আছিল তেওঁৰ কোনো এজনী স্ত্ৰীৰ কোলাত। তেওঁ তাইক কোনো প্ৰতিক্ৰিয়া দিব পৰা নাছিল। তত ঘূৰাই পোৱাৰ পিছত তেখেতে ক'লেঃ সেইসকল লোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, যিসকলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সম্পৰ্ক ছিন্ন কৰিছে। নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আবু বুৰদা ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, তেওঁৰ পিতা আবু মুছা ৰাদ্বিয়াল্লাহু আনহু অত্যন্ত অসুস্থ হৈ পৰাত বেহুঁচ হৈ পৰিছিল, সেই সময়ত তেওঁৰ মূৰ আছিল তেওঁৰ স্ত্ৰীৰ কোলাত। তেওঁ অজ্ঞান হৈ পৰাত নাৰীসকলে চিঞৰি উঠিছিল। তেওঁ বেহুঁচ হৈ পৰাৰ কাৰণে ইয়াৰ কোনো প্ৰতিক্ৰিয়া দিব পৰা নাছিল। তেওঁ যেতিয়া চেতনা ঘূৰাই পালে তেতিয়া ক'লেঃ মই সেইসকল নাৰীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, যিসকলৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছেঃ الصالقة: যি নাৰীয়ে বিপদ-আপদৰ সময়ত চিঞৰি চিঞৰি কান্দা কটা কৰে। والحالقة: যি নাৰীয়ে মুচিবৰত সময়ত নিজৰ মূৰ খুৰায়। والشاقة: এনেকুৱা নাৰী যিয়ে মুচিবতৰ সময়ত নিজৰ কাপোৰ ফালি পেলায়। কাৰণ এইবোৰ হৈছে অজ্ঞতা যুগৰ কৰ্ম। ইয়াৰ বিপৰীতে বিপদ-আপদৰ সময়ত ধৈৰ্য্য ধাৰণ কৰিব লাগে আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব তথা প্ৰতিদান কামনা কৰিব লাগে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, এজন মুছলিমৰ আন এজন মুছলিমৰ প্ৰতি ছয়টা বিষয় অনিবাৰ্য্য। প্ৰথমঃ লগ পালে ছালাম দিব লাগে, অৰ্থাৎ এইদৰে ক'ব লাগেঃ আচ্ছালামু আলাইকুম, আৰু ইয়াৰ উত্তৰত ক'ব লাগেঃ ওৱা আলাইকুমুচ্ছালাম। দ্বিতীয়ঃ যদি কোনোবাই নিমন্ত্ৰণ কৰে তেন্তে গ্ৰহণ কৰিব লাগে। তৃতীয়ঃ যদি কোনোবাই পৰামৰ্শ বিচাৰে, তেন্তে সেই ক্ষেত্ৰত তৈলমৰ্দন বা চাটুকাৰিতা অথবা প্ৰতাৰণা আদি কৰিব নালাগে। চতুৰ্থঃ যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয়, তেন্তে তাৰ উত্তৰত এইদৰে ক'ব লাগেঃ য়াৰহামুকাল্লাহ। ইয়াৰ উত্তৰত পুনৰ হাঁচি কৰা ব্যক্তিয়ে ক'ব লাগেঃ য়াহদীকুমুল্লাহু ওৱা য়ুচলিহু বা-লাকুম। পঞ্চমঃ বেমাৰত পৰিলে খা-খবৰ ল'বলৈ যাব লাগে তথা শুশ্ৰূষা কৰিব লাগে। ষষ্ঠঃ মৃত্যুবৰণ কৰিলে জানাযাত অংশগ্ৰহণ কৰিব লাগে, আৰু দাফন কৰিবলৈ জানাযাৰ পিছে পিছে যাব লাগে।
উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম বেমাৰৰ সময়ত কৈছেঃ "ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম কঠিন বেমাৰত মৃত্যুশয্যাত থকা অৱস্থাত কৈছেঃ ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰ কৰক। কাৰণ সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহক ছাজদাৰ ঠাইত পৰিণত কৰিছে। সেইবোৰ কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য্য কৰিছে, সিহঁতে তাত নামাজ পঢ়ে অথবা সেইফালে মুখ কৰি ইবাদত কৰে। ইয়াৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যদি নিষেধ নকৰিলেহেঁতেন তথা এই বিষয়ে সতৰ্ক নকৰিলেহেঁতেন আৰু চাহাবাসকলে যদি এই আশংকা নকৰিলেহেঁতেন যে, তেখেতৰ কবৰৰ সৈতেও তেনেকুৱা আচৰণ হ'ব পাৰে, যিদৰে ইয়াহুদী আৰু খ্ৰীষ্টানসকলে সিহঁতৰ নবীসকলৰ কবৰৰ সৈতে কৰিছে, তেন্তে তেখেতৰ কবৰ উন্মুক্ত ৰখা হ'লহেঁতেন।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ য়ামানৰ পৰা চামৰাৰ পাত্ৰত এটুকুৰা সোণ প্ৰেৰণ কৰিলে, যিটোৰ ওপৰত খনিৰ মাটি লাগিয়ে আছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সোণ টুকুৰা চাৰিজন লোকৰ মাজত ভগাই দিলে। সেই চাৰিজন আছিল, উৱাইনাহ বিন বদৰ, আক্বৰা বিন হাবিছ, ঝায়েদ আল-খাইল, চতুৰ্থজন হয়তো আলক্বামা আছিল, নহ'লে আমিৰ বিন তুফাইল আছিল। চাহাবাসকলৰ মাজৰ এজনে ক'লেঃ এওঁলোকতকৈ আমিহে ইয়াৰ বেছি উপযুক্ত আছিলোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ যেতিয়া এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত আহিল, তেতিয়া তেখেতে ক'লেঃ "মোৰ প্ৰতি তোমালোকৰ আস্থা নাই নেকি? অথচ আল্লাহে মোৰ প্ৰতি বিশ্বাস কৰিছে, যিজন আকাশত আছে। পুৱা গধূলি মোৰ ওচৰলৈ আকাশৰ পৰা সংবাদ আহে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তি থিয় হ'ল, যাৰ চকু যোৰ আছিল ভিতৰ ফালে বহি যোৱা, গালৰ হাড় আছিল ওপৰফালে উঠি অহা, ওখ কপাল বিশিষ্ট, দাঢ়িবোৰ আছিল ঘন, মূৰ মুণ্ডন কৰা, পিন্ধি থকা লুংগী ওপৰলৈ উত্থিত, ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহক ভয় কৰক। তেতিয়া তেখেতে ক'লেঃ "তোমাৰ প্ৰতি আফচোচ! পৃথিৱীবাসীৰ মাজত আল্লাহক ভয় কৰাৰ ক্ষেত্ৰত মই অধিক উপযুক্ত নহয়নে?" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত ব্যক্তিজন উভতি গ'ল। তেতিয়া খালিদ বিন অলীদে ক'লেঃ হে আল্লাহৰ ৰাছুল, ইয়াৰ শিৰচ্ছেদ কৰি দিওঁনে? তেখেতে ক'লেঃ "নহয়। সম্ভৱতঃ সি নামাজ পঢ়ে।" তেতিয়া খালীদে ক'লেঃ বহুতো এনেকুৱা নামাজী আছে, যিসকলে মুখেৰে যি কয়, অন্তৰত তাৰ সৈতে কোনো মিল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মোক মানুহৰ অন্তৰ ছিদ্ৰ কৰি আৰু পেট ফালি চাবলৈ নিৰ্দেশ দিয়া হোৱা নাই।" ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনৰ ফালে লক্ষ্য কৰিলে, ব্যক্তিজন উভতি গৈ আছিল। তেতিয়া তেখেতে ক'লেঃ "এই ব্যক্তিজনৰ বংশৰ পৰা এনেকুৱা এটা জাতিৰ উদ্ভৱ হ'ব, যিসকলে শ্ৰুতিমধুৰ কণ্ঠত আল্লাহৰ কিতাব তিলাৱত কৰিব। অথচ আল্লাহৰ বাণী সিহঁতৰ ডিঙিৰ তললৈ নামি নাহিব। সিহঁতে দ্বীনৰ পৰা এনেকৈ ওলাই যাব, যিদৰে তীৰ লক্ষ্যবস্তুক ভেদ কৰি ওলাই যায়। বৰ্ণনাকাৰীয়ে কৈছেঃ মোৰ মনত পৰে তেখেতে এই কথাও কৈছিল চাগে যে, যদি মই সিহঁতক পাওঁ, তেন্তে নিশ্চয় মই সিহঁতক ছামূদ জাতিৰ দৰে হত্যা কৰিম।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে য়ামানৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটুকুৰা সোণ পৰিষ্কাৰকৃত চামৰাৰে মেৰিয়াই প্ৰেৰণ কৰিলে। সেই সোণ টুকুৰাত খনিৰ মাটি এতিয়াও লাগি আছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ সেই সোণৰ টুকুৰাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিজন লোকক ভগাই দিলে। সেই চাৰিজন লোক আছিল ক্ৰমেঃ উৱাইনাহ বিন বদৰ আল-ফাঝাৰী, আক্বৰা বিন হাবিছ আল-হানজালী, ঝায়েদ আল-খালীল আন-নিভহানী, আৰু আলক্বামাহ বিন আলাছা আল-আমিৰী। তেতিয়া চাহাবাসকলৰ এজনে ক'লেঃ এওঁলোকতকৈ আমিহে পোৱাৰ বেছি উপযুক্ত। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুনা পালে, তেতিয়া তেখেতে ক'লেঃ "মোৰ প্ৰতি তোমালোকৰ আস্থা নাই নেকি? অথচ আল্লাহে মোৰ প্ৰতি বিশ্বাস কৰিছে, যিজন আকাশত আছে। পুৱা গধূলি মোৰ ওচৰলৈ আকাশৰ পৰা সংবাদ আহে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তি থিয় হ'ল, যাৰ চকু যোৰ আছিল ভিতৰ ফালে বহি যোৱা, গালৰ হাড় আছিল ওপৰফালে উঠি অহা, ওখ কপাল বিশিষ্ট, দাঢ়িবোৰ আছিল ঘন কিন্তু দীঘল নাছিল, মূৰ মুণ্ডন কৰা, পিন্ধি থকা লুংগী ওপৰত উঠি থকা, ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহক ভয় কৰক। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ প্ৰতি আফচোচ! পৃথিৱীবাসীৰ মাজত আল্লাহক ভয় কৰাৰ ক্ষেত্ৰত মই অধিক উপযুক্ত নহয়নে?" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত ব্যক্তিজন উভতি গ'ল। তেতিয়া খালিদ বিন অলীদে ক'লেঃ হে আল্লাহৰ ৰাছুল, মই ইয়াৰ শিৰচ্ছেদ কৰি দিওঁনে? তেখেতে ক'লেঃ "নহয়। সম্ভৱতঃ সি নামাজ পঢ়ে।" তেতিয়া খালীদে ক'লেঃ বহুতো এনেকুৱা নামাজী আছে, যিসকলে মুখেৰে যি কয়, সেইবোৰ সিহঁতৰ অন্তৰত নাথাকে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মোক মানুহৰ অন্তৰ ছিদ্ৰ কৰি আৰু পেট ফালি চাবলৈ নিৰ্দেশ দিয়া হোৱা নাই। মোক মানুহৰ প্ৰকাশ্য বিষয় গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনৰ ফালে দৃষ্টিপাত কৰিলে, ব্যক্তিজন উভতি গৈ আছিল। তেতিয়া তেখেতে ক'লেঃ এই ব্যক্তিজনৰ বংশৰ পৰা অথবা ইয়াৰ লগৰ যিসকল আছে বা ইয়াৰ গোত্ৰৰ পৰা এনেকুৱা এটা জাতিৰ উদ্ভৱ হ'ব, যিসকলে শ্ৰুতিমধুৰ কণ্ঠত আল্লাহৰ কিতাব তিলাৱত কৰিব। অধিক কোৰআন তিলাৱতৰ কাৰণে সিহঁতৰ জিভা সদায় জিকি থাকিব। কিন্তু সিহঁতৰ সংশোধনৰ বাবে আল্লাহৰ বাণী সিহঁতৰ ডিঙিৰ তললৈ নামি নাহিব। সিহঁতৰ এই তিলাৱতৰ ফলত সিহঁতৰ মৰ্যাদাও বৃদ্ধি নহ'ব আৰু আল্লাহে কবূলো নকৰিব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যিদৰে কাঁড় ধেনুৰ পৰা তীব্ৰ গতিত ওলাই যায়। বৰ্ণনাকাৰীয়ে কৈছেঃ মোৰ ধাৰণা তেখেতে চাগে এই কথাও কৈছিল যে, যদি মই সিহঁতক মুছলিমসকলৰ বিৰুদ্ধে তৰোৱাল লৈ বিদ্ৰোহ কৰা দেখা পাওঁ, তেন্তে নিশ্চয় মই সিহঁতক কঠোৰভাৱে ছামূদ জাতিৰ দৰে হত্যা কৰিম।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ মাজৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ জান্নাতীৰ মৰ্যাদা এনেকুৱা হ'ব যে, আল্লাহে তাক ক'বঃ তোমাৰ কি কি বিচাৰিবলগীয়া আছে বিচৰা, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ আশা-আকাংক্ষা ব্যক্ত কৰিব। তেতিয়া আল্লাহে তাক ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়। তেতিয়া আল্লাহে তাক ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত যিজন ব্যক্তি সৰ্ব নিম্ন পৰ্যায়ত থাকিব তাৰ মৰ্যাদা ইমান হ'ব যে, তাক কোৱা হ'ব, তোমাৰ যি যি ইচ্ছা আছে বিচৰা। তেতিয়া তেওঁ যি যি লাগে সেই সকলো আশা ব্যক্ত কৰিব, এইটো বিচাৰিব সেইটো বিচাৰিব। অৱশেষত তাৰ সকলো আশা আকাংক্ষা ব্যক্ত কৰা শেষ হ'ব। তেতিয়া আল্লাহে ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়, মোৰ যি যি লগা আছিল, মই সকলো বিচাৰিছোঁ। তেতিয়া আল্লাহে ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তোমাক দিয়া হ'ব, লগতে এই পৰিমাণ অতিৰিক্ত প্ৰদান কৰা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত মাংস অনা হ'ল, আৰু তেখেতক আগ ঠেঙৰ বাহু পৰিৱেশন কৰা হ'ল। তেখেতে এই মাংসটো বহুত ভাল পাইছিল। তেখেতে সেই মাংস লাগি থকা হাড়ডাল হাতত লৈ কামুৰি দিলে। ইয়াৰ পিছত ক'লেঃ মই কিয়ামতৰ দিনা মানৱজাতিৰ নেতা হ'ম। তোমালোকে জানানে ইয়াৰ কাৰণ কি? কিয়ামতৰ দিনা আগৰ পিছৰ সকলো মানুহ এনেকুৱা এটা ময়দানত একত্ৰিত হ'ব, য'ত এজন আহ্বানকাৰীৰ আহ্বান সকলোৱে শুনা পাব। লগতে সকলোৱে একেলগে দৃষ্টিগোচৰ কৰিব। সূৰ্য্য একেবাৰে নিকটৱৰ্তী হ'ব। মানুহ এনেকুৱা কষ্ট-ক্লেশ তথা যন্ত্ৰণাৰ সন্মুখীন হ'ব যিটো অসহনীয় তথা অসহ্যকৰ। তেতিয়া লোকসকলে কোৱাকুই কৰিবঃ তোমালোকে দেখা পোৱা নাইনে, তোমালোকৰ কি অৱস্থা হৈছে? তোমালোকে এনেকুৱা কোনো ব্যক্তিক অনুসন্ধান কৰি নুলিয়াবানে, যিয়ে তোমালোকৰ হৈ তোমালোকৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰিব? তেতিয়া সিহঁতে ইজনে সিজনক ক'বঃ তেন্তে বলা, আদমৰ ওচৰলৈ যাওঁ। তেতিয়া সিহঁত আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহিব। সিহঁতে তেখেতক ক'বঃ আপুনি হৈছে মানৱজাতিৰ পিতা। আল্লাহে আপোনাক নিজ হাতেৰে সৃষ্টি কৰিছে, আৰু আপোনাৰ ভিতৰত তেওঁৰ ৰূহ সঞ্চাৰ কৰিছে, আৰু ফিৰিস্তাসকলৰ দ্বাৰা আপোনাক ছাজদাহ কৰোৱাইছে। গতিকে আমাৰ বাবে আপুনি আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি লক্ষ্য কৰা নাইনে আমি কি অৱস্থাত আছোঁ? আৰু আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হ'বলৈ গৈ আছে? তেতিয়া আদম আলাইহিচ্ছালামে ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। তেওঁ মোক এটা গছৰ ফল খাবলৈ নিষেধ কৰিছিল, কিন্তু মই অমান্য কৰি পেলাইছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। তোমালোকে নূহৰ ওচৰলৈ যোৱা। সিহঁতে নূহৰ ওচৰলৈ আহি ক'বঃ হে নূহ! আপুনি হৈছে পৃথিৱীৰ প্ৰথম ৰাছুল। মহান আল্লাহে আপোনাক কৃতজ্ঞ বান্দা বুলি আখ্যায়িত কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মোৰ পক্ষত গ্ৰহণযোগ্য এটা দুআ আছিল, যিটো মই মোৰ উম্মতৰ বিৰুদ্ধে কৰি পেলাইছোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে ইব্ৰাহীমৰ ওচৰলৈ যোৱা। সিহঁতে ইব্ৰাহীমৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ইব্ৰাহীম! আপুনি পৃথিৱীত আল্লাহৰ নবী আৰু খলীল আছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই মোৰ জীৱনত তিনিটা মিছা কথা কৈছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুছাৰ ওচৰলৈ যোৱা। তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে মুছা! আপুনি হৈছে আল্লাহৰ এজন ৰাছুল। আল্লাহে আপোনাক ৰিছালত প্ৰদান কৰি আৰু আপোনাৰ সৈতে কথা পাতি আপোনাক মানুহৰ ওপৰত প্ৰাধান্য দিছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি চোৱা নাইনে, আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই এনেকুৱা এজন লোকক হত্যা কৰিছিলোঁ, যাক হত্যা কৰিবলৈ মোক নিৰ্দেশ দিয়া হোৱা নাছিল। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মাৰয়ামৰ পুত্ৰ ঈছাৰ ওচৰলৈ যোৱা। সিহঁতে ঈছাৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ঈছা! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ কলিমা, যিটো তেওঁ মাৰয়ামৰ ওপৰত নিক্ষেপ কৰিছিল, লগতে আপুনি হৈছে তেওঁৰ ৰূহ। আপুনি দোলনাত থকা নৱজাতক অৱস্থাতে মানুহৰ সৈতে কথা ক'ব পাৰিছিল। গতিকে আপুনি আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি আমাৰ অৱস্থা চোৱা নাইনে, আমি কি পৰিস্থিতিত আছোঁ? তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। কিন্তু তেওঁ কোনো গুনাহৰ কথা উল্লেখ নকৰিব, আৰু ক'বঃ নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুহাম্মদৰ ওচৰলৈ যোৱা। সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'বঃ হে মুহাম্মদ! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখিছেনে, আমাৰ কি অৱস্থা হৈছে? তেতিয়া মই মোৰ প্ৰতিপালকৰ আৰচৰ তলত আহি ছাজদাৱনত হ'ম। তেতিয়া মহান আল্লাহে তেওঁৰ প্ৰশংসা আৰু গুণগান কৰিবলৈ এনেকুৱা উত্তম নিয়ম দেখুৱাই দিব, যিটো ইতিপূৰ্বে কাৰো বাবেই উন্মুক্ত কৰা হোৱা নাছিল। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! মূৰ উঠোৱা, তুমি যি বিচাৰিবা সেইটোৱে তোমাক দিয়া হ'ব। তুমি ছুপাৰিছ কৰা, তোমাৰ ছুপাৰিছ গ্ৰহণ কৰা হ'ব। ইয়াৰ পিছত মই মোৰ মূৰ দাঙি ক'মঃ হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! তোমাৰ উম্মতৰ মাজৰ যিসকলৰ কোনো হিচাপ-নিকাচ নহ'ব, সিহঁতক জান্নাতৰ সোঁফালৰ দুৱাৰেৰে প্ৰৱেশ কৰোৱাই দিয়া। এই দুৱাৰৰ বাহিৰেও বেলেগ দুৱাৰেৰেও সিহঁত প্ৰৱেশ কৰিব পাৰিব। এই হাদীছ বৰ্ণনা কৰি তেখেতে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, জান্নাতৰ প্ৰতিটো দুৱাৰৰ প্ৰশস্ততা হৈছে মক্কা আৰু হিময়াৰৰ মাজৰ দূৰত্বৰ সমান। অথবা মক্কা আৰু বাচৰাৰ মাজৰ দূৰত্বৰ সমান।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ সৈতে এটা ভোজনৰ বৈঠকত আছিল। তাত তেখেতক ছাগলীৰ আগঠেঙৰ বাহু খাবলৈ দিয়া হৈছিল, তেখেতে এইটো মাংস খাই বহুত ভাল পাইছিল। তেখেতে সেইটোত এটা কামোৰ মাৰিলে। ইয়াৰ পিছত তেখেতে হাদীছ বৰ্ণনা কৰি ক'লেঃ কিয়ামতৰ দিনা মই হ'ম আদম সন্তানৰ নেতা তথা চৰ্দাৰ। নিঃসন্দেহে তেখেত আদম সন্তানৰ নেতা, কিন্তু তেখেতে আল্লাহৰ নিয়ামতৰ কথা উল্লেখ কৰি এইটো বৰ্ণনা কৰিছে। ইয়াৰ পিছত তেখেতে কৈছেঃ তোমালোকে জানানে এইটো কেনেকৈ হ'ব? তেখেতে কৈছেঃ কিয়ামতৰ দিনা সমগ্ৰ মানৱজাতিক এটা প্ৰশস্ত সমতল ভূমিত একত্ৰিত কৰা হ'ব। তাত থকা সকলোৱে একেলগে ঘোষণাকাৰীৰ ঘোষণা শুনিবলৈ পাব, প্ৰত্যক্ষকাৰীয়ে সকলোকে প্ৰত্যক্ষ কৰিব, তেওঁৰ পৰা কোনেও গোপন নাথাকিব। কোনেও নিজকে গোপন কৰিবও নোৱাৰিব। প্ৰত্যেককে দেখা পোৱা যাব আৰু প্ৰত্যেকৰে কথা শুনা যাব। যদি কোনোবাই কথা কয়, শেষৰ ব্যক্তিজনেও শুনা পাব, আৰু দৃষ্টিয়ে সিহঁতক দেখা পাব। সূৰ্য্য মানুহৰ পৰা এক মাইল দূৰত্বত থাকিব। সিহঁতক অসহনীয় কষ্ট আৰু অসহ্যকৰ ক্লান্তি ছানি ধৰিব। সিহঁতে ছুপাৰিছৰ মাধ্যমত ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় সন্ধান কৰিব। তেতিয়া সৰ্বশক্তিমান মহান আল্লাহে মুমিনসকলৰ অন্তৰত ইলহাম কৰিব যে, তেওঁলোকে যেন আদি পিতা আদমৰ ওচৰলৈ যায়। তেওঁলোকে তেতিয়া আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহি তেওঁৰ ফজীলত উল্লেখ কৰিব, যাতে তেওঁ তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ছুপাৰিছ কৰে। তেওঁলোকে তেওঁক ক'বঃ আপুনি হৈছে মানৱজাতিৰ আদি পিতা। আল্লাহে আপোনাক নিজ হাতেৰে সৃষ্টি কৰিছে। ফিৰিস্তাসকলৰ দ্বাৰা আপোনাক ছাজদাহ কৰোৱাইছে। আপোনাক প্ৰতিটো বস্তুৰ নাম শিকাইছে। তেৱেঁই আপোনাৰ ভিতৰত তেওঁৰ ৰূহ সঞ্চাৰ কৰিছে। এইবোৰ শুনাৰ পিছতো তেওঁ অপাৰগতা স্বীকাৰ কৰি ক'বঃ মোৰ প্ৰতিপালক আজি যিমান খং কৰিছে, এনেকুৱা খং তেওঁ পূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। ইয়াৰ তেওঁ নিজৰ এটা ভুলৰ কথা উল্লেখ কৰিব যে, আল্লাহে মোক এজোপা গছৰ পৰা নিষেধ কৰিছিল, কিন্তু মই সেই গছজোপাৰ ফল ভক্ষণ কৰিছিলোঁ। গতিকে আজি স্বয়ং মোৰ নিজৰেই শ্বাফাআতৰ প্ৰয়োজন হৈছে। এতেকে তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে নূহৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক নূহ আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ মহান আল্লাহে আপোনাক পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ৰাছুল হিচাপে প্ৰেৰণ কৰিছিল। লগতে মহান আল্লাহে আপোনাক কৃতজ্ঞ বান্দা হিচাপে আখ্যায়িত কৰিছিল। ইয়াৰ পিছতো তেওঁ অপাৰগতা স্বীকাৰ কৰি ক'বঃ সৰ্বশক্তিমান আল্লাহ আজি অত্যন্ত ক্ৰোধান্বিত হৈছে, এনেকুৱা ক্ৰোধ তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও এনেকুৱা ক্ৰোধান্বিত নহ'ব। মোক এটা গ্ৰহণযোগ্য দুআৰ সুযোগ দিয়া হৈছিল, যিটো মই মোৰ উম্মতৰ বিৰুদ্ধে কৰি পেলাইছোঁ। গতিকে ইয়াৰ কাৰণে মোৰ নিজৰে শ্বাফাআতৰ প্ৰয়োজন হৈছে। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে ইব্ৰাহীমৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক ইব্ৰাহীমৰ ওচৰলৈ আহি ক'বঃ আপুনি পৃথিৱীত আল্লাহৰ খলীল আছিল। গতিকে আপুনিয়ে আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি দেখিছেনে আমাৰ কি অৱস্থা হৈ আছে? তেতিয়া তেওঁ তেওঁলোকক ক'বঃ মোৰ প্ৰতিপালক আজি অত্যন্ত খঙত আছে, ইমান খং তেওঁ কেতিয়াও কৰা নাছিল, আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই মোৰ জীৱনকালত তিনিটা মিছা কথা কৈছিলোঁ। এবাৰ মই কৈছিলোঁ যে, মই অসুস্থ। আন এবাৰ কৈছিলোঁ যে, এই ডাঙৰ মূৰ্ত্তিটোৱে এইবোৰক ভাঙিছিল, আৰু মোৰ তৃতীয়টো মিছা কথা আছিল এই যে, মই মোৰ স্ত্ৰী ছাৰাক কৈছিলোঁ যে, তুমি মোক ভাই বুলি পৰিচয় দিবা তেতিয়াহে এই নিষ্ঠুৰ বাদ্বশ্বাহৰ অনিষ্টৰ পৰা ৰক্ষা পাবা। প্ৰকৃততে এই তিনিওটা তেওঁ কথা প্ৰসংগত কৈছিল, যদিও মিছা কথা নাছিল, কিন্তু দেখাত মিছা কথা যেন লাগিছিল। সেয়ে তেওঁ নিজকে সৰু বুলি ভাবি ছুপাৰিছ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব। কিয়নো যিয়ে আল্লাহক যিমান বেছি জানে আৰু যিমান নৈকট্য অৱলম্বনকাৰী হয়, তেওঁ আল্লাহক সিমান বেছি ভয় কৰে। লগতে তেওঁ ক'বঃ মোৰ নিজৰে ছুপাৰিছৰ প্ৰয়োজন হৈছে। গতিকে তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে মুছাৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক মুছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে মুছা! আপুনি হৈছে আল্লাহৰ ৰাছুল। আল্লাহে আপোনাক ৰিছালত প্ৰদান কৰি আৰু আপোনাৰ সৈতে কথা পাতি আপোনাক মানুহৰ ওপৰত প্ৰাধান্য দিছিল। গতিকে আপুনি আমাৰ বাবে শ্বাফাআত কৰক। আপুনি দেখা নাইনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ আজি মোৰ প্ৰতিপালক অত্যন্ত ক্ৰোধান্বিত হৈ আছে, ইমান খং তেওঁ কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও নকৰিব। মই এজন লোকক হত্যা কৰিছিলোঁ, যাক হত্যা কৰাটো মোৰ বাবে সমীচীন নাছিল। মোৰ নিজৰে এতিয়া শ্বাফাআতৰ প্ৰয়োজন হৈছে। গতিকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে ঈছাৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক ঈছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে ঈছা! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ কলিমা তথা ৰূহ, যিটো কলিমা আল্লাহে মাৰয়ামৰ প্ৰতি ঢালি দিছিল। আপুনি দোলনাত থকা অৱস্থাত মানুহৰ সৈতে কথা ক'ব পাৰিছিল। গতিকে আপুনি আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি দেখিছেনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ মোৰ প্ৰতিপালক আজি অত্যন্ত খঙত আছে, ইমান খং তেওঁ কেতিয়াও কৰা নাছিল, আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। তেওঁ কোনো গুনাহৰ কথা উল্লেখ নকৰিব। (তাৰ পিছত ক'ব) আজি মোৰ নিজৰে শ্বাফাআতৰ প্ৰয়োজন হৈছে। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে মুহাম্মদৰ ওচৰলৈ যোৱা। অৱশেষত তেওঁলোক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'বঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ৰাছুল আৰু তেওঁৰ সৰ্বশেষ নবী। আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিছে। গতিকে আপুনি আমাৰ বাবে শ্বাফাআত কৰক। আপুনি দেখা নাইনে আমি কেনেকুৱা অৱস্থাত আছোঁ? তেতিয়া মই আৰচৰ তলত আহি মোৰ সৰ্বশক্তিমান প্ৰতিপালকৰ ছাজদাত পৰিম। তেতিয়া আল্লাহে মোৰ বাবে তেওঁৰ প্ৰশংসা কৰাৰ কাৰণে হাম্দ অ ছানাৰ দুৱাৰ মুকলি কৰি দিব, মোৰ বাহিৰে ইতিপূৰ্বে এই দুৱাৰ কাৰো বাবে খোলা নাছিল। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! মূৰ তোলা, তুমি যি মাগিবা সেইটোৱে পাবা। তুমি শ্বাফাআত কৰা, তোমাৰ শ্বাফাআত কবূল কৰা হ'ব। তেতিয়া মই ক'মঃ হে মোৰ প্ৰতিপালক! মোৰ উম্মত। হে মোৰ প্ৰতিপালক! মোৰ উম্মত। হে মোৰ প্ৰতিপালক! মোৰ উম্মত। তেতিয়া মোৰ শ্বাফাআত কবূল কৰা হ'ব। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! তোমাৰ উম্মতৰ যিসকলৰ হিচাপ-নিকাচ নহ'ব, সিহঁতক জান্নাতৰ সোঁফালৰ দুৱাৰেৰে প্ৰৱেশ কৰোৱা। সিহঁত এই দুৱাৰৰ বাহিৰে বেলেগ দুৱাৰেৰেও প্ৰৱেশ কৰিব পাৰিব। হাদীছটো বৰ্ণনা কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় জান্নাতৰ দুৱাৰৰ প্ৰশস্ততা হৈছে মক্কাৰ পৰা য়ামানৰ চানাআৰ মাজৰ দূৰত্বৰ সমান। অথবা মক্কাৰ পৰা বুচৰাৰ মাজৰ দূৰত্বৰ সমান। এইটো হৈছে ছিৰিয়াত অৱস্থিত হাওৰান চহৰ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
رواه النسائي في الكبرى وابن ماجه بمعناه وأحمدনবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই ৰখাৰ বদ্দুআ কৰিছে, যিয়ে নাৰীৰ সাদৃশ্যতা গ্ৰহণ কৰি নাৰীৰ পোছাক পৰিধান কৰে। এই সাদৃশ্যতা, ধৰণ-গঠণৰ ক্ষেত্ৰতে হওক বা ৰং আদিৰ ক্ষেত্ৰতে হওক, নাইবা পোছাক পৰিধানৰ পদ্ধতিতে হওক অথবা বেলেগ কোনো সৌন্দৰ্য্যৰ ক্ষেত্ৰতে হওক। এইদৰে সেই নাৰীৰ ক্ষেত্ৰতো অভিসম্পাত কৰিছে, যিয়ে পুৰুষসকলৰ পোছাক পৰিধান কৰি সাদৃশ্য গ্ৰহণ কৰে। এইটো হৈছে এটা মহাপাপ, তথা কাবীৰাহ গুনাহ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে। তেওঁলোকে তাত প্ৰস্ৰাৱো নকৰিব আৰু পায়খানাও নকৰিব। তেওঁলোকে থু খেঁকাৰো নেপেলাব আৰু নাকৰ পৰা ময়লা পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণেৰে নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীত ব্যৱহাৰ কৰা হ'ব চন্দন কাঠৰ খৰি। ডাঙৰ চকুবিশিষ্টা হূৰসকলৰ হ'ব তেওঁলোকৰ স্ত্ৰী। তাত তেওঁলোকৰ আকৃতি হ'ব একেই ধৰণৰ। সকলোৰে আকৃতি হ'ব তেওঁলোকৰ আদি পিতা আদমৰ দৰে। উচ্চতাত তেওঁলোকৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত মুমিনসকলৰ সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল পূৰ্ণিমাৰ ৰাতিৰ জোনৰ দৰে জ্যোতিৰ্ময় তথা উজ্জ্বল হ'ব। ইয়াৰ পিছত যিসকলে প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশত জিকমিকাই থকা দ্বীপ্তিমান ভুটা তৰাৰ দৰে। তেওঁলোকে তাত পূৰ্ণাংগ বৈশিষ্ট্য অৰ্জন কৰিব। প্ৰস্ৰাৱো নকৰিব আৰু শৌচো নকৰিব। থু খেঁকাৰো নেপেলাব, কফ আদি আৰু নাক পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণৰ দ্বাৰা নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীৰ পৰা উৎকৃষ্ট সুগন্ধি বিয়পি পৰিব। তেওঁলোকৰ স্ত্ৰী হ'ব ডাঙৰ ডাঙৰ চকু বিশিষ্টা হূৰসকল। তেওঁলোকক একেই গঠনত সৃষ্টি কৰা হ'ব, তেওঁলোকৰ আকৃতি তেওঁলোকৰ আদি পিতা আদমৰ দৰে হ'ব, দৈৰ্ঘ্য আৰু ধৰণ গঠন একেই হ'ব। উচ্চতাত শৰীৰৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত পৰ্যন্ত।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। ফিৰদাউছ হৈছে ইয়াৰ সৰ্বোচ্চ স্তৰ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ইয়াৰ ওপৰতে আৰচ অৱস্থিত। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।"
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। এইবোৰ জান্নাতৰ মাজত সৰ্বোচ্চ জান্নাত হৈছে ফিৰদাউছ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ফিৰদাউছৰ ওপৰতে আছে আৰচ। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউছ বিচাৰিবা। কাৰণ ফিৰদাউছ হৈছে সৰ্বোচ্চ জান্নাত।